‘দাদা’ সমীপেষু – জ্যোতিৰূপম দত্ত
মৰমৰ দাদা,
আমি ভালেই আছো৷ কাঁটাতাৰ পাৰ হৈ এইফালে টালি-টোপোলা বান্ধি গুচি অহাৰ পাচত বৰ ব্যস্ত হৈ পৰিছিলো৷ কিছুদিন ঘৰ-বাৰী ঠিকঠাক কৰোতেই গ’ল৷ তাৰ পাছত খেতি-বাতি, ব্যৱসায়-বণিজ আদিৰ কামতেই বৰকৈ ব্যস্ত হৈ পৰিলো৷ সেয়ে খবৰ বাতৰি দিবলৈ সময়েই পোৱা নাছিলো৷ আজি অলপ সময় উলিয়াই চিঠি এখনেই লিখো বুলি বহিছো৷
প্ৰথমতে ফোন কৰিম বুলি ভাবিছিলো৷ পিছে তোমালোকৰ ফোনটো নধৰেই দেখোন, নেটৱৰ্ক বেয়া চাগৈ৷ আমাৰ ইয়াত নেটৱৰ্কৰ অসুবিধা নাই৷ আগতকৈ নেটৰ স্পীডো ভাল হৈছে৷ তোমালোকৰ তুলনাত এইফালে ৰাস্তা-ঘাটৰো অসুবিধা নাই৷ তোমালোকেও সোনকালে এইফালে আহি যোৱা৷ ইয়াত বহু সুবিধা৷ আমি এতিয়ালৈ অকণো অসুবিধা পোৱা নাই৷
প্ৰথমে ভাবিছিলো যে নতুন ঠাই, নতুন মাত-কথাৰ বাবে আমাৰ অসুবিধা হ’ব৷ পিছে ভাষাটোৰ বাহিৰে বিশেষ একো অসুবিধা নাপালো৷ আমাৰ আগৰ ঠাইখনত ভাষাৰ নামত হোৱা উৎপাতবোৰ ইয়াত অকণো নাই৷ সকলোৱে নিজৰ নিজৰ সুৰত কলেও মুল ভাষাটো বুজিবলৈ পাৰিলে অসুবিধা নোহোৱাকৈ চলি যায়৷ ইয়াৰ মানুহবোৰ বৰ দয়ালু আৰু সকলোৰে ব্যৱহাৰ ভালেই পাইছো৷
আমি আহি পোৱাৰ সময়ত এইফালৰ বহু মানুহে আমাক আদৰিবলৈ সাজু হৈয়েই আছিল৷ প্ৰথমতে হেনো আমি ইয়াতে একেবাৰে থাকিবলৈ গুচি আহিম বুলি কথাবোৰ শুনি বহুতেই হৈ-চৈখন কৰিছিল৷ পিছে দুজনমান নেতাই পৰিস্থিতি নিজে চম্ভালি আমাক সৰ্বতোপ্ৰকাৰে ৰক্ষণাবেক্ষণ দিলে৷ বুজাসকলক ভালকৈ আকাৰে-প্ৰকাৰে বুজালে, নুবুজাসকলক এচাৰিৰে কোবাই হলেও সৈমান কৰাইহে এৰিলে৷ কিছুমানে আকৌ নিজৰ মাজতেই খোৱা-কামোৰা, হাই-কাজিয়া কৰি নিজে নিজে ঘুণীয়া হ’ল৷ নেতা-পালিনেতা সৱে মিলি কিছুমানক ধুনীয়াকৈ টোপ দি মুখ বন্ধ কৰি থলে৷
সকলো ঠিক-ঠাক হোৱাৰ পাছত এনেকৈয়ে আমি ইয়ালৈ আহিলো৷ আমি বৰনৈখনৰ কাষতেই ঘৰ পাতিলো৷ বানপানীৰ ভয় আছে যদিও বিশেষ অসুবিধা হ’ব নালাগে৷ পিছে থাকিবলৈ বৰ সুচল৷ আমাৰ থাকিবলৈ ঘৰ, আনকি বিদ্যুৎ সংযোগ আদিৰ কামবোৰো ইয়াৰ মানুহেই বৰ সোনকালে কৰি দিলে৷ কিছুমানক আকৌ দুটামান পা-পইছা দিলেই আমাৰ ভৰিও ধুৱাই দিবলৈ খোজে৷ আমি আহি পোৱা খবৰ শুনিয়েই এপাল চৰকাৰী মানুহ আহি আমাৰ সকলোৰে নামত চৰকাৰী কাগজ-পত্ৰ কৰি দিলে৷ আমি আটাইবোৰ একেদিনাই বিদেশীৰ পৰা স্বদেশী হৈ গলো৷ আৰু কোনে পায়! আমি সকলোৱে আহিয়েই কামত লাগি গলো৷ কিছুমানে শাক-পাচলি, ধান-মাহৰ খেতি কৰিলে, কিছুমানে ঘৰ-আচবাব সজাৰ কামত লাগি গ’ল, কিছুমানে ব্যৱসায়-বাণিজ্যৰ কামত লাগি গ’ল৷
আমাক অনাৰ আচল কাৰণটো হ’ল যে আমি নাহিলে হেনো ইয়াত সাধাৰণ মানুহ থাকিবই নোৱাৰা অৱস্থা হ’লহেঁতেন! মানে আজিকালি সকলোতে কামিলা মানুহৰ বৰ আকাল হৈছে, সেয়ে আমাৰ দৰে খামিডাঠ, কামিলা, দিনে নিশাই কষ্ট কৰিব পৰা মানুহৰ দৰকাৰ৷ জানাই নহয়, আমি অতিজৰে পৰাই সাহসী, কষ্টসহিষ্ণু মানুহ৷ আগৰ ঠাইত হোৱা অসুবিধাবোৰৰ কথা জানাই দেখোন৷ সেয়ে সাতে-সোতৰই মিলি আমি ইয়ালৈ উঠি অহাৰ বাহিৰে একো উপায় দেখা নাছিলো৷ পিছে সকলো ভালেই হ’ল৷ আমি দলে-বলে আহি ইয়াতে গোঁজেই গঁজালি হলো৷
এইফালে হেনো এতিয়া কামিলা মানুহ পাবলৈকে নোহোৱা হ’ল৷ কষ্ট কৰিব পৰা সকলৰ বেছিভাগেই বিদেশ পালেগৈ, এতিয়া ইয়াত থকাখিনিও এলেহুৱা হ’ল৷ আমিও সেই চেগতে আহি বহি ললো৷ কষ্ট কৰিব পাৰিলে বহু ধন ঘটিব পাৰি৷ মুঠতে সামান্য কষ্ট কৰিয়েই ধন ঘটিবলৈ আৰম্ভ কৰি দিলো৷ ৰাস্তা-ঘাট, বন্দৰ আদিৰ ব্যৱস্থা সুন্দৰ বাবে ইয়াতে আমি উৎপাদন কৰা সামগ্ৰী আজিকালি বিদেশলৈও ৰপ্তানি কৰিব পৰা হৈছে৷
আমি আহিয়েই কিছুমান কাম কৰি পেলালো৷ নতুন ঠাইবোৰ যিমান পাৰো আমাৰ আগৰ ঠাইৰ দৰে কৰিবলৈ যত্ন কৰিলো৷ বহুকেইখন ধৰ্মানুষ্ঠানো পাতিলো৷ আনকি ৰাস্তা-ঘাটবোৰৰ নামো আমাৰ মতেই সলাই পেলালো৷ এতিয়া আমাৰ অৱস্থা আগৰ দৰে পৰি মৰা নহয়৷
শুনিছো, তোমালোকে বৰ কষ্টত দিন কটাইছা! সেইসোপাই তোমালোকৰ নাম আদিও সলাই দিলে হেনো৷ আইৰ মুখৰ ভাষাটোৰো গুৰুতৰ অৱস্থা কৰিলে হেনো! গতিকে বেছি ভবা-চিন্তা কৰিব নালাগে৷ আমি ইয়াতে বৰ সুখত আছো৷ তোমালোক আহিলে তোমালোকৰ বাবেও ইয়াত জেগা এডুখৰি ওলাবই৷ কাঁটাতাৰৰ এইপাৰলৈ সোনকালে আহি যোৱা৷ ইয়াতেই আমি আটায়ে মিলি আমাৰ নিজা জাতি-মাটি-ভেটি ৰক্ষা কৰি সুখেৰে থাকিম!
ইতি,
নোমল
[চিঠিখন লিখিলো৷ কাইলৈ ডাকত দিম৷ দাদাৰ ঠিকনাটো খামটোৰ ওপৰত শুদ্ধকৈ লিখিবলৈ যত্ন কৰিলো৷]
ঠিকনা :
প্ৰতি,
সৰ্বানন্দ সানোয়াল,
দিশপুৰ, গুয়াহাটী
আসাম, ভাৰত৷
☆ ★ ☆
11:03 am
তামান !
আল্টিমেট ব্যংগ এইছাট !??
12:52 pm
বাপ ৰে, একদম বিষাই যোৱা ব্যংগ। ভাল লাগিল পঢ়ি দাদা
6:34 pm
সুন্দৰ ব্যংগ ।
10:27 pm
হাঁহিলো যদিও, বুকুৰ বিষটোৱে অসুবিধা দি থাকিল। আজিৰ পৰিস্থিতিত ডাৰ্ক হিউমাৰৰ ৰূপ পাইছে লেখাটোৱে। অনন্য
8:05 am
এনেকুৱা লেখা এটাই আশা কৰিছিলোঁ দাদা। বৰ ভাল লাগিল। বুকু বিষাই গ’ল সচাঁই!?
3:31 pm
অলপ পলম হল পঢ়োতে৷ সাংঘাটিক লিখিলে৷