ফটাঢোল

ফটা প্ৰেম – মাধুৰীমা ঘৰফলিয়া

ফাগুনৰ বতাহজাকে যেতিয়াই তেতিয়াই মন ৰিঙা ৰিঙা কৰিব পৰা বয়স সেয়া। প্ৰেম বুলিলে ভাললগাৰ পৰা ভালপোৱা হোৱাই নাছিল। হ’বই বা কেনেকৈ, কোনোবা এজনক ভাললগাৰ পাছত, এটা দুটা প্ৰেমৰ বাৰ্তা আদান প্ৰদান হোৱাৰ পাছতে আনকোনোবা এজনক তাতোতকৈ বেছি ভাল লাগি যায়! লগা লগ আগৰজনৰ সৈতে ভালপোৱা-ভাললগাৰ কথা বন্ধ কৰি সিজনৰ সৈতে আদান প্ৰদান চলে! লাগিলে বহুজনৰ সৈতে সেয়া একপক্ষীয় হৈ থাকক! আমাৰ সেই সময়ৰ পৰা নীতি আছিল আমাৰ ভাল লাগিছে যেতিয়া সমুখৰজনৰ আমাক ভাল লাগক বা নালাগক তাত কি আহে যায়। আমি ভালপাই থাকিলেই হ’ল!

এই কাহিনীটোৰ নায়কজনৰো তেনেকৈয়ে কোনোবা এজনক আঁতৰাই আগমন ঘটিছিল। আমি কেইবাজনী ছোৱালীয়ে ভাৰা কৰি থকা ৰুমটোৰ কাষৰ ঘৰলৈ নায়কৰ আহ যাহ আছিল। এদিন দেখিলোঁ, সেইসময়ত মোৰ পঢ়া টেবুলৰ সমুখত অজয় দেৱগণৰ পোষ্টাৰ লগাই ৰাখিছিলোঁ। নায়কৰ চকুযোৰ একদম অজয় দেৱগণৰ দৰে। ভাললগা চকুৰ প্ৰতি মোৰ ভয়ংকৰ দুৰ্বলতা আছে। গতিকে প্ৰেমত পৰিবলৈ বেছি সময় নালাগিলেই। তাৰপাছত বিৰহ আৰম্ভ হ’ল। নায়কক কেনেকৈ কথাবোৰ জনোৱা হয়! ৰুমমেটকেইজনীৰ আগত দুদিনমান সীতাৰ দৰেই বিলাপ কৰিলোঁ। সিহঁতৰো মোৰ ট্ৰেজেডী দেখি দেখি আমনি লাগিছিলেই তেনেতে ভগৱানৰ গোটেইকেইজনীৰ ওপৰত দয়া উপজিল চাগে। এদিন ওলাই যাওঁতে বাটতে নায়কক লগ পালোঁ। সিও আমাৰ লগে লগে কথা পাতি খোজ কাঢ়ি আহি থাকিল। মই চিনিয়ৰ বা গৰাকীক ইংগিত দিলোঁ তাক কথাটো কওক। বায়ে মোৰ কথা শুনি তাক আমাৰ পৰা দুখোজ মান আগুৱাই লৈ গ’ল। বায়ে তাৰ লগত কথা পাতি গৈ আছে এইফালে পাছে পাছে যোৱা আমাৰ কিজনীৰ কৌতুহলত অৱস্থা বেয়া। এপাকত দেখিলোঁ বায়ে হাতখন পিঠিৰ ফালে দি কিবা এটা ইংগিত দি আছে। কেইবাৰো ইংগিত দিয়াৰ পাছত বুজি পালোঁ নায়কে ইয়েছ কৈছে। লগত থকা জুনিয়ৰকেইজনীও সুখত জঁপিয়াই উঠিল (সিহঁতে চাগে ভাবিছিল ৰক্ষা চেনতিবোৰ শুনিবলৈ নাপাওঁ)

আমাৰ ৰুম পোৱাৰ আগত নায়কে আমাৰ পৰা বিদায় ল’লে। মোলৈ চাই ধুনীয়াকৈ হাঁহি এটাও মাৰিলে। আমি গৈ চিনিয়ৰ বাজনীক সাৱটি ধৰিলোঁ। বায়ে ক’লে মোৰ হৈ কেৱল প্ৰপজ কৰাই নহয় এদিন চিনেমা চাবলৈও লগ ধৰি আহিল! মই বোলো এনেকুৱা বায়েক সকলো ভনীয়েকে পাওঁক। মুঠতে বিৰাট ফূৰ্তি।

নিৰ্দিষ্ট দিনটো আহিল। গোটেইকেইজনী লচপচকৈ চিনেমা চাবলৈ ওলালোঁ। নায়কে হলৰ কাষতে ৰৈ থাকিবলৈ কৈছিল। তালৈ ৰৈ আছোঁ আনে চিনেমা শেষ কৰি ওলাই আহিল তথাপি সি নাহিল। খঙে দুখে গোটেইকেইজনী উভতি আহিলোঁ। নিজকে সান্তনা দিবলৈ গোটেইকেইজনীয়ে পাতি আহিছিলোঁ কিজানি সি কিবা এৰাব নোৱাৰা কামত ব্যস্ত হৈ গ’ল। লগ পালেই সুধিম আমুক তামুক….

ৰাতি ভাত খাই উঠিছোঁ কাষৰ ঘৰৰ খুৰী আহি ক’লে, আমাৰ ঘৰলৈ যে আহে আমুক(নায়ক) সি কালি ৰাতি ছোৱালী পলুৱাই আনিলে জানা। বহুদিনৰ পৰা ভালপাই আছিল বোলে!

গাত বজ্ৰপাত পৰা হ’লেও আমি ইমান চক নাখালোঁহেঁতেন, যিমান খুৰীৰ কথা শুনি খালোঁ।

প্ৰায় পোন্ধৰদিনীয়া মানৰ সেই প্ৰেম সেই চকটোৰ পাছতেই শেষ হৈছিল। কিন্তু কাহিনী এতিয়াও শেষ হোৱা নাই….

তাৰ ঠিক পাঁচবছৰমানৰ পাছত হঠাতে নায়কৰ সৈতে সাক্ষাৎ হ’ল। তেতিয়ালৈকে আচলজনক কথা দিছিলোঁ আৰু আন কাৰোবাক ভাল লাগিলেও ভালপাব নোৱাৰোঁ বুলি খাটাং হৈছিলোঁ। নায়কক দেখি সহজ ভাৱেই মাত লগালোঁ। তেওঁ চাহ একাপ খোৱাৰ প্ৰস্তাৱ দিলে। দুয়ো ৰেষ্টুৰেণ্ট এখনত বহিলোঁগৈ। গেছৰ প্ৰৱলেমে বৰ বেছিকৈ আমনি কৰি থকাৰ বাবে মই চাহ নাখাওঁ বুলি কৈছিলোঁ। গতিকে তেওঁ মোৰ বাবে কল্ডড্ৰিংকছ এটা অৰ্ডাৰ দিলে। কল্ডড্ৰিংকছত দুঢোকমান মাৰোঁতেই তেওঁ ক’লে, তুমি চাগে মোক বেয়া পাই আছা ন…

তেওঁ কথাষাৰ শেষ ন হওঁতেই মোৰ উগাৰ এটা আহিল। কল্ড ড্ৰিংকছ খোৱাৰ পাছত অহা উগাৰ! সমুখত নায়ক! কেনেকৈ উগাৰটো মাৰোঁ! কোনোমতে হজম কৰিলোঁ কিন্তু চকুপানী ওলাই গ’ল। চকুপানীখিনি মোহাৰি নায়কলৈ চালোঁ সি বৰ ধুনীয়াকৈ মোৰ চলচলীয়া চকুযোৰ চাই আছিল। মই লগালগ বুজি পালোঁ কণা বিধাতাৰ কৃপাত যিটো ক্ষণত উগাৰটো হজম কৰিলোঁ সেইসময়ত মোৰ চকুপানী দেখি সি তাৰ বিৰহতে ওলালে বুলি ভাবি ল’লে!

প্ৰেমৰ প্ৰস্তাৱ এটা না কৰিলেও ইমান দুখ আৰু লাজ নালাগে যিমান দুদিনীয়া নায়ক এজনে তেওঁৰ বিৰহত আছোঁ বুলি ভাবিলে লাগে! এইটো দুখ সদায়ে থাকি যাব!

আৰু…
ভাললগা নহৈ যদি ভালপোৱাৰ কথা লিখিলোঁহেঁতেন…
ভালপোৱাত নৈতিক/অনৈতিক, বৈধ/অবৈধ, হৰা, জিকা একোৱেই নাথাকে। ভালপোৱাত কেৱল ভালপোৱা থাকে। আৰু ভালপোৱাত কেৱল ভালপোৱা থাকে বাবেই আমৃত্যু ই বুকুৰ মাজত ৰৈ যায়।

☆★☆★☆

One comment

  • মানসী বৰা

    পঢ়িলো মাধুৰীমা..ভাল লাগিল..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *