ফটাঢোল

খৰ্বানন্দ ঘোষৰ উইল – সদানন্দ ভূঞা

আজি মই শ্ৰী গৰ্বানন্দ অসমীয়াই অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে অসমখনৰ মঙ্গলৰ বাবে অসমবাসীৰ হিতাৰ্থে সকলো অসমীয়ালৈ এই উইলখন অৰ্পণ কৰিলোঁ।

অসমবাসী ৰাইজক এই উইলখনৰ জৰিয়তে মই মোৰ নামটো গৰ্বানন্দ অসমীয়াৰ পৰা সলনি কৰি খৰ্বানন্দ ঘোষ কৰিলোঁ। যিহেতু জাতিৰ কথা কৈ, মাটিৰ কথা কৈ, ভেটিৰ কথা কৈ খাৰখোৱা অসমীয়াৰ মন জয় কৰি অসমৰ ৰজা হোৱাৰ বাবে গৰ্বানন্দ অসমীয়া হৈছিলোঁ। অসমত প্ৰৱেশ কৰা সকলো বিদেশী প্ৰবজনকাৰীক অসমৰ পৰা বিতাৰণ কৰিম বুলি হুমকি দিছিলোঁ। গৰ্ব কৰিছিলোঁ নিজকে খাৰখোৱা অসমীয়া বুলি। ৰজা হৈ নিজকে খাৰখোৱা অসমীয়া বুলি ক’বলৈ ভাবিবলৈ বৰ লাজ লগা হ’ল। যিহেতু অসমত আমি দুখে কুলাই-পাচিয়ে নধৰা আমাৰ পৰম মিত্ৰ বাংলাভাষী হিন্দু ভাই সকলেহে আমাক ৰজা বনালে গতিকে তেওঁলোকৰ আনুগত্য হৈ অসমৰ জাতি ধংস কৰি, অসমৰ অসমীয়াৰ মাটি তেওঁলোকক দান কৰি, অসমীয়াৰ ভেটি উছন কৰি অসমীয়াৰ গৰ্ব খৰ্ব কৰিব ওলাইছোঁ… সেইবাবে মোৰ নাম গৰ্বানন্দ অসমীয়াৰ পৰা খৰ্বানন্দ ঘোষ কৰিলোঁ ।

অসমৰ সকলো অসমীয়া ৰাইজক এই উইলখনৰ দ্বাৰা জনাব বিচাৰিছোঁ যে, অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”ৰ লগতে “চাদেৰ লাউ” গীতটোকো জাতীয় সংগীত হিচাবে নিৰ্বাচন কৰা হ’ল। এতিয়াৰ পৰা সকলো অসমীয়াই এই গীতটোও জাতীয় সংগীত হিচাবে গাব লাগিব। গীতটো… … …
“চাদেৰ লাউ”
চাদেৰ লাউ বানাইল মোৰে বৈৰাগী
চাদেৰ লাউ বানাইল মোৰে বৈৰাগী
লাউৱেৰ আগা খাইলাম
দুগাগো খাইলাম
লাউ দিয়া বানাইলাম দুগদুগী
চাদেৰ লাউ বানাইল মোৰে বৈৰাগী
চাদেৰ লাউ বানাইল মোৰে বৈৰাগী
লাউৱেৰ আগা মধু
জানে গ যাদু
লাউ দিয়া বানাইল দুগদুগী
চাদেৰ লাউ বানাইল মোৰে বৈৰাগী
চাদেৰ লাউ বানাইল মোৰে বৈৰাগী ।

অসমৰ চিৰ চেনেহী ভাষা জননী মাতৃভাষা অসমীয়া ভাষাৰ লগতে বৰাক উপত্যকা আৰু বাংলাদেশৰ আপোন ভাষা “চিলেটীয়া” ভাষাটোকো অলপ মৰম চেনেহ কৰি আদৰি লবলৈ এই উইলখনৰ দ্বাৰা আহ্বান জনোৱা হ’ল। এই উইলখনৰ দ্বাৰা সকলো অসমীয়াই এই চিলেটীয়া ভাষাটো চৰ্চা কৰিব লাগিব আৰু কথাই প্ৰতি “অই অই” বুলি কৈ সমৰ্থন কৰি শলাগ লোৱাটো বাধ্যতামূলক কৰা হ’ল।

অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক অসমীয়া গামোচাখন। এই গামোচাখনৰ লগতে বাংলাদেশৰ পৰা আমদানিকৃত ৰুল ৰুল ৰঙা, বেঙুণীয়া, ক’লা গামোচাবোৰকো অসমীয়াই আদৰি লবলৈ এই উইলযোগে বাধ্যতামূলক কৰা হ’ল।

অসমত থকা কাজিৰঙা, মানাহ, ওৰাং, পবিতৰা আদি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সমূহৰ গড়, হাতী, বাঘ, হৰিণ, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদিক আফ্ৰিকা, ইউৰোপ আদিলৈ স্থানান্তৰিত কৰি বিদেশী বাংলাভাষী হিন্দু সকলক সংস্থাপন কৰিবৰ বাবে এই উইলযোগে আইন প্ৰনয়ণ কৰা হ’ল। ইয়াৰ লগতে অসমৰ সমূহ চৰ-চাপৰি অঞ্চলত থকা ভাচমল চাহাবৰ পালি-প্ৰহৰী আৰু সৈন্য-সামন্তক অসমৰ পৰা বিতাৰণ কৰি বিদেশী বাংলাভাষী হিন্দু সকলক সংস্থাপন দিবলৈও এই উইলযোগে আইন প্ৰনয়ণ কৰা হ’ল। এনে কৰিলে অসমৰ অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু চৰ-চাপৰি অঞ্চল পৰ্য্যটক সকলৰ অধিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব, সেইবাবে উইলযোগে এই আইন প্ৰনয়ণ কৰা হ’ল।

অসমীয়াৰ বাপতি সাহোন ভোগালী আৰু ৰঙালী বিহুৰ খাদ্য তালিকাখনো এই উইলখনৰ দ্বাৰা কিছু সংশোধন কৰা হ’ল। অসমীয়াৰ জলপান কোমল চাউল, এঠা দৈ, মাখন, তিলপিঠা, তিলৰ লাড়ু, নাৰিকল পিঠা, নাৰিকলৰ লাড়ু, চুঙা পিঠা, টেকেলি পিঠা, কাঠআলু, মোৱাআলু, মিঠাআলু, শিমলুআলু আদি বিহু হিচাবে সদ্য ব্যৱহৃত জলপান সমূহ বৰাক উপত্যকালৈ গৈ বৰাক নদীত বিসৰ্জন দিবলৈ এই উইলখনৰ দ্বাৰা সকলো অসমীয়াক আহ্বান জনোৱা হ’ল। ইয়াৰ পৰিবৰ্তে মুড়ি, মুড়িৰ লাড়ু, চিৰা, চিৰাৰ লাড়ু আৰু খিচিৰি সেৱন কৰিবলৈ আহ্বান জনোৱা হ’ল।

যিহেতু খাৰখোৱা অসমীয়া বুলি অসমীয়া সকলৰ এটা দুৰ্ণাম আছে, গতিকে এইখন উইলৰ দ্বাৰা খাৰ অসমৰ পৰা সম্পুৰ্ণৰূপে নিষিদ্ধ কৰা হ’ল। সকলো অসমীয়াই যাতে খাৰ খোৱা বৰ্জন কৰি খাৰখোৱা অসমীয়া বদনামৰ পৰা মুক্ত পাব পাৰে তাৰবাবে এই উইলখনৰ দ্বাৰা কঠোৰ আইন প্ৰনয়ণ কৰা হ’ব। ইয়াৰ লগতে চুত্কি মাছক (শুকান মাছ) অসমৰ জাতীয় খাদ্য হিচাবে গণ্য কৰিবলৈ এই উইলখনৰ জৰিয়তে আইন প্ৰনয়ণ কৰা হ’ব।

অনাগত দিনত পৰিৱেশ পৰিস্থিতি চাই আৰু কিছু বিষয় এই উইলখনত সন্নিবিষ্ট কৰি আইনলৈ ৰূপান্তৰ কৰা হ’ব।

বিশেষ জাননী:- আগন্তুক লোকসভা নিৰ্বাচনৰ আগলৈকে এই উইলখন গোপনে ৰখা হ’ব। আমাৰ গুৰু বিহ জুই পাৰ্টীৰ ভাৰতবৰ্ষৰ মহাৰাজৰ নয়নৰ মণি ডাঙৰীয়াই মিছা আশ্বাস, মিছা প্ৰতিশ্ৰুতিৰে উদ্বাত্ত ভাষণৰ দ্বাৰা লোকসভা নিৰ্বাচনত অসমৰ ১৭খন আসন দখল কৰাৰ লগে লগে এই উইলখন আইনত পৰিণত কৰা হ’ব।

☆★☆★☆

3 Comments

  • Madhurjya Goswami

    এইটো সাংঘাটিক।

    Reply
  • অনুৰূপ মহন্ত

    তামাম লিখিলে এইচাত

    Reply
  • জয়ন্ত দাস

    ভয় লাগি গল৷ সচাকৈয়ে আমাৰ এইটো অৱস্থা হবলৈ গৈ আছে নেকি!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *