ফটাঢোল

মোবাইলৰ কামাল — মৌচুমী গগৈ

সিদিনা শাহুমায়ে ফোন কৰি জনালে যে তেওঁৰ পেহীয়েকৰ ল’ৰা অৰ্থাৎ মোৰ মানুহজনৰ মোমায়েক এজনৰ গা বেয়া । চাকৰি সূত্ৰে বৰ্তমান গুৱাহাটীৰে বাসিন্দা, গতিকে এই মামাহঁতৰ ঘৰত যাতে সময় উলিয়াই খবৰ এটা কৰি আহো । সেই মতে যোৱা সোমবাৰে সন্ধিয়া সময়ত মামাহতঁৰ ঘৰলৈ গমন কৰিলো । মামা চাকৰিৰ পৰা ৰিটায়াৰ হোৱা তিনিবছৰ হৈছে । আমাক দেখি মামা আৰু মামীয়ে খুব ভাল পালে । মামীয়ে বহুত দিন পিছত যোৱাৰ বাবে ভাত খাবলৈ জোৰ কৰিলে । আমি নালাগে বুলি কোৱা স্বতেও ইতিমধ্যেই মামাৰ পুত্ৰই বজাৰৰ লিষ্ট লৈ গেৰেজৰ পৰা গাড়ী উলিয়ালেই ।গতিকে ৰাতিৰ ভাত সাঁজ খাই অহাটোৱেই ঠিৰাং কৰিলো ।

মামাৰ অসুখৰ চিকিৎসাৰ বিষয়ে কথা পতাৰ পিছত মামাক অলপ আৰাম কৰিবলৈ বিচনাতে এৰি থৈ , আমি মামীৰ লগত ডাইনিং ৰুমত আহি কিবা কিবি আলোচনা কৰি আছিলো । অলপ সময়ৰ পিছতেই ভিতৰৰ ৰূমৰ পৰা মামাই ডাঙৰকৈ চিঞৰ এটা মাৰি এওঁক মাতিলে । আমিও ঘটনাৰ আকস্মিকতাত চক খাই উঠিলো ।এনেকুৱা সময়বোৰত মোৰ ডিমাগটো আকৌ কেতিয়াবা দৰকাৰতকৈ বেছি জোৰত দৌৰে বুলি বদনাম এটা আছে । মানে পৰিস্থিতিটো দেখাৰ আগতেই ডিমাগ টোৱে বহুত কিবা কিবি ভাবি পেলায় । আজিও তাৰ ব্যতিক্ৰম নহ’ল । মামাই কিয় চিঞৰিলে সেইটো দেখাৰ আগতেই মনটোৱে ভাবিলেই যে ,এতিয়া যদি মামাৰ কিবা এটা হয় আমি কি কৰিম,কাইলৈ ল’ৰাৰ স্কুল ক্ষতি হ’ব ,এখেতৰো পিছদিনা দিল্লী যাব লগা ফ্লাইটখন কেঞ্চেল হ’ব ,এইবোৰ আং বাং !!

ইতিমধ্যে সকলো গৈ মামাৰ ওচৰত উপস্থিত হৈছেই ,মইও পিছে পিছে লাইন পোনালো । তাত গৈ দেখো যে ,মামাই ভয়মিশ্ৰিত চাৱনিৰে নিজৰ মোবাইলটো এওঁৰ ফালে আগবঢ়াই দিছে । তাৰমানে মামাৰ চিঞৰৰ উৎস এই মোবাইলটোহে । পিছে ই বেছেৰাই এনেকুৱা কি কাম কৰিলে যে তাক সকলোৰে আগত অপমানিত হ’ব লগা হৈছে ! আমাৰ জনেও একো বুজিব নোৱাৰি মন্দিৰৰ প্ৰসাদ লোৱাৰ দৰে মোবাইল টো হাত পাতি ললে । মোবাইলটো পিটিকি চাই মামাৰ সেই চিঞৰৰ কাৰণ হিচাপে এটা মেছেজ দেখা পালে । মেছেজটো কোনো এলাপেচা মানুহৰ পৰা অহা নাই । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা আহিছে ।নামটো দেখিয়েই মামাৰ এই আৰ্তনাদ । পিছৰ খিনি কি লিখা আছে চাবলৈ মামাৰ সাহসেই নহ’ল । এইবাৰ এওঁ মেছেজটো খুলি চালে ।তাত লিখা আছে, “অহা মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণ । সকলোৰে সহযোগিতা কামনা কৰা হ’ল ।”

তেতিয়াহে উৰহী গছৰ ওৰ ওলাল । মোবাইলৰ কৃপাতেই অহা মেছেজটো মামাই ৰাষ্ট্ৰপতিৰ ব্যক্তিগত মেছেজ বুলি ভাবি চিঞৰিছিল । আমিও মামাক বেমাৰৰ খবৰ ৰাষ্ট্ৰপতিৰ ওচৰ পোৱাৰ বাবে তেওঁ চিন্তিত হৈ আপোনাক দেখা কৰিবলৈ আহিব বুলি জোকাই হাঁহিত ৰগৰ তুলিলো ।।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *