গাড়ী এখন আৰু… – কমলা দাস
সেইবাৰ ল’ৰাটোৱে মুঠতে নিজৰ গাড়ীখন লৈ যাবই ঘৰলৈ। নিজৰ গাড়ী থাকোঁতে কিয় বাছত যাম বুলি হুলস্থুল লগালে। আৰাম প্ৰিয় জীৱ, বাচত যাবলৈ এলাহ। তাতে আকৌ আমি থকা ঠাইৰ পৰা বাছত যাবলৈ হ’লে চিটিবাছ নাইবা ট্ৰেকাৰত আহিব লাগে এচোৱা। গাড়ীখন লৈ গ’লে ঘৰৰ দুৱাৰ মুখতে উঠিব পাৰেতো! কিন্তু নিও বুলি ক’লেই জানো গাড়ীখন নিব পাৰি! সেইখন চলাব নালাগিব? নে নিজে নিজেই যাব! পুত্ৰধনেতো ভালদৰে চলাবও নাজানে। ইফালে আমি থকা ঠাইৰ পৰা ঘৰলৈ নাই বুলিও কমেও এশ কিলোমিটাৰ দূৰত্ব।
ছোৱালীজনী তেতিয়া ইউনিভাৰ্চিটিত আছিল। তাই আৰু এখোপ চৰা। তাই বোলে, “অ’ ভাইটি যাওঁতে মোক ইউনিভাৰ্চিটিৰ পৰাই লৈ যাবি। মই বেগ দাঙি দাঙি লৈ গৈ বাছত যাব নোৱাৰো।” আনকালে কিন্তু তাই সদায় বাছতেই অহা যোৱা কৰে! সেইবাৰ আকৌ তাই বেগখন দাঙিব নোৱাৰা হ’ল। মুঠতে বাহানা উলিয়াইছে দুয়ো ভায়েক বায়েকে। উপায় নাপাই ভাইটিকে কলোঁ বোলো তয়েই চলাই নিবি আৰু! সি আকৌ সেই সময়ত গাড়ী চলাবলৈ শিকা বৰ বেছি দিন হোৱা নাছিল। ওচৰ ঠাইত অনা নিয়া কৰিব পাৰে, দূৰ ঠাইলৈ যোৱা নাই এদিনো। যি নহওক, লৰা ছোৱালীহালক সন্তুষ্ট কৰিয়েই কৃষ্ণক চিন্তি গাড়ীখন লৈয়েই ওলালোঁ ঘৰলৈ। আগফালে ল’ৰাটো বহিল। ড্ৰাইভিঙ চিটত ভাইটি। মই পিছফালে। ছোৱালীজনীকো উঠাই ল’লো ইউনিভাৰ্চিটিৰ পৰাই। যেনেতেনে গাড়ীখন আগুৱাই লৈ গৈ আছে আৰু ভাইটিয়ে। আহি আহি শৰাইঘাটৰ দলং পাবলৈ হওঁতেহে লাগিল লেঠা। তেতিয়া নতুন দলংখন মুকলি কৰা হোৱা নাছিল। অহা যোৱা এখনেৰেই চলি আছিল। এবাৰ যদি যান-জঁট লাগে তেনেহলে আপুনি কমেও দুঘণ্টা ৰৈ থাকিব লাগিব দলঙৰ ওপৰতে।
সিদিনাও সাংঘাতিক যান-জঁটত সোমাই পৰিলোঁ আমি। দহ মিনিটৰ মূৰত দুই আঙুলকৈ আগুৱাব পাৰি। ভাইটি হ’ল নতুন ড্ৰাইভাৰ। এনেকুৱা অভিজ্ঞতা আগে পাছে পোৱা নাই সি। ৰখি ৰখি আগৰ গাড়ী অকনমান আগবাঢ়িলে সি আগুৱাবলৈ গাড়ী ষ্টাৰ্ট কৰে মানে ইতিমধ্যে মাজত দুখনমান বাইক সুমুৱাই দিয়েই নহয়! সি আগুৱাবলৈ নাপায়েই। সিফালে পিছৰ গাড়ীয়ে তীব্ৰ হৰ্ণ মাৰিয়েই আছে! কোনোবাই গালিও দিছে। কোনোবা বাৰ আকৌ তাৰ গাড়ীৰ ষ্টাৰ্টতেই বন্ধ হৈ যায়। বেচেৰাটোৰ ঘামি যামি অৱস্থা নাই ভয়ত, টেনশ্যনত । এনেকৈ হাতীয়ে মহে এঘণ্টামান যুঁজাৰ পিছত কোনোমতে যেনিবা শৰাইঘাটৰ দলংখন পাৰ হবলৈ সক্ষম হলোঁ। আমিনগাঁও পাৰ হোৱাৰ পাছতহে ভাইটিৰ মুখলৈ পানী আহিল। সি ক’লে, “এতিয়া শান্তি মতে লাহে ধীৰে গৈ থাকিম দেই।” আমিও তাৰ অৱস্থা দেখা পাই বোলো হ’ব দে লাহে লাহে গ’লেও হব ঘৰলৈ হে যাম! গতিকে গৈ আছোঁ লাহে ধীৰে, শান্তি মতে! ইমান শান্তি মতে গৈ আছোঁ যে অটোৰিক্সায়ো আমাক পাৰ হৈ গৈ আছে। ট্ৰেকাৰেও পাৰ হৈ গৈ আছে। পাৰিলে যেন চাইকেলখনেও পাছ পেলাই থৈ যাব! দেখি দেখি ল’ৰা-ছোৱালী দুটাৰ বিৰক্তি লাগিছে। বেছি সময় মনে মনে থাকিব নোৱাৰিলে আৰু সিহঁতে। মোমায়েকক কৈ কৈ স্পিদত গাড়ী চলাবলৈ বাধ্য কৰালে। যেতিয়া গাড়ী স্পিদত চলাবলৈ ললে তেতিয়া আকৌ সিহঁতৰ ডিৰেকচনো আৰম্ভ হল। নিজেতো চলাব নোৱাৰেই! মোমায়েকক ডিৰেকচন দি দি গৈ আছে। এনেকৈ নাযাবা, তেনেকে নকৰিবা। চাবা চাবা লাগিব! ইমান চাইডেৰে কিয় আনিছা? আগত গাড়ী আহি আছে লাগিব লাগিব! উহ্ পাগলৰ দৰে কিয় চলাইছা? অলপ লাহে লাহে যোৱা। এবাৰ যদি সি কয়, এবাৰ তাই কয়। জোৰত গলেও আপত্তি, লাহেকৈ গলেও আপত্তি। ভাইটিয়ে একো নমতাকৈ গাড়ী চলাই গৈ আছে। এনেদৰে আধামান ৰাষ্টা যোৱাৰ পিছত হঠাতে ভাইটিয়ে গাড়ীখন ৰাষ্টাৰ কাষলৈ নি ৰখাই দিলে। মই বোলো কি হ’ল? কিয় ৰাখিলি গাড়ী ! সি গাড়ীৰ পৰা নামি আহি খঙত ক’লে মই আৰু নোৱাৰো চলাবলৈ। মোৰ নিজৰেই ইমান টেনশ্যন। কেনেকৈ চলাই আহি আছোঁ মইহে জানো! আৰু তহঁতে বকি বকি মূৰটো গৰম কৰি দিছ। তহঁতেই চলাই যা বুলি কৈ থম থম মদন গোপাল হৈ ৰাষ্টাতেই থিয় দি থাকিল। মই বোলো আহ আহ খঙ কৰিব নালাগে। সি বোলে নাযাওঁ মই। ইফালে ওস্তাদি মাৰি অহা পুত্ৰ কন্যা দুয়োটায়ে যেন একো গমেই পোৱা নাই তেনে ভাবত চুপ চাপ বহি আছে। মই সিহতক দম দি কলোঁ যে গাড়ী চলাই থাকোঁতে যদি আৰু এটাও কথা কওঁ, তহঁতক নমাই থৈ যাম। সিহঁতে একো নমতাকৈ বহি থাকিল। কাবৌ কৰি কৰি শেষত যেনিবা ভাইটিক মান্তি কৰালোঁ। সি গাড়ী চলাই আহি আছে। আমিও কাৰো মাতবোল নোহোৱা কৈ আহি আছোঁ। আহি আহি ঘৰ পোৱাৰ পাছত ভাইটিয়ে বৰ দুখ মনেৰে কৈছে “গাড়ী হ’ল এখন ! ড্ৰাইভাৰ হল তিনিটা !!” তাৰ কথা কোৱাৰ ধৰণ দেখি মনে মনে আহি থকা আমি বোৰে হাঁহিত ফাটি পৰিলোঁ।
☆★☆★☆
7:53 pm
হাঁ হাঁ৷জমনি
7:57 pm
ধন্যবাদ নীলাক্ষী
7:57 pm
কথাটো সঁচা।আনে গাড়ী চলালে শিকাই থাকিব নালাগে।
3:35 pm
সচাই নালাগে ।ধন্যবাদ জনালো
10:36 am
বৰ ৰস পালোঁ বাইদেউ
3:35 pm
ধন্যবাদ দিপাংকৰ
6:22 am
আপোনাৰ কলমত আগ ৈল আৰু ৰসাল কথা শুনাৰ আশা কৰিলো..
লিখি থাকিব
6:46 am
মই নিজে ভাইটিৰ পজিশ্যনৰ মানুহ হৈ আছো৷বঢ়িয়া লাগিল৷