পেপেৰা আৰু ভুতুকীৰ বিয়া – সদানন্দ ভূঞা
বকুলতলি গাঁৱৰ গহীন বৰুৱাৰ জীয়েক ভুতুকী। ভুতুকীৰ পোচাকী নাম জোনালী বৰুৱা। ভুতুকী সৰুতেই লোদোৰ-পোধোৰ আৰু জাধলী আছিল বাবে ককাক-আইতাকে মৰমতে ভুতুকী বুলি মাতিছিল। সময়ৰ গতিত সকলোৱে তাইক ভুতুকী বুলিয়েই মতা হ’ল। জোনালী পোচাকী নামটো তাইৰ বিদ্যালয়ৰ তালিকাতহে লিপিবদ্ধ হৈ থাকিল।
ভুতুকীহঁতৰ গাঁৱৰে বোপাটি কলিতাৰ পুতেক পেপেৰা। পেপেৰাৰো পোচাকী নাম প্ৰেমকান্ত কলিতা। প্ৰেমকান্ত সৰুতেই ক্ষীণ-মীন আৰু জধলা আছিল। সেয়েহে সময়ৰ গতিত গাওঁখনত প্ৰেমকান্ত পোচাকী নামটোৰ পৰিবৰ্তে পেপেৰা নামটো জনাজাত হ’ল।
ভুতুকী পেপেৰাতকৈ দুবছৰৰ সৰু। পেপেৰা যেতিয়া বকুলতলি গাওঁখনৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেনীত পঢ়ে, তেতিয়া ভুতুকী একেখন বিদ্যালয়ৰে প্ৰথম শ্ৰেনীৰ ছাত্ৰী। ভুতুকী আৰু পেপেৰা দুয়োজনেই বৰ অমায়িক আৰু ৰসিক আছিল বাবে সকলোৱে তেওঁলোকক বহুত ভাল পাইছিল।
লাহে লাহে পেপেৰা আৰু ভুতুকী শিশু কালৰ পৰা কৈশোৰ কালত ভৰি দিলে। পেপেৰা ক্ষীণ-মীন আছিল আৰু গাটোতকৈ মুৰটো ডাঙৰ আছিল বাবে দেখাত কিছু আপচুও আছিল। কিশোৰ কাল পোৱাৰ লগে লগে নাকৰ তলত ডাড়িও গজিবলৈ ল’লে। ভুতুকীও লোদোৰ-পোধোৰ জাধলীজনী আছিল। তাইৰো দেহটোত লাজ লাজকৈ যৌৱনবোৰে কুঁহি মেলিবলৈ ল’লে। ভুতুকী আৰু পেপেৰাই গম নোপোৱাকৈয়ে যৌৱনৰ আগমন ঘটিল যদিও দুয়ো শৈশৱ সুলভ ধেমালিবোৰ কৰিবলৈ এৰি নিদিলে।
কৈশোৰৰ পৰা লাহে লাহে পেপেৰা ডেকাটো হ’ল আৰু ভুতুকীও পুৰ্ণযৌৱনা গাভৰু হ’ল। প্ৰতিটো বছৰৰ ব’হাগ মাহত ৰঙালী বিহু আহে। গাঁৱৰ সকলো ডেকা-গাভৰুৱে পেপেৰা আৰু ভুতুকীক সংগ দিব টান পায়। কাৰণ ভুতুকীয়ে নাচিলে বাকীবোৰ নাচনীয়ে নাচিবলৈ সুযোগেই নাপায়। সকলোকে এফালৰ পৰা মহতিয়াই ওফৰাই নিয়ে। সেয়েহে গাওঁখনৰ গাভৰুবোৰে তাইক সংগ দিব নিবিচাৰে। ইফালে ভুতুকীয়ে নাচনি নহ’লে পেপেৰাই বিহু দলত নাথাকে। তেনেকৈয়ে সিহঁতৰ ব’হাগৰ দিনবোৰ পাৰ হয়।
ভুতুকী এজন খেতিয়কৰ জীয়ৰী আৰু পেপেৰাও এজন খেতিয়কৰ পুতেক। এজন দুখীয়া খেতিয়কৰ পুতেক হৈয়ো পেপেৰাই সুখ্যাতিৰে স্নাতক ডিগ্ৰি পাচ কৰি গাওঁখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল। গাওঁখনে পেপেৰাক ভুয়সী প্ৰশংসাৰে ওপচাই পেলালে। ইফালে ভুতুকীয়েও উচ্চতৰ মাধ্যমিকত অসমৰ ভিতৰত দশম স্থান অধিকাৰ কৰি গাওঁখনৰ লগতে সমগ্ৰ অসমতে সুনাম বুটলি আনিবলৈ সক্ষম হ’ল। দুয়োৰে সুনামৰ বাবে গাওঁখনে সিহঁত দুয়োকে লৈ গৰ্ব অনুভৱ কৰিলে।
যিহেতু ভুতুকী আৰু পেপেৰা দুয়ো খেতিয়কৰ সন্তান, সেয়েহে দুয়োৱে পথাৰলৈ যাবলৈ উচ্চ শিক্ষিত হ’লেও লাজ-সংকোচ নকৰে। দুয়োৱে খেতিৰ সকলো কামতে মাক-দেউতাকক সদায় সহায় কৰি আহিছে। পেপেৰা ক্ষীণ-মীন। যেনেতেনে হাল-কোৰ বায় যদিও ধান পকা দিনতহে পেপেৰাৰ কষ্ট বেছি হয়। ধান কঢ়িয়াবৰ সময়ত ডাঙৰীবোৰ ভাৰ বান্ধি বুকুতে কেঁকো-জেকোকৈ কঢ়িয়াই আনিবলগীয়া হয়। ভুতুকী আৰু পেপেৰাহঁতৰ পথাৰ লগালগি। ভুতুকীয়ে ধান দাই থাকোতে দেখা পায়। পেপেৰাৰ অৱস্থা দেখি বেচেৰীৰ বুকুখনে ক’ৰবাত খোচ মাৰি ধৰা যেন পায়। তাই দৌৰি দৌৰি আহি পেপেৰাৰ পৰা কান্ধৰ ভাৰ কাঢ়ি লৈ গজং গজং খোজেৰে ধানৰ ডাঙৰীবোৰ কঢ়িয়াই পেপেৰাহঁতৰ চোতালত ধেপেচকৈ পেলাই দিয়ে। পেপেৰাই তাইৰ এই শক্তি আৰু চেনেহবোৰ দেখি ৰ’ লাগি চাই থাকে। পেপেৰাৰ মনত তাইৰ প্ৰতি এক অবুজ মৰম জাগি উঠে। কিন্তু এই মৰমৰ ভাষা কি সি বুজি নাপায়।
দিনবোৰ অতিবাহিত হোৱাৰ লগে লগে সিহঁতৰ মনবোৰো কিছু সলনি হ’বলৈ ধৰিলে। দুয়োটাৰে চকুৱে চকুৱে পৰিলে কিবা এক অজান লাজৰ আৱৰণে দুয়োৰে হৃদয় কেইখন ঢাকি ধৰে। সিহঁতে পৰস্পৰে পৰস্পৰৰ প্ৰতি পুলকিত হৈ উঠে। বহু কিবা কিবিয়েই ক’ব বিচাৰে, কিন্তু মুখামুখি হ’লে একো ক’ব নোৱাৰে। সিহঁতে অনুভৱ কৰিলে হয়তো এয়াই প্ৰেম। দুয়ো দুয়োকে আকোৱালি ল’ব খুজিলেও কিবা এক অজান ভয়ে দুয়োকে বাধা দিয়ে। দুয়োৰে ন যযৌ…ন তস্থৌ অৱস্থা। দুয়োৰে অব্যক্ত বেদনাৰ মাজতো প্ৰতি বছৰৰ ব’হাগৰ বিহুত পেপেৰাই ভুতুকীলৈ এপাহ কপৌফুল দি আহিছে। ভুতুকীয়েও পেপেৰাক নিজ হাতে বোৱা একোখনকৈ ফুলাম গামোচা ডিঙিত মেৰিয়াই দি আহিছে ।
যোৱা বছৰৰ ভেলেন্টাইন দিৱস। পেপেৰাই মনতে ভাৱিলে… ভুতুকীক এইবাৰ ভেলেন্টাইন দে’ দিৱসৰ বাবে এপাহ ৰঙা গোলাপ উপহাৰ দিম। সেইমতে সেইদিনাখন সি ভুতুকীক নিৰলে লগ কৰি ভেলেন্টাইন দে’ৰ শুভেচ্ছা জনাই ৰঙা গোলাপ পাহ আগবঢ়াই দিলে। ভুতুকীয়েও গোলাপ ফুলপাহ হাত পাতি ল’লে। ভুতুকীৰ চকুযুৰি চলচলীয়া হৈ পৰিল। তাইৰ দুচকুৱেদি দুধাৰি চকুলো বাগৰি আহিল। তাই থোকাথুকি মাতেৰে ক’লে… পেপে ককাইদেউ অ, তোৰপৰা মই বেলেগ ৰঙা গোলাপ নিবিচাৰোঁ ঐ। চিৰদিনৰ বাবে তোৰ হৃদয়ত ফুলি থকা মৰমৰ ৰঙা গোলাপৰ সুবাসকণ দিবিনে? মোক চিৰদিনৰ বাবে তই আপোন কৰি ল’বিনে? পেপেৰাইও হৃদয়ৰ সমস্ত আৱেগ উজাৰি ভুতুকীক সাৱটি ধৰিলে।
যোৱা বছৰৰ ব’হাগ মাহ। বকুলতলি গাঁৱত ৰঙালী বিহুৰ আদৰণি উৎসৱ প্ৰথম বাৰৰ বাবে মঞ্চত উদযাপন কৰিব। বহু অঞ্চলৰ পৰা হুঁচৰি বিহু দলে অংশ গ্ৰহণ কৰিছে। গাঁৱৰ হুঁচৰি বিহু দলক পেপেৰা আৰু ভুতুকীয়ে জনাই দিলে যে সিহঁতেও এইবাৰ গাঁৱৰ হুঁচৰি বিহু দলত অংশ গ্ৰহণ কৰিব। অনিচ্ছা সত্বেও বকুলতলি গাঁৱৰ হুঁচৰি বিহু দলত ল’বলৈ বাধ্য হ’ল। আদৰণি উৎসৱৰ দিনাখন বকুলতলি গাওঁৰ দলৰ নাম ঘোষণা কৰাৰ লগে লগে ঢোলিয়া, তালিয়া আৰু পেপুৱা নিজ নিজ বাদ্য বজাই মঞ্চত উঠিছে। পেপেৰাই টকা এটা বজাই বজাই মঞ্চত উঠিছে। পিচে পিচে নাচনীবোৰ মঞ্চলৈ উঠি আহিছে। বিহুৱাৰ বিহুগীত, ঢোলিয়া, তালিয়া আৰু পেপুৱাৰ বাদন যিমানেই খৰ হৈছে সিমানেই ভুতুকীৰ নাচোনতো কোব চৰিছে। এটা সময়ত ভুতুকীৰ নাচোনৰ কোবত বাকী নাচনীবোৰ, বিহুৱা, ঢোলিয়া, পেপুৱা, ফৰিং চিটিকাদি চিটিকি মঞ্চৰ বাহিৰলৈ ওলাই গৈছে। ভুতুকী আৰু পেপেৰাৰ সেইবোৰ লক্ষ্য কৰিবলৈ আহৰিয়েই নাই। ভুতুকীয়ে নাচি আছে, পেপেৰাই টকা বজাই আছে। ইফালে মঞ্চৰ বাহিৰত বহি থকা বিচাৰকমণ্ডলী আৰু দৰ্শকৰ হাঁহিয়ে পেন্দেল উৰুৱাই নিওঁ নিওঁ অৱস্থা। হাঁহি হাঁহি সকলোৱে পেটত হাত দি ৰক্ষা পোৱা নাই। কিন্তু ভুতুকীয়ে নাচিবলৈ এৰা নাই আৰু পেপেৰাই টকা বজাবলৈ এৰা নাই। বিহু কমিটিৰ মানুহে সিহঁত দুয়োকে আঁতৰাই নিয়াৰ পিছতহে ৰক্ষা। অৱশ্যে সেইদিনাখনৰ বিচাৰকমণ্ডলীৰ নিৰ্বাচনত হুঁচৰি বিহু প্ৰতিযোগীতাত বকুলতলি দলে প্ৰথম পুৰস্কাৰ পালে। সেয়াও পেপেৰা আৰু ভুতুকীৰ বাবেহে প্ৰথম পুৰস্কাৰৰ বিজয়ী হ’বলৈ সক্ষম হ’ল।
পেপেৰা আৰু ভুতুকীৰ মনৰ খবৰ দুয়ো ঘৰৰ মাক-দেউতাক আৰু পৰিয়ালৰ সকলোৱে জানিব পাৰিলে। দুয়ো ঘৰৰে আগতেই সিহঁত দুয়োটাক লগলগাই সংসাৰ গঢ়াই দিয়াৰ আশা মনতে পাঙি ৰাখিছিল। এতিয়া সিহঁত দুয়োটাৰে মনৰ কথা জানি ‘শুভস্য শীঘ্ৰম’ বুলি দুয়ো ঘৰতে কেঁচাকল কাটি তামোল-পান আগবঢ়াই দিন-বাৰ ঠিক কৰিলে। অহা ব’হাগৰ চাৰি তাৰিখে পেপেৰা আৰু ভুতুকীৰ শুভবিবাহ। এইবাৰ ব’হাগৰ বিহুত পেপেৰা আৰু ভুতুকীয়ে ব’হাগী উৎসৱত হুঁচৰি বিহু দলত অংশ গ্ৰহণ নকৰে। এইবাৰ বকুলতলি গাঁৱৰ হুঁচৰি বিহু দল আৰু ৰাইজৰ ওচৰত তেওঁলোকে আঠু ল’ব। হুঁচৰি বিহু দল আৰু ৰাইজে পেপেৰা আৰু ভুতুকীক আশীৰ্বাদেৰে ওপচাই দিব।
পাঠকবৃন্দ, এই চেগতে পেপেৰা আৰু ভুতুকীৰ পৰিয়ালৰ হৈ পেপেৰা আৰু ভুতুকীৰ বিয়ালৈ তামোল-পানৰ শৰাইৰে আপোনাসৱক নিমন্ত্ৰন জনালোঁ। আগন্তুক চাৰি ব’হাগৰ দিনাখন আপোনাসৱ সকলোৱে বকুলতলি গাঁৱলৈ আহি পেপেৰা আৰু ভুতুকীক “হৰ-গৌৰী বসতি হওঁক” বুলি একাজলিকৈ আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনালোঁ।
☆★☆★☆
1:43 pm
ভাল লাগিল৷
5:00 am
ভুতুকীৰ নাচোনেহে তালফাল লগাই আছে