ফটাঢোল

ইলেকচন ইলেকচন – হেমন্ত কাকতি

ৰাতিপুৱাই লাল চাহ একাপ লৈ বহি আছিলোঁ৷ হঠাৎ এওঁৰ খেচখেচনিতে গম পালোঁ যে মোক কোনোবাই বিচাৰিছে৷ অলপ কাণখন উনাওতে বুজিলো যে ফটহু আহি ইতিমধ্যে গেটত হাজিৰ! গেটখন বন্ধ বাবে সি বৌয়েককে চিঞৰিছে৷ ময়ে উঠি গৈ গেটখন খুলি দি মাতিলো-

: “কি হ’ল ফটহু! ইমান ৰাতিপুৱাই আহিলি যে?”

আনকালে মোক লগ পোৱাৰ লগে লগে সি মিচিকিয়া হাঁহি এটা মাৰি আদৰ সম্ভাষণেৰে বাৰ্তালাপ আৰম্ভ কৰে৷ পিচে আজি কথাষাৰ শুনিয়ে জাঁপ মাৰি উঠিল৷ লগে লগে আৰম্ভ কৰি দিলে-

: “কি কৱ হেকা দা! মানুহে ইলেকচন ইলেকচন বুলি দিন-ৰাতি এক কৰিছে, লোকে মটৰ চাইকেল, গাড়ী, ফ্লাইট, হেলিকপ্টাৰত উঠি ঘূৰিবলৈ ধৰিছে আৰু তই ৰাতিপুৱা বুলি চাহৰ জুটি লৈ বহি আছ’? বুজিছ, মানুহ এতিয়া ৰাতি ৰাতি নোশোৱেই৷ ক’ত কিমান হিচাব নিকাচ চলিছে, লোৱা থোৱাৰ খেল চলিছে, কিবা দেশৰ খবৰ ৰাখিছনে নাই?”

তাৰ টপিকটো শুনি মই বুজিলোঁ, ইয়াক ইলেকচনৰ ভূতে পালে৷ তাৰ উৎসাহত চেঁচাপানী ঢালো বুলি মই পুনৰ আৰম্ভ কৰিলো-
: “হেৰৌ লোকে ইলেকচন খেলিব, কোনোবাই জিকিব, কোনোবাই হাৰিব, তোৰ কিদাল লাভ হব? তই এইবোৰ নলগা জেঙত লাগিবলৈ কিহে পালে?”

: “তাকেই তো কবলৈ আহিলোঁ হেকা দা৷ লাভৰ কথা কলি যেতিয়া, মেইন কথাটো শুন- ময়ো নমিনেচন দিম!”

তাৰ কথা শুনি মোৰ হাঁহি উঠি গ’ল, লগতে মোৰ মুখৰ পৰাও আধামান গৰম চাহ ফিচকাৰি মাৰি ফচকৈ ওলাই গ’ল!

: “হেৰৌ, নমিনেচন দিলে কি হব? আমানতৰ ধনো বাজেয়াপ্ত হ’ব তোৰ৷ এনেই এনেই পইচা আৰু শক্তিখিনি বৰবাদ কৰ কেলেই? তাতকৈ ভাল কিবা বেপাৰত লাগ৷ টাইম পাছো হব লগতে দুপইচা ঘটিবও পাৰিবি৷”

: “হেকা দা, ডু নট আণ্ডাৰএষ্টিমেট দা পাৱাৰ অৱ এ কমন মেন! ময়ো আগৰ সেই ভোলা-ভালা ফটহু হৈ থকা নাই বুজিছ৷ একবাৰ খেলিম বুলি কমিটমেণ্ট কৰি দিলোঁ যেতিয়া খেলিমেই! আৰু শুন হেকা দা, খেলিম মানে তোক গেৰাণ্টি দি ক’লো, মই পানী ঘোলা কৰিমেই৷”

এইবাৰ তাৰ অ’ভাৰ কনফিডেন্স দেখি মই থতমত খোৱাৰ পাল৷ মই বোলো, “ক’চোন ইমান কনফিডেন্স তোৰ ক’ৰ পৰা হ’ল?”

এইবাৰ তাৰ মুখত দুষ্ট হাঁহিৰ ৰেখা দুডালমান বিৰিঙি উঠিল৷ একদম অভিজ্ঞ আৰু পাকৈত ৰাজনীতিজ্ঞৰ দৰে আৰম্ভ কৰিলে-

: “মই ইমানো কেঁচা খেলুৱৈ হৈ থকা নাই৷ জাননে, মই কোনো দলত জইন কৰা নাই৷ কিন্তু আটাইবোৰ মেইন দলৰ লগতে গোপনে যোগাযোগ ৰাখিছো৷ মানে যিটো দলেই জিকি চৰকাৰ গঠন কৰিব তাৰ লগতেই প’ষ্ট-প’ল এলায়েন্সত যোগ দিম, যদিহে জিকো৷ এনেই মিছামিছি পাৰ্টি আইদিওলোজী এটা নিজৰ গাত জাপি লওঁ কিয়৷ মই সকলো পাৰ্টিকে বাচ-বিচাৰ নোহোৱাকৈ গালি দিম৷ ইলেকচনৰ আগত মোৰ ভাষণবোৰ পুৰা আইদিয়েল হব, তাতে দৰ্কাৰ অনুযায়ী জাতীয়তাবাদী আৰু প্ৰয়োজনত ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা, দেশৰ বিকাশ, উন্নয়ন, মহিলা সবলীকৰণ, কৃষকৰ উন্নয়ন আদি বিষয়সমূহ সামৰি লম৷ জাতি-উপজাতি, খিলঞ্জীয়া, বিদেশী, চিৰ চেনেহী মোৰ ভাষা জননী, এই টপিকবোৰ থাকিব৷”

: “চা ফটহু, ভাষণৰ ফুলজাৰিৰে মানুহে ভোট নিদিয়ে নহয়৷ মানুহক বিশ্বাসযোগ্যতা লাগিব৷ আজিকালি পাবলিক ইমানো বুৰ্বক হৈ থকা নাই যে তই ভাষণ দিলেই তোৰ ফালে মানুহ ঢাল খাব৷ তোৰ কি এনে গুণ আছে যে জিকিব পৰাকৈ তই ভোট পাবি?”

ক্ষন্তেক ৰৈ ফটহুৱে কলে-

: “সেই প্ৰশ্নটোৱে তোৰ পৰা শুনিবলৈ ৰৈ আছিলো৷ শুন! ময়ো পাক্কা ষ্ট্ৰেটেজি বনাইছো৷ পঞ্চলিচটা সংগঠনক ফিটিং কৰিছো, মোৰ হৈ দিন ৰাতি ধৰ্ণা, অনশনত বহিবলৈ ৰাজী আছে৷ চাৰিটা নিউজ চেনেলৰ এংকৰে মোৰ হৈ কেম্পেইন কৰিব, চাৰিজন নামজ্বলা বুদ্ধিজীৱীয়ে মোৰ হৈ বাতৰি কাগজত সাপ্তাহিক স্তম্ভ লিখিব, চ’চিয়েল মেডিয়াত প্ৰায় ডেৰশমান ফেক একাউণ্ট বনাই পুৰাদমে লাগি আছো৷ লগত বাকী ভিতৰি ভিতৰি চলাবোৰতো আছেই৷ তই ফেচবুক, টুইটাৰ, টিভি নিউজ এইবোৰ চোৱা নাই নেকি?”

এইবাৰ মোৰ সঁচাকৈ আচৰিত হোৱাৰ পাল৷ সেয়ে কৌতূহল সামৰিব নোৱাৰি সুধি পেলালোঁ, তই এইবোৰ কৰিবলৈ টকা পইচা পালি ক’ত?

: “হে হে ঠিক ধৰিছ৷ টকা পইচা নহলে এইবোৰ একো নহয়৷ সাংবাদিক, বাতৰি কাগজ, দলৰ টিকেট আনকি জনতাকো……হয় সকলোকে কিনিব পাৰি৷ মাথো মূল্য বেলেগ বেলেগ৷”

যথেষ্ট বিশ্বাসেৰে সি বকি গ’ল, মই মাথো তধা লাগি চাই ৰ’লো৷ তাৰ পিচত তাৰ মুখখন মোৰ কাণৰ ওচৰলৈ আনি ফুচফুচাই কোৱাৰ দৰে পুনৰ আৰম্ভ কৰিলে-

: “হেকা দা, শুন, পঞ্চাশ ষাঠি লাখমান টকা ইনভেষ্ট কৰিব পৰাকৈ আছে বুলি বহুদিনৰ পৰা মাৰ্কেটত ‘হাৱা’ উলিয়াই আছো আৰু লোক সভাত এইবাৰ নিৰ্দলীয় উঠিম বুলি এনেই মাৰ্কেটত খবৰ উলিয়াই দিছো৷”

: “তাৰ পিচত?”

: “তাৰ পিচত আৰু কি? ‘সিটো’ পাৰ্টীয়ে তোক ফাইনেঞ্চ কৰিবলৈ ৰেডী হৈ যাব৷ যিমানখিনিলৈ পাৰে সিমানখিনি ফাইনেঞ্চ সিহঁতৰ পৰা এনেদৰে ৰুলিং পাৰ্টীক ৰোধ কৰাৰ বা ভোট ভঙাৰ টোকেন মানি হিচাপে ধুমধাম লৈ ল’৷ আনকি ইণ্টাৰনেচনেল সৰ্বাহাৰা সংগ্ৰামী ফাইলটোৱেও ‘জাতিৰ স্বাৰ্থ’ৰ দোহাই দি চান্দা তান্দা তুলি হ’লেও তোক কেইটামান টকা উলিয়াব দিব৷ যদিহে তই তোৰ কাৰ্ড ভালকৈ খেলিব পাৰ আৰু লাভ আছে৷ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষৰ দিনাৰ আগলৈকে এনেকৈ ৰুলিং পাৰ্টীৰ দিনত ‘ফেচীবাদ’, ’একনায়কত্ববাদ’, ‘শোষণৰ প্ৰতীক’, ‘সাম্প্ৰদায়িকতাবাদ’, ’সাম্ৰাজ্যবাদ’ দেখি থকা মাৰ্কেটৰ সকলো প্লেয়াৰৰ পৰা যিমান পাৰে সিমান মাল উঠাই ল’!

মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পৰাৰ শেষৰ দিনা ৰুলিং পাৰ্টীৰ পৰা ‘মাল’ লৈ মনোনয়ন প্ৰত্যাহাৰ কৰি দে! মাৰ্কেটত তোৰ যিমান হাৱা চলাব পাৰিবি, সিহঁতৰ পৰা সেই হিচাপেই খীৰাব পাৰিবি৷ তাৰ পিচত নিউজ চেনেলৰ ‘লোকেল’ সাংবাদিককেইটাক ফিটিং দিব জানিলে, তোৰ ইনভেষ্টমেণ্টৰ টকাখিনি খাটাং ঘূৰি আহিবই৷ উপৰঞ্চি লাভ কিমান কৰিবি, সেইটোতেই তোৰ আচল ‘কেলিবাৰ’ ওলাই আহিব৷ নিজৰ টকা পইচা বেছি নালাগে, অকল ‘টোপ’ দে গিলিবলৈ৷

আৰু ‘এডিচনেল’ ফায়দা হ’ল- ৰাতাৰাতি তই চেলিব্ৰেটি ষ্টেটাচো পাই যাবি৷ পেপাৰেপত্ৰই নাম ওলোৱা বা নিউজ চেনেলত তই নিজেই মানুহটো ওলাবি মানে কি, কালি পৰহিলৈ সমাজত তোৰ প্ৰতিষ্ঠা কি হব ভাবিছনে? মেলে মিটিঙে তোৰ চকীখন সদায় ওপৰত থাকিব৷ মুঠতে লাভেই লাভ, অল ‘উয়িন-উয়িন চিটুৱেচন’!”

মই একো নকৈ তলমূৰ কৰি ৰ’লো৷ দীঘলীয়া হুমুনিয়াহ এটা নিজে নিজেই মোৰ মুখৰ পৰা ওলাই গ’ল-

: “নমিনেচন ফৰ্ম এখন মোকো দে!”

☆★☆★☆

5 Comments

  • Abhijit Goswami

    সুন্দৰ দাদা

    Reply
  • Rintumoni Dutta

    বঢ়িয়া দাদা, ভাল লাগিল পঢ়ি। পিছে জানেই নহয় মোক, অলপত হেঁপাহ নপলায়। আপোনাৰ পৰা আশা ইয়াতকৈ বহুত বেছি থাকে

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া বঢ়িয়া

    Reply
  • মানসী বৰা

    ভাল লিখিছে দাদা..সময়ৰ লগত খাপ খোৱাই বাস্তৱ ছবি এখন বৰ সুন্দৰকৈ দাঙি ধৰিলে…

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    দাদা, বঢ়িয়া লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *