ফটাঢোল

কৌতুক  – কমল তালুকদাৰ

(১)
দুগৰাকী চিনাকি মহিলা, মন্দিৰত লগ পালে দুয়ো। পূজা-অৰ্চনা কৰি বাহিৰলৈ ওলাই আহিছে।
১ম মহিলা:  ঐ তই সদায় আহ নেকি মন্দিৰলৈ?
২য় মহিলা: ওহোঁ, আজি মানে মোৰ হাবীৰ জন্মদিন। সেয়েহে অলপ…
১ম মহিলা: অ’ সেইকাৰণে ইমান দেৰিলৈ মূৰ দোঁৱাই আছ। পিচে কি ক’লি ভগৱানক, পিছৰ জনমতো এইজনাকে পতি হিচাপে পঠিয়াবলৈ ক’লি নেকি?
২য় মহিলা: নহ’লে কি? ইমান বছৰে ঘঁহি-পিহি, কোবাই-ধুৱাই একেবাৰেই ৰেদিমেদ পতি বনাই লৈ পিছৰ জনমত বেলেগৰ হ’বলৈ দিম নেকি?
(২)
মাঘ বিহুৰ কথা, দুগৰাকী চহৰৰ মহিলাই মোবাইলত কথা পাতি আছে,
১ম মহিলা: ঐ তোৰ বিহুৰ আয়োজন কেনেকুৱা?
২য় মহিলা: অঁ‌ ভালেই! বিহু বুলি নতুন জিন্স এন্দ টপ্ এজোৰ আৰু মেটছিং চেন্দেল এজোৰ।
১ম মহিলা: অঁ‌ তোৰ ভালেই। পিচে পিঠা-পনা বনালিনে নাই ?
২য় মহিলা: অ’ ঐ, তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, বৰ পিঠা, খোলা-চপৰীয়া পিঠা, জোন পিঠা, টেকেলি পিঠা, টোপোলা পিঠা, ফেনী পিঠা, চুঙা পিঠা, মুঠিয়া পিঠা, কল পিঠা, সুতুলি পিঠা, লুঠুৰি পিঠা, জাপৰী পিঠা, ধুম পিঠা, তাল…. ,
১ ম মহিলা: ঐ ৰহ ৰহ! তই যিমান বিলাক পিঠাৰ নাম কৈ আছা, তোৰ ফ্লেটত ঠাই নুজুৰিবচোন ৰাখিবলৈ।
২ য় মহিলা: এহ নহয় অ’। এইবোৰ একো বনোৱা নাই , গুগ’লতচোন এইবোৰ বনোৱা পদ্ধতি নাই। কেইটামান ইডলি পিঠাহে বনালোঁ, ইমান বঢ়িয়া টেষ্টি হৈছে নহয়, তই আহিবিচোন খাবলৈ ।
১ম মহিলা: ( ফোনটো কাটি )  হে হৰি ইডলি পিঠাৰ বিহু!
☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *