ফটাঢোল

লটিঘটি – ৰাজীৱ শৰ্মা

আজি পুৱাৰেপৰা মোৰ মনটো বেয়া। মানে দুখ লাগি আছে মাৰ কথা শুনি। অথনিয়েই আমাৰ পুৰণা ঘৰত মাৰ তত্বাৱধানৰ বাবে ৰখা ছোৱালী তৰাই ফোন কৰিছিল – “বৰমাৰ কিবা এটা হৈছে। একো নকয়ো, নাখায়ো। খালী উচুপি আছে”।

তেতিয়াৰেপৰা মোৰো মনটো মৰা। চাকৰিৰ খাতিৰত ঘৰৰপৰা বহুদূৰত আছোঁহি। লাগ বুলিলেই হঠাতে কোনোপধ্যেই ঘৰলৈ দৌৰ মাৰিব নোৱাৰো। তাতে অফিচৰ বচ বুলিও কথা এটা আছে। ময়েই যদি অফিচৰ নীতি-নিয়ম নামানি হোৱাই নোহোৱাই ছুটি লৈ ঘৰলৈ গৈ থাকো অফিচৰ বাকী কৰ্মচাৰীসকলৰো কামৰ প্ৰতি ধাউতি নোহোৱা হয়। আজি ইটো, কালি সিটো বিভিন্ন অজুহাত দেখুওৱাৰো সুযোগ ল’বলৈ বিচাৰে তেওঁলোকে।

আজিকালি ঘৰবোৰত এটা বা দুটা ল’ৰা-ছোৱালীৰ সংখ্যাটোও এই ক্ষেত্ৰত জগৰীয়া হৈ পৰিছে। বুঢ়া কালত মাক-দেউতাকক চাবলৈ কাষত কোনো নাথাকে, থাকিব নোৱাৰে। হয়তো একমাত্ৰ জীয়েকক বিয়া দি উলিয়াই দিয়ে বা দুজন পুতেক থাকিলে দুয়ো চাকৰিৰ তাগিদাত বনবাস খাটে। মোৰ দৰে একণীয়া হ’লেতো কথাই নাই। তথাপিও জোৰা-টাপলি মাৰি সময় উলিয়াই আছিলো। সপ্তাহে-পষেকে মাৰ ওচৰলৈ পাকটো মাৰোৱেই। তাতে বৰ্তমান মাৰ সাৰথি হিচাপে বৰ কামৰ ছোৱালী তৰা আছে। নিজৰ জীৰ দৰে মাৰ লগত আছে তাই। কিন্তু আজি অলপদিনৰপৰা মোৰ কাম বাঢ়িছে। সন্মুখত লোকসভাৰ নিৰ্বাচন। চৰকাৰী দায়িত্ব কমক চাৰি দিনে দিনে বাঢ়িছেহে। কাজেই সপ্তাহৰ মূৰত ঘৰলৈ যোৱা মানুহটো এইবাৰ মাহজুৰি যাব পৰা নাই।

হওঁতে ঘৰত লেণ্ডলাইন ফোন এটা আছে। মায়ে কিবা ক’বলগীয়া থাকিলে ফোন কৰে। কিন্তু হ’লে কি হ’ব! সেইটো মাহেকৰ বিশদিনমান মৰিয়েই থাকে। সেয়ে আগতেই মাক কৈছিলো – এইটো বাদ দিওঁ, মোবাইল এটা লৈ দিওঁ তোক। মায়ে মোবাইলৰ নামেই নুশুনে। সৰু, তাতে ব্যৱহাৰৰ কিটিপো ঢেৰ, নোৱাৰিব বোলে। ঘৰত মাৰ কণাৰ লাখুটি ছোৱালীজনীৰ হাতত এটা মোবাইল আছে। দৰকাৰত আজিকালি তাইলৈ ফোন কৰিও খবৰ-বাতৰি লওঁ।

কিন্তু সকলো খেলিমেলি হৈছে নিৰ্বাচনক লৈ। এইবোৰত লাগি লাগি এনেই মই ঘৰলৈ যাব পৰা নাই। এই সময়তহে আকৌ মাৰ জ্বৰ, কাঁহ হৈছে। কাজেই অনিচ্ছাস্বত্তেও মাক সিবাৰ ঘৰলৈ যাওঁতে মোবাইল এটা দি আহিছোঁ। মাক মোবাইল ব্যৱহাৰৰ প্ৰশিক্ষণৰ দায়িত্ব তৰাক দি। তৰায়ো নিজৰ দায়িত্ব সুকলমেই পালন কৰিছে। এসপ্তাহতে মাক দৰকাৰী সকলো শিকোৱাৰ উপৰিও ফেচবুক, হোৱাটচ্ এপৰো দৰ্শন কৰাইছে।

তাৰপাছতে অথন্তৰ। অথনি ফোন কৰি মাৰ খবৰ দিওঁতে মই তৰাক সুধিছিলো, কালি মায়ে কি কি কৰিছিল, কি খাইছিল ইত্যাদি ইত্যাদি। মোক অভয় দি তাই এইবোৰ একো অসুবিধা হোৱা নাই বুলি কৈছে। অসুবিধা মাত্ৰ মোবাইলটোক লৈ। “আপুনি ঘৰলৈ আহক মই সকলো ক’ম” – তাই কৈছিল। মই ভাবিলো মায়ে মোবাইলটো হাতৰপৰা পেলাই ভাঙিলে নিশ্চয়। এতিয়া মই কিবা কওঁ বুলি এনে কৰিছে। মই চিঞৰিলো – “তই মাক ফোনটো দেচোন, কথা পাতো।” তাই এইবাৰো মোক হতচকিত কৰি ক’লে – “মায়ে কালি গধূলিৰেপৰা মোবাইলটো হাতত লোৱাতো দূৰৰে কথা, তাৰ ফালে কেৰাহিকৈও চোৱা নাই। গাৰুটোৰে ঢাক মাৰি থৈ দিছে।” মই বোলো, “কালি মাক মোবাইলটোত তই কিবা ভয়লগা ফটো-চটো দেখুৱাইছিলি নিশ্চয়।” তাই চিঞৰি উঠিল – নাই দেখুউৱা এনে একো। মাথোন মাৰ নামত খুলি দিয়া ফেচবুক একাউণ্টটোত বোলে মোৰ ফটোখন দেখুৱাই ফ্ৰেণ্ড ৰিকুৱেষ্ট এটাহে পঠিয়াইছিল।

আচৰিত কাৰবাৰ। কিয় এনে কৰিছে মায়ে! মোৰ ফটোখনতেই বা এনে কি দেখিলে যে একেবাৰে ভাত-পানী এৰি কান্দিব লগা হ’ল। এনেকুৱাতে য’ৰে চাকৰি ত’তে এৰি ঘৰলৈ গুচি যাবলৈ মন যায়। খালী বাস্তৱতহে কৰা নহয়গৈ, মানে কৰিব নোৱাৰোগৈ। ভবিষ্যতৰ কথাই সদায় এই যাত্ৰাত বিধি-পথালি দিয়ে।

আবেলি আকৌ এবাৰ ফোন কৰিলো মালৈ। নাই, বহুবাৰ ৰিং হোৱাৰ পাছতো মায়ে ফোন নুঠালে। চিন্তাত মোৰ কপালৰ গাঁঠি থুপ খালে। কি কৰো, ক’লৈ যাওঁ এইবোৰ ভাবি থাকোতেই ঘৰৰপৰা ফোন আহিল। মোবাইলটো থাপ মাৰি হেল্লৌ বুলি জোৰকৈয়ে চিঞৰি উঠিলো। নাই মা নহয়, তৰাহে। মাতটো থোকাথুকি কৰি তাই ক’লে – “আপুনি এবাৰ ঘৰলৈ আহক ছাৰ, মায়ে এতিয়াও একো খোৱা নাই। উচুপিয়েই আছে।”

যি হয় হ’ব বুলি অফিচৰ কাম সামৰি ঘৰলৈ গাড়ী দৌৰালো। মই গৈ পোৱালৈহে যেন মায়েও বাট চাই আছিল। মোক দেখিয়েই গবা মাৰি ধৰি বিননি জুৰিলে। এইবাৰ মই সঁচাই ভয় খাই গ’লো। কি হ’ল! কোনোবাই মোৰ বিষয়ে মাক বেয়াকৈ কৈছে নিশ্চয়।

অলপ সময়ৰ পাছত মা সুস্থিৰ হ’ল। তথাপিও মোৰ চকুত চকু থৈ কাতৰ স্বৰেৰে সুধিলে, “তই তাত কি চাকৰি কৰ? ইমান পঢ়ুৱাই-শুনাই এয়াহে হ’লগৈ তোৰ? মই বেয়া পাম বুলি নে দুখ কৰিম বুলি তই মোৰ আগত নিজকে অফিচাৰ বুলি কৱ! ইমান পঢ়ি-শুনি তই চকীদাৰহে হ’লিগৈ! কালি তৰাই ফেচবুক নে কি সেইটোত তোৰ ফটোখন দেখুওৱাতহে মই আচল কথাটো গম পালো। তোৰ নামৰ আগত সেইটো মানে চকীদাৰটো ট ট কৈ জিলিকি আছে। এতিয়া তয়েই কচোন, এইটো জনাৰ পাছত মই নাকান্দি কি কৰিম?”

ইপিনে মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ।

☆★☆★☆

8 Comments

  • ramanuj

    মজ্জা দেই !

    Reply
  • দিম্পল

    মজা লাগিল এইটো?

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • নিহাৰ ৰঞ্জন ভূঞা

    ধুনীয়া হৈছে।।। ভাল লাগিল কাহিনীটো!!!???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *