ফটাঢোল

ৰজা আৰু ৰাইজৰ সাধু – উচ্চজিৎ দশগিৰি

অ’ ৰজা অ’ ৰজা
মুখেৰে নামাত কিয়?
পদ্মহস্তে গঢ়া ৰাজপাট মোৰ
মইনো মাতিম কিয়?

অ’ পদুম অ’ পদুম
হাতৰ পৰা ৰজাক নেৰ কিয়?
মই ককবকাওঁ পানীৰ মাজত
ৰজাক এৰিম কিয়?

 

অ’ পানী অ’ পানী
মাটিত পদুম নুফুলে কিয়?
বছৰে বছৰে বানপানী আহে
পদুম মাটিলৈ যাব কিয়?

অ’ বানপানী অ’ বানপানী
বছৰে বছৰে আহ কিয়?
প্ৰতিবছৰে ৰাইজে কান্দে
মইনো নাহিম কিয়?

অ’ ৰাইজ অ’ ৰাইজ
বছৰে বছৰে কান্দ কিয়?
আমাৰ নেতাই আমাকে ঠগায়
আমিনো নাকান্দিম কিয়?

অ’ নেতা অ’ নেতা
ৰাইজক ঠগাৱ কিয়?
বন্ধ আন্দোলনে গঢ়িছে মোক
ৰাইজক নঠগাম কিয়?

অ’ আন্দোলন অ’ আন্দোলন
বন্ধ দি টায়াৰ জ্বলাৱ কিয়?
কাম নকৰা মোৰ জাতীয় সংস্কৃতি
বন্ধ নিদিম কিয়?

অ’ জাতি অ’ জাতি
কাম নকৰ কিয়?
ছাত্ৰবোৰে যে ক্লাছ নকৰে
জাতিয়ে কাম শিকিব কিয়?

অ’ ছাত্ৰ অ’ ছাত্ৰ
কাম নিশিক কিয় ?
ধোদ বুলি আছে আমাৰ পৰিচয়
সেয়া আঁতৰাম কিয়?

অ’ ধোদ অ’ ধোদ
পৰিচয় নসলাৱ কিয়?
দশকে দশকে সজাওঁ ধোদৰ আলি
বোপা-ককাৰ চৰিত্ৰবোৰ আমিনো এৰিম কিয় ?

 

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *