ফটাঢোল

ইলেকচন ইলেকচন – কুন্তলা দত্ত

মোৰ দেখোন কবিতা এটাকে লিখোঁ লিখোঁ লাগি গ’ল হে…
বোলো ইলেকচন ইলেকচন
মানুহৰ কি চাবা ৰিয়েকছন
কামবন কাতি কৰি
ভাওনাৰ দিয়ে চং
বাপতি সাহোন বিহুটিও
আহিল ঝুমুৰনৃত্য কৰি
উৰুলিপুঙা অসমীয়াক
লাগে আৰু কি ছেলিব্ৰেছন?
টিঙিৰি তুলা ডেকাৰ মুখত
ফুটে আখৈ-ফটকা- ব’ম
দাদাগিৰি গুণ্ডাগিৰি
চান্দাগিৰি ধান্দাগিৰি
কিমানযে চেনছেছন!
নাকৰ বাৰান্দা কাৰোবাৰ
ঘোচা ভুকুত উৰে
কিছুমানে আকৌ ভাবুকিতে
ধৰফৰাই মৰে
বুকুৰ ধপধপনিত
হাচপতালত এডমিছন
সমৰ্থকৰ অতপালি
য’তে ত’তে ধৰে ম’ৰাছালি
কেমেৰা লোৱা ডেকাহঁতে
পাৰি ফুৰে টকচালি
সিহঁতক লাগে মাথো
টিআৰপিৰ কালেকশ্বন
ৰঙালী ঐ বিহুটি
আহিল ঢোলে দগৰে
কাতি বিহুতো আজিকালি
হ’ল বিহুমৰা ফেশ্বন
তাতেই আকৌ লেটিপেটি
বিহু আৰু ইলেকচন
কিযে মহা কানেকছন!
কোৱাৰ্টাৰ দি ভোটাৰক নচুৱায়
গলে যাওক দে অলপ অচৰপ
ৰাইজৰ পৰাহে বোটলা ধন
পিলেইনত উঠি ঘূৰি ফুৰিম
জিকিলেই গুচি যাব
যতচব টেনশ্যন
পাঁচ বছৰৰ মূৰে মূৰে
আহে মৰমৰ ইলেকচন
পদূলিত থিয় বৰ মানুহ
হাতযোৰকৈ ভোট মাগে
আশাত বন্দী জনতাৰ
উথলি উঠে ইম’শ্বন
ভোটাৰ আৰু কেণ্ডিডেটৰ
কিযে মৰমসনা ৰিলেশ্যন
অ’ ইলেকচন ইলেকচন
আমি যে ইমান পাৱাৰফুল
নিদিমনো কিয় ৰিয়েকছন৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *