ফটাঢোল

তুমিয়ে মোৰ প্ৰথম প্ৰেম – ডলী তালুকদাৰ

মধুমিতা কলেজৰ কিয় তাই থকা চহৰখনৰে যুৱক সকলৰ সপোন কু্ঁৱৰী।দেখিবলৈ যিমান ধুনীয়া তাতোকৈ অন্তৰখন আৰু মৰমীয়াল। সকলোকে মৰম বিলাই ফুৰে। সকলোৱে তাইৰ পৰা মৰম অকণ পাবলৈ বিচাৰে। এনেয়েও দেখিবলৈ ধুনীয়া, পঢ়া শুনাত চোকা, শিল্পী মনৰ ল’ৰা দেখিলে মধুমিতাৰ মৰম কৰিবলৈ বৰ মন যায়। সেয়েহে স্কুলত থাকোঁতে প্ৰধান শিক্ষকৰ ল’ৰা ৰিদিপক তাই বহুত মৰম দিছিল। ৰিদিপ পঢ়াত চোকায়েই নহয়, সেই সময়ত স্কুলৰ ভাল টেনিচ খেলুৱৈ আছিল। সকলোৱে তাক মহেশ ভূপতি, লিয়েন্দাৰ পেজ বুলিয়ে মাতিছিল। ভৱিষ্যতৰ ভূপতি আৰু পেজ হোৱাৰ সপোন দেখিছিল। মধুমিতায়ো এজন খেলুৱৈক মৰম দিয়াৰ সপোন দেখিছিল। তাৰোপৰি হেড চাৰৰ পুতেক হোৱা বাবে পঢ়া শুনাত বাকীবোৰত কৈ আগুৱাই আছিল। আনকি পৰীক্ষাৰ প্ৰশ্নও ৰিদিপে জানে কি কি আহিব। দশম শ্ৰেণী পোৱাত মধুমিতাই ৰিদিপক তাইৰ মনৰ কথা ক’লে। সি যে তাইৰ “প্ৰথম প্ৰেম”। ৰিদিপে প্ৰথমে বিশ্বাসেই কৰা নাছিল নিজৰ কাণ দুখনক। তাৰ সপোন কুঁৱৰী যে নিজে আহি ধৰা দিব। সিও লগে লগে তাইৰ মৰমৰ সঁহাৰি দিলে।মধুমিতাৰ মৰমতে ৰিদিপে তাইক চুলিত মৰা ক্লিপ, ৰাবাৰ বেন্ড, ফোঁটৰ পেকেট আদি উপহাৰ দিলে। কেৱল সেইয়াই নহয় তাৰ পঢ়াৰ নোটবোৰো তাইক মৰমতে পঢ়াই দিয়ে। এনেকৈ মধুমিতা আৰু ৰিদিপে মেট্ৰিক পাছ কৰিলে। মেট্ৰিকত অসমৰ ভিতৰত স্থান লৈ পাছ কৰিব বুলি ভাবি থকা ৰিদিপে প্ৰথম বিভাগহে পালে দুটা বিষয়ত লেটাৰ লৈ। আৰু কেতিয়াও পাছ নকৰিব বুলি ভবা মধুয়ে সুন্দৰকৈ প্ৰথম বিভাগ পালে। চহৰৰ ভাল কলেজখনত ছিটো পালে। আনফালে ৰিদিপে জুনিয়ৰ কলেজ এখনত বাণিজ্য শাখাত ভৰ্ত্তি হ’ল। কলেজত সোমোৱাৰ পিছত মধুমিতাৰ চিন্তাধাৰাবোৰ উন্নত হ’ল। ৰিদিপৰ লগত হোৱা প্ৰেম যে প্ৰথম নহয় তাই বুজি পালে। সেইয়া যে শৈশৱতে ধেমালিহে আছিল তাই ৰিদিপক বুজাই দিলে।

কলেজত ইমানবোৰ ধুনীয়া ল’ৰা আছে মৰম দিবলৈ গতিকে তাইনো কোন সতে মৰম নিদিয়াকৈ থাকে! সুন্দৰী মধুমিতাক কলেজত প্ৰথম দেখাৰ দিনাই প্ৰেমত পৰে বিমল। সাধাৰণ বেশ-ভূষাৰে অতি সহজ সৰল বিমলক কোনোদিনে চকুতে নপৰিল মধুমিতাৰ। কিয়নো কলেজত আহিয়ে লগ পালে জীৱনক। প্ৰথম দেখাৰ দিনাই মধুমিতাৰ হিয়াখন মৰমেৰে চপচপীয়া হৈ পৰিছিল। বিশেষকৈ তাৰ চাৰ্টিফিকেটৰ নম্বৰ কেইটা দেখি আৰু দামী সাজপাৰ দেখি বহুত মৰম কৰিবলৈ মন গ’ল। সুন্দৰী মধুমিতাক দেখি জীৱনৰো হিয়া মৰমেৰে উপচি পৰিল। এদিন দুয়োৱে মনৰ কথা কৈ দিলে ইজনে সিজনক। বিমলে নিৰৱে সকলো চাই থাকে। সকলো জানিও তাৰ মধুমিতাৰ প্ৰতি থকা প্ৰেম কম নহয়। এদিন তাৰ সমুখতে ক্লাছত শিক্ষক নহাত মধুমিতাই জীৱনক কোৱা শুনে “তুমিয়ে মোৰ প্ৰথম প্ৰেম”। বিমলৰ হিয়া ভাগে কিন্তু মধুমিতাই নেদেখে। ক্লাছ খতি কৰি জীৱনে আজি পাৰ্ক, কালি ৰেষ্টুৰেণ্ট, পৰহি চিনেমা চাই পাৰ কৰে; প্ৰথম বাৰ্ষিক পাৰ হৈ দ্বিতীয় বাৰ্ষিকলৈ প্ৰমোচন পায় সকলোৱে। মধুমিতাৰ মৰমত জীৱনৰো নম্বৰ কমে কিন্তু মধুমিতাই নিজৰ মান ৰাখে। হঠাৎ এদিন জীৱনে আৰু মৰম দিব নোৱাৰোঁ বুলি কয়। এইবাৰো মধুমিতাই বুজি পালে জীৱন তাইৰ প্ৰথম প্ৰেম নহয়। সোতৰ বছৰীয়াহে তাই, গতিকে এইয়াও শৈশৱৰে ধেমালিহে। কিন্তু বিমলৰ হিয়া ভাগে জীৱনে তাইৰ মৰম দলিয়াই পেলোৱা বাবে। এইবাৰ মধুমিতাৰ মৰমীয়াল হিয়াখনে মৰম বিলালে তাইতকৈ দুবছৰ চিনিয়ৰ বিজ্ঞান শাখাৰ ৰনেনক। অতিপাত চোকা আৰু ধুনীয়া ৰনেনো মধুমিতাৰ মৰমৰ বলীয়া আছিল। মধুমিতাই তাকো ক’লে “তুমিয়ে মোৰ প্ৰথম প্ৰেম”। কিন্তু দুদিনমান পিছতে সি মধুমিতাক দেখিলে নেদেখা ভাও জোৰা হ’ল। মধুমিতাৰ মুখৰ হাঁহি নোহোৱা হ’ল। বিমলে বুজি পায় তাইৰ চকুৰ ভাষা। প্ৰথম প্ৰেম যে হিয়া জ্বলিবই। সিহে দুৰ্ভগীয়া যে তাইৰ প্ৰথম প্ৰেম হ’ব নোৱাৰিলে। তাৰ বন্ধু মলয়ৰ বাহিৰে কোনেও নাজানে। কিন্তু সি মুঠেও সহিব নোৱাৰে মধুমিতাক। স্বাৰ্থপৰ বুলিহে কয়।কিন্তু হঠাৎ এদিন মধুমিতাৰ দুচকুত তিৰবিৰণি আৰু ওঁঠত মিচিকিয়া হাঁহি দেখা পায় সকলোৱে। প্ৰথমতে আচৰিত কিন্তু লগে লগে ৰহস্যৰ ভেদ ওলাল। কলেজৰ আটাইতকৈ হেন্দচাম লগতে সম্পাদকজনক এইবাৰ মৰমীয়াল মধুমিতাই মৰম দিছে। এইবাৰ মধুমিতাই ক্লাছৰ সকলোকে ক’লে যে, এইবাৰহে তাইৰ প্ৰথম প্ৰেমৰ লগতে সঁচা প্ৰেম হৈছে। কলেজৰ কেণ্টিন, লাইব্ৰেৰী, কলেজৰ কাষৰ ৰেষ্টুৰেণ্ট সকলোতে দুয়োকে দেখা পোৱা গ’ল। কিন্তু এবছৰমান পিছত সিও মধুমিতাক দেখিলে পলোৱা হ’ল। এইবাৰো মধুমিতাই লগৰজনীক ক’লে, ই মোৰ প্ৰথম প্ৰেম নহয় বুলি কান্দিব ধৰিলে। পিছফালে বহি  থকা বিমলৰ হিয়া আকৌ ভাঙিলে। মধুৰ দুখত সিও দুখী। এনেদৰে কলেজৰ শেষ বৰ্ষ পালে। বিমলৰ মধুমিতাক মনৰ কথা কোৱা নহ’ল। মৰমীয়াল মধুমিতাৰ মৰম বিমলে খুজিব নোৱাৰিলে। হঠাৎ এদিন মধুমিতাই বিমলক ক্লাছ কৰি ওলাই আহোঁতে মাত লগালে। বিমলে আচৰিত হোৱাৰ লগতে ভয়ো খালে। মধুমিতাই বাৰু কেনেবাকৈ জানিলে নেকি তাৰ মনৰ কথা। ভয়ে ভয়ে সি মধুমিতাৰ ওচৰলৈ গ’ল। সেহাই সেহাই কোনোমতে ক’লে কি হ’ল মধু? মধুমিতাই ক’লে, লাইব্ৰেৰীলৈ ব’লা। মন্ত্ৰমুগ্ধৰ দৰে বিমল মধুমিতাৰ পিছে পিছে গৈ থাকিল। লাইব্ৰেৰীৰ এটা কোণৰ ডেক্স-বেঞ্চযোৰত দুয়ো বহিল। মধুমিতাই একো পাতনি নেমেলাকৈ বহী এখন বিমলক আগবঢ়াই দিলে। এইবোৰ কি বিমল? আৰু আজি চাৰিবছৰ ধৰি চলি আছে অথচ মই গমেই নাপাওঁ। বিমলে ভয়ে ভয়ে বহীখন লুটিয়াই চালে আৰু চক্ খাই উঠিল। হাৰে! এইখন দেখোন তাৰে বহী, য’ত আজি চাৰিবছৰে মধুমিতাৰ নামত লিখা সকলো কবিতা আছে। কিন্তু এইখন তুমি ক’ত পালা? আজি এমাহ আগতে হেৰাইছিল মোৰ বেগৰ পৰা, বিমলে ক’লে।

হেৰোৱা নাই। তোমাৰ বন্ধুৱে মোক দিছিল পঢ়িবলৈ, মধুমিতাই লগে লগে ক’লে। তুমি আজি চাৰি বছৰে মোক ভাল পাই আছা অথচ মই গমেই নাপাওঁ। তুমিতো জানাই মই কিমান আঘাত পালোঁ আজি চাৰিবছৰে। পৰীক্ষাৰ বাবে ভালকৈ পঢ়িবও পৰা নাই, নোট বনাবও পৰা নাই। মই ভাবিয়েই পোৱা নাই তুমি মোক সহায় কৰিবানে বিমল? এইবুলি বিমলৰ হাতত মধুমিতাই খামুচি ধৰিলে। বিমলৰ দেহত এক অবুজ শিহৰণ বৈ গ’ল। সি লগে লগে ক’লে, মধু মই তোমাক সহায় কৰিম। কিয়নো মই তোমাক ভাল পাওঁ। এই সকলো কবিতা মই তোমাৰ বাবে লিখিছোঁ। মধুমিতাইও লগে লগে কৈ উঠিল মইও তোমাক ভাল পাওঁ। তোমাৰ কবিতা পঢ়াৰ পৰা মই তোমাৰ প্ৰেমত পৰিলোঁ। প্লীজ বিশ্বাস কৰা “তুমিয়ে মোৰ প্ৰথম প্ৰেম”। বিমলে ক’লে ব’লা যাওঁ। কাইলৈ ক’ৰবাত লগ ধৰি ভালকৈ কথা পাতিম। মধুমিতাই ক’লে পানবজাৰত লগ কৰো কাইলৈ দুপৰীয়া।

পিছদিনা দুপৰীয়া ১২ বজাৰ দহ মিনিট আগেয়ে বিমল উপস্থিত হ’ল। ৰেষ্টুৰেণ্ট এখনত বহিল দুয়ো গৈ। কিন্তু ই কি! বিমলে দৌৰি ৰেষ্টুৰেণ্টৰ পৰা ওলাইছে আৰু বাহিৰত মলয় ৰৈ আছিল।বিমলে দৌৰি আহি  মলয়ৰ বাইকৰ পিছত বহি তাক ক’লে সোনকালে ব’ল।

  #সামৰণি

মধুমিতাক দেখিলে আজিকালি বিমলৰ বুকুত ঢপ ঢপনি নাবাঢ়ে। ইফালে ঘটনাটোৰ পিছৰ পৰা মধুমিতাৰো আজিকালি মৰম কৰিবলৈ মন নোযোৱা হ’ল কোনো ল’ৰাকে। আচলতে তাইক সঁচা মৰম দিব পৰা আৰু তাই প্ৰথম প্ৰেম  কৰিব পৰা কোনো ওলোৱাই নাই আজিলৈকে। আৰু বিমলক দেখিলে মধুমিতাৰ দুচকু ভমককৈ জ্বলি উঠে সি কৰা প্ৰতাৰণাৰ বাবে।

ৰ’ব, বিমলৰনো হঠাতে মধুৰ প্ৰতি থকা অতদিনৰ প্ৰেম কিয় নাইকিয়া হ’ল জানিবলৈ মন নাযায় নে? কিয় হঠাতে বিমলে মধুমিতাক অকলে এৰি পলাই গ’ল।  সেইদিনা বহুত হেঁপাহেৰে এথোপা ৰঙা গোলাপ লৈ গ’ল মধুমিতালৈ।মধুমিতাই আগৰে পৰা নেহেৰু পাৰ্কত ৰৈ আছিল। এটা চকলেটেৰে ফুলথোপা মৰমৰ মধুলৈ আগবঢ়াই দিলে। মধুয়েও ধুনীয়া হাঁহিৰে সৈতে গ্ৰহণ কৰিলে। ফুলৰ সুগন্ধ লৈ আহ কি সুন্দৰ বুলি তাইৰ ধুনীয়া চকুযুৰিৰে বিমললৈ চালে। পাৰ্কৰ একোণত বহি কিছু সময় দুয়ো দুয়োৰে চকুলৈ চায় থাকিল। মধুমিতাই ক’লে, তুমি ইমান ৰোমাণ্টিক বুলি ভবাই নাছিলোঁ। ইমান দিনে তুমি মোক কিয় কোৱা নাছিলা মনৰ কথা? বিমলে ক’লে, তোমাৰ মোলৈ চাবলৈ সময়ে নাছিল দেখোন? বিমলে পানবজাৰৰ নাককটা পুখুৰীৰ পাৰত থকা ‘ৰোহিনী’ লৈ গ’ল।কিন্তু মধুমিতাই ক’লে ইয়াত প্ৰাইভেচি নাই গতিকে ভাল ৰেষ্টুৰেণ্টত গৈ বহি লওঁ ব’লা। বিমলে মধুৰ কথাত সন্মতি জনাই তাইৰ পিছে পিছে ওচৰতে থকা  এ.চি. ৰেষ্টুৰেণ্টখনলৈ সোমাই গ’ল। ৰেষ্টুৰেণ্টখনৰ আদব-কায়দা দেখি বিমল আচৰিত হৈ গ’ল। সাধাৰণ ভাবে থকা ল’ৰা সি। এইবোৰ ৰেষ্টুৰেণ্টত কেতিয়াও অহাই নাই। মধুমিতা যে তাতকৈ কিমান উচ্চ খাপৰ সি বুজি পালে। ৱেইটাৰজন আহিল অৰ্ডাৰ ল’বলৈ। মেনুখন বিমললৈ আগবঢ়াই দিলে। মেনুখনত থকা বস্তুবোৰৰ নাম আৰু দাম দেখি বিমল জ্বৰ ঘমাদি ঘামিলে। বিমলে মেনুখন হাতত লৈ কি অৰ্ডাৰ দিব  ভাবোতে মধুমিতাই ক’লে চাইনীজ খাম হা। মই যে চাইনীজ ফুড খাই ইমান ভাল পাওঁ। দিয়া মই অৰ্ডাৰ দিওঁ। বিমলে ক’লে নালাগে ৰ’বা মইয়ে দিওঁ, এইবুলি সি চিকেন ফ্ৰাইদ ৰাইচ একপ্লেট, চিলি চিকেন একপ্লেট আৰু চ্যুপৰ অৰ্ডাৰ দিলে।মধুমিতাই এইয়া তুমি খাবা ন? ৰ’বা এইবাৰ মোৰ কাৰণে অৰ্ডাৰ দিওঁ, এইবুলি মেনুখন বিমলৰ হাতৰ পৰা টানি অনাদি আনিলে। মইও চাইনীজ খাই বৰ ভাল পাওঁ, গতিকে চাইনীজকে অৰ্ডাৰ দিওঁ।এইবুলি তাই প্ৰথমে চিকেন মম’ একপ্লেট, চিকেন চাওমীন একপ্লেট, চিকেন মঞ্চুৰীয়ান একপ্লেট, চিকেন হট গাৰ্লিক চচ অৰ্ডাৰ দিলে। তাৰ পিছত  মেনুখন উৰাই ঘুৰাই আকৌ ৱেইটাৰক  চিজলাৰ এটা, চিকেন পেপাৰ চিলি পিজ্জা এটা, চিকেন চালাড অৰ্ডাৰ দিলে, লগতে থাই কাৰী আৰু থাই ৰাইচ অৰ্ডাৰ দিলে। ৱেইটাৰজনে ক’লে মেম পেকিং কৰিম ন? মধুমিতাই ক’লে পেকিং নহয় খাবলৈ। অ’ শুনা ডিজাৰ্ট দিয়া নাই নহয়? তুমি ডিজাৰ্টত লেমন চিজ কেক, ফ্ৰুট চালাড আৰু আইচক্ৰীম আনিবা ভেনিলা উইথ চকলেট। আৰু পেকিং কৰাৰ কথা কৈছা যেতিয়া ৰাতিৰ কাৰণে নহ’লে মাটন বিৰিয়ানী দুই প্লেট আৰু মাটন কাবাব, শ্বাহী পনীৰ পেকিং কৰি দিবা। ইফালে বিমলে হা কৰি মুখখন মেলি চাই থাকিল। সি মধুমিতাক লাহেকৈ ক’লে মই যে অৰ্ডাৰ দিলো সেইখিনি কি হ’ব? সেইখিনি তুমি খাবা আৰু যদি বেছি হয় মইয়ে খাম দিয়া। মই খাদ্যৰ অপচয় মুঠেও নকৰোঁ। বিমলে আটাইবোৰ খোৱাৰ হিচাপ কৰিলে সি অৰ্ডাৰ দিয়া খিনিৰ বাহিৰে মধুমিতাই অৰ্ডাৰ দিয়া খিনি আঢ়ৈ হাজাৰ টকা হৈছে। বাকী ভেট, চাৰ্ভিচ টেক্স বাদ দি। আইচক্ৰীম,ফ্ৰুট চালাড, চিজ কেকতে আঠশ টকা আৰু পেকিং কৰি লোৱা খিনি এহেজাৰ টকা তাৰ নিজৰ খিনি ছশ টকা। সৰ্বমুঠ পাঁচ হাজাৰ দুশ। তাৰ মূৰতো আচন্দ্ৰাই কৰিব ধৰিলে। চকুৰে ধোঁৱা ধোঁৱা দেখিলে। তুমি খোৱাচোন বুলি সি বাথৰুমলৈ গ’ল। মলয়ক ফোন কৰি দহ মিনিটৰ ভিতৰত আহিবলৈ ক’লে। মলয়ে সুধিলে, কি হ’ল? তোৰতো আজি ডেট আছিল ন তোৰ সপোন কুঁৱৰীৰ লগত? আৰে সপোন কুঁৱৰী নহয় ৰাক্ষসী বুলি ক ৰে। তই মুঠতে সোনকালে আহি যা আৰু মোক বচা দোস্ত। মলয়ে ঠিক আছে মই গৈ আছোঁ। বিমলে আহি দেখে ৰাক্ষসীজনীয়ে চ্যুপ শেষ কৰি এহাতেৰে মম’ত ধৰিছে আৰু আনখনেৰে চাওমীন। তুমি ক’ত গৈছিলা? মই খাবলৈ আৰম্ভ কৰিলোঁৱেই। বিমলে কোনোমতে চ্যুপখিনি খালে কিন্তু মলয় কেতিয়া আহি পাব তাৰ মনত সেইটোহে চিন্তা লাগি থাকিল। এনেতে মলয়ৰ ফোন আহিল। বিমলে ফোনটো ৰিচিভ কৰি মোক লগ ধৰিবি? অঁ ঠিক আছে, মই গৈ আছোঁ। মধুমিতাই সুধিলে কাৰ ফোন? সি ক’লে বাহিৰত মলয় ৰৈ আছে কিবা কথা আছে বোলে। মই সাউতকৈ আহি আছোঁ, তুমি খোৱা। এইবুলি সি ওলায় আহিল আৰু আহোতে সি অৰ্ডাৰ দিয়া খাদ্যখিনিৰ বিল দি আহিল। বিমলে ওলাই আহিয়ে চিধা মলয়ৰ বাইকত বহি দিলে আৰু ক’লে, ব’ল তাৰাতাৰি ৰুমলৈ। মলয় আৰু বিমল যেতিয়া আহি ৰুমত সোমালে তেতিয়া মলয়ে ক’লে, এতিয়া ক কি হ’ল? তোৰ সপোন কুঁৱৰীক তেনেকৈ এৰি থৈ অহাৰ কাৰণ? আৰু তাই কি ভাবিব। এ যি ভাবে ভাবিব। আজিৰপৰা মোৰ সপোন কুঁৱৰী নহয় তাই। মই এতিয়াহে বুজি পালোঁ তাইক দেখিলে আগৰ প্ৰেমীক কেইজনে কিয় পলাই ফাঁট মেলে। মানে? মলয়ে সুধিলে। আৰে ভাই ৰাক্ষসীজনীয়ে যে ৰেষ্টুৰেণ্টখনৰ গোটেই দিনটোৰ বাবে অহা কাষ্টমাৰৰ খাদ্যবোৰ অকলে খাব কোনে জানে?

☆★☆★☆

11 Comments

  • সৌৰভ শৰ্মা

    ভাল লাগিল গল্পটো।

    Reply
  • কুকী কল্পিতা মহন্ত

    হা হা। বঢ়িয়া লাগিল দেই।

    Reply
  • হেমন্ত কাকতি

    বাপৰে! ইমান খালেনে? ধুনীয়া ছোৱালী হৈও ইমান খকুৱা৷ পিচলৈ ছাগে বৌম পেটলী হব৷

    হাঃ হাঃ মজা লাগিল ডলী

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা,হাঁহি মৰিছো।

    Reply
  • কমলা দাস

    বাপ্পাঐ ৰাক্ষসী নেকি ও

    Reply
  • কাবেৰী মহন্ত

    সেইটো পেট নে ডাস্টবিন ? এইজনীৰ প্ৰথম প্ৰেম নহব আৰু দেই !

    Reply
  • জয়ন্ত দাস

    বাঃ বৰ মজা লাগিল৷

    Reply
  • ফটিক বৰা

    কৃষ্ণ কৃষ্ণ ।

    Reply
  • জাহ্নৱী

    ? বাপৰে৷ ৰাক্ষসী প্ৰেয়সীৰ সকলোবোৰ প্ৰথম প্ৰেমেই৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *