ফটাঢোল

বিজয়ৰ নামঘোষা বিভ্ৰাট — প্ৰদীপ বৰা

আজি বছেৰেকৰ গৰু বিহু আই গৰাকীৰ লগত ওলাল নামঘৰলৈ৷ গ্ৰেণ্ড আইটেন মেগনাখনত পৰিবাৰক উঠাই ল’লে বাওফালৰ চিটত ছেল্ফ মাৰে গাড়ী ষ্টাৰ্ট নহয়৷ স্ক্ৰীনত কাৰখনৰ চিম্বলটো ওলালেহে বোলে ষ্টাৰ্ট হ’ব৷ কি কৰা যায়৷ বৌৱে ক’লে আজি গৰু বিহু আমাৰ গৰু নাই নোৱাবলৈ ধুৱাবলৈ গাড়ীখনকেতো তুমি ধুৱাব পাৰিলাহেঁতেন৷ তুমিতো মাহ হালধি পিচি দিব পাৰিলাহেঁতেন৷ বৌ নামি গৈ মাহ হালধি পিচাত লাগিল৷ বিজয়ে আকৌ ছাবিটো পকাই দিলে এইবাৰ কোমল মাটেৰে গাড়ীখন ষ্টাৰ্ট হোৱাৰ জাননী দিলে৷ বৌৱে পিচা মাহ হালধি আৰু পানী এবাল্টি লৈ গাড়ীৰ ওচৰ চাপিল৷ বিজয়ে বোলে সেইবোৰ কি আনিছা? বৌৱে বোলে তুমিহে কৈছিলা মাহ হালধি পিচিবলৈ৷ এতিয়া দেখোন গাড়ী ষ্টাৰ্ট হ’ল৷ হ’ব আৰু দিয়া নামঘৰৰ পৰা ঘূৰি আহি এইখিনিৰে তোমাকে গাটো ধুৱাই দিম৷
গাড়ী গৈ নামঘৰৰ সন্মুখত ৰ’লগৈ৷ ইতিমধ্যে নামঘৰত  অনুৰূপ, অমৰজ্যোতি, অজিত, ভাস্কৰ, ববিতা, বিউটি, বৰ্ণালী, বিটুপন, ডলী, দিম্পল, দিজেন, দিপ, দেৱজিৎ, ধনজিৎ, ইলি, গৌৰিশঙ্কৰ, হেমন্ত, হিমাশ্ৰী, জিতা, কমল, কাজল, কুশল, কাবেৰী, কুমুদ, খুচবু, কৃষ্ণা, কাকলী  কমলা, মনজিৎ, মৌচুমী, মিৰান্দা, মাধুৰ্য্য, নয়নমণি,  নমিতা, নিৰ্মালী, নৱ পূৰ্ণ, প্ৰিয়ম, পৰীস্মিতা, প্ৰণিতা,  ৰঞ্জন, ৰিন্টুমনি, ৰিমজিম, শুকুমাৰ, শঙ্কৰজ্যোতি, সোণটো, শৌৰভ, সোমেশ্বৰ, সান্ধিল্য আৰু টাবিবৰো আহি উপস্থিত হ’ল৷ সকলোৱে ঈশ্বৰৰ নিৰাকাৰ মূৰ্তি স্বৰূপ গুৰু আসনৰফালে শীৰ নত কৰি সেৱা ধৰিলে৷  বুট, মগু, চাউল, আদা, নাৰিকল, কল, কুঁহিয়াৰ আদি ধোৱা-পখলা কুটা বছা আদি বিভিন্ন ধৰণৰ কামত ৰাইজ ভাগে ভাগে লাগি গ’ল৷
ভগৱন্তৰ চৰণত নৈৱেদ্য আগবঢ়াবলৈ বিজয়ৰ নাম আৰু পৰম মঙ্গল নামভাগ আগবঢ়াবৰ কাৰণে অনুৰূপৰ নাম প্ৰস্তাৱ কৰা হ’ল৷ বিজয়হে বিপাঙত পৰিল৷ শৰাইত চাউল আৰু মগু দিওঁতে কি কি মন্ত্ৰ গাব লাগিব তেওঁ হেনো পাহৰিলে৷ দেৱজিতে ক’লে বোলে সেইটোনো কি ডাঙৰ কথা প্ৰথমতে শৰাইত  চাউল চাৰিমুঠি আৰু পিছত মগু চাৰিমুঠি দিবি৷ প্ৰত্যেক মুঠি দিওঁতে মুখখনে কিবা গোৱাৰ নিচিনাকৈ পুটপুটাই থাকিবি৷ এইবিলাক গোপন কথা কোনোবাই শুধিলে লোকক ক’ব নাপায় বুলি ক’বি৷ পৰীস্মিতা কাকলীহঁতে নামৰ আগতে চাহ পিঠা বিতৰণ কৰিলে৷ ভাস্কৰ আৰু দিম্পলৰ চাহত বিভ্ৰাট ঘটিল৷ ভাস্কৰক দিব লাগিছিল বিনা চেনি আৰু দিম্পলক দিব লাগিছিল চেনি চাহ৷ ভাস্কৰৰ চাহত মুখ দিয়েই মুখ বেকেটা খাই গ’ল৷ দিম্পলে বোলে এইবোৰ বিনাচেনি চাহ কোনে খাই৷ পৰীস্মিতাই বোলে মই ভাস্কৰকহে চেনিৰাম ডেকা বুলি ভাবিছিলোঁ এতিয়াহে গম পালোঁ দিম্পলহে আচল চেনিৰাম বুলি৷ অনুৰূপে যেনেতেনে গোপাল গোবিন্দ কীৰ্তন ভাগ বিহু সুৰীয়া ভাবে সামৰণি মাৰিলে ৷
নামৰ অন্তত সকলোৱে আঠুলৈ সেৱা ল’বলৈ গ’ল  বিজয়ে বোলে ৰাইজে সেৱা লওক মই ইয়াতে আছোঁ আৰ্শীবাদ দিব লাগিব নহয়৷ সকলোৱে প্ৰাৰ্থনা গালে
“মই দুৰাচাৰ কেৱল তোমাৰ———“
প্ৰাৰ্থনাৰ অন্তত আৰ্শীবাদ দিবলৈ বিজয়ে দেখোন পাহৰিলেই সম্ভৱত গধূলিলৈ হাঁহ এটা কেনেকৈ জোগাৰ হয় তাৰ চিন্তাতে বিভোৰ হৈ আছিল৷ মাধুৰ্য্যই যেনিবা বোলে বিজয়দা ধৰক৷ বিজয়ে আৰম্ভ কৰিলে
অ’ হৰি অ’ ৰাম
” কৃষ্ণ এক দেৱ দুখহাৰী
কাল মায়াদিৰো অধিকাৰী
কালসৰ্পে দংশি হৰাইল চেতনা তাৰ
সৃষ্টি স্থিতি অন্তকাৰী দেৱ
তান্ত বিনে আন নাই কেৱ ——
ঘোষাৰ মাজতে মাধুৰ্য্য আৰু কমলা বাইদেউ  হাঁহি টিপি ৰাখিব নোৱৰা হ’ল৷ ঘোষাও চলি থাকিল ইয়াৰ সমান্তৰালভাৱে সেৱিকাসকলৰ হাঁহিও চলি থাকিল৷
ইয়াৰ পিছত প্ৰসাদ বিতৰণ কৰিলে অমৰ, অজিত, দিপ, ধনজিৎহঁতে৷ ভগৱন্তৰ সুবৰ্ণ ভঁৰালৰ দ্ৰৱ ইয়াত কোনো ছিদ্ৰ নাই আমি লৰাইছৰাই দিয়াত হয়তো ছিদ্ৰ হ’ব পাৰে৷ সৰ্ব ছিদ্ৰ নিছিদ্ৰ কৰি ৰাইজে প্ৰসাদ ল’ব লাগে বুলি বিজয়ে সেৱা ধৰিলে৷ কাবেৰীয়ে বোলে বিজয়ে নামঘৰতো মিছাকথা কয়৷ ক’ৰ ভগৱন্তৰ সুৱৰ্ণ ভঁৰালৰ নৈৱেদ্য৷ মাৰোৱাৰী দোকানত দ্ৰৱ কিনি অনা মই নিজে দেখিছোঁঁ৷
ৰাইজে প্ৰসাদ মুখত দি ইছ আছ কৰিবলৈ ধৰিলে৷ বোলে সস্তা হ’ল বুলিয়েইনো বাৰু প্ৰসাদত বস্তাৰে নিমখ দিব লাগে নে? বিজয়ে বোলে দেবজিতৰ পৰামৰ্শ মতে চাৰি মুঠিহে দিছিলোঁ৷ বিউটি আৰু বৰ্ণালীয়ে প্ৰত্যেকে এগিলাচকৈ পানী দি ক’লে ৰাইজ প্ৰতিবাদ কৰিব নাপায় প্ৰসাদত পানী দি নিমখৰ চোক কমাই লৈ যেনে তেনে ধৰক৷
প্ৰসাদৰ অন্তত বিজয়ে বোলে ৰাইজ আজি নতুন কমিটি গঠন কৰিব লাগে৷ গতিকে এতিয়া নতুন  কমিটিৰ ভঙ্গ আৰু পুৰণা কমিটিৰ গঠন৷ আকৌ হাঁহিৰ ৰোল উঠিল৷
হেমন্তই ক’লে হেৰৌ বিজয় নতুন কমিটিৰ ভঙ্গ হয়নে গঠন হয়? তুমি চাগৈ ৰাতি বিহুৰ ভাত খাবলৈ হাঁহৰ জোগাৰ নকৰাকৈ নামঘৰলৈ আহিলা৷ সব কথা আজি তোমাৰ দেখোন ওলটপালট ৷
☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *