ফটাঢোল

গোলচক্কৰ – বি.এন ৰূপম

চাওক কাকতি, আপোনাক এনেই ইয়াত ঘোঁৰা ঘাঁহ কাটিবলৈ মেনেজাৰ পাতি বহাই থোৱা নাই৷ এই সমান্য সৰু কাম এটা কৰাৰ ঔকাদ নাই! আজি মোক by hook or by crook গোটেই ৰিপোৰ্ট লাগিবই৷

অফিচৰ MDৰ ৰুমৰ পৰা ডাঙৰ ডাঙৰকৈ শব্দবোৰ-ধমকিবোৰ আহি আছে৷ MD আহিয়ে মেনেজাৰক মাতি নি পাঠ পঢ়াই আছে৷ গোটেই ষ্টাফ কেইজনে ভয়তে পেপুৱা লাগিছে৷ MDৰ ড্ৰাইভাৰজনক সুধিলে ৰাতিপুৱাই ৰাতিপুৱাই চাৰৰ ইমান খং যে কিয়? তেওঁ ক’লে যে কাম কৰা তিৰোতাজনী অহা নাই সেয়ে বাইদেউৱে গালি দি দি চাৰৰ হাতেৰে বাচন ধোৱালে, তাৰেই খং মেনোজাৰৰ ওপৰত জাৰিলে৷

MDৰ ৰুমৰ পৰা মেনেজাৰ কাকতিয়ে ওলাই আহি গোটেই ষ্টাফলৈ চাই ক’লে,

: এনে অলগদ্ধ, কামচোৰ ষ্টাফৰ পাল্লাত পৰি মইহে কথা শুনিব লাগে গালি খাব লাগে৷ আজি সন্ধিয়াৰ ভিতৰত মোক গোটেই ৰিপোৰ্ট লাগিব৷ কোনে কি কেনেকে কৰা নাজানো৷ মোক লাগিব বুলি কৈছোঁ লাগিবই৷

মেনেজাৰৰ কথাষাৰ কোৱাৰ পিছতে অফিচটোত যুদ্ধকালিন অৱস্থা ঘোষণা হোৱাৰ দৰে হ’ল৷ খোৱা-বোৱা-ম’বাইল টিপা পাহৰি সকলোৱে কাম কৰাত লাগি গ’ল৷ ফাইল বিচৰা, ডকুমেণ্টচ ভেৰিফাই কৰা, কম্পিউটাৰত এণ্ট্ৰিত ব্যস্ত হৈ পৰা কৰ্মচাৰী কেইজনক দেখি এনে লাগিছে যেন এয়া অফিচ নহয় যুদ্ধক্ষেত্ৰ! মেনেজাৰৰ সময় সীমা ৬ বজাৰ আগে আগে সকলোৱে ৰিপোৰ্টচবোৰ চমজালে৷ ৰক্ষা৷

দিনটো ইমান কাম কৰি, একেবহাই কম্পিউটাৰ টিপি টিপি ডিঙি-কঁকালৰ বিষ উঠাত কৰ্মচাৰী ডেকাই অফিচৰ পৰা ওলাই ভাগৰ মাৰোঁ বুলি ওচৰৰ চেলুনখনত সোমাল৷

চেলুনৰ কাঠৰ চকীখনত ডেকাই গাটো এৰি নাপিত লালান ভাইক বনফুল তেলেৰে মাথা মালিচ আৰু গা পিটিকি দিবলৈ ক’লে৷ দিনটোৰ কষ্ট-অৱসাদ-ভাগৰ-প্ৰেচাৰ সকলো দূৰ হৈ যাওক লালান ভাইয়াৰ হাতৰ যাদুত… বনফুলৰ তেলৰ সুগন্ধত৷

গা মালিচ লৈ উঠি গোটেই অৱসাদ জুৰ পেলাই ডেকাই লালন ভাইয়াক সুধিলে,

: আচ্চা ভাইয়া, মোৰ ভাগৰ জুৰাবলৈ আপোনাৰ পৰা মালিচ ল’লোঁ আৰু আপোনাৰ দিনটোৰ ভাগৰ জুৰাবৰ বাবে কি কৰে?

: ইহ কি কহিব চাহাব! হামাৰ টো জিন্দেগী ভৰ ভাগৰ নুগুচে৷ ফিৰভি ৰুম পহুচাই আপনা মাইকীক মালিচ দিবো কহি দিউ৷ ইতিনা দিন টো ঠিক-ঠাকেই দি আছিল, কালি ৰাতি না কহি দিলে! তাই ভি দিনটো কাম কৰিবহ যায় না আপোনাৰ অফিচৰ মালিকৰ ঘৰ মে, ৱহাপে কাম বহুত বোলে! কামৰ পৰা ঘূৰি তাই খুব ভাগৰি আছে, ৱহি লিয়ে মোক মালিচ না দিব ক’লে৷ চাল্লা মালিচ নিদিব মোক, দুই-চাৰটা লাগাই আজিৰ পৰা কাম যোৱা বন্ধ কৰি দিছোঁ মই৷

ডেকাৰ চকুৰ আগত মালিকনী মেডাম, Boss চাৰ, মেনেজাৰ কাকতি চাৰ, দিনটোৰ কামবোৰ, লালান ভাইয়া আৰু ভাইয়াৰ ভাবি চকুত ভাঁহি উঠিল…… গোলচক্কৰ………

☆★☆★☆

One comment

  • Anurup Mahanta

    হাঃ হাঃ, লালন ভায়েই মেইন?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *