ফটাঢোল

আচামীজ চুপাৰহিট – মানসী বৰা

আজি দুই-তিনি বছৰমানৰ পৰা পপুলাৰ হ’বলৈ বাবুলৰ মন ধৰফৰাই আছে। পিচে না সি গান গাব জানে, না নাচিব জানে, না গীটাৰকে বজাব জানে। শিকোঁতে এই সকলোবোৰতে হাত ফুৰাইছিল কিজানি সুপ্ত প্ৰতিভা কিবা উপায়েৰে উদ্গীৰণ হয়েইবা৷ পিচে একো কামত নাহিল৷ দুই এটাক দেখি ফটোগ্ৰাফাৰ হ’বলৈকো মন কৰিছিল৷ তাকো ফেইল মাৰিলে।

: ধুইত! কি ফাল্টু বেমাৰী লাইফ বে আমাৰ। একদম জাবৰ৷

খঙতে জিগৰী দোস্ত বাবুলে কোৱা কথা শুনি গজেনে সোধে-

: তোৰ আকৌ কি হ’ল?

: এই কণাটোৱে একোডাল টেলেণ্ট নিদিলে বে?

: কাৰ কথা কৈছ?

: যাক তহঁত মৰিবলৈ নেদেখাবোৰে ওপৰৱালা বুলি কৱ৷ অলপ ভাল চেহেৰা দিয়া হ’লে বডী চডী বনাই হ’লেও পপুলাৰ হ’ব পাৰিলোঁহেঁতেন৷

: ধুইত…চাল্লা মাথা চুবোৱা জিন্দাগী হাৰাম হৈ গৈছে মোৰ৷

গজেনে বোলে পপুলাৰ হোৱাটো আজি কালি বায়ে হাথ কা খেল৷ বাবুলে গৰজি উঠে।

: চাল্লা হাৰামী, উপলুঙা কৰিছ মোক? আজি ইমান দিনে ট্রাই মাৰি আছোঁ মই। চাল্লা একোডাল হোৱা নাই৷ আৰু তই চাল্লা চুৱাখোৱাই মোক ক’বলে আহিছ – পপুলাৰ হোৱাটো আজি কালি বায়ে হাথ কা খেল?

গজেনে হাঁহি হাঁহি বোলে কেলে তই ইউটিউব নাচৱ নেকি? আজিকালি ভাকুটকুট ভিনদেউ, বনগুটি বৰমা, খৌদৌমদৌ খুৰা আদি ইউটিউব চেনেলবিলাক অসমৰ ইমুৰৰ পৰা সিমুৰলৈ চুপাৰ দুপাৰ টুপাৰ হিট হোৱা দেখা নাই৷ তেনেকুৱা এটা চেনেল খুলিব পাৰিলে ইনষ্টেণ্ট পপুলাৰ৷ তাৰোপৰি এনেকুৱা চেনেল বনালে আজিকালি লাখ টকা ঘৰত বহি বহিয়েই ঘটিব পাৰি। ভিডিঅ’ বনাই আপলোড কৰিলেই হ’ল। মাথো ভিউৱার্ছ পাব লাগে বুইছ।

: অই মৰাটো, তই আজিলৈকে এই আইডিয়াটো মোৰ খোপৰীত দিয়া নাই কেলে? মজা আইডিয়া দিলি চাল্লা শিয়াল। আমিও লাগি যাওঁ ব’ল।

: কিহত লগাৰ কথা ক’লি? ভিডিঅ’ বনাবি?

: অ’ আকৌ। ভিডিঅ’ বনাম। এক চে বঢ়কৰ এক ভিডিও বনাম। পিচে কি ভিডিঅ’ বনাম মাথাত অহা নাই অ’ বাকলি। এই কেলেহুৱা জাত দিমাগে আজিকালি কাম নকৰা হৈ গৈছে মোৰ। তই শিয়ালৰ জাতটোৱেই মোক এটা দেচোন আইদিয়া।

মূৰ খজুৱাই খজুৱাই বাবুলৰ চিন্তা বাঢ়ি আহে। গজেনে বোলে,

: আচ্ছা বাবুল, তই কৰি থকা কাম এটা কচোন? ধৰ যিটো কামত তই বেছি কষ্টও কৰিব নালাগে আৰু টকা-পইচাও খৰচ নহয়। আৰু যিটো কাম তই সদায় কৰ। তেতিয়া আমি বেছি মাথা মাৰিব নালাগে আৰু কি জান বাবুল; ভাল ভিডিঅ’তকৈ বেয়া ভিডিঅ’ই ভিউৱার্ছ বেছি পাই৷

কিছু সময় তলকা মাৰি বাবুলে আনন্দত চিঞৰি উঠে।

: এ ফাপৰেখোৱা। পাই গ’লোঁঁ৷ পাই গ’লোঁ অ, পাই গ’লোঁ৷
গজেনে বোলে,

: কি পালি ঐ কচোন..তই চবকাখোৱাই জান নাই মই কিমান বেয়া বেয়া গালি পাৰিব পাৰোঁ। মোৰ মুখখন বেয়া বুলি নামেই আছে। ওচৰ-চুবুৰীয়া প্রায়সকলকে মই সিহঁতৰ চৈধ্য গোষ্ঠী উজাৰি গালি পাৰি থৈছোঁ আৰু সঁচা কথা ক’বলৈ গ’লে সেই কাম মই প্রায় সদায় কৰোঁ।

গজেনে বোলে,

: বঢ়িয়া দোস্ত। তই গালি পাৰিবি আৰু মই সেই গালিৰ ভিডিঅ’ বনাই ইউটিউবত আপলোড মাৰিম। নিজেই দেখিবি তই কিমান ফেমাচ হৈ পৰ আৰু তাৰ লগতে পইচাও ঘটিব পাৰ।

বাবুলে বোলে,

: ভাৱিয়েই ভাল লাগিছে পাই অ বাকৰ পোৱালী৷
চেনেলৰ নাম ৰাখিম “ফাপৰেখোৱা”৷ কেনে পালি?
“ফাপৰেখোৱা – আচামীজ চুপাৰহিট গালি”

: ৱাহ, তামাম নাম। একদম ফালি দিছা দোস্ত।

বাবুলৰ উৎসাহ বাঢ়ি যায়। পিছদিনাৰ পৰা বাবুলৰ ঘৰত ভিডিঅ’ নির্মাণৰ জোৰদাৰ কাম চলিল। যিমান লেতেৰা গালি আছে তাৰ মাজৰ পৰা বাছকবনীয়া কেইটামান আখৈ ফুটাদি বাবুলৰ মুখেৰে উফৰি ওলাল৷ গজেনে ভিডিঅ’টো আপলোডো মাৰিলে৷ পিচে লাইক কমেণ্ট দূৰৰে কথা। দুই তিনিদিন যোৱাৰ পিছতো সেই ভিডিঅ’টোৱে দহোটাও ভিউৱার্ছ নাপালে৷ গজেনে বোলে,

: এইটো তোৰ প্রথম ভিডিঅ’হে। আকৌ বনাম কি আছে। পইচা খৰছ নহয়তো। চিন্তা নাই।

সেইবাৰ গালিৰ তুমুল বর্ষণেৰে ”ফাপৰেখোৱা -আচামীজ চুপৰহিট গালি ” ভলিউম -২ ৰিলিজ হ’ল।
সেইটোৱে যেনিবা কোনো ৰকম পঞ্চাশটামান ভিউৱার্ছ পালে। সেইবাৰ বাবুলৰ মনত উৎসাহৰ সীমা নাই।

: ঐ খেকাৰখোৱা আৰু এটা বনা। তোক কৈছোঁ এইবাৰ মই ফালি দিম৷

গজেনৰ উৎসাহ বাবুলৰ দুগুণ। বাবুলহঁতৰ ড্রইং ৰূমত মোবাইলৰ কেমেৰা অন কৰি সি প্রায় সাজু৷ ধাৰাষাৰ গুলীবর্ষণ হোৱাদি বাবুলৰ গোৱাল গালি আৰম্ভ হ’ল। দুই কি তিনি মিনিটমান ভিডিঅ’ ৰেকর্ড কৰা হ’ল। ঠিক তেনে সময়তে ক’ৰ পৰা জানো বাবুলৰ ঘৈণীয়েক বাসন্তী বকি জকি ওলালহি বাবুলে একো তলকিবই নোৱাৰিলে। সদায় সদায় মোক কি গোৱাল গালিসোপা পাৰি থাকিবলৈ আহিছ বুলি তাই বাবুলৰ কাণৰ তলতে এটা পূর্ণহতীয়া চৰ সোধাই দিলে।

ঠাচ্ ঠাচ্ ঠাচ্

সেই এটা চৰ দূৰত ঠেকা খাই আহি তিনি চাৰিবাৰ মান যেন গজেনৰ কাণত আহি বাজিলহি। কৰি থকা ভিডিঅ’টো ঠাইতে পজ হৈ ৰ’ল৷ তাৰ পিছত একেবাৰে ষ্টপ। পিছ মুহূর্ততে চাইকেলত উঠি গজেনো উধাও৷ ঘৰলৈ আহি লগে লগে ফাপৰেখোৱা ইউটিউব চেনেলত আপলোড কৰি দিলে চুপৰচে উপৰ হিট আচামীজ গালি৷ সেই ভিডিঅ’ ইউটিউবত আপলোড হোৱাৰ পিছত বাবুল অলপ হ’লেও পপুলাৰ হ’ল৷ পিচে ফাপৰেখোৱা বুলি নহয় ….ঘৈণীয়েকৰ থাপৰ খোৱা বুলিহে৷

☆★☆★☆

14 Comments

  • হেমন্ত কাকতি৷

    তামাম মানসী! একদম চুপাৰ ডুপাৰ! মই বিচাৰি আছিলো লেখাটো৷

    Reply
    • মানসী বৰা

      বহুত ধন্যবাদ দাদা..

      Reply
  • ৰিণ্টু

    সুন্দৰ হৈছে লিখাটো, খুব ভাল লাগিল পঢ়ি

    Reply
    • মানসী বৰা

      ধন্যবাদ দাদা..

      Reply
  • তৃষ্ণা সোণোৱাল

    বঢ়িয়া, বিৰাট ৰসাল লিখিলে

    Reply
    • মানসী বৰা

      ধন্যবাদ তোমাক..

      Reply
  • MITALI Saharia

    ধুনীয়া লাগিল।

    Reply
    • মানসী বৰা

      ধন্যবাদ মিতালী

      Reply
  • বিজু গগৈ

    মজা লাগিল৷

    Reply
    • মানসী বৰা

      বহুত ধন্যবাদ

      Reply
  • Anjan Sadhanidar

    মজা লাগিল৷ চুপাৰ দুপাৰ

    Reply
    • মানসী বৰা

      বহুত ধন্যবাদ..

      Reply
  • গায়ত্ৰী গোস্বামী

    মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *