চিঠিবোৰ আৰু মই — সৱিতা গোহাঁই গগৈ
“তোমাৰ হেনো নাম পত্ৰলেখা, পত্ৰ তুমি নেলেখা হ’লাহয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই!!”
শিক্ষয়িত্ৰী আছিলোঁ৷ শ্ৰেণীত বহুত চিঠি লিখিবলৈ শিকাইছিলোঁ৷ পৰীক্ষাৰ বহী চোৱাৰ পৰা শ্ৰেণীত লিখিবলৈ দিয়ালৈকে, বিভিন্ন ৰকমৰ চিঠি পঢ়াৰ অভিজ্ঞতা হৈছিল ৷ প্ৰেমপত্ৰবোৰ একা ! তাৰেই এখন পত্ৰৰ কথা আজীৱন মনত থাকি গ’ল৷ ছাত্ৰজন আছিল সপ্তম শ্ৰেণীৰ৷ ছাত্ৰী আছিল পানবজাৰ ছোৱালী বিদ্যালয়ৰ৷ প্ৰেমৰ গজালি গজাৰ বয়স৷ ছোৱালীজনীয়ে ল’ৰাটোলৈ লিখা চিঠি৷ চিঠিখনৰ কথাবোৰ আছিল এনেধৰণৰ ৷
“তুমি যদি মোক পাবলৈ বিচৰা, তুমি এইটো কৰিব লাগিব, এইটো নালাগিব৷” নম্বৰ দি দি লিখা কথাবোৰৰ পৰা, তেতিয়াই তাই প্ৰমাণ কৰিছিল যে, ছোৱালীবোৰ মানসিক ভাবে কিমান সবল৷ কথাবোৰ এতিয়া যদিও সম্পূৰ্ণকৈ মনত নাই, তথাপিও দুটামান কথাই হৃদয় চুইছিল৷ তাৰে এটা আছিল যে “তুমি আগলৈকে কেতিয়াও মদ আৰু চিগাৰেট খাব নোৱাৰিবা৷ ভালকৈ পঢ়ি-শুনি ভাল মানুহ হ’বলৈ যত্ন কৰিব লাগিব৷ তাৰবাবে তুমি এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰিব লাগিব৷”
এই চিঠিখন মই শ্ৰেণীত পঢ়ি শুনাই দিছিলোঁ৷ তেওঁলোকক কৈছিলোঁ, এতিয়া ভালকৈ পঢ়, জীৱনটো গঢ়ি ল ৷ সময়ত বাৰু ময়ে আগ- ভাগ ল’ম ৷ কলেজিয়েট দৰাঘৰীয়া হ’ব, আৰু মই মোৰ ভনীজনীক ক’ম ছোৱালীঘৰ( টিচি স্কুলৰ শিক্ষয়িত্ৰী যে তাই) হ’বলৈ৷
আন এদিনৰ কথা৷ লে’জাৰৰ সময়তে ‘কমন ৰুম’তে ঘুনুক-ঘানাককৈ কথাটো ওলাল৷ নৱম মানৰ ল’ৰা এজনে হেনো চিঠি এখন বিদ্যালয়ৰ ফুলনিৰ খুটা এটাৰ মাজতে (ফটা বাহ) আনে নেদেখাকৈ লুকুৱাই থৈছিল৷ কিন্তু বেচেৰাৰ বেদ লাক আছিল৷ লগৰে কোনোবা বিসম্বাদীয়ে কথাটো আহি হাই-কমাণ্ড মানে হে’ড ছাৰক জনাই দিলে৷ ল’ৰাজনক মতাই অনা হ’ল৷ চিঠিখন সকলোৰে আগতে জোৰে-জোৰে পঢ়িবলৈ দিয়া হ’ল৷ কথাবোৰ আখৰে-আখৰে মনত নাই যদিও মূল কথাখিনি আছিল এনেধৰণৰ—, ল’ৰাটোৰ ককায়েকে সিহঁতৰ পিৰিতিৰ কথা গম পাইছে৷ আগ দিনা হেনো ঘৰত অলপ পিঠিত ফুল বছাও হ’ল! গতিকে আজি তাৰ মন বেয়া৷ পাৰিলে আবেলি আম গছেই নে আমলখি গছেই, তাৰ তলতে লগ পাবলৈ মাতিছিল! চিঠিখনৰ পৰা এটা কথা স্পষ্ট যে সিহঁতে আগতেও চিঠিৰ আদান-প্ৰদানৰ বাবে সেই বাঁহডালকে নিৰ্বাচন কৰি লৈছিল৷ হাতে-হাতে দিব নোৱাৰে, কিয়নো ছোৱালীজনী অষ্টম শ্ৰেণীৰ, তাকো পাণ বজাৰ গাৰ্লচৰ৷ স্কুল ছুটি দিয়াৰ সময়ো বেলেগ৷ লগতে বাঁহডাল আমাৰ স্কুলৰ ‘বাউণ্ডেৰী’ৰ বাহিৰৰ পৰাই ঢুকি পায়! এতিয়া ভাবি ভাল লাগে, সিহঁত দুয়ো ‘হেপ্পিলী মেৰিড’!
নীলা ইনলেণ্ড লেটাৰ আৰু হালধীয়া এন্-ভলপৰ বুকুৱে বুকুৱে কঢ়িয়াই অনা সেই মৰম চেনেহবোৰ এতিয়া পাহৰণিৰ গৰ্ভত। মৰমেৰে আৰম্ভ হোৱা আখৰবোৰৰ ইতি পৰিছিল মৰম পঠিওঁৱা জনৰ নামেৰে৷
আগতে জৰুৰী বাৰ্তা কঢ়িয়াই অনা টেলিগ্ৰামখনতো দুটামান আখৰ বেছিকৈহে থাকে, কিন্তু এতিয়া মাক দেউতাকে সোধা প্ৰশ্নৰ উত্তৰ আহে এটা বা দুটা শব্দত। কোনোবাই আকৌ সেই শব্দ কেইটাতকৈ মনৰ ভাব প্ৰকাশ কৰা ষ্টিকাৰ ব্যৱহাৰ কৰিহে ভাল পায়। বুজাই বুজি পালে, নুবুজাই ষ্টিকাৰটো চায়েই সন্তুষ্টি লভিলে।
আজিৰ সকলেতো অনুমানো কৰিব নোৱাৰিলে আমি তাহানিতে পঢ়া সেই চিঠিবোৰৰ মধুৰতা, আকুলতা। ডাকোৱাললৈ অপেক্ষা কৰা, তেওঁক দেখিলেই মনটো ভাল লগা মুহূৰ্তবোৰ নাইকিয়া হ’ল।ডাকোৱাল সংক্ৰান্তত ক’ত ৰচিত হৈছিল বিখ্যাত কবিতা ,” ৰাণাৰ ছোটেছে ৰাণাৰ…খবৰেৰ বোঝা হাতে…”খগেন মহন্তদেৱৰ ” অ হেৰ ডাকোৱাল খোজ কিয় কোবাল ..”” কলৰে পাততে কাউৰী পৰে, আগলতী …চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেল কঢ়িয়াওঁ ..মোৰ হে চেনেহীয়ে কিনো ভাবিছে , তাৰ একোগমকে নাপাওঁ”
আৰু লুকুৱাই চোৰকৈ পঢ়া প্ৰেমপত্ৰবোৰ? নীলা ইনলেণ্ড লেটাৰবোৰ নোখোলাকৈ পঢ়াৰ টেকনিক তেতিয়াই শিকিছিলোঁ ৷ কাষৰ ফোল্ডটো খুলি কাগজখন লাহেকৈ মেলি লোকৰ প্ৰেমৰ চিঠি পঢ়াৰ মজাটো পঢ়াজনেহে জানে ৷
এইখিনিতে আৰু কথা এটা মনত পৰিছে৷ কলেজত পঢ়ি থকা দিনৰে কথা৷ যোৰহাট ইঞ্জিনীয়াৰিং কলেজত পঢ়ি থকা জনৈক গোস্বামী ডাঙৰীয়াই মোৰ সখী এগৰাকীক ভাল পায়৷ সখীৰ দেউতাকে সখীৰ প্ৰতিখন চিঠিৰে তালাচী ল’বলৈ ধৰিলে৷ উপাই নাপাই সখীয়ে প্ৰেমিকৰ চিঠিবোৰ অহাৰ ঠিকনাটো আমাৰ ঘৰ কৰিলে৷ মোৰ ডিউটি বাঢ়িল৷ দিন- বাৰ চাই ডাকোৱাললৈ অপেক্ষা কৰা৷ অপেক্ষা কৰাৰো কম শাস্তি নে? পিছে অপেক্ষা কৰাৰ মাননি হিচাবে লুকাই চুৰকৈ চিঠিখন পঢ়ি আনন্দ লভিছিলোঁ৷ এতিয়া তেওঁলোকৰ দুটি সন্তান, বোৱাৰী নাতি- নাতিনীৰে সুখৰ সংসাৰ ৷
সময় সলনি হ’ল। চিঠি পত্ৰ নহা হ’ল। পাবলগীয়া খবৰবোৰ সহজতে অহা হ’ল। আৱেগবোৰ কমি গ’ল। গেটতে লাগি থকা লেটাৰ বক্সটোৱে ভাবিব জনা হ’লে হয়তো ভাবিলে হয়, “জানে কাহা গয়ে ৱ’ দিন, যৱ লেটাৰ চে মেই ভৰা পৰতা থা, আবটো ইকেলট্ৰিচিটি বিল অউৰ টেলিকম বিলচে মেৰা পেট ভৰটা হ্যে !”
চিঠিবোৰৰ দৰে এতিয়াৰ প্ৰেমিক-প্ৰেমিকা সকলক এইধৰণৰ কথাৰে যদি সলনি কৰিব পাৰিলেহেঁতেন, ল’ৰাবোৰৰ টাটু, কাণফুলিবোৰ কিছু কমিলহেঁতেন নেকি? কি কৰিম, শিক্ষয়িত্ৰী আছিলোঁ যে! অভ্যাসটো আহিয়েই যায় !
☆★☆★☆
3:50 pm
সুন্দৰ ,পঢ়ি ভাল লাগিল ।সহজ সৰল কিন্ত মদকতাপূৰ্ণ।