ফটাঢোল

টিক্ টক্ চজিনা – দিপীকা ডেকা

মাক : “যাচোন চজিনাখিনি ৰান্ধগৈ। মই কাটি-কুটি ধুই থৈ আহিছোঁ। সৰিয়হখিনি থেতালি থৈছোঁ। তই মাত্ৰ আলু, পিয়াঁজ আৰু মছলাখিনি যোগাৰ কৰি ল’লেই হ’ব। বিলাহীও দি দিবি।”

পাকঘৰৰপৰা উধাতু খাই আহি হাতত ৰিম’টটো লৈ টিভিৰ চুইছটো অন কৰি থকাৰ লগে লগে কথাকেইটা কৈ মাইনাৰ মাক বিছনাত উঠিল। ভাত খোৱাৰ পৰলৈকে পাঁচখনমান চিৰিয়েল চাবলৈ পাব তেওঁ। লগতে বিহুলৈ বুলি ল’বলগীয়া কাপোৰ আৰু গহণা দুপদমানৰো ডিজাইনো পাই যাব।

টিকটিকাই থকাৰ মাজতে মাকৰ কথা শুনি প্ৰথমতে মুখখন বিকটাইছিল যদিও পিছমুহূৰ্ততে কিবা এটা ভাবি মিচিকিয়া হাঁহি এটা মাৰি বৰষুণ পৰা ছাগলীৰ দৰে একেজাপে পাকঘৰ পালেগৈ টিক্ টক্ মাইনা।

পাকঘৰৰ এচুকত ম’বাইলটো ওলোমাই থৈ তাই চজিনাত হাত দিলে। লগে লগে চজিনাই স্ক্ৰীণত টিক্ টিকাই উঠিল। এইবাৰ কটাৰী আৰু বিলাহীৰ টিক্ টিকনি। পিছে পিছে আলু, পিয়াঁজ চবেই এবাৰত পাৰ্ফেক্ট নোহোৱা বাবে ট্ৰায়েল মাৰি মাৰি টিক্ টিক্ টিক্ কৰি থাকিল। ইফালে বেৰত মহৰ পিছে পিছে টিক টিকাই ফুৰা জেঠী এটাই মাইনাৰ ৰেহৰূপবোৰ চাই চাই এপাকত আহি নিজেও আচহুৱা যেন লগা বস্তুটোৰ আগত নেজডাল দাঙি টিক্ টিকাই গ’ল।

মাইনাই এবাৰ চুলিখিনি ঠিক কৰি, এবাৰ ওঁঠৰ ভাঁজ ঠিকে আছে নে নাই দৌৰ মাৰি আইনাত চাই আহি আকৌ টিক্ টক্ চজিনাত মনোনিৱেশ কৰিলে।

চব ৰেডি, মাথোঁ মছলাখিনি হোৱা নাই। ইফালে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি ধৰণৰ কথা হৈ গ’ল মাইনাৰ সৈতে। পিয়াঁজ, আলু কাটিবৰ সময়ত হাতত পিন্ধি লোৱা গ্ল’ভছযোৰ কটাৰীত লাগি গ’ল নহয় ফাটি। বেচেৰীজনীৰ চকুৰে পানী ওলাবৰ উপক্ৰম হ’ল যদিও তাই নিজকে সামৰি ল’লে। মনৰ দুখ মনতে ৰাখি পানীখিনি চকুতে শুকুৱালে। টিক্ টকে মনত পেলাই দিলে বুলিহে, নহ’লে অবাধ্য চকুলোৱে “আইকনিক”ক বোৱাই নি “লৰিয়েল” প্ৰলেপীয়া গোলাপী গাল দুখন ভৰলু যেন কৰি পেলালেহেঁতেন।
বেচেৰীয়ে এতিয়া আদা-নহৰুৰনো বাকলি গুচাই কেনেকৈ! নখৰ “এলি এইট্টিন”ৰ প্ৰলেপৰ ওপৰত আদা নহৰুৰ প্ৰলেপ লাগি গোটেই ডিছকালাৰ হৈ ফাপৰে ধৰা ছাগলীটোৰ দৰে হৈ যোৱাৰ ভয়।

মছলাৰ বাবে মাকক মাতিবলৈ বুলি যাবলৈ ওলাওঁতেই তাইৰ কাণত পৰিল, “বৰলা কাই অ’ বৰলা কাই…..” শীর্ষক গানটো। তাৰমানে মাকক এতিয়া মাত লগোৱা মানে কোঁদোৰ বাহত জুই দিয়াৰ দৰে অৱস্থা হ’ব।

দুঃশ্চিন্তাত মাইনাৰ মন মৰি গৈছে যদিও তাই লাখটকীয়া হাঁহিটো মুখৰপৰা আঁতৰিবলৈ দিয়া নাই। পাকঘৰৰ গেছৰ ওচৰৰ এই লাখটকীয়া হাঁহিয়েই যে টিকটিকি মাইনাক লাখ লাইকীয়া কৰি দিয়াত সহায় কৰিব সেইটোহে মেইন। কন্দা কটা কেনচেল।

এতিয়া উদ্দেশ্য চজিনা।

কুন্দত কটা দেহাটোত মেগীৰ দৰে ভাঁজ দি হাতত লাইটাৰটো লৈ মাইনা এইবাৰ আগুৱাই আহিল ষ্ট’ভৰ ওচৰলৈ। পাউট এটা ওঁঠত লৈ মানে লিপছ্ দুটা পিগ ষ্টাইলত থৈ তাই টিক্ টিকাই জুই জ্বলাই কেৰাহীখন বহাই দিলে। চজিনা কুকিঙত হেনো মাইনাৰ নাম আছে। সিদিনা ইউটিউবত চাই মাকক ৰান্ধি খুৱাইছিল। মাকৰ মতে কি যে ৰান্ধিছিল তাই! তেনেকুৱা চজিনা খায়ে মাইনালৈ দৰাৰ আকাল নহ’ব। মাথোঁ সিজিবৰ বাবে খাবৰ সময়ত কাঁহীৰপৰা নি কুকাৰত মাত্ৰ দুটা চিটি মৰাব লগা হৈছিল।

নিজৰ ষ্টাইলত বনাই গ’ল মাইনাই। ‘মাকতকৈ জীয়েক কাঁজি, দুখন হাতেৰে বতে পাঁজি’ৰ দৰে কথা। এবাৰ চজিনা, এবাৰ টিক টক্। হৈ গ’ল ৰেডী চজিনা কাৰি। চজিনাৰ কাৰিয়ে এফালৰপৰা লুটি আনিলে লাইক-কমেণ্ট। শ্বেয়াৰিঙৰতো কথাই নাই। বহুতৰ হোৱাটছএপ ষ্টেটাছো দখল ধৰিলে। মুঠতে মাইনাৰ চজিনাই টিকটিকাই থাকিল কুমেৰুৰপৰা সুমেৰুলৈ। সিফালে মাকৰ চিৰিয়েল অধ্যায়ৰ সামৰণি পৰিল, এইফালে মাইনাৰ ম’বাইলৰ চাৰ্জৰ। দেউতাকো আহিল আই পি এল সামৰি।

ভাতৰ পাতত বহি মাইনাই বনোৱা কাৰি পৰম সন্তোষত টেষ্ট কৰিবলৈ মুখত লৈ মাকে-দেউতাকে কিবা আচহুৱা সোৱাদ পাই ইটোৱে সিটোৰ মুখলৈ চালে।
মাইনাই পৰম আনন্দত চিঞৰি উঠিল, “আজি বেলেগ টেষ্টি পাইছা ন! তোমালোকে কি জানিবা কিমান টেনশ্যন লৈ বনাইছোঁ মই এয়া। আজি স্পেচিয়েল মছলাৰে বনাইছোঁ।”

কাকো একো ক’বলৈ সুবিধা নিদি তাই হৰিণাটোৰ দৰে জপিয়াই গ’ল আৰু হাতত পেকেট এটা লৈ ঘূৰি আহিল। ফিল্মি ষ্টাইলত দুয়োখন হাতেৰে পেকেটটো মুখৰ আগত দাঙি ধৰি গাই গ’ল, “অদৰক, তুলসী, অশ্বগন্ধা, ইলাইচি, মুলেঠী সাথ… পি কৰ দেখোঁ… কেইসা স্বাদ।” এইবুলি চকুকেইটা পিৰিক-পাৰাক কৰি তাই ক’লে,”তোমালোকে আদা-নহৰু দি হে মছলা বনাই কাৰি বনোৱা। এয়া দেখিলা আজি মই চব মছলা মিক্স কৰি বনালোঁ।”

গুণৱতী জীয়েকৰ হাতত ‘ৰেড-লেবেল’ চাহপাতৰ পেকেটটো দেখি মাক-বাপেকৰ হাতৰপৰা টিক্ টক্ চজিনা কাঁহীতে সৰি পৰিল।

★☆★☆★

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *