আইনা ভঙাদি ভাগিব হিয়াখনি…… — দিপাংকৰ চৌধুৰী
ভাগিল মানে দুফাল-ফালকৈ ভাগিল মোৰ কলিজাডালি। লগৰজনে বুজাইছিল, “প্ৰেমত নপৰিবি বুজিছ। একদম কামোৰ অ’!”মই মনতে ভাবোঁ, “বেটা কমটি আপোনপেটীয়া নহয়। অমৃত খাই মোক মিছাতে বিহ বুলি ভয় খুৱাইছে চা।”
সঁচাকৈয়ে বৰকৈ মন গৈছিল, দোৰঘোৰ প্ৰেমত পৰিবলৈ। এই প্ৰেমৰ বেমাৰটো সংক্ৰমিত হৈছিল মোৰ সহকৰ্মী এজনৰ পৰা। সি যেতিয়া একেলগে বাছত এটা চিটত প্ৰেয়সীৰ সৈতে অহা যোৱা কৰিছিল, বিদ্যালয়ৰ জিৰণিৰ সময়ত যেতিয়া ইটোৱে সিটোৰ টিফিন খালে নে নাই সুধি খবৰ লৈছিল আৰু প্ৰেমালাপত মগ্ন হৈ আছিল,ঠিক সেই সময়তে মোৰো হৃদয়খনে তেনেকুৱা কিবা এটা বিচাৰি হাহাকাৰ কৰি উঠিছিল। সন্মুখতে কোনোবাই মাছে-মঙহে দগৰি খাই আছে আৰু মই যেন লোভেৰে চাই চাই ব্ৰত পালি আছোঁ।
কিন্তু মনে যিমানেই বিচাৰক যেনিবা এই প্ৰেম বোলা বস্তুটো আৰু প্ৰেয়সী নামৰ পদাৰ্থবিধতো আমাৰ বীৰেণ কাইৰ গেলামালৰ বস্তু নহয় যে পইচা দিম আৰু কিনিবলৈ পাম। গতিকে কবিৰ ভাষাত “প্ৰেম আহে সংগোপনে আৰু নীৰৱে” এই কথাষাৰকে সাৰথি কৰি কিছুদিনলৈ অপেক্ষা কৰি ৰলোঁ।
এনেকৈ কিছুদিন যোৱাৰ পিছত, আমাৰ কৰ্মস্থলী বিদ্যালয়লৈ ঘৰৰপৰা বহুদূৰ হোৱা হেতুকে আমি ভাড়াৰুমত থকাৰ ব্যৱস্থা কৰিছিলোঁ। ভাড়াৰুমৰ ওচৰতে আমাৰ লগত সদায় একেলগে বিদ্যালয়লৈ অহা-যোৱা কৰা দুগৰাকী বান্ধৱীও আমাৰ ওচৰতে ভাড়াত আছিল। বিদ্যালয়কেইখন একেই চেণ্টাৰত থকা হেতুকে আমাৰ মাজত এটা ভাল বন্ধুত্বও গঢ়ি উঠিছিল।
অহ্ মোৰ মনত কিন্তু তেতিয়ালৈও সেই প্ৰেম নামৰ ৰোগবিধৰ অভাৱে বাৰুকৈয়ে পীড়া কৰি আছিল। লাহে লাহে মই বেছিকৈয়েই অশান্তি পাবলৈ লৈছিলোঁ ,যেতিয়া ৰুমমেটেও সহকৰ্মীক গোটেই নিশা প্ৰেয়সীৰ লগত ফোনত মনৰ কথা পাতি থকা দেখিবলৈ পাইছিলোঁ। কেতিয়াবা ৰাতি টোপনি যোৱাৰ ভাও ধৰি সিহঁতৰ কথাবতৰাবোৰ শুনিবলৈ বহু চেষ্টাৰ মূৰতো যেতিয়া অসফল হৈছিলোঁ আৰু বিনিময়ত টপৰ টপৰকৈ খোৱা চুমা কেইটামানৰ শব্দহে শুনিবলৈ পাইছিলোঁ, তেতিয়া মোৰ এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল সেই যে ভৰ বাৰিষাৰ নদীৰ মথাউৰিকেইটা জোৰ জবৰদস্তিৰে নভঙাকৈ ৰখাৰ বৃথা চেষ্টা কৰা আৰু মোৰ দুচকুৰ পানীকো ওলাই নাহিবলৈ ঠিক তেনেকুৱা কৰাৰ দৰেই হৈছিল। হায়ৈ ! মোৰনো এইখন কপাল নে চোতাল ! প্ৰেম কৰি টোপনি ক্ষতি কৰিছিল সি আৰু মই কি কৰিছিলোঁ ! গোটেই ৰাতি বিৰহত চটফটাই মৰিছিলোঁ আৰু তেনেকুৱা ৰাতিবোৰতেই নিজকে নিজেই প্ৰতিজ্ঞাবদ্ধ কৰিছিলোঁ যে ময়ো প্ৰেম কৰিমেই কৰিম।
এনেদৰে সদায় ৰাতি নিজকে বুজাই আত্ম-সন্তুষ্টি লভোঁ আৰু ৰাতিপুৱা হ’লে পুনৰ সেই একেই নিত্য-নৈমিত্তিক ঘটনা। নতুনত্ব একো নাছিল। নাটক একেই, সেই স্কুললৈ যোৱা আৰু অহা। এনেদৰে এদিন ৰাতিপুৱা বিদ্যালয়লৈ যাবলৈ ওলাই আহিছোঁহে, হঠাৎ স্পীদব্ৰেকাৰ এটা দেখি ব্ৰেক মাৰি দেখিলোঁ যে দুগৰাকী মেখেলা-চাদৰ পৰিহিতা ছোৱালীয়ে মালিকৰ ঘৰৰপৰা দুখন চাইকেল উলিয়াই মোৰ লগৰ এজনীক নামকাঢ়ি মাতিবলৈ ললে -“ঐ জোনালী,আজি স্কুললৈ নোযোৱা নেকি?”
“অহ্ যাম যাম।আজি দেৰিয়েই হৈ গ’ল অ, তহঁত আহিয়েই পালিচোন।”
“৯ বাজিবলৈ ১৫মিনিটহে বাকী এতিয়া, দেৰিতো হলেই। ঠিক আছে তহঁত যাবি পিছে। আমি গৈ থাকো এতিয়া।”-এইবুলি কৈ চাইকেল চলাই গুচি গৈছিল।
“মেৰে চপনৌ কী ৰাণী কব আঔগী তু”–বুলি হুমুনিয়াহ কাঢ়ি মই যেতিয়া ভাগৰি পৰিছিলোঁ। অৱশেষত আহি মোৰ সন্মুখত চপনৌকী ৰাণী।
পিছপিনৰ পৰা বাঘঢকা এটা দিলেহি লগৰটোৱে, ভাগ্যে নপৰাকৈ থাকিলোঁ। ক’লে-“কি ব্যে ভাই! কিবা চোন কে’চটো বেলেগ লাগিছে। ৰাতিলৈ ব্ৰইলাৰ আধাকেজি আনি খুৱাব পাৰ যদি ফিটিং কৰি দিব পাৰোঁ মই।”
“কম একেবাৰে মেনেজ মাষ্টৰতো! নিজৰ জনীকে চম্ভালি থাক ব্যে আৰু তই কি মোক তোৰ দৰে পাইছ নেকি!এনি টাইম ডুবি থাকিবলৈ !”
“এহ্ হ’ব দে, লুকুৱাই লাভ নাই। ভাল লাগিছে যদি সোনকালে কিবা এটা কৰ, সুযোগৰ সদব্যৱহাৰ কৰাটোহে জ্ঞানী লোকৰ কাম ভাই।”
“হ’ব দে ইমান দৰ্শন দিব নালাগে, ব’ল সোনকালে স্কুললৈ এনেও দেৰি হৈছে আজি। ঐ তহঁতৰ হ’লনে নাই এ, আমি আহিলোঁ দেই।”
-আমাৰ লগে লগেই জোনালীহঁতো ওলাই আহিছিল। ইফালে গাড়ীত বহি বিদ্যালয়লৈ যোৱা গোটেই বাটচোৱা তথা বিদ্যালয়ত থকাৰ সময়খিনিতো গোটেই কথাবোৰ ভাবি মনৰ মাজত হাই ভল্টেজৰ ভাৰত-পাকিস্তানৰ মাজত চলি থকা ক্ৰিকেট খেলখনৰ দৰেই যুঁজ এখন কৰি থাকিলোঁ আৰু লগতে ভৱিষ্যতৰ সপোনবোৰৰ বাবে কাউণ্ট ডাউন ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া কথাটো ক’ম কাক? লগৰটোক নে জোনালীক? না না লগৰটোক ব্ৰইলাৰ কিনি আনি বনাই খুৱাওতকৈ জোনালীক ক’লে তাইৰ বিষয়ে গোটেই আটিগুৰি মাৰিয়েই জানিব পাৰিম। প্ৰথমটোত অৰ্থনৈতিক দিশ তথা দৈহিক পৰিশ্ৰমো জড়িত হৈ আছে আনহাতে দ্বিতীয়টোত খুব বেছি দুটা চকলেট ঘোচ দিয়েই চোন মিছন চাকচেচ কৰিব পাৰি। গতিকে সাতে পাঁচে বাৰ একে তেৰ অংকটো কৰি লৈ পেলালোঁ সিদ্ধান্ত ফুল এণ্ড ফাইনেল।
প্ৰেমৰ লুডুখেলখন খেলিবলৈ মনস্থ কৰি পেলালোঁ। ইতিমধ্যে মোৰ পচন্দৰ গুটিটো যিহেতু পাইছোঁ, গুটি গজাবলৈ চেষ্টা কৰিব লাগে।
ৰুমলৈ আহিয়েই ভাত পানী খাই বৈ কিছু সময় জিৰণি লৈ লগৰ কেইজনীৰ ৰুমলৈ যাবলৈ সাজু হলোঁ।ওচৰতে থকা দোকানখনৰ পৰা দুটা ২০টকীয়া দামৰ কিটকেট চকলেট ও লৈ আনিলোঁ, মুঠতে জোনালী জনীক পাকেপ্ৰকাৰে পটাই সৈমান কৰিব পাৰিলেই মোৰ অতদিনে মিলাব নোৱাৰা অংকটোৰ সমাধান ওলাই যাব।ৰুমলৈ গৈয়েই টো নাটকখন আৰম্ভ কৰিব নোৱাৰি ন! প্ৰথমতে পৰিৱেশ সৃষ্টি কৰিবলৈ এনেই এখন নৃত্যনাটিকা কৰিবলৈ ধৰিলোঁ বিদ্যালয়ৰে ইটো সিটো, ছাত্র-ছাত্ৰীকে আদি কৰি কিছুমান প্ৰাসংগিক কথা লৈ। তাৰ পিছতে লাহেকৈ সুবিধা বুজি সুধিলোঁ-“ঐ আজি ৰাতিপুৱা সেই দুগৰাকী কোন আছিল নো?টেটেনী নেকি?”
“অহ্ টেটেনী আকৌ, মোক মাতি থকাজনী ‘শেৱালি’ আমি কলেজমেট আছিলোঁ আৰু এজনী আমাতকৈ জুনিয়ৰ আছিল। আমি খুব ক্লজ। কিয় তুমিচোন বৰকৈ ইন্টাৰেষ্ট দিছা?”
“ইণ্টাৰেষ্ট দিয়া যাবই আকৌ! দস্তুৰমত ধুনীয়া বস্তুলৈ চকু যাবই! তাতেই একেবাৰে সাজি কাচি মাষ্টৰনী হৈয়েই আহিছে। তহঁতৰ দৰে সেই চেলোৱাৰ কামিজত অহা নাছিলতো।”
“এস্ ! হৈছে বেছিয়েই হ’ল তোমাৰ গুণাণুকীৰ্তন।ইমানেই ভাল লাগিছিল যদি তাইৰ আগতেই বখানিব লাগিছিল আকৌ!অলপ ইম্প্ৰেচনটো ও বঢ়াব পাৰিলা হয়। তেতিয়া হ’লে আমাৰ ৰুমলৈ এই চকলেটকেইটাও ঘোচ হিচাপে লৈ আহিব লগীয়া নহ’লহেঁতেন। আমি মুখ মেলিলেই গৰ্ভ চিনি পোৱা মানুহ বোপাই, কাৰণ সেই পুখুৰীৰ পানীত আমিও সাতুৰী নাদুৰি থৈ আহিছোঁ।”
তাইৰ কথাশুনি ইফালে মোৰ লাজতে গালকেইখন ৰঙাচিঙা পৰি, তাইৰ চকুত একেবাৰে ধৰা পৰিয়েই গৈছিলোঁ। সেয়েহে কথাবোৰ লুকুৱাই নাৰাখি খোলা-খুলিকৈয়েই পাতিছিলোঁ আৰু শেৱালিক চিনাকি কৰাই দিয়াৰ কথা কৈছিলোঁ।
এদিন সঁচাকৈয়ে মোৰ লুডুগুটি গজিল। জোনালীৰ কৃপাদৃষ্টিত আমাৰ দুয়োৰে ভালদৰেই দেখা সাক্ষাৎ হৈছিল আৰু নম্বৰৰ পিছত নম্বৰ পৰি জখলা বগাই বগাই মই অলপ দিনতে গুটি পকাবলৈ গৈ আছিলোঁ। ফোনৰ মাধ্যমেৰে আমি বহুত সোনকালে ইটোৱে সিটোৰ বেছি ওচৰ চাপিবলৈ সক্ষম হৈছিলো আৰু হিয়া দিয়া নিয়া ইতিমধ্যে হৈ গৈছিল। কেতিয়াবা বিদ্যালয় ছুটীৰ পিছত ৰিপোজৰ ফাইন ডাইনিংত বহিছিলো যদি কেতিয়াবা পাৰ্কত বা কেতিয়াবা বজাৰ সমাৰো কৰিছিলোঁ একেলগে।সময়বোৰ খুব সুন্দৰ গতিত এক ধুনীয়া লয়ত গৈ আছিল।ৰুমত থাকিলে আমাৰ লগ কৰাত অসুবিধা হয় বাবে মাজে মাজে শেৱালিৰ ঘৰৰ পৰা ৫কিমি মান দূৰত্বৰ বন্ধু এজনৰ ঘৰত থাকিও ডেটৰ সুবিধা মিলাই লৈছিলোঁ। বন্ধুজজনৰ বিদ্যালয়খন আৰু মোৰ বিদ্যালয়খন প্ৰায় ওচৰতে অৱস্থিত হোৱা হেতুকে আমাৰ মাজত বন্ধুত্ব ও বৰ গাঢ় হৈ পৰিছিল সোনকালে যিটোৱে মোক সহজতে শেৱালিক লগ পাই থকাত সহায়হে কৰিছিল। এই সুযোগৰ সদব্যৱহাৰ মই খুব ভালদৰেই কৰিছিলোঁ।বন্ধুজনেও খুব সহায় কৰিছিল দুয়োকে লগ কৰাই দিয়াত, সি ইতিমধ্যে আমাৰ সকলোবোৰ কথাই গম পাইছিল কিয়নো কোনো এটা কথা লুকাই চুৰকৈ কৰা নাছিলোঁ। মানে সি আছিল আমাৰ প্ৰেমৰ লুডুখেলৰ দৰ্শক।
এনেকৈ আমি প্ৰেমত মজি থকাৰ সময়তে মোৰ চাকৰি স্থায়ীহোৱাৰ সূত্ৰে বেলেগ এখন জিলালৈ যাবলগীয়া হোৱাত কথাবোৰত যেন আউল লাগি গৈছিল। চাকৰি স্থায়ী হোৱাৰ এই খবৰটোৱে আমাক বহু পৰিমাণে সুখী কৰিছিল যদিও ইটো সিটোৰ পৰা বিচ্ছিন্ন হোৱাৰ দুখত বহু কষ্ট ও পাইছিলোঁ। তথাপিও সপ্তাহৰ মূৰত নহলেও মাহেকত এবাৰ হলেউ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গুচি গৈছিলোঁ নতুন জিলা এখনলৈ শিক্ষকতা কৰিবলৈ।
প্ৰথম কেইদিনমান মই নতুন ঠাই এখনত গৈ এদজাষ্ট হবলৈ লওতে অলপ সময় লাগিছিল লগতে নিজক অলপ সময় দিবলগীয়া ও হৈছিল। সেয়েহে শেৱালিলৈ ফোন কৰিছিলো যদিও আগৰ তুলনাত কমি গৈছিল। ভাড়া ৰুমত যথেষ্ট সময় পাইছিলোঁ বাবে কেইটামান ঘৰুৱা টিউচনৰো যোগাৰ কৰি দিছিল বিদ্যালয়ৰে প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে। এইটোও এটা কাৰণ যিটোৱে শেৱালি লৈ ফোন কৰাত কমি গৈছিল। যাৰ বাবে আমাৰ মাজত বহুকেইদিন কথাৰ তৰ্কাতৰ্কি তথা কাজিয়া পৰ্যন্ত হৈছিল।সেই সময়ত আমাৰ মাজত মধ্যস্থতাকাৰী হিচাপে থিয় হৈ আছিল সেই বিশ্বাসী বন্ধুগৰাকী।লাহে লাহে তাইৰো ফোন অহাটো কমি গৈছিল, প্ৰথম কেইদিনমান ভাবিছিলোঁ তাই চাগে অভিমান কৰিছিল। কিন্তু লাহে লাহে মোক যেন এক সন্দেহৰ ঢৌৱে বুকুত বৰকৈ খুন্দিয়ালৈ ধৰিছিল। “চকুৰ আঁতৰ হ’লে যে মনৰো আঁতৰ হয়”-এই কথাষাৰি লাহে লাহে মোৰ ক্ষেত্ৰত যেন প্ৰমাণ হবলৈহে গৈ আছিল। কেতিয়াবা ফোন কৰিলে ফোন ৰিচিভ নকৰে বা কৰিলেও ভালকৈ ৰেচপন্দ নকৰে। এই কাণ্ডবোৰে মোৰ মনতে বেছিকৈয়েই সন্দেহৰ বীজ বঢ়াই তুলিছিল। শেৱালিক বুজাবৰ বাবে একমাত্ৰ সেই বিশ্বাসী বন্ধুজনক ফোন কৰিলে ব্যস্ত পোৱাৰ সমান্তৰালকৈ সেই একেই সময়তে শেৱালিকো ব্যস্ত পাবলৈ ধৰিলোঁ। সেই সময়খিনিত মোৰ দেহৰ মাজেদি যেন ১০০ভল্টেজৰ বিদ্যুৎ পাৰ হৈ গৈছিল, ঠিক তেনেকুৱা অনুভৱ হৈছিল। নিজকে নিজেই এইবুলি সান্তনা লভো যে নাই নাই সি এনেকুৱা এটা কাণ্ড কৰিব নোৱাৰে,দস্তুৰমত সি মোৰ বিশ্বাসী বন্ধু। বিশ্বাসঘাতক অন্ততঃ সি হব নোৱাৰে।
তথাপিও এই সন্দেহ চিৰদিনৰ বাবে নোহোৱা কৰিবলৈ মোৰ আগৰ সহকৰ্মী ও ৰুমমেট আৰু জোনালীলৈ ফোন কৰি চিআইডি ইনভেষ্টিগেচন এটা চলাই দিলোঁ।
তেতিয়াহে গম পালোঁ ইতিমধ্যেই মোৰ বিশ্বাসী দৰ্শক বন্ধুৱেও লুডুখেলত এনট্ৰি মাৰিলে। জখলাত উঠি গৈ থকা মোৰ প্ৰেমত বিয়াগোম সাপৰ ভূমিকা পালন কৰিলে আৰু ৯৯ ৰ ঘৰত সেই সাপডালে মুখমেলি ৰৈ আছিল । সেই মুখেৰেই মোৰ প্ৰেম আহি ১ৰ ঘৰত থকা তাৰ নেগুৰ পালেহি।
শেষত ৰক্ষকেই ভক্ষক হ’ল। মোৰ বন্ধুৰ লগত প্ৰেয়সীৰ শুভবিবাহ হৈ গ’ল। কেতিয়া কি হ’ল মই পাত্তাই নাপালোঁ।
ময়ো সিমানতে লুডু সামৰিলোঁ। এবাৰ সাপে খুটিলে কেঁচুলৈও ভয়। মোৰো তেনে হ’ল। কিয় জানো লুডুখেল খেলিবলৈ আজিও মই ভয় কৰোঁ।
পিছৰ পৰিৱেশটো আৰু বহুত বেছি দুখলগা আছিল। বৰ্ণনা কৰিলে হয়তো আপোনালোকৰ পঢ়ি থকা সময়ত বহুতৰে হাৰ্ট-এটেক হৈ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। গতিকে ইমান হেভী ৰিস্ক ল’ব নোৱাৰিটো। সেয়েহে ইমানতে মোৰ ফটাপ্ৰেমৰ সমাপ্তি ঘোষণা কৰিলোঁ।
☆★☆★☆
2:08 pm
দুখহে লাগিল
2:25 pm
আয়ৌ মোৰ ভাইৰ এনে অৱস্থা হৈছিল৷দুখ লাগি গ’ল পাই৷
2:41 pm
চকুপানী ওলাই গ’ল হে, হা হা হা।
ভাল লাগিল পঢ়ি দীপাংকৰ
2:50 pm
ৰৰ্ডপাৰ্টি থাকিলেই পয়মাল। সমবেদনা জনালোঁ। সুন্দৰ লিখনি??????
4:48 pm
কান্দিয়ে দিলোঁ
8:16 am
কিছু লিখিছ। বিশেষকৈ flow. ভাল লাগিল।