বাঁহেৰে তৈয়াৰী নাৰ্জিৰ ঠাৰি – মন্দিৰা শৰ্মা
মই তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰী। সেইদিনা শিক্ষক দিৱস আছিল। শিক্ষক দিৱসৰ সকলো আয়োজন দশম শ্ৰেণীৰ ছোৱালীবোৰে কৰে। মোৰ দায়িত্বত আছিল সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনা কৰা। সেয়ে খুব ব্যস্ত।অনুষ্ঠান চলি আছে। তেনেকুৱাতে ছোৱালী এজনী আহি ক’লে যে, মোক লগ পাবলৈ কোনোবা আহিছে।মই গৈ আছোঁ বুলি ক’লোঁ যদিও ব্যস্ততাৰ বাবে যাব পৰা নাই। প্ৰায় আধা ঘণ্টামান পিছত আকৌ ক’লেহি যে গেটৰ বাহিৰত কোনোবা ৰৈ আছে আৰু মোক মাতিছে। আমাৰ স্কুলখন গাৰ্লছ স্কুল আছিল বাবে অনুমতি নোলোৱাকৈ ভিতৰলৈ কাকো আহিবলৈ নিদিয়ে। তেতিয়ালৈকে ময়ো আজৰি হৈছিলোঁ। সেয়ে লগৰ এজনীক লৈ গেটৰ ওচৰলৈ ওলাই গ’লোঁ।
অলপ আঁতৰৰ পৰায়ে দেখিলোঁ দুজন ল’ৰা ৰৈ আছে।এজন মোৰ ভাল বন্ধু। লগৰজন চিনাকি চিনাকি লাগিছে যদিও ভালকে চিনি পোৱা নাছিলোঁ। ঘপকৈ মনত পৰিল। এইজন দেখোন সেইজন ল’ৰা… কিছুদিনৰ পৰা আমাৰ ঘৰৰ ওচৰৰ পাজৰে প্ৰায়ে দেখোঁ। আমাৰ ঘৰৰ ফালে চায়ো থাকে। মাত বোল হ’লে নকৰে। কিয় বা আহিছে ভাবি ওচৰ পালোঁগৈ।
মোৰ বন্ধুজনে চিনাকি কৰি দিলে- “এওঁ মোৰ বন্ধু। মেডিকেল ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে। তোমাৰ লগত কিবা কথা পাতে হেনো।” মেডিকেল পঢ়ি আছে বুলি শুনি মনটো অলপ ভালও লাগি গ’ল। বাঃ! মেডিকেল পঢ়া ল’ৰা মোৰ লগত চিনাকি হ’বলৈ আহিছে। তথাপি গহীন হৈ দেখুৱাই ক’লোঁ-“কোৱাচোন কি কথা আছে”।মোৰ লগৰজনীলৈ চোৱা দেখি ক’লোঁ, “যি কোৱা এইৰ সন্মুখতে কোৱা”। বেচেৰাই কওঁ নকওঁ কৈ মোলৈ ফুল এপাহ আগবঢ়াই দি আৰম্ভ কৰিলে ক’বলৈ।
হে হৰি এয়া কি? ফুলপাহ দেখি লগৰজনীয়েতো দিলেই খিক খিক কৈ হাঁহি। মোৰ হাঁহিতকৈও কিবা খং এটাহে উঠিলে। মোৰ হে এনে ফুটা কপাল হ’ব লাগে নে বাৰু? ইমান আনৰোমাণ্টিক ল’ৰা। আনিছেও আনিছে অলপ মৰহি যোৱা নাৰ্জী ফুল এপাহ হে আনিবলৈ পালে। তাকো ঠাৰি ডাল নাই। ঠাৰি ডালৰ ঠাইত বাঁহৰ কাঠী এডাল ভৰাই আনিছে। সেই যে ৰঙা, কমলা ৰঙৰ বৰফবোৰ খাওঁতে যিডাল বাঁহৰ কাঠীত ধৰি খাওঁ, সেইডাল ভৰাই আনিছে ফুলৰ ঠাৰি ডালৰ সলনি। কি ল’ৰা বাৰু? মই পেটে পেটে ভাবিলোঁ, “বোপা অ’।নালাগে অ’ তই প্ৰেম কৰিব। তই মেডিকেল পঢ়গৈ যা। তোক সেইটোৱে হে শুৱাব। পিছৰ বাৰ যদি মোলৈ “গোবি কা ফুল” লৈ আহ?” হে হৰি!! আৰু ভাবিব নোৱাৰিলোঁ। কোনোমতে ভদ্ৰ ভাবে “আই এম নট ইণ্টাৰেষ্টেড” বুলি কৈ গুচি আহিলোঁ। তাতেই সেই প্ৰেমৰ পৰিসমাপ্তি৷ প্ৰেম চ্ৰেম একোতো ন’হলেই, মিছা মিছিকৈ কিছুদিনলৈ লগৰবোৰ আৰু শিক্ষয়িত্ৰীসকলৰ মাজত হাঁহিয়তাৰ পাত্ৰ হ’লোঁ।
☆★☆★☆
11:13 am
হা হা , সাংঘাটিক !
(ছিৰিয়াছ মানুহবোৰ হেনো অলপ আনৰোমাণ্টিক হয়েই !)
?
5:34 pm
হা হা হয় নেকি?
পঢ়া বাবে ধন্যবাদ
9:28 pm
কিচন! কি যে হব আৰু৷ বৰ পালো পিচে
9:28 pm
*দুখ
9:51 pm
বেচেৰাটো…ভাল লাগিল পঢ়ি ।
1:29 pm
অলপ দুখ মোৰো লাগিল দাদা। ডাক্তৰনী হ’বলৈ নাপালোঁ।