ফটাঢোল

মেৰুণ প্ৰেম – অসীমা শইকীয়া দত্ত

ভালপোৱা কি নুবুজাকৈয়ে বিয়া ঠিক হ’ল। মানুহো যিটো পালোঁ তেনেই গেঠেলা মৰা।
আমাৰ ঘৰৰ বোন্দা মেকুৰীহাল নেগুৰ দাঙি দাঙি আমাতকৈ বেছিহে ৰোমাণ্টিকহে আই।
আজিৰ পৰা তেৰ বছৰৰ আগৰ সময়। মোক চাবলৈ যোৱা মানুহজনৰ লগতে মোৰ বিয়া ঠিক হ’ল। তাৰিখ ঠিক হোৱাৰ পিছত এদিন গৈছিল আমাৰ ঘৰত থকাকৈ। মই দেতাৰ চাইকেল লৈ গাঁৱৰ মূৰৰ পৰা মানুহটোলে হাঁহ বিচাৰি আনিলোঁগৈ। আলহী ৰাতি থাকিল। ৰাতিয়ে আকৌ মানুহটোক চাবলৈ গাঁৱৰে ভাতখোৱা আলহী পাঁচটামান বাঢ়িল। সিফালে দেতা হ’ল হাৱাই চেণ্ডেলেও নীলা ওলাই ভৰিত ধৰা! কোৱাইদেউ আপোনাক আউ লোড লব নেপায়িছো ইমানতে যাবলে দিয়ক। দেতাৰ জোঁৱায়েক থকায়ে অকণ ফাই হাঁহত কতগাল গ’ল এতিয়া ভাতখোৱা আলহী বাঢ়িল আৰু পাঁচটা। ভাতৰ পাতত দেতাৰ ভোৰভোৰনি, হাঁহটো ভাগতে নপৰিল। এনেকৈ বুলি জনা হ’লে গুণহঁতৰ ধান কুটোৱা মিলত কুটাই আনিলো হেঁতেন হাঁহটো।

অই এহেঁতৰ মাক বাতিটোত নামি জুবুৰা মাৰি মাংস বিচাৰো তিয়নিখন দে! যি সোপাহে জোল হাতত গোটা একো লগা নাই।

কথা বিষম দেখি ওচৰতে ভাত খাবলে বহা জোঁৱায়েকে বাতিকে সলালে …।
সেয়া গ’ল। ভাত খাই উঠি দেতাৰ ৰূমৰ টিভিৰ মুখত গাঁৱৰ মানুহ পাঁচটা, দেতা হঁতৰ নজোঁৱায়েক, আমি সৱবোৰ কথাত মচগুল।
দেতাই গল হেকাৰি মাৰি কৈছে …… অ বোলো যো হাটৰ আলহি কাইলে পুৱাই যাবা চাগে। মই নেপাম হাল আছে মোৰ। এতিয়াই মাত লগালোঁ পুৱা নজগাওঁ।

জোৱায়েকৰ চকুত আমাৰ গোসাঁইঘৰৰ থাপনাখন…… কিৰিচ্ন কি সম্পত্তি এইভাগ। তেওঁৰ থাকিবলে মন আছিল যদিও যামগে বুলি শলাগিলে।
অলপ পিছত দেতাই এৰীয়া চাদৰৰ তলত টেকেলি এটা লুকুৱাই লৈ ৰূমলে আহিছে…… হুমম তহঁতবোৰ ওলা মোৰ শুবৰ হল। কাইলে হাল আছে স্কুলো আছে।
মাৰ চকুত ফাই কি মানুহ এইটো। মায়ে দেতাক মনে মনে থাকিবলে ইংগিত দিছে লাজপাই নতুন জোঁৱায়েকৰ আগত। দেতাই আকৌ মাৰ ইংগিত ভু ভটঙ নেপাই খৰমৰনি লাগি লুকুৱাই অনা টেকেলিকে পেলাই ভাঙিলে। নেওচা কেওচা দিবলে বহি কিনো চকু দাঙি দাঙি ক’লে এইজনিয়ে। বুজ লওঁতে লওঁতে মেইনটোকে লেঠা মৰিল।

খুৰাই গতি বেয়া দেখি কথা সলাবলে যোৰহাটৰ জোঁৱাইক সুধিছে…… হেয়ি তোমালোকৰ এইবাৰ ধান কিমান কৰিছা জোঁৱাই

সিফালে ঘৰৰ কথা কাণ্ডবোৰত জোঁৱাইৰ জীৱ গৈ আমাৰ ঘৰৰ ভেণ্টিলেচনত ওলমি আছে। কি কব তেওঁ।
ময়েই মাত দিলো…জোঁৱাই কৈ দিয়া অ’ এইবাৰ ধান আপোনালোকৰ ককায়েকৰ মানে মোৰ শহুৰ ভাগৰ ভঙা মুত টেকেলিতোৰ সমান কৰিছো।

ৰূমৰ বাকী গাঁৱৰ পাঁচটা হাঁহিত বাগৰি দেতাৰ গালি খাই পলাল। জোঁৱায়েকে যেনেতেনে ৰাতিতো কটাই দেতাতকৈও আগেয়ে উঠি যাবলে টোপোলা বান্ধিলে।
তাৰ মাজতে আৰু এবাৰ আহিল আঙুঠি পিন্ধাবলে সেইয়াও এক অধ্যায়।

………………..,

জোঁৱাই গ’লগৈ। যাওঁতে সুধি গ’ল কি ৰঙ ভালপোৱা। মই টপককে ক’লোঁ মেৰুণ।
এনে এটা দিনলৈ বাট চাই আছিলোঁ, মনতে ভাবিলোঁ আজিহে সুধিছে চা জহনিযোৱাটো। তাৰ পিছত মেৰুণ ৰঙৰ উপহাৰলে বাট চাই চাই মোৰ গতি নাই।নিদিয়েহে নিদিয়ে। শেষত আঙুঠি পিন্ধোৱাৰ তাৰিখেই পালেহি। মই উপহাৰৰ আশা এৰি দেতাতকৈও চিকটা পালোঁ বুলি মনৰ দুখত হাফ কইনা হৈ সাজিলোঁ। হঠাৎ আঙুঠি পিন্ধোৱা পৰ্বত দৰা দেখি মোৰ চকুৱে মেৰুন ৰঙ বাহিৰ হৈ গ’ল। দৰাই জোতাই মোজাই কোট পেণ্টে নিজেই গোটেইতো মেৰুণ ৰঙৰ এলি এইটিন নেইলপলিচটো হৈ আহিছে। কথমপি মোক ধৰি নিয়াজনিৰ গাত কাটি হৈ নপৰিলো। কি অবালচনতোলে বিয়া হৈছো বুলি উৰাই ঘূৰাই কান্দি মোক চাবলে আহি মই ৰিজেক্ট কৰা বাকী দৰা কিটাৰ লিষ্টখন মনতে আওৰাই পাৰোমানে সোঁতসোতাইছো। এটা বৰ ভাল আছিল খালি অকন তপা কাৰণে কেঞ্ছেল কৰিলোঁ।এটাই চাবলে আহোঁতে পেণ্টটো বহুত ওপৰত পিন্ধি আহিছিল বিজুফুকনহঁতৰ দৰে। সেয়ে কেঞ্ছেল কৰিছিলোঁ।
সিহঁতেই ভাল আছিল অ এই নেইলপলিচটোলৈ কেনেকৈ যাওঁ এতিয়া।
হাতৰ পা যোৱা মাছটো সদায় ভাল, ডাঙৰ অ’।

তেনেকেই বিয়া হৈ আহিলোঁ। আঙুঠি পিন্ধাওঁতে এযোৰ মেৰুণ, জোৰণত অন্য ৰঙৰ লগত, দুযোৰ মেৰুণ ৰঙৰ বেলেগ ফুলৰ পাটৰ কাপোৰ। কিৰিচ্ন মেৰুণ দেখিলেই মই সিফালে মৃগী ৰোগীৰ দৰে হওঁ। কইনা হৈ আহি দৰাৰ ঘৰৰ ভিতৰত মই ধাচকে পৰি ময়িবলে বাকী। কি দুৱাৰ, খিৰিকী বাপ্পেকে ভেণ্টিলেশ্যনলৈকে নতুনকে দিয়া মেৰুন ৰঙে মোলে চাই হাঁহি আছে। ওৱালৰ তলৰ দুই ইঞ্ছিমানো গোটেই মেৰুণ ৰঙ।পাকঘৰৰ বক্স মেৰুন। লগত যোৱাজনিক ক’লো… অ ইহঁতৰ পিছফালে পুখুৰী চুখুৰী আছেনে চাচোন অ মই তাতে জাপ মাৰোগে। ঘৰত মেৰুণ ৰঙৰ উপহাৰলে বাট চাই আছো ক’ত ঘটিটো পাম।মোলৈ যে মেৰুন ৰঙে ইয়াত কালান্তক ৰূপ লৈ বাট চাই আছে। মোৰ ওচৰলে মেও মেও কে মেকুৰি এটা আহিছে তাৰো কপালত মেৰুণ ৰঙৰ ফোঁট। লগত যোৱাজনীক সুধিছো তই ইহঁতৰ ঘৰতো কি ৰঙৰ দেখিছ নে মইহে মেৰুণ দেখিছোঁ হেৰৌ৷

☆★☆★☆

10 Comments

  • ৰাজীৱ শৰ্মা

    কৃষ্ণ,মেৰুণ ৰঙে চকু জলকতবক কৰি পেলালে

    Reply
  • মাধুৰ্য্য গোস্বামী

    মুঠতে আপোনাৰ লেখাৰ কথাই সুকীয়া বাইদেউ। মেৰুণ বৈবাহিক জীৱন।

    Reply
  • হেমন্ত কাকতি

    যাহক, তোমাৰ কথা শুনি মেৰুন ৰঙ দিছে যে সবতে

    Reply
  • কমলা দাস

    ???এলি এইতটিন নেইল পলিচ ।

    Reply
  • হাঁহি হাঁহি মৰিয়েই গৈছোঁ বাই।

    Reply
  • অনুৰাধা দেৱী ৷

    আপোনাৰ লিখনি মোৰ সদায় প্ৰিয় ৷মেৰুন ৰং মোৰো প্ৰিয় ৷

    Reply
  • ডলী তালুকদাৰ

    হাঁহিত বাগৰি পৰিলো

    Reply
  • Boby mahanta

    মৰম বহুত গভীৰ.. গোটেই খন ভাল পাওক বুলি মেৰুণ কৰি পেলালে।

    Reply
  • Boby mahanta

    মৰম বহুত গভীৰ..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *