ফটাঢোল

কিবা এটা হৈছে – দেৱজিত শইকীয়া

ডিম্বেশ্বৰে বোলে আজিকালি কাকো ভৰষা কৰিব নোৱাৰা হ’ল অ’৷ আনকি ডাক্তৰকো নোৱাৰি৷ ভোগেশ্বৰৰ মাজতে ডিঙিত বিষ এটা হৈছিল, ডাক্তৰেতো ডাঙৰবিধ হ’ল বুলিয়েই ট্ৰিটমেণ্ট কৰিবলৈ লৈছিল৷ পিছত যেনিবা তোৰ সৌ বাংগালোৰ নে ক’লৈ নিওঁতেহে গম পালে বোলে টনচিল ফাটিবলৈ লৈছিল৷ থোলোকে বোলে কাকনো দেখুৱাইছিল? ডিম্বেশ্বৰে বোলে কলিতা নে কিবা বুলি নতুনকৈ চহৰলৈ এজন আহিছে, তেওঁকে দেখাইছিল হ’বলা৷

থোলোক বৰ্তাই বোলে মোৰো গাটো ভাল নহয় হাস্পাতাললৈ যাবলগীয়া হৈয়েই আছে৷ ডিম্বেশ্বৰে বোলে তই হস্পিতাললৈ যোৱাতকৈ কোনোবা ডাক্তৰৰ চেম্বাৰতে দেখুৱা, ভালকৈ চাই দিব৷ বৰ্তাইও ভাবিলে কথাটো হওঁতে হয়, হস্পিতালত যি ধৰণৰ বেমাৰীবোৰ য’তে ত’তে পৰি বহি থাকে দেখিলেই বেমাৰ বেছিকৈহে উকায়৷ তাতকৈ চেম্বাৰ বস্তুটো ভাল, বেয়া বেমাৰীও সাজি কাচি আহি যি দৰে লোধোমধুমকৈ বহি থাকে দেখিলেও বেমাৰী যেন নালাগে৷ তাতে যোৱাবাৰ বেমাৰ দেখুৱাবলৈ যোৱা ডাক্তৰজনৰ চেম্বাৰত এগৰাকী মহিলাৰ কাষতে বহিবলৈ পালে, বৰ্তাই নিজৰ নম্বৰ আহোঁতেও উঠি যোৱা নাছিল৷ পিছত চেম্বাৰৰ ল’ৰাজনক কৈ নম্বৰটো নিজে পিছুৱাইহে লৈছিল৷

দুদিনমানৰ পিছত বিচাৰি খুচৰি কলিতা ডাক্তৰৰ চেম্বাৰৰ নম্বৰ থোলোক বৰ্তাই গোটাই লৈ ডাক্তৰৰ চেম্বাৰৰ নম্বৰটোলৈ পুৱাই কল কৰি নম্বৰ ল’লে৷ 31 নম্বৰ৷ ডাক্তৰক দেখুৱাই দেখুৱাই থোলোক বৰ্তাৰ হেভি এক্সপিৰিয়েঞ্চ হৈ গৈছে, গতিকে মনতে হিচাপ এটা কৰি ল’লে যে এজন ৰোগীক চাৰি, পাঁচ মিনিটকৈ চালেও 31 নম্বৰ পৰিবলৈ 12 মান বাজিবগৈ৷ সেই হিচাপত পাটিচাইকেলখন লৈ 11 বজাত হাটিপিলখানাত থকা কলিতা ডাক্তৰৰ চেম্বাৰ ওলালগৈ৷ ইমানপৰে বোন্দাপৰ দি থকা মানুহবোৰলৈ এবাৰ চকু ফুৰালে৷ হয় দেই, ডাক্তৰৰ চেম্বাৰলৈ আহিলেহে গম পোৱা যায় যে কিমানসোপা বেমাৰীৰে পৃথিৱীখন ঠাহ খাই আছে৷

“খুড়া, 31 নম্বৰ আপুনি নেকি?”

ধুনীয়া ৰিচিপচনিষ্টগৰাকীৰ খুড়া বুলি সম্বোধন কৰি মতা ধুনীয়া মাতটো শুনি থোলোক বৰ্তাই নিজকে 20 বছৰীয়া যেন অনুভৱ কৰিলে৷ মাতটো শুনিয়েই কেতিয়ানো নিজে ঠিয় হৈ গ’ল বৰ্তাই গমেই নাপালে, ইফালে সিফালে বুকু ফিন্দাই চাই চেকেণ্ডো বিলম্ব নকৰি ৰিচিপচনিষ্টগৰাকীৰ কাষ চাপি আহিল৷

“এইজন ওলালেই আপুনি সোমাব৷”

বৰ্তাই তাতেই এঠা লগা দি ৰৈ আগৰ ৰোগীজন ওলোৱালৈ অপেক্ষা কৰিলে৷

ডাক্তৰ : কওকচোন কি হৈছে৷

থোলোক : চাৰ, মানে প্ৰব্লেম বহুত৷ মানুহজনী ঢুকুৱা চাৰিবছৰমান হ’ল৷ ছোৱালী দুজনী আছিল, যোৱা বহাগত সৰুজনীও বিয়া দি আজৰি হ’লো৷ জোঁৱাই পোৱালীটোৱে মাজে সময়ে আহি খবৰ বাতৰি লৈ যাই বাৰু৷ হ’লেও অকলশৰীয়া মানুহ, বুজিতো পাইছেই ছাৰ…

ডাক্তৰ : অসুবিধাটো কি হৈছে সেইটো কওক৷

থোলোক : হয়, চাৰ মানে প্ৰব্লেম বুলি ক’বলৈ গ’লে আগতে পেটটো বিষাইছে যেন ভাৱ এটা মনলৈ আহি থাকে, ছোৱালীহতঁক কওঁতে ফুকন ডাক্টৰক দেখুৱাই মেডিচিন এসোপা খালো৷ খাই যেনিবা ভাল পালো৷ কিন্তু মেডিচিনখিনি খোৱাৰ পিছৰেপৰা এলাহ এলাহ লাগি থকা হ’ল, আকৌ ছোৱালীহঁতক ক’লো, সেইবাৰো যেনিবা চহৰত দেখুৱাই ঔষধ অনালো৷ এতিয়া অলপ আৰাম পাইছোঁ৷ মাজতে গাটো দুৰ্বল দুৰ্বল লাগি থকাত মিঠা নোখোৱা বেমাৰটোৱে পালে বুলি পেচাবৰপৰা তেজলৈকে সকলো দেখুৱালো৷ ভুলেই টেষ্ট কৰিলে নে কি নাজানো ৰিপ’ৰ্টবোৰত দেখোন চব ঠিকে আছে বুলিয়েই ক’লে৷

ডাক্টৰ : হেৰি, বৰ্তমান আপোনাৰ কি অসুখ সেইটো কওক৷

থোলোক : তাকেই কৈ আছোঁ, অকলশৰীয়া মানুহ৷ এইবাৰ কাকো কোৱা নাই, মানে নিজেই আহিছোঁ, কিবা এটা হৈছে বুলি৷ এতিয়া মানে চাৰ মোৰ কেইদিনমানৰপৰা বুকুৰ মাজত বিষ এটা হৈ আছে যেন লাগি থকা হৈছে৷ মই বোলো এপেণ্ডিকচ নহ’লে কিডনিৰে প্ৰব্লেম হৈছে চাগৈ। সেয়ে এই অপাৰেচন চপাৰেচনবোৰ কৰাৰ আগতেই মেডিচিনকে দেখুৱাই লোৱা যাওক বুলি আপোনাৰ তালৈ আহিলো৷

ডাক্তৰ : বিষটো বুকুৰ কোনখিনিত হয়?

থোলোক : কোনখিনিত ঠিক নহয়, কেতিয়াবা বুকুৰ ঠিক মাজতে হয় যেন লাগে, কেতিয়াবা আকৌ বাওঁফালে হোৱা যেন লাগে, মানে ঠিক এপেণ্ডিকচটোৰ কাষতে৷

ডাক্টৰ : এপেণ্ডিকচ তাত নাথাকে৷ বাৰু মই মেডিচিন লিখি দিছোঁ৷ খাই লৈ এসপ্তাহ চাই লওক৷

থোলোক : চাৰ অপাৰেচন কৰিবলগীয়াতো নহয়৷

ডাক্তৰ : নাই নালাগে৷ মেডিচিনখিনি ৰেগুলাৰ খাব৷

খোলোক : মই ৰেগুলাৰ খাওঁ চাৰ, কাগজত সময়মতে লিখি থোৱা থাকে৷ পুৱাই প্ৰেচাৰৰটো, তাৰপিছত গেছৰটো৷ এঘণ্টাৰ পিছত লিভাৰৰ চিৰাপটো৷ আকৌ দুপৰীয়া নাৰ্ভৰ টেবলেটটো, সন্ধিয়া পলিবিয়ন দুচামুচ৷ লগতে ভিটামিনৰ টেবলেটকেইটা৷ এইবোৰ চব টাইমলি খাই থাকো৷ অকলশৰীয়া মানুহ যে, বুজিতো পাইছেই আৰু৷

ডাক্টৰ : বাৰু এইখিনি খাই, এসপ্তাহৰ পিছত দেখুৱাব৷

থোলোক : চাৰ এপেণ্ডিকচ হোৱাতো কনফাৰ্ম নে? মানে কোনোবাই সুধিলে ক’ব লাগিব যে।

ডাক্টৰ : সেইবোৰ আপুনি জানিব নালাগে৷ মুঠতে এপেণ্ডিকচ নহয়৷

থোলোক : উৱা, বেমাৰ মোৰ, পইচা দিছোঁ মই, টেবলেট খাম মই। মোৰ কি বেমাৰ হৈছে নাজানিলে কেনেকৈ হ’ব? বাৰু মোৰ কি হৈছে লুকুৱাইছে যে, কিবা ডাঙৰ বেমাৰ হৈছে নেকি?

ডাক্তৰ : নাই তেনেকুৱা একো হোৱা নাই৷ আপুনি চিন্তা কৰিব নালাগে৷ মেডিচিনখিনি খাওক ভাল পাব৷

থোলোক : চাৰ মানে মনটোৱে মনা নাই, কিবা এটা হৈছে নেকি ভালকৈ চাই কওকচোন৷ একো নাপালে চাৰ লিভাৰৰে কিবা হৈছে বুলি লিখি দিব নেকি?

ডাক্টৰ : এনেই আকৌ কিয় লিখি দিম? আপোনাৰ একো হোৱা নাই৷ মনলৈ ফুৰ্তি আহিবলৈ দুটামান মেডিচিন লিখি দিছো৷ প্ৰকৃততে বেমাৰ হৈছে বুলি মনৰ ভাবত হোৱা বেমাৰহে এইটো৷

থোলোক : চাৰ টেবলেট খাইনো ক’ত মনলৈ ফুৰ্তি আহিব! ভোগেশ্বৰৰ টনচিল হওঁতে ডাঙৰবিধ হোৱা বুলি সন্দেহ কৰি লিখি দিছিল বুলি শুনিছিলো৷ সেয়েহে আপোনাৰ ওচৰলৈ আহিছিলো৷ সকলোৰে বেমাৰ হয় মোৰহে একো নহয়৷ কিবা এটা হৈছে বুলি ক’লেও অকলশৰীয়া মানুহটোক চাবলৈ মেলিবলৈকে এজনী লাগে বুলি কৈ গাঁৱৰে পুতুলিজনীক আনিম আনিম বুলি অত দিনৰপৰা ভাবি আছোঁ, মৰিবলৈ ধৰা মোৰহে একো এটা নহয়৷ কিবা এটা হৈছে বুলিওটো ক’ব পাৰে…..

☆★☆★☆

8 Comments

  • Rintumoni Dutta

    ভাল লাগিল দেবজিত

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ বুঢ়াৰ মন পুতুলীত হে তাৰমানে! কিন্তু বেমাৰী বুঢ়ালৈ আহিব কিয়? পুতুলীৰো গণ্ডগোল আছে মানে?

    মজ্জা দেবু!

    Reply
  • সৌৰভ শৰ্মা

    মৰিবলৈ ধৰা মোৰহে একো নহয় বুলে??????????

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ বঢ়িয়া

    Reply
  • চিত্ৰলেখা দেৱী

    ডেকা ডাক্তৰে একো বুজি নাপালে নো কেনেকৈ হয় বাৰু?

    Reply
  • চন্দন

    ভাল লাগিল

    Reply
  • মানসী বৰা

    আই ঐ ..বেমাৰৰ গুৰি ক’ৰবাতহে …পঢ়ি মজা লাগিল..

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইছ বেছেৰা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *