যমপুৰীত বিবাহিত পুৰুষ – সৌৰভ শৰ্মা
দুৰ্বাদল কাজিয়াৰ পিছত পত্নীয়ে পতিক বিষ খুৱাই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে। চুচাইড কেছ, আৰু বিষ দি হত্যা গতিকে অপঘাটে মৃত্যু হোৱা বাবে দুয়ো চিধা নৰক পালে।
যমৰাজে প্ৰশ্ন কৰিলে কাজিয়া কিয় কৰিছিলি। প্ৰশ্ন শুনিয়েই পত্নী গৰাকীয়ে উত্তৰ দিলে নাজানো এইদালে সদায় কিয় যুঁজি মৰিছিল মোৰ লগত। সহ্যৰ বান্ধ চিঙি গ’ল। সেয়ে তাক মাৰি উঠি নিজেও মৰিলোঁ।
যম–ঃ কথাটো সুধি শেষ নহ’লেই, একেবাৰে পেক পেকনি আৰম্ভ কৰিলিযে। মনে মনে থাক। এইদৰে ধমক দি মতাটোক কাজিয়াৰ কাৰণ সুধিলে।
( সি মুখ মেলিছিলহে মাত্ৰ, তাই টপককৈ ক’লে মিছা কথা নক’বি কিন্তু। ক’লে তোক চাই ল’ম)। যমে আকৌ ধমক দিলে তোক মনে মনে থাকিবলৈ কৈছোঁনে! পুনৰ মতাটোক ক’বলৈ ক’লে।
মতা–ঃ যমৰাজ তাই….. (ঐ, কাক তাই বুলি কৈছ। মোৰ পত্নী বুলি ক)। যমৰাজে পুনৰ ধমকি দি তাক ক’বলৈ দিলে।
মতা–ঃ প্ৰভূ মোৰ পত্নীয়ে (ঐ, কি মোৰ পত্নী, প্ৰয়াত পত্নী বুলি ক’বি)।
যমৰাজ–ঃ (টেকেলা কেইটাক উদ্দেশ্য কৰি) ঐ ইয়াক বেছেৰাক সৰগত লৈ যা। আৰু এইজনীক জিভাত শূল লগাই গৰম তেলত দে।
(ঐ কুকুৰ যম সম্পূৰ্ণ কথা নুশুনাকৈ শাস্তি দিলি যে? এইদৰে মতা জনে চিঞৰি উঠিল)। যমৰাজসহ সকলো হতবাক। তথাপি যমে তাৰ সেই ব্যৱহাৰৰ কাৰণ সুধিলে।
মতা–ঃ মোৰ কথা নুশুনাকৈ তাইক যি শাস্তি দিছে, শুনা হ’লে এই শাস্তি তাইক সাত জনমলৈ দিলে হয়। কাৰণ বিয়াৰ পিছত সাত বছৰে মই ঘৰত কথা কৈ নাপালোঁ ।
☆★☆★☆
2:09 pm
মজা
2:27 pm
হাঁ হাঁ৷মজ্জা
3:17 pm
বঢ়িয়া ৷
3:38 pm
হে:হে:
7:44 pm
সুন্দৰ ৷