বৈপ্লৱিক লটিঘটি – ধুৰ্জ্জটি কাকতী
কলেজত পঢ়ি থকাৰে কথা৷ আমাৰ থকা ঠাইখিনিৰ মাটিৰ পট্টাৰ কাৰণে আমাৰ ঠাইৰ মানুহখিনিয়ে প্ৰতিবাদী সমদল এটা ওলিয়ালে নুনমাটিৰ পৰা ডিচি অফিচলৈ৷ তেতিয়া আমাৰ প্ৰতিবাদী গগৈ মাৰ্কেটত অহাই নাছিল, গতিকে তেনে কোনো নেতা নাছিল আমাৰ আন্দোলনৰ, স্থানীয় মানুহখিনিয়ে একেলগে প্ৰতিবাদ কৰিবলৈ ওলাল৷ ৰাতিপুৱা সমদল আৰম্ভ হ’ল, সমদলত প্ৰতিবাদী কন্ঠস্বৰূপে আমাৰ বন্ধুবোৰৰ লগত ময়ো ভাগ ল’লোঁ৷ প্ৰায় পাঁচ হাজাৰমান মানুহৰ বিশাল সমদল “তেজ দিম, মাটি নিদিওঁ বুলি” শ্লোগান দি আকাশ কঁপাই আগবাঢ়িল৷ লগতে সমস্বৰে চিঞৰিলোঁ ইনক্লাব জিন্দাবাদ৷ যদিও মই ইন বুলি কোনো ক্লাবৰ সদস্য নাছিলো, কিন্তু সকলোৰে লগত ‘ইন ক্লাব’ৰ জিন্দাবাদ ধ্বনি দিলোঁ। লাহে লাহে সমদল আহি ডিচি অফিচ পালোহি৷ সন্মুখত দেখিলোঁ জনতাৰ কণ্ঠ ৰোধ কৰিব ৰাষ্ট্ৰযন্ত্ৰৰ ফেচিবাদী পুলিচ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ আমাক বাধা দিবলৈ ৰখি আছে৷ কিন্ত আমাৰ কাৰো প্ৰতিবাদী চকুত লেশমানো ভয় নাই৷ সকলোৱে শ্লোগান দি দি আগবাঢ়ি গৈ থাকিলে৷ মুঠতে এই প্ৰতিবাদী কন্ঠক ৰখোৱা সহজ নহয়৷ ডিচি অফিচৰ আগত প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কপিছে৷ পুলিচে আগবাঢ়িব নিদিয়ে৷ মানুহে ঠেলে৷ লাহে লাহে পুলিচ আৰু জনতাৰ মাজত ঠেলা ঠেলি আৰম্ভ হ’ল৷ পৰিস্থিতি বেয়াৰ ফালে ঢাল খালে৷ কিন্তু আমি পুলিচৰ ভয়ত পিচুৱাই আহিব যোৱা প্ৰতিবাদী কণ্ঠ নহয়, গতিকে প্ৰতিবাদ স্তব্ধ নহয়৷ লাহে লাহে ঠেলা ঠেলি গৈ হতাহতি পালেগৈ, হঠাৎ দেখিলোঁ মানুহবোৰে দৌৰা দৌৰি আৰম্ভ কৰি দিলে৷ বুজিলোঁ প্ৰতিবাদী কন্ঠ ৰোধ কৰিবলৈ ৰাষ্ট্ৰযন্ত্ৰৰ পুলিচ আমাৰ ওপৰত জঁপিয়াই পৰিছে, আমাৰ ওপৰত লাঠিচাৰ্জ আৰম্ভ হ’ল৷ কিন্তু আমি ছত্ৰভংগ দিয়া মানুহ নহয়, প্ৰতিবাদী সত্বাও শেষ নহয়৷ লাহে লাহে দেখিলোঁ লগৰে দুই এজনে কোব খালেই, এনেতে মোৰ কাষৰজনক লেডি অফিচাৰ এগৰাকীয়ে লাঠি লৈ মাৰিবলৈ খেদি আহিল, সি লগালগ হাতযোৰ কৰি ক’লে “বাইদেউ মই একো নেজানো, এনেই আহিছোঁ নেমাৰিব।” অফিচাৰ গৰাকীয়ে ক’লে “ভাগ ইয়াৰ পৰা৷” মূহূৰ্ত্ততে সি নোহোৱা হৈ গ’ল৷ মই কি কৰিম ভাবি থাকোঁতে দেখিলোঁ পুলিচ এটাই লাঠিলৈ মাৰিবলৈ খেদি আহিছে৷ লগালগ মোৰ প্ৰতিবাদী সত্বা –জানো ক’ত নোহোৱা হ’ল গম নেপাওঁ৷ কিন্তু মোৰ অন্তৰৰ খেলুৱৈ সত্বা জাগ্ৰত হৈ গ’ল আৰু লগালগ মোৰ ভৰিয়ে যি গতিবেগ ল’লে মই নিজেই আচৰিত৷ মই পিছলৈ ঘূৰি নেচাই দৌৰিছোঁ, গোটেই বিশাল সমদল ক’ৰবাত পাছ পেলাই, ডিচি অফিচৰ পৰা কলেজিয়েট স্কুল হৈ BSNL অফিচ পাওঁতেহে ৰখিলোঁ৷ পাছফালে চালোঁ কোনো পুলিচ নাই৷ মোৰ সেই দৌৰৰ গতিবেগত হয়তো এচিয়ান গেমচত মেদেল এটা আহি গ’ল হয়৷
সেইদিনা দুটা কথা গম পালোঁ, প্ৰথম মই আন্দোলন কৰা মানুহ নহয়, গতিকে তাত মোৰ কেৰিয়াৰ নাই৷
দ্বিতীয়: যদি সৰুৰে পৰা দৌৰিলোঁ হয়, দৌৰত ভাল কেৰিয়াৰ বনাব পাৰিলোঁ হয়। হয়তো অলিম্পিকত দেশৰ নাম উজ্জ্বল কৰিলোঁহেতেন।
☆★☆★☆
2:13 pm
সাংঘাটিক এইটো । লেখকলৈ বৈপ্লৱিক অভিনন্দন জনালো ।
2:47 pm
Thanks
2:54 pm
তাৰমানে ৰাষ্ট্ৰযন্ত্ৰৰ ফেচিবাদী পুলিচ জিকিল আৰু প্ৰতিবাদী সত্বাৰ কণ্ঠৰূদ্ধ হৈ গ’ল?
ধিক্কাৰ প্ৰতিবাদী সত্বা৷
মজা লাগিল ধুৰ্জ্যোতি
4:59 pm
হা হা
9:43 pm
টামাম ধূৰ্জতি দাদা।
11:06 pm
Thanks
6:18 pm
বাঃ ধুনীয়া লাগিল৷ এজন অলিম্পিয়ানৰ সমান প্ৰতিভা এনেয়ে গল৷