ফটাঢোল

খণ্ডচিত্ৰ – ডঃ বিক্ৰমজিত কাকতি

(১) ছাৰৰ মহিমাআমাৰ
ভাৰতীয় সকলৰ বহুতৰ বাবে “ছাৰ” শব্দটোৰ এক মাদকতা আছে।মানুহ সাপেক্ষে ছাৰ শব্দটো শুনাৰ লগে লগে পুলকিত, শংকিত বা কম্পিত হৈ যায়। উদাহৰণ স্বৰূপে ধৰাহল আপুনি এজন মহাপ্ৰতাপী চৰকাৰী কেৰাণী, সদ্য অৱসৰ প্ৰাপ্ত এজন চৰকাৰী আমোলাই পেঞ্চন সংক্ৰান্তীয় কামৰ বাবে তাঁতবাটি কাঢ়ি আছে। তেওঁ আপোনাক ছাৰ বুলি সম্বোধন কৰিলে আপুনি পুলকিত হয়।থিক সেইদৰে দুদিন অফিচ ক্ষতি কৰি অহাৰ পাছত আপোনাৰ ছাৰে মাতিলে, তেওঁৰ ৰুমত সোমোৱাৰ পাছত আপোনাৰ মুখৰ পৰা যিটো “ছাৰ” শব্দ ওলাব সেইটো হ’ল শংকিত “ছাৰ”।

টিকেন ছাৰে LP স্কুলত ভূগোল পঢ়াইছিল, তেওঁৰ হাতৰ পিটন নোখোৱা ছাত্ৰ প্ৰায় নাছিলেই। Home work কৰি ননাৰ পুৰস্কাৰ স্বৰূপে পিটন খোৱাৰ থিক আগে আগে ছাত্ৰ সকলৰ মুখৰ পৰা যিটো “ছাৰ” ওলাই সেইটোৱেই হৈছে কম্পিত ছাৰ।বন্ধপ্ৰদেশত প্ৰায় মানুহে এজনে আনজনক ছাৰ বুলিবলৈ টান পায়। কিয়নো “ছাৰ” বুলি সম্বোধন কৰা জনত কৈ নিজকে সৰু হৈ যোৱা বুলি ভাবে। বিশেষকৈ চৰকাৰী আমোলা সকলৰ বুজন পৰিমানে এনে ধৰণে ভাবে, সেয়েহে ছাৰৰ সলনি “চাহাব” বুলি মাতি ভাল পাই।কিছুমান “ছাৰ” ৰূপী public servantৰ ব্যৱহাৰ এনে কঠুৱাযে ৰাইজৰ সেৱক তেওঁ নে আপুনি সেইটো ভাবি আপুনি confused হৈ যাব।আৰু এটা ছাৰ আছে “আবেগিক ছাৰ” কোনো চলনাময়ীএ কাম হাঁচিল কৰিবলৈ লেন ধৰি মতা “অ’ ছাৰ plizzzz” বুলি মতা “কালান্তক ছাৰ” কাৰণ কালক্ৰমত এনে ছাৰ সম্বোধন, আসৈ পালে গৈ গৈ গৃহযুদ্ধত বা গৃহস্থীত খতম হয়গৈ।কেতিয়াবা “ছাৰ” শব্দটোৱে নিৰ্বাচনী প্ৰচাৰতো বিতৰ্কৰ সূত্ৰপাত কৰে। গতিকে “ছাৰ”ৰ মহিমা অপাৰ।

(২) অতীতৰ পানবজাৰৰ খাদ্য জগত

আশীৰ দশকৰ আগভাগৰ কথা। অসম আন্দোলন ঘটনাবহুল হোৱাৰ পথত।এতিয়াৰ বহু ফেচবুকিয়া জেহাদিৰ অভিভাৱক বিবাহ পাশত আবদ্ধই হোৱা নাছিল আৰু বর্তমান সময়ত গুৱাহাটীৰ লোকেল বুলি ফিতাহি মৰা কিছুমানৰ বাবে তেতিয়া গুৱাহাটীলৈ গৰমবন্ধত ফুৰিবলৈ অহা মানে ডিজনী ৱৰ্ল্ডলৈ যোৱা type মনলৈ ফিলিং আহি গৈছিল।অসমৰ প্ৰথম খন Wine Shop আৰু প্ৰথমখন কলেজ ৰাস্তাৰ ইপাৰে সিপাৰে আছিল আৰু গুৱাহাটীৰ প্ৰথমখন আধা ফাল কণীৰ চ’প পোৱা মহামায়া হোটেল তাৰ আনটো পাৰে আছিল। এজন অন্ধ বাঁহীবাদকে পানবজাৰত সন্ধিয়া সময়ত বাঁহী বজাই এক অপূৰ্ব মায়াজালৰ সৃষ্টি কৰিছিল। ফ্ৰান্সি বজাৰৰ ফালে আগুৱাই গলে বৰ্তমান central বেংকৰ কাষৰ ৰাস্তাটোত বিখ্যাত ফিছ ফ্ৰাই ৰেষ্টুৰেণ্টত এটকাত চিকেন পোলাও পোৱা গৈছিল। বৰ্তমান ৰেৱটিৰ সন্মুখত কল্যাণী ৰেষ্টুৰেণ্টত সুস্বাদু কাটলেট পোৱা গৈছিল। পানবজাৰ মছজিদৰ ওচৰত ৰঘু কাইৰ ঠেলাৰ ডাল-বাদাম চানা পপুলাৰ আছিল।

পিকাডেলী ৰেষ্টুৰেণ্ট খন অলপ অন্ধকাৰ আছিল (low light) আৰু অৰ্থনৈতিক ভাৱে সামৰ্থ থকা সকলে তাত চিকেন চাওঁ খাইছিল। শেখ ব্ৰাদাৰ্চৰ পেটিচ লা জবাব আছিল। অশোকা হোটেলত সেইসময়ৰ পানবজাৰৰ একমাত্ৰ Bar খন আছিল। আনন্দ ভাণ্ডাৰৰ আমেথি, গুৱাহাটী ডায়েৰী আৰু কল্পনাৰ চাহ মিঠাই জনপ্ৰিয় আছিল। কল্পনাত কটন কলেজ আৰু পানবজাৰ ছোৱালী স্কুলৰ ছাত্ৰী আৰু মহিলা সকলৰ বাবে আছুতীয়া কেবিন আছিল। সন্ধিয়া সময়ত united বেংকত কাম কৰা দুলুদাই সেই কেবিনত বহি সৰু ডাঙৰ কিছুমান selected followersক সাক্ষী কৰি বেংকত computerizationনে কিমান ক্ষতি কৰিব, স্বাধীন অসম হলে আমাৰ কি লাভ হব আদিৰ দৰে তত্ব গধুৰ (তেওঁৰ মতে) কথাৰ ভাষণ দি নিশা 7 তা বাজিলেই কাষত থকা সাধনা ঔষধালয়ৰ পৰা এবটল মৃত সঞ্জীৱনী সুৰা কিনি কলেজ ষ্টুডিওৰ ওচৰত থকা তেওঁৰ ভাড়া ঘৰৰ পিনে আগবাঢ়িছিল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *