ফটাঢোল

ফটা কবিতা – নীলাক্ষী দেৱী ডেকা

(১)
তুমি কাষত নাথাকিলে মোৰ বিদ্যা ৰিঙা ৰিঙা লাগে সোণামুৱা!
মাজনী, বতৰটো বৰ শুকান, এয়া প্ৰেম নহয়  ডিহাইড্ৰেচনৰ প্ৰভাৱ জানা!
(২)
আহা সোণ, এটা কথা শুনাচোন, চোৱাচোন সৌ বিশাল আকাশত জোনে কেনেকৈ তৰাৰে ধেমালি কৰে!
হেৰা, ৰবা অলপ আকাশ চাবলৈ সময় নাই মোৰ! ইফালে ফেচবুকত নতুন বিতৰ্কই পক ধৰে।
কি যে কোৱা সোণ! তোমাৰ অলপো অনুভূতি নাইচোন!
এটা কবিতা লিখোঁ আহা কেনেকৈ জোনাকৰ প্ৰেমত আমাৰ দুয়োৰে হৃদয় গলে!
ধেই এইজনী!
তুমি এই কবিতা লিখা কামটো বাদেই দিয়া বুজিছা;
কবিতাৰ শ্ৰাদ্ধ পতাৰ দৰে পাপত তোমাৰ মোৰ লগ নহলেও চলে!
☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *