ফটাঢোল

ফটাপ্ৰেম – মিতালী চহৰীয়া

কোনোৱে কয় প্ৰেমে প্ৰতাৰণা কৰে, বন্ধুৱে প্ৰতাৰণা কৰে। মাজে মাজে জড় বস্তুবোৰেও দেখোন প্ৰতাৰণা কৰে, কেতিয়াবা মোৰ দৰে ৰাস্তাৰে গৈ থাকোঁতে নতুন চেণ্ডেলৰ ফিটা চিগি পাইছেনে, অথবা ৰিক্সাৰ পৰা নামোতে কাপোৰ চিগি পাইছেনে! ঠিক তেনেকুৱাই প্ৰতাৰণা কৰিলে সিদিনা, স্কুটীখন লৈ চাৰে ন বজাত ততাতৈয়াকৈ ওলালো ঘৰৰ পৰা, দহ বজাৰ পৰা ট্ৰেইনিং এটা আছিলে ইউথ ক্লাবত। ঘৰৰ পৰা দেউতাই ষ্টাৰ্ট কৰি দিলে স্কুটীখন, ফৰটি স্প্ৰীডত চলাই ডেৰ কিঃমিঃ মান অহাৰ পাছত হঠাৎ ষ্টাৰ্ট বন্ধ হৈ গ’ল। ছেলফ্ ষ্টাৰ্ট নহয়, কিবাকৈ ডাবল ষ্টেণ্ড কৰি কিক্ মাৰি আছোঁ নহয়হে নহয়। নহ’লেই, ইফালে দহ বাজিবলৈ আৰু পোন্ধৰ মিনিটহে বাকী আছে। ইফালে-সিফালে কোনোবা ল’ৰা মানুহ আহি আছে নেকি চালোঁ, ভালকৈ কিক্ মাৰি দিলে যেনিবা আকৌ ষ্টাৰ্ট হৈ যায়েই। নাই ৰাষ্টাৰেও কোনো অহা নাই। খঙতে স্কুটীখনৰ ওপৰতেই বহি ল’লোঁ, আৰু কাৰোবাক পাওঁ নেকি চাই থাকিলোঁ ।

ঠিক তেনেতে বুকু ভেদি যোৱা শব্দ এটি শুনিবলৈ পালোঁ, হয় বুলেটৰ শব্দ। ল’ৰা এজন আহি আছে। কোনোদিন অচিনাকি মানুহক ৰখাই নোপোৱা ছোৱালীজনীয়ে হাত দাঙি ৰখালোঁ। ৰখালে তেওঁ। আগন্তুকে হেমলেট পিন্ধি আছিল।

“অনুগ্ৰহ কৰি মোৰ স্কুটীখন ষ্টাৰ্ট কৰি দিব নেকি?”

আগন্তুকে হেমলেটটো লাহেকৈ খুলিলে, মই ৱাওওও ইমোজীটোৰ দৰে হৈ গ’লো। ইমান ধুনীয়া দাঢ়ি থকা ল’ৰা আগতে কেতিয়াও দেখা নাই। মনত পেলালো ৰাতিপুৱা যুৰীয়া শালিকী দেখা নাছিলোঁটো মই…..

“হয়, কওঁকচোন কিয় ৰখালে!”

“মোৰ স্কুটীখন হঠাৎ ষ্টাৰ্ট বন্ধ হৈ গ’ল। মই অলপ সময় চেষ্টা কৰিলোঁ ষ্টাৰ্ট কৰিব পৰা নাই। আপুনি এবাৰ চাই দিয়কচোন কিজানিবা হৈ যায়। আচলতে মোৰ দহটাৰ পৰা ট্ৰেইনিং এটা আছিলে ডিছট্ৰিকটত, দেৰিয়েই হৈ গ’ল তথাপি…”

“অহ, মই চেষ্টা কৰি চাওঁ ৰব।”

স্কুটীখনত কিক্ মাৰিবলৈ আহোঁতে এটি ধুনীয়া সুগন্ধ নাকত লাগিল, হয় তেওঁ সেই কূনালৰ পাৰফিউমটো লগাই আহিছে। অহহ…কূনাল…। তেওঁ গাড়ীখন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে, হোৱা নাই, আৰু মই তেওঁৰ মুখলৈ চাই আছোঁ। এই যেন এতিয়াই প্ৰেম হৈ যাব মোৰ তেনেকুৱা লাগিল…. মই আশা কৰিছোঁ গাড়ীখন আৰু অলপ সময় ষ্টাৰ্ট নহওক মই আগন্তুকক চাই থাকোঁ…

“ষ্টাৰ্ট নহ’ব বুজিছে একদম বেটাৰি বেয়া হৈ গৈছে। এটা কাম কৰক, আগৰ চ’কটোলৈ আপুনি মোৰ লগতেই ব’লক তাৰ পৰা গাড়ী পাই যাব।”

“ঠিক আছে, মই দেউতাক ফোন কৰি দিওঁ ৰ’ব” বুলি কৈ গাড়ীখনৰ ওচৰত থকা দোকানখনৰ ওচৰতে লক কৰি আগন্তুকৰ লগত যাবলৈ বুকু ভেদী যোৱা শব্দৰ গাড়ীৰ পিছত উঠিলোঁ।

ভগৱানক প্ৰাৰ্থনা কৰা এটা আশা এনেকৈ পূৰণ হৈ গ’ল হঠাৎ। কূনালৰ পাৰফিউমৰ সুগন্ধটোৱে বিয়েৰড বয় লুকৰ ল’ৰাজনলৈ আকৰ্ষিত কৰি তুলিলে। লাহেকৈ সুধিলোঁ….

“ক’লৈ যাব আপুনি?”

“মই… মই গুৱাহাটীলৈ যাম।”

ইয়াতকৈ বেছি আৰু একো নুসুধিলোঁ‌। মই মাজে মাজে গ্লাচত হেলমেটৰ মাজৰ মুখখন চাই গৈ থাকিলোঁ। নাজানো তেওঁ মোৰ বিষয়ে কি ভাবিলে। প্ৰথম চাৱনিৰ প্ৰেম চাগে ইয়াকেই কয়। কিন্তু এই প্ৰেম দহ মিনিটতে শেষ হৈ গ’ল কাৰণ চ’কটো পালোগৈ…..তেওঁ গাড়ী ৰখালে মই নামিলো। মই ধন্যবাদ দিলোঁ, তেওঁ গুছি গ’ল। মই গাড়ীত উঠিলোঁ… মনটো কিবা দুখ লাগি গ’ল, প্ৰেম কিজানি এনেকুৱাই এক চেকেণ্ডতে আৰম্ভ হৈ দহ মিনিটতে শেষ হৈ যায়। হঠাৎ ভাবিলোঁ‌ ফেচবুকত বিচাৰোঁ। কিন্তু কি বুলি। নামেই নুসুধিলোঁ। অন্ততঃ নামটো সুধিব পাৰিলোঁহেতেন।

কোনে কয় প্ৰেমে প্ৰতাৰণা কৰে, মাজে মাজে এই কমনচেঞ্চেও প্ৰতাৰণা কৰে…..

☆★☆★☆

17 Comments

  • হা হা, সাংঘাটিক (এতিয়া মাথো আপচোচ্)
    ?

    Reply
  • তৃষ্ণা সো

    এইটো তোমাৰ আটাইকেইবিধ প্ৰেমৰ ভিতৰতে বেছি ৰোমান্টিক। কিবা ময়েই প্ৰেমত পৰি গলো যেন লাগিল।

    Reply
    • MITALI Saharia

      হাঃ হাঃ। বহুত ৰোমান্টিক আছিল নে।

      Reply
  • মন্দিৰা শৰ্মা

    ইস, নামটো অন্ততঃ সোধা হ’লে। কিজানিবা দহ মিনিটত শেষ নহ’লহেঁতেন।

    Reply
    • MITALI Saharia

      হয় বা ফেচবুকতেই বিচাৰিলোহেতেন

      Reply
  • Nirmali

    ইস….বেছেৰি।

    Reply
  • কিবা এটা ভাল লাগি গল মিতালি ।

    Reply
  • এনেকুৱা প্ৰেম মোৰো হৈছিল দেই ৷ বিশেষকৈ ফটাঢোলৰ মিটত যোৱাৰ দিনা বাছত লগ পোৱা ল’ৰাজনক আজিও পাহৰিব পৰা নাই ৷

    Reply
  • mridula

    ভাল লাগিল

    Reply
  • ইচ কিবা দুখ লাগি গ’ল পাই

    Reply
  • ৰাজীৱ

    এই অকণমান অকণমান ভুলৰ কাৰণেই নতুন বছৰৰো এমাহ শেষ হ’ল।
    ভাল লাগিল দহমিনিটিয়া প্ৰেম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *