ফটাঢোল

আপদীয়া পদ্য – কবি: জীতুল কুমাৰ (সংগ্ৰহ : ভাস্কৰ বৰডেকা)

বৰলা সকলৰ বাবে !

বয়ফ্ৰেণ্ড নথকা গাভৰু দেখিছানে?

বয়ফ্ৰেণ্ড নথকা গাভৰু দেখিছানে?
দেখা নাই নিশ্চয়….
ময়ো দেখা নাই!

ফুলনিৰ বাগিচা বাৰেবৰণীয়া ফুলেৰে জাতিষ্কাৰ হৈ থাকে,
এনে ফুলৰ মৌ চুহিবলৈ ভোমাৰাৰ আগমন ঘটিবই!

এই বসুন্ধৰাত অসংখ্য গাভৰু দেখিবলৈ পাওঁ,
কিন্তু বয়ফ্ৰেণ্ডহীন গাভৰু দুৰ্লভ৷

আমি ছিংগল গাভৰু বিচাৰি আবেদন কৰিছোহে কৰিছো…
এজনীও কিন্তু পাবলৈ নাই!

কি যে হ’ব আমাৰ দৰে জি.এফ. নথকা যুৱকবোৰৰ!
এজনী গোটাবলৈ অক্ষম আমি,
আনে নিজৰজনীৰ লগত বিনোদন কৰা দৃশ্য
উপভোগ কৰিয়েই হা-হুমুনিয়াহ কাঢ়িছোঁ৷

বয়ফ্ৰেণ্ডহীন গাভৰু বিচাৰি বিচাৰি
শেষত চিৰকুমাৰ বৰলা হৈয়ে থাকিম নেকি…
তাকে ভাবি দিনে-নিশাই মূৰৰ কামোৰণি উঠে৷

তেনেস্থলত
আকৌ এজন যুৱকে দুই-তিনিজনী জিএফ গোটোৱা দেখিলে
আমাৰ মাথা ঘূৰুৱাটোৱেই স্বাভাৱিক!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *