পঞ্চপদী – হেমেন ডেকা
১
জনতাক দিয়ে সীমাহীন ফাঁকি
জুয়েপোৰা সপোনহে মাথোঁ বাকী
জনজীৱন বিধ্বস্ত
জোনাকো দেখোঁ সন্ত্ৰস্ত
জহন্নামত জ্বলে আশাৰ চাকি!
২
বৃথা হ’ল যে সংগ্ৰামৰ কচৰৎ,
বহু দেখিলোঁ আভুৱা ভাৰা মহুৰৎ,
কথাতহে অগ্নিস্ফুলিঙ্গ,
কাৰ্যক্ষেত্ৰত ছত্ৰভংগ,
শীতনিদ্ৰাত মগ্ন কত ৰাজভকত!
৩
অ’ ভোজখোৱা অ’ ভোজখোৱা
পদূলি পালেহি বান,
টোপনিত থাকোঁতে দেখোন
ভঁৰালৰো ডুবে ধান!
আগতে নহ’লোঁ সজাগ
ভাগ, বোপাই অ’ ভাগ
সৱ ভাগ্যৰ লেখা-
বজা লাউ-টোকাৰী,গাওঁ গান!
৪
সহস্ৰজনৰ চকুত চকুলোৰ লাভা
সুন্দৰভাবে সজ্জিত আজি শ্ৰাদ্ধৰ ৰভা
সুদিন সুদূৰ পৰাহত
সুহৃদ কালৰ গৰাহত
সুনীতিৰ মৃত্যুত চলি আছে শোকসভা৷
৫
নিঃশব্দ সমাজ জীৱন
নিঃকিন পলাতক পণ
নিশ্চল জীৱ
নিবোকা ক্লীৱ
নীৰৱে হ’বই মৰণ৷
৫
শব্দবোৰ সজাই আহিছোঁ যুযুধান সৈনিকৰ দৰে
বদনৰ বুকু কঁপাব খোজোঁ শব্দৰ বজ্ৰনিনাদেৰে
পৰিচয়হীন আমি জাৰজ নহয়
স্বাভিমান ৰক্ষাত কিয় কৰিম ভয়
অৱশ্যে বঁটাৰ মোহত কথা সলাব পাৰোঁ বাৰে বাৰে৷
৬
গান-কবিতা-বাটৰ নাটৰ মাহাত্ম্য শেষ
ধ্বংসস্তুপৰ মাজত জাতিৰ অৱশেষ
ইতিহাসৰ পুনৰাবৃত্তি হয়
দুৰ্বলৰ ঘৰৰ কাঁথিতে লয়
নিশকতীয়াবোৰৰ কোনে বাৰু লয় লেখ!
☆★☆★☆
12:19 am
বাস্তৱ, ভাল লাগিল দাদা।
5:08 pm
বৰ ভাল লাগিল৷