ফটাঢোল

জলফাই আৰু মোৰ ফটাপ্ৰেম – পাপৰি হাজৰিকা

তেতিয়া মই ক্লাচ এইট নে নাইনত আছিলো, সঠিককৈ মনত নাই। মুঠতে যিটো বয়সত সাধাৰণতে ল’ৰা ছোৱালীবোৰ অলপ চঞ্চল হয়, সেই সময়ৰ কথা৷ সেই সময়ত সকলোৱে নিজকে সজাই পৰাই ভাল পায়৷ মইও তেনেকুৱাই আছিলো যদিও সেই সময়ত অলপ লাজকুৰীয়া আছিলো৷ তেতিয়া আমি দহটামান ল’ৰা ছোৱালীৰ গ্ৰুপ এটাই ওচৰৰে চাৰ এজনৰ ওচৰত অংক আৰু বিজ্ঞান বিষয়ৰ টিউচন কৰিছিলো৷ যদিও ল’ৰা ছোৱালীয়ে একেলগে টিউচন কৰিছিলো, আমি কিন্তু সকলো বেলেগ বেলেগ স্কুলৰ আছিলো৷

যিকি নহওক টিউচন কৰি থাকোতেই হেনো লগৰে এটাই মোক ভাল পাইছিল, মই আকৌ ইফালে গমেই নাপাওঁ৷ এদিন আমাৰ লগৰে আন এটাই মোক ক’লেহি বোলে, ‘পাপৰি অমুকে তোমাক ভাল পায়। তুমি কি কোৱা উত্তৰটো মোকে কৈ পঠাবলৈ কৈছে৷’ মই বোলো হায় ভগৱান! মোক ভাল পাই অথচ নিজে আহি ক’বলৈ সাহসো নাই৷ ইফালে মোৰ বুকু দুৰু দুৰুকৈ কঁপিছে, কাৰণ এইবোৰ কথা কেনেবাকৈ ঘৰত গম পালে মোৰ অৱস্থা কি হ’ব! কাৰণ আমাৰ তিনিওটা ল’ৰা ছোৱালীয়ে মালৈ বৰ ভয় কৰিছিলো৷ গতিকে মায়ে গম পালে নিস্তাৰ নাই৷ ইফালে মনতে ভালো লাগিছে যে, হওক তেওঁ, মোকো তেতিয়া হ’লে কোনোবাই ভাল পায়, কাৰণ সেই সময়ত মোৰ লগৰ বাকী সকলো ছোৱালীৰে বয়ফ্ৰেণ্ড আছিল, মোৰহে নাছিল কোনো৷

ইফালে ল’ৰাটোও ইমান বেয়া নহয়, ঠাণ্ডা ল’ৰা! সেয়ে তাক ভালপোৱাত আপত্তি নাই, কেৱল নিজে নুসুধি আনৰ আগত সুধি পঠোৱাৰ কাৰণেহে বেয়া পাইছিলো। ইপিনে কিবা উত্তৰ দিবলৈ মাৰ ভয় আছেই। হয়ো ক’ব নোৱাৰো নহয়ো ক’ব পৰা নাই ৷

বাৰু যি কি নহওক তাকতো আৰু মাৰ কথা ক’ব নোৱাৰো। “আখিৰ ইজ্জত কা চাৱাল হে”, সেয়েহে ক’লো যে তাৰ মোক নিজে আহি ক’বলৈকে সাহস নাই, লোকৰ আগত সুধিছে! কৈ দিবি সাহস আছে যদি নিজে আহি সোধক, তেতিয়াহে উত্তৰ দিম৷

লগৰটোৱে ক’লেগৈ হ’বলা তাক। ইফালে মহাশয়ৰো ইজ্জতত লাগিল মোৰ কথাষাৰ শুনি। সেয়ে পিছদিনা ক্লাচৰপৰা ঘূৰি যাওঁতে দেখিলো তেখেতে মোলৈ টিউচন খতি কৰি ৰাষ্টাত ৰৈ আছে৷

মই গৈ তাৰ ওচৰ পাওঁতেই মোক মাতি কৈছে, “তোমাৰ লগত কথা এটা আছিল”। ইফালে তাক দেখি মোৰ ভয়ত তত নাই! লগৰজনীৰ হাতত ইমান জোৰকৈ টেপা মাৰি ধৰি আছোঁ যে তাই দুখ পাই চটফটাই আছে তথাপি এৰা নাই মই৷

মই বোলো ৰহ দুখ পাই নমৰ নহয়৷ যিকি নহওক ভযে ভয়ে ৰ’লো আৰু তাৰ পিছত দেখিছোঁ তেখেতে জেপৰপৰা জলফাই দুটা উলিয়াই তাৰে এটা মোৰ ফালে আগবঢ়াইদি কৈছে, “লোৱা, মই তোমাক ভাল পাওঁ। তুমি উত্তৰটো সোনকালেই দিবা! আজিয়েই নালাগে বাৰু৷”

মই “চকদ”! বোলো – “অ’ এইটো কি ল’ৰা অ’! আনে প্ৰপ’জ কৰিবলৈ গোলাপ আনে! এখেতে দেখোন একেবাৰে টেঙাৰেই আৰম্ভ কৰিলে৷”

মই মনতে বোলো, বোপাই এইজনক ভাল পালে জীৱনত অকল টেঙাকে দিব৷ সোনকালে আঁতৰাহে কথা৷ উত্তৰ দিয়াটো দূৰৰে কথা, তেতিয়াৰপৰা তাক দেখিলেই মই পলাওঁ৷ বহু দিনলৈ ভয় খাই আছিলো আকৌ যদি কিবা কয় কি ক’ম বুলি৷

হাই ঐ, মোৰ সেইভাগ ফটাপ্ৰেম জলফাই দেখিয়েই পলাই ফাট মাৰিলে!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *