লটিঘটি–মিতালী চহৰীয়া
কলিং বেলটো বজাৰ লগে লগে আমি চাৰিওজনে নিশ্চিত হৈ গ’লোঁ যে আমি যিটো ভয় কৰি আছিলোঁ সেইটোৱেই হ’ল। এতিয়া আমাৰ প্ৰথম কাম হৈছে চাৰিওজনৰ পৰা দুজন হোৱা। ক’ত লুকাম! দুটা বাথৰুম আছে। নাই নাই যদি খুলি চাই, ধৰা পৰি যাম৷ বিছনাৰ তলতো নোৱাৰি এজনীয়া বিছনা ৰুমত সোমোৱাৰ লগে লগে দেখিব। শেষত টিভিত দেখুওৱাৰ দৰে দুৱাৰৰ আঁৰত উপস্থিতি থাকিব নলগীয়া দুজন লুকাল। এজন পাকঘৰৰ ৰুমৰ, এজন থকা ৰুমৰ। ঠিক চিনেমাৰ দৰেই এটি দৃশ্য হৈছিল সেইদিনা।
দুবছৰ আগৰ মাৰ্চ মাহৰ আগৰ লটিঘটিৰ ঘটনা এইটো। মাৰ্চ এনডিংৰ আগতেই চৰকাৰী অফিচৰ সকলো বাজেটৰ কাম শেষ কৰিব লাগে। বছৰটো শুই থাকিলেও কথা নাই, জানুৱাৰীৰ পৰা ওপৰা ওপৰিকৈ আজি এটা, কালি এটাকৈ সকলোবোৰ চৰকাৰী ট্ৰেইনিং আৰম্ভ কৰি মাৰ্চ মাহৰ আগত শেষ কৰে। ঠিক তেনেকুৱা দুদিনীয়া ট্ৰেইনিং এটা কৰিবলৈ গ’লোঁ। প্ৰথম দিনাই ট্ৰেইনিং শেষ কৰি লগৰজনীক ক’লোঁঁ, যিহেতু কাইলৈও আছে গতিকে তোৰ নাইট ডিউটি বা অসুবিধা নাই যদি মই তোৰ কোৱাটাৰত থাকি যাওঁ। অৰ্থাৎ, ইয়াৰ অৰ্থ বহুত দিন লগো হোৱা নাই খানা এটাও খাওঁ। থাকিম বুলি কওঁতেই লগৰজনীয়ে ক’লে বঢ়িয়া হ’ব, আৰু মই ঘৰলৈ নাযাওঁ, লক্ষণাও আছে, মিণ্টু ( নলে গলে লগা মৰমৰ ভাইটি, তাৰ অবিহনে এটাও খানা নাখাওঁ। খানাৰ আছুতীয়া সম্পদবিধো তাৰ হতুৱাই আনো।) আহিব। প্ৰথম দিনাৰ ট্ৰেইনিং শেষ হোৱাৰ পিছত তাইৰ কোৱাটাৰ পালোঁগৈ। সিহঁত দুজনী মৰ্নিং ডিউটি কৰি আহি ৰেষ্ট লৈ আছিল। গৈ পোৱাৰ লগে লগে লগৰজনীয়ে ক’লে…
: ঐ মিতা, তই কিন্তু আজি তেজপুৰৰ আলহী দেই। ভনীয়েৰৰ বিয়াত মাতিবলৈ মোৰ তাত আহিছা।
মই আচৰিত,
: কিন্তু কিয়?
এইটো সঁচা মই ভণ্টিৰ বিয়াত মাতিবলৈও গৈছিলোঁ।
: তই মোৰ ইয়ালৈ আহিম কোৱাৰ পিছতেই মেট্ৰনে ফোন কৰিলে মই আকৌ নাইট ডিউটি কৰিব লাগে। লক্ষণা ঘৰলৈ গুচি গ’ল ক’লোঁ। কিন্তু তই তেজপুৰৰ পৰা আহিছা গতিকে মই তোক এৰি যাব নোৱাৰোঁ। আৰে, তই চাচোন দুবাৰকৈ ডিউটি কৰিব পাৰি নেকি, আৰু কাকো নাপালেই নে। এটা কথা কি জানা, জুনিয়ৰ হোৱাই মৰণ।
: তই ফাঁকি দিব নালাগিছিল নেকি! মই ঘৰলৈ গুচি গ’লোহেঁতেন।
: হ’ব আৰু দে লগ হ’বলৈ নাপাৱেই আমি। যি হয় হৈ থাকিব। বল এতিয়া বজাৰ যাওঁ।
গধুলি বজাৰলৈ গৈ খানাৰ কাৰণে বজাৰ কৰি আনিলোঁ। খানা বনোৱাৰ আগতে খুব আড্ডা। আড্ডা দিবলৈ যথা সময়ত ভাইটি মিণ্টু আহি পালে, আছুতীয়া সম্পদবিধ সেইদিনা নালাগে কৈছিলোঁ। লেকচাৰ দি দি চাৰিজন মানুহৰ খানাৰ জোগাৰ কৰি আছিলোঁ। আদা, নহৰু আলু বাকলি গুচাই। ঠিক সেইখিনি সময়তেই কলিং বেল বাজিল। লগৰজনীয়ে ক’লে আন কোনো নহয় মেট্ৰন বাইদেউ হ’ব মিণ্টু আৰু লক্ষণা লুকুৱা সোনকালে। ৰুমটোৰ কিচ্চেনৰ সন্মুখৰখিনি ডাইনিং হলৰ দৰে, এখন ভাত খোৱা টেবুল আছিল, তাত বহিলে দুয়োটা ৰুম কিচ্চেনৰ ভিতৰ ধুনীয়াকৈ দেখা পায়। পাকঘৰৰ দুৱাৰৰ পিছফালে লক্ষণা আৰু ৰুমৰ দুৱাৰৰ পিছফালে মিণ্টু। মই ৰুমৰ ভিতৰৰ বিছনাত। ভয় লাগিছে, ফাঁকি কেনেকৈ দিম। কাৰণ মোক চিনি পায় তেওঁ।
লগৰজনীয়ে দুৱাৰ খুলি দেখিলে মেট্ৰন বাইদেউ টৰ্চ লৈ জীয়েকৰ লগত। সোমায়েই লগৰজনীক ক’বলৈ ধৰিলে…
: তুমি আজিৰ ডিউটিটো যিকোনো প্ৰকাৰে সহায় কৰি দিয়া মোক। মই কাকো নাপালোঁ।
: বাইদেউ আপুনি বহকচোন আগতে। কিন্তু বাইদেউ মোৰ লগৰজনী অকলে কেনেকৈ থাকিব।
: লগৰজনীক মাতচোন। কোন আহিছে তেজপুৰৰ পৰা।
মই ওলাই আহিলোঁ। দেখাৰ লগে লগে চিনি পালে তেওঁ। মই সচাঁখিনি কৈ পেলালোঁ যে ট্ৰেইনিং আছিলে, বিয়াৰ বজাৰো আছিলে, বিয়ালৈ নিমন্ত্ৰণ দিবলৈ আহিছিলোঁ। একো কোৱা নাছিল তেওঁ, মাথো ছোৱালীজনীয়ে পিৰিক পাৰাক কৈ ইফালে সিফালে চাই আছিল। কিবা হয়তো গম পাইছিল কাৰণ মিণ্টুৰ ফোনটো দুৱাৰৰ এবাৰ মাজতে ৰিং হৈছিল।
: ঠিকেই আছে বাৰু, মই ইভিনিং ডিউটি কৰি অহা ৰাণুক মাতি দিওঁ তুমি তাইৰ লগত ভাত বনোৱা আৰু দুয়ো একেলগে থাকিবা, বুলি কৈ ৰাণুক মাতি আনিলেই।
মোৰ লগত কথা পাতি থাকোঁতেই লগৰজনীয়ে ভালৰি লগাবলৈ বাইদেউ চাহ বনাইছোঁ বুলি কৈ মাক জীয়েকক চাহ আনি দিলেই। চাহ খাই লগৰজনীক ডিউটিলৈ সোনকালে আহিবলৈ কৈ গুচি গ’ল। উফ্…. ৰক্ষা, লগে লগে দুৱাৰৰ পিছৰ পৰা দুয়োজন ওলাল। ধৰা যে নপৰিলোঁ। ৰাণু আচৰিত হ’ল। অকল দালি ভাত খাই দ্বীপ ডিউটিলৈ ওলাই গ’ল। আমিও ভাত বনাই খাই শুই থাকিলোঁ। কিন্তু সেই দিনটোৰ লটিঘটিৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ।
☆★☆★☆