পঞ্চপদী – হেমেন ডেকা
১
জীৱনটো নাটকৰ অন্য নাম
মায়াৱী শব্দেৰে মুখৰিত ধাম
মনত জ্বলন্ত আশা
মুখত দুৰন্ত ভাষা
শেষত কিন্তু যমপুৰীহে পাম৷
২
খোজত তলবল শুৱনি ধৰা
ৰঙীন নিচাত তিৰবিৰ তৰা
ৰসত ডুবে প্ৰাণ
নিষ্ফল অভিযান
যমে বোলে- ঐ আওমৰণে মৰা৷
৩
একাংশক কৰে চিৰদিন তোষণ
এচামে আকৌ খাই থাকে ৰাম-ঠগন
এয়াই হ’ল ভোটৰ অংক
একেবাৰে দ’ত ভূতাতংক
এনেই শুনো সমধিকাৰৰ ভাষণ৷
৪
আমাৰ সভাৰ বিশিষ্ট অতিথি হওক
এহেজাৰ দি গামোচা-সম্বৰ্ধনা লওক
পাঁচশ দিলেও বাৰু হ’ব
সমাজকৰ্মী উপাধি পাব
নিৰ্দিষ্ট বক্তা হৈ মাত্ৰ আমাৰ যশ গাওক।
৫
মহন্তৰ হেনো পেটলৈ নোযোৱা হৈছে ভাত
মন্ত্ৰমুগ্ধ হ’ল শুনি কুলি চৰাইৰ মাত
মন উৰিল যেন কমোৱা তুলা
সপোনতো দেখে আনন্দৰ মেলা
ফাগুনৰ কবিতা লিখি ভৰালে দিস্তা পাত৷
৬
অৰঙে-দৰঙে মাজে মাজে থাকে তেওঁ ঘূৰি
সপোন-পৰীক বাস্তৱত নাপালে বিচাৰি
কিমান দিন খেপ দিওঁতে গ’ল
ভবা কথাবোৰহে সিদ্ধি নহ’ল
সেয়ে দুখতে বোপাই ৰাখিলে দীঘল দাঁড়ি!
৭
বৰ কষ্টকৰ কাম, কাজেই নকৰে খেতি-বাতি
বেপাৰ কৰিবলৈও ইচ্ছা নাই, জ্বলে যদি লালবাতি!
বহু চেষ্টাতো ফলাফল শূন্য
বাটে-ঘাটে নাম পালে অকৰ্মণ্য
বাপ্পেকে এইবাৰ সন্থাকে খুলি হ’ব সভাপতি৷
৮
মুখখনৰ যহতে সাৰ্থক সামাজিক জীৱন
মেল-মিটিঙত দিয়ে আবেগত উতলা ভাষণ
মানুহৰ উন্নতিৰ কথা কয়
মহাশূন্যত গদা ঘূৰাই যায়
মক্কেল-স্তাৱকৰ কৃপাত নামাতিও জিনে ৰণ ৷
☆★☆★☆
12:03 am
আটাইকেইটা ভাল লাগিল।
1:15 pm
সুন্দৰ
7:39 pm
ডেকা দা মজা হৈছে