ফটাঢোল

অথহঃ গাই চৰিত – সোণটো ৰঞ্জন বৰুৱা

: হিঃ হিঃ হিঃ। পঢ়িলেনে?

: কি?

: আপুনি লৈ থকা কাকতখন।

: উম, কিয়? কিবা বিশেষ খবৰ?

: গাইগৰুৰ বিষয়ে যে লিখিছে শিক্ষক এজনে।

: পঢ়িলোঁ। বৰ দীঘলীয়া। বঢ়িয়া লিখিছে কিন্তু।

: বঢ়িয়া লিখিছে! এজন শিক্ষকে যদি গাইগৰুৰ বিষয়ে এনে কথা লিখে, ল’ৰা-ছোৱালীক কি শিক্ষা দিব গম পোৱা গৈছে আৰু!

চাৰিআলিৰ চুকৰ ঘুমটিখনৰ বেঞ্চতে সদায় বহি দোকানীজনৰ লগত দুই-এষাৰ কথা পাতোঁ, লগতে মানুহৰ আলেখ-লেখ চাওঁ‌। আজি তামোলখন আগবঢ়াই তেওঁ যি আক্রমণাত্মকভাৱে প্ৰশ্ন কৰিলে, ময়ো থতমত খাই প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’লোঁ।

: সকলো বিভাগতে এনে মানুহ থাকেই, হাতৰ পাঁ‌চোটা আঙুলি সমান হয় জানো? তাতে গাইগৰুৰ বিষয়ে লিখাটোও আজিকালি বৰ উজু হৈ থকা নাই।

প্ৰথমে বিষেদ্গাৰ প্ৰকাশ কৰি শিক্ষকৰ গৰিমা লাঘৱ নহ’বলৈ শেষৰ শাৰী যোগ দিলোঁ‌। নিজৰ বৃত্তিক লাজত পেলাব নোৱাৰি দিয়কচোন।

: উজু নহয় মানে? তাকো গাইগৰুৰ ওপৰত? আপুনি মানুহ মাৰি দিব দেই চাৰ! আমি সৰুৰেপৰা একেখিনিকেই পঢ়ি আহিছোঁ দেখোন!

তেৱোঁ হাৰ মানিবলৈ প্ৰস্তুত নহয়। যেতিয়া দুজন হাৰ নমনা লোক একেলগ হয়, পৰিৱেশ মনোৰম হৈ পৰে।

: এনেয়ে কোৱাচোন, সৰুৰেপৰা গাইৰ বিষয়ে কি পঢ়ি আহিছা? মই বুজাই দিম কিয় আজি উজু নহয়।
– এইবাৰ মই নিজৰ সকলো যুক্তি একগোট কৰি যুঁ‌জলৈ প্ৰস্তুত হ’লোঁ।

: গাই এবিধ পোহনীয়া জন্তু।

সত্যযুগৰেপৰা গাই গৰুৰ বিষয়ে ৰচনাত লিখা প্ৰথম বাক্যশাৰী সি আওৰালে।

: কিন্তু আজকালি ইহঁ‌তে ভাল-ভাল পঢ়া-লিখা মানুহক বনৰীয়া হিংস্র পশুলৈ পৰিৱৰ্তন কৰে।
– মই নতুন বাক্য এফাঁকি যোগ কৰি দিলোঁ।

: গাই গৰু বিভিন্ন ৰঙৰ পোৱা যায়।

: কিন্তু আজিকালি ইহঁ‌তৰ সাম্প্ৰদায়িক ৰং অতি মোহনীয়। ইহঁ‌তৰ বাবে যেতিয়া মানুহে মানুহৰ মাজত তেজৰ নৈ বোৱাই, সেই ৰঙা ৰঙে সকলোৰে মনক আকৰ্ষিত কৰে।

: ইহঁ‌তৰ দুটা শিং থাকে।

: সিহঁ‌তৰ দুটা শিঙে কাৰো বিশেষ অপকাৰ নকৰে। কিন্তু যাৰ শিং নাই, সিহঁ‌তে এই শিং লগা প্ৰাণীবিধৰ বাবে এজনে আনজনৰ পেট ফালিবলৈও কুণ্ঠাবোধ নকৰে।

: ইহঁ‌তৰ দুটা চকু, দুখন কাণ, চাৰিটা ভৰি থাকে।

: এই অংগবোৰৰ টুকুৰা এনেকুৱা স্থানত পেলোৱা হয়, য’ত ইহঁ‌তক পূজা কৰা হয়। এইবোৰ অংগৰ টুকুৰাই পিছত মানুহে মানুহ টুকুৰা টুকুৰ কৰাত প্ৰেৰণা যোগায়।

: গাই গৰু থকা ঘৰক গোহালি বুলি কোৱা হয়।

: আজিকালি ইহঁতে ফেচবুক, ৱাটছএপৰ দৰে চ’চিয়েল মিডিয়াত বাস কৰি মানুহৰ মাজত উত্তেজনা বিয়পাই সংঘর্ষৰ সৃষ্টি কৰে।

: ইহঁ‌তে ঘাহ খায় জীৱন ধাৰণ কৰে।

: আজিকালি মানুহে জাৱৰ ভৰাই দলিওৱা প্লাষ্টিকৰ বেগ পাগুলি থকা দেখা যায়।

: ইংৰাজীত ইহঁ‌তক ‘কাউ’ বুলি কয়।

: এই কাউৰপৰাই আজিকালি চ’চিয়েল মিডিয়াত যি কাউ কাউ বাও বাও হৈ থাকে কি ক’বি!

: হিন্দুসকলে ইহঁ‌তক মাতৃৰ স্থান দিয়ে।

: কিছু হিন্দুৱে ইহঁ‌তৰ মাংস তৃপ্তিৰে খাই গৰ্বৰে টুইট কৰে।

: গাইৰ গাখীৰৰপৰা দৈ, মাখন, ঘিউ আৰু মিঠাই প্ৰস্তুত কৰা হয়।

: এই মিঠাইবোৰ খাই আমি বেলেগ ধৰ্মৰ বিৰুদ্ধে বিষ-বমি কৰো। ইয়াৰ মাংসৰে ৰাজনৈতিক নেতাবোৰে ৰুটি বেলে আৰু দীৰ্ঘ সময়লৈকে চৌকাত সেকি সোৱাদ লয়।

: ইহঁ‌তৰ চালেৰে বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়।

: ইহঁ‌তৰ চাল সাম্প্ৰদায়িক সদ্ভাৱনা বৃদ্ধিত সহায়ক হয়। ইহঁ‌তৰ চামৰাৰপৰা বনোৱা পাৰ্চ, বেল্ট আৰু অন্যান্য সামগ্রী সকলো ধৰ্মৰ মাজত সমান ভাৱে জনপ্রিয়।

: বাপৰে চাৰ! সঁ‌চাকৈয়ে আজিকালি গাই গৰুৰ বিষয়ে ৰচনা লিখা কঠিন হৈ পৰিল দেখোন।

অৱশেষত সি হাৰ স্বীকাৰ কৰি মূৰ খজুৱালে।

: সেইবাবেইতো কৈছিলোঁ, কিছুমান কথা আমাক যিদৰে পঢ়োৱা হৈছিল, সেইবোৰ কথা কেতিয়াবা একে হৈ নাথাকে।

ইমান যুঁ‌জৰ পাছত বিজয়ৰ হাঁ‌হি এটা মাৰি তাক ক’লোঁ, “দিয়া, আৰু এখন তামোল দিয়া।”

☆★☆★☆

5 Comments

  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল ৷

    Reply
  • কমল তালুকদাৰ

    সুন্দৰ, অতি তীৰ্য্যক ।

    Reply
  • জাহ্নৱী

    বঢ়িয়া

    Reply
  • হীৰকজ্যোতি ভাজনী

    ভাল লাগিল ।

    Reply
  • হীৰকজ্যোতি ভাজনী

    ভাল লাগিল ।

    Reply

Leave a Reply to জাহ্নৱী Cancel reply

Your email address will not be published. Required fields are marked *