নৰেশ্বৰ কাইটিৰ স্মাৰ্ট ফোন – ঋতুপৰ্ণ শৰ্মা
নৰেশ্বৰ কাইটিৰ ঘৰ আমাৰ গাঁঁৱতে। সহজ সৰল হোজা গাঁঁৱলীয়া লোক। পিচে তেওঁৰ এটি গুণ আছে, যিটো গুণৰ বাবে গাঁৱৰ লোকসকল তেওঁৰ পৰা অলপ আঁতৰি থাকিব বিচাৰে। যিকোনো বিষয়তে হোৱাই নোহোৱাই নিজৰ পাণ্ডিত্য জাহিৰ কৰিবলৈ যায়। গাঁৱলীয়া ভাষাত ‘কামোৰ’। মোক পিচে কাইটিয়ে বেয়া নাপায়। কাৰণ আনবোৰৰ দৰে তেওঁক দেখিলেই মই আঁতৰি নাযাওঁ। তেওঁৰ লগত মনৰ ভাববোৰৰ আদান প্ৰদান কৰোঁ।
সিদিনা মোক দেখি তেওঁ ওচৰ চাপি আহিল।
: হৌৰা ডেকা ল’ৰা, খবৰ কিহে?
: আছোঁ দিয়ক কাইটি, মোৰ ভালেই। আপোনাৰ কেনে?
: আছোঁ দিয়া ঠিকঠাক। কথা এটা হ’ল নহয় ডেকা ল’ৰা। মই নতুনকৈ মোবাইল এটা ল’লোঁ।
তেওঁ লাজ লাজকৈ হাঁহি এটা মাৰি নতুনকৈ লোৱা স্মাৰ্ট ফোনটো দেখুৱালে। ছেমছাঙৰ নতুন মডেলৰ স্মাৰ্ট ফোন এটা।
: বাহ, ধুনীয়া লাগিছে দেই ফোনটো।
মই তেওঁক উৎসাহ দি ক’লোঁ।
: পিচে তুমি মোক সহায় দুটামান কৰি দিব লাগিব।
: কওকচোন কি সহায়!
: মোক ফেচবুক আৰু হোৱাটচ্ আপ্ কৰিবলৈ শিকাই দিব লাগিব।
: ফেচবুক একাউণ্ট খুলিবলৈ আপুনি পাঁচশ টকা লৈ বেংকত যাব লাগিব নহয়।
মই অলপ ধেমালি কৰিবলৈ ক’লোঁ।
: এই কৌতুকটোযে পুৰণি হ’ল আৰু দিয়া। এয়া চোৱা মোৰ ফোনত ফেচবুক আৰু হোৱাটচ্ আপ্ আছেই। তুমি কেৱল মোক অলপ কেনেকৈ এইবোৰ কৰিব লাগে সেয়া শিকাই দিয়া।
সেইবুলি তেওঁ মোলৈ ফোনটো আগবঢ়াই দিলে।ফেচবুকটো খুলি চালোঁ। পাচপৰ্ট ফটো এখনেৰে তেওঁ ইতিমধ্যে একাউণ্টটো খুলিছে। হোৱাটচ্ আপ্টোও সক্ৰিয় হৈ আছে। মই যিমানখিনি পাৰোঁ তেওঁক শিকাই দিলোঁ।
কেইদিনমান পিছৰ কথা। মোক বিচাৰি আবেলি তেওঁ মোৰ ঘৰ ওলালহি।
: চোৱাচোন ডেকা ল’ৰা। বৰ বেয়া কথা হ’ল নহয়।
: কিনো হ’ল আকৌ?
: হোৱাটচ্ আপ্ত পিটিকি থাকোঁতেই মানুহবোৰলৈ কিবা কিবি গুচি গ’ল নেকি! বৰুৱাৰ ঘৈণীয়েকেও আজি মোক কৈছে এইবোৰ চলাব নাজানিলে চলাবই নালাগে।
তেওঁৰ ফোনটো লৈ চালোঁ। তেওঁ অন্তৰ্ভুক্ত হৈ থকা গ্ৰুপ এটাৰ মেচেজ এটা বহুতলৈকে ফৰৱাৰ্ড কৰি দিয়া আছে। যিটো দিবনলগীয়া মেচেজ। আকৌ দেখিলোঁ ফটো এখন যিখনত লিখা আছে এশ জনলৈ সেইটো ফৰৱাৰ্ড নকৰিলে বিপদ অনিবাৰ্য। সেইটোও বহুতলৈকে পঠিওৱা দেখিলোঁ। ইয়াৰ পিছতনো মানুহে তেওঁক বেয়াকৈ নকৈ ভালকে ক’বনে!
: মোবাইলটো আপুনিয়ে চলাই নে আন কোনোবায়ো চলাই?
: মাজে মাজে মোৰ ভতিজাটোৱে চাই থাকে।
কামটো পিচে তেঁৱেই কৰিছিল নে ভতিজাকে কৰিছিলে গম নাপালোঁ। কেৱল সেই কামবোৰ কৰিলে যে মানুহে বেয়া পায় সেয়া বুজাই তেওঁক পঠিয়াই দিলোঁ। দুদিন মানৰ পিছৰ কথা। কাষৰ দাদা এজনে ফোন কৰিলে।
: কাইটিৰ ফেচবুক একাউণ্ট চাচোন। লাইভ হৈ আছে।
মই ফেচবুক খুলি অবাক। কাইটি লাইভ। তাকো শৰীৰৰ তলৰছোৱা। মানে সেউজীয়া গামোচা এখন পিন্ধি আছে। গামোচাখন আৰু ভৰি দুটা ওলাই আছে। লগে লগে কাইটিলৈ ফোন লগালোঁ।
: তৎক্ষণাত ফেচবুক বন্ধ কৰক। এইবোৰ কি লাইভ কৰি আছে?
: ক’তনো কি কৰি আছোঁ। মই ভিডিঅ ৰেকৰ্ডিংহে কৰি আছোঁ।
কাইটিয়ে আচলতে গমেই পোৱা নাই তেওঁ যে ফেচবুক লাইভ হৈ আছে। ভিডিঅ ৰেকৰ্ডিংহে কৰি থকা বুলি ভাবিছে। অবশ্যে মোৰ ধমক খাই তেওঁ লগে লগে সেইবোৰ বন্ধ কৰিলে।
☆★☆★☆
3:41 pm
হা হা হা, বৰ সুন্দৰ লাইভ হৈছিল চাগৈ সেইটো।
ভাল লাগিল পঢ়ি
10:48 am
হা হা… ধন্যবাদ দাদা।