ফটাঢোল

ম’হ বৃতান্ত – যোগেন্দ্ৰ ভূঞা

: দেউতা মহিষী মানে কিনো ? এইযে বাতৰি কাগজ টিভিত দিয়ে।
: তাকো নেজান তই?
: মাইকী ম’হ বুজিছ। বিপৰীত লিঙ্গ মহিষ।
: অ এতিয়াহে বুজিছোঁ। আৰু এই যে মাতামহ পিতামহ, তাৰমানেনো কি?
: ওৱাই একো ডালেই নেজান। পথাৰত চৰি থকা ম’হজনী অই অই কৈ মাতা আৰু গুৰুলা গুৰুল কৈ পিটা। তাকে কয় মাতামহ আৰু পিতামহ।
: থাংকীও দেউতা। উম্মাহ। এইবাৰ মই অসমীয়াত লেটাৰ টেলিগ্ৰাম সব লৈ আছোঁ চাই থাকা।
☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *