ফটাঢোল

ফটাপ্ৰেম – ৰাজশ্ৰী শৰ্মা

তেতিয়া মানে নতুন নতুনকৈ ল’ৰা চাবলৈ শিকিছোঁ আৰু দেই। বৰ বঢ়িয়া বঢ়িয়া ৰোমাণ্টিক চিনেমাবোৰ চাই ভাল লগা বয়স আৰু। পিছে আমাৰ ঘৰততো কেবোল নাই, ডি ডি ওৱান আৰু ডি ডি টুত যি দিয়ে ধৰ্মেন্দ্ৰ, মিঠুন বা শত্ৰুঘ্ন সিনহাৰ চিনেমা তাকেই চাওঁ আৰু ভগৱানৰ প্ৰসাদ বুলি।

স্কুলৰ পৰা কিছুমান লগৰ ছোৱালীৰ প্ৰেম কাহিনীও শুনি আহোঁ, Archies ৰ কাৰ্ড পায়। কি ধুনীয়া ধুনীয়া কাৰ্ডবোৰ। কোনোবাই দিলেই যেন প্ৰেমত পৰি দিম, তেনেকুৱা ফিলিংচ আৰু দিয়কচোন। পিছে আমুকীৰ ঘৰত দুটা ৰুক্মবীৰ যে, গতিকে ভয়ো লাগে। এনেও দেখিবলৈও সুন্দৰী নহয় আৰু তেতিয়াৰ দিনত বাঁহৰ আগ এটাও চাগে মোতকৈ শকত হ’ব। কেতিয়াবা জোৰেৰে বতাহ আহিলে কাষৰ দাদাই চিঞৰে, “মাইনা। ধৰি আছ নে??? চাবি উৰি যাবি।”

তেনেতে দুহাজাৰ চনত ৰিলীজ হ’ল হৃত্বিক ৰৌশনৰ চিনেমা ‘কহো না প্যাৰ হে’। পিছে কোনেওতো নকয় আমাক। হ’লেও গধূলি সময়ত আমাৰ ওচৰৰ চ’ক দোকানৰ পৰা ‘কিঊ চলতী হে পৱন’ প্ৰভৃতি গান যেতিয়া ভাঁহি আহে, মনটো একেবাৰে উৰিয়েই যায় নহয়!

লগৰজনীয়ে ইতিমধ্যে তিনিটামান প্ৰপজেল পালে, মোৰ শূণ্য। অলপ ইজ্জততো লাগে আৰু দিয়কচোন।অলপ দুখ দুখ ফিলিংচ আহে, আইনা চোৱা বেছি হয়। চুলিখিনি এনেকৈ ল’লে মোক ভাল দেখিবনে, এইবাৰ চুলি পাৰ্লাৰত কাটিম। নহ’লে সদায় মায়ে বান্দৰে পিঠা ভগোৱাৰ দৰে নিজৰ কাপোৰ কটা কেঁচীখনেৰে টানি আজুৰি চুলি কাটি ষ্টাইলৰ মুন্দামাৰ কৰি দিয়ে। পিন্ধোও ইপিনে ৰুক্মবীৰহঁতে পিন্ধি পিন্ধি পুৰণি কৰা টি চাৰ্ট, চোলা, পেণ্ট। কোনেনো চাব মোক!

তেনেকুৱা দিনতেই এদিন মোৰ লগৰজনীয়ে আৱিষ্কাৰ কৰিলে যে, আমাৰ আগৰ ষ্টপেজৰ ল’ৰা এটাই মোক চায়। চায় মানে আমাৰ স্কুল বাছ সিপিনেৰে পাৰ হ’লে মূৰ দাঙি চায় আৰু। টিউচনলৈ গ’লেও চাইকেলেৰে দেখা হ’লোঁ লাহে লাহে। সি ক্লাছ টেনত,আমি এইটত। বয়সো মিলে আৰু!সি ইংৰাজী স্কুলত পঢ়ে, আমি পুৰণি চৰকাৰী বালিকা বিদ্যালয়ৰ ছাত্ৰী। ল’ৰাটো পঢ়াতো বেয়া নহয় বোলে, মেট্ৰিকত কমেও তিনিখনত লেটাৰ পাবয়ে বুলি সিহঁতৰ স্কুলৰ বা এজনীয়ে ক’লে।

এদিন শুনিলোঁ সি বোলে মোৰ নামো সুধিলে বা জনীক। মই আকৌ তাৰ পিছত হে চকু দিলোঁ দেই। সঁচাকৈয়ে তেতিয়াই বেছ ওখ পাখ হেনচাম ল’ৰা আছিল। চকুৱে চকুৱে পৰাত ভীষণ লাজ পালোঁ এদিন। কিন্তু ভালো লাগিছিল দেই মিছা নকওঁ, লাহে লাহে এনেকুৱা হ’ল যে স্কুল বাছৰ যিটো ছিটত বহিলে সি পুতুক কৈ দেখিব, সেইটো মোৰ পাৰ্মানেণ্ট ছিট হ’ল। লুকা চুৰিকৈ চাওঁ, সিও চায়। অলপ হঁহা যেন কৰে। চকুৱে চকুৱে পৰিলে কাৰেণ্টৰ শ্বক লগা যেন লাগে, সেয়াই আৰু।

এনেকৈয়ে গ’ল দুমাহমান। একো আগবঢ়া নাই, সিপিনে লগৰজনীয়ে এদিন চকলেটো পালে। হিংসা লাগিলেও উপায় নাই মোৰ। তেনেকৈয়ে স্কুল বাছেৰে চোৱা চুৱি কৰি কৰি তাৰো আমনি লাগিল হ’বলা। ছমাহমান যোৱাৰ পাছত তাৰ স্কুলত পঢ়া বা এজনীয়ে ক’লে বোলে, ‘ঐ তোৰ টোৱে স্কুলত এজনীক প্ৰপ’জ কৰিলে নহয়। ‘

মই বোলো ‘আআআ, কি নো কৱ য়ে। সি মোক এনেকা ধোকা দিলেনে।’

তাই বোলে, ‘অ আকৌ। কৈছে, “এহ তাই সৰু ছোৱালী, একো নাজানে। আজি ইমান দিনে চাওঁ, তাইৰ টিউচনৰ পিছে পিছে হাফ পেডেল চাইকেল মাৰি ভৰিৰ বিষ তুলিলোঁ। কোনোদিনে ভালকৈ হাঁহি এটাও নামাৰিলে, মাতাটো দূৰৰ কথা। লাভ নাই আৰু।”

মই বোলো, এট লিষ্ট সি এটা অকমাণি টেডীয়েই দিব পাৰিলেহেঁতেন! ভাল পাওঁ নাপাওঁ পিছৰ কথা। মানুহক দেখুৱাবলৈকে লাগে। মোৰ কাহিনীটো শুনি লগৰজনীয়ে এনেকুৱা হাঁহিলে, এনেকুৱা হাঁহিলে যে, মই খঙতে তাইৰ মাকৰ হতুৱাই তাই পৰীক্ষাত কম নম্বৰ পালে বুলি লগাই গালি খুৱাই হে এৰিলোঁ।

ঘৰত আহি শুই থাকিলো যাহঃ, এইবিলাক প্ৰেম চ্ৰেম সৱ মিছা বুলি জ্ঞান অকণ নিজকে দি। ৰাতি ভাতো নাখাওঁ বুলি ঠিক কৰিছিলোঁ, পিছে মায়ে আকৌ মাংস ৰান্ধিছিল। মই যদি নাখাওঁ, মোৰ ভাগটো ৰুক্মবীৰ দুটাই হে খাব! সেইকাৰণে ভাতো খালোঁ। এনে ফটাপ্ৰেম মোৰ, শান্তিৰে দুখো কৰিবলৈ নাপালোঁ হেৰৌ!……

☆★☆★☆

4 Comments

  • ডলী তালুকদাৰ

    হাঃ হাঃ !মাংসৰ আগত ট্ৰেজেদি নচলে।

    Reply
    • ৰাজশ্ৰী

      তাকেইতো বা।

      Reply
  • কমল তালুকদাৰ

    মাৰগুলি পেৰেম •• ট্ৰেজেদি ফালি কি লাভ

    মাংস হে মেইন । হা হা ••

    Reply
  • ৰামানুজ

    ৰুক্মবীৰ দুজন… !!আকৌ পঢ়িলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *