মৰমৰ আঠা – ৰাজীৱ হাজৰিকা
কালিৰেপৰা মনটো ভাল নহয়, মাইক দেখা নাই। পুৱাই কাষৰ অকণিক লগত লৈ ওলাই গৈছিল, মালিকৰ ঘৰৰপৰা খাবলৈ কিবা এটা আনোঁগৈ বুলি। তাৰপাছৰেপৰা নাই। চাৰিআলিৰ চুকৰ গুণ্ডাটোৱে মাইৰ ওপৰত নজৰ দিয়ে বুলি কৈছিল দুই একে। টিউবেদি আহোঁতে দুই-এদিন অগা-ভেঁটা হৈছিল বুলি মায়েও কৈছিল। কিন্তু তাৰ ইমান সাহ হ’বনে, বা মায়েও ইমান অপকৰ্ম কৰিবনে!
নাই, খোৱা-বোৱাৰো আকাল নাই। মালিকৰ ভঁৰাল মানেই আমাৰ ভঁৰাল। নাই, নাই এনেয়ে নাখাওঁ; দুই-এপদ কাম কৰি দিহে খাওঁ। যেনে : মালিকৰ জীয়েকৰ বহীৰ চুকবোৰ ঘুৰণীয়াকৈ কটা, বাইদেউৰ নতুন চুৰিডাৰযোৰত নতুন মডেলৰ ঘুৰণীয়া ফুটা কটা, মালিকৰ পুৰণা হিচাপৰ বহীৰ অ(?)দৰকাৰী পাতবোৰ নষ্ট কৰা আদি। মালিকে নক’লেও নিজৰ বুলি ভাবি কামবোৰ কৰি যাওঁ। তাৰ পিছতহে খোৱা-বোৱা। এবাৰ নতুন চাদৰ এখনত মায়ে ইমান ধুনীয়া ফুল বাচিছিল, কি ক’ম আৰু! ঘৰলৈ অহা আলহী সকলোকে মালিকনীয়ে দেখুৱাইহে তত্ পাইছিল।
নাই, মাই নাই। ঘৰত মনেই বহা নাই। যাওঁ, এপাক বিচাৰি আহোঁ। যদি গুণ্ডাৰ কাম হয়, তাক……!
‘ক’লৈ যাৱ’ বুলি কোনোবাই সুধিলে কি উত্তৰ দিম! এইহেন ডেকাটো ঘৰত থাকোতে, মাক গায়ব! সেই ভয়ত লুকাই-চুৰকৈ বিচাৰি গৈ আছোঁ।
ই কি! মায়েচোন হালধীয়া কাৰ্পেট এখনত অকণি ৰ সৈতে ৰৈ আছে। দেখিয়েই মনটো ভাল লাগি গ’ল। মাৰ মৰম কোনোবাই নেওচা দিব পাৰেনে!
কৰণ-অৰ্জুনৰ ফিল্মী ষ্টাইলত ‘মাই’ বুলি ঢাপলি মেলিলো। বান্ধিলেহে মন শিলৰ খুটি, নাবান্ধিলেটো ঘোঁৰাৰ ছুটী।
আৰে, এইয়া কি! হালধীয়া কাৰ্পেটত ভৰি পৰাৰ লগে লগেচোন লাগি ধৰিলো। যিমানে এৰুৱাবলৈ গৈছোঁ, সিমানে যত-পত। জিমৰ নাম থকা মই। এবাৰ যিডাল তাঁৰ চিঙি থৈছোঁ, তাৰ পিছত সবেই ভয় কৰে। দবৰা-দবৰি, বগৰা-বগৰি কৰি চালো, নাই, লাহে লাহে জোৰ কমি আহিছে। সকলো ডি এছ এলাৰৰ বেকগ্ৰাউণ্ডৰ দৰে ব্লাৰ হৈ আহিছে। শুকাই যোৱা ডিঙিৰেই মাইক মাতিলো ‘মা’।
ডিঙিয়েদি মাত ওলাল ‘চি..ই.. ই..ক।
ধূসৰ হৈ অহা কাণেৰে স্পষ্টকৈ শুনা পালো মালিকৰ সৰু জীয়েকৰ মাত –
“মা, মা, আৰু এটা চিকা লাগিল… আঠাত।”
☆★☆★☆
11:48 am
তামাম
12:14 am
হা হা হা