ফটাঢোল

লোভ, মায়া-মোহ! – ৰিমঝিম বৰঠাকুৰ

সৰুতেতো মই পঢ়াত ভালেই আছিলোঁ। সময়মতে পঢ়া-শুনা কৰিছিলোঁ। একো ওজৰ-আপত্তিও নাছিল। ঘৰৰ ওচৰৰে এল পি স্কুলখনতে পঢ়িছিলোঁ। দেউতাই অফিচলৈ ওলাই যাওঁতেই ভণ্টিকে, মোকে স্কুলত নমাই থৈ গৈছিল। ক’বলৈ বাজাজ স্কুটাৰখনৰ সৈতে আমি চাৰিটা প্ৰাণী অসম আৰ্হিৰ দুইকুঠলীয়া ঘৰটোত একদম ধুনীয়াকৈ থাকিব পাৰিছিলোঁ। সেইসময়ত যদি মোক কোনোবাই জীৱনৰ লক্ষ্য কি বুলি সুধিছিল, তপৰাই কৈছিলোঁ “এজন প্ৰকৃত মানুহ হিচাপে সমাজত নিজকে প্ৰতিষ্ঠিত কৰা।” ইমান সৰু ল’ৰাৰ মুখত কথাষাৰ বহুত ডাঙৰ যেন লাগিছিল নেকি, সকলোৱে উত্তৰটো শুনাৰ লগে লগে ‘হাঁ’কৈ মুখখন মেলি দিছিল। কিন্তু মই এই কথাত অটল আছিলোঁ কাৰণ এইটো কথা একমাত্ৰ দেউতাই মোক শিকাইছিল। স্কুললৈ অনাৰ বাটত, ঘৰত সকলোতে মাত্ৰ ‘প্ৰকৃত মানুহৰ সংজ্ঞা’ বুজাইছিল। মোৰ পঢ়াৰ প্ৰতি থকা মনোযোগিতা আৰু চিন্তাধাৰাবোৰ বেলেগতকৈ অলপ সুকীয়া কাৰণে স্কুলৰ চাৰ-বাইদেউসকলেও বৰ মৰমৰ চকুৰে চাইছিল।

দেউতা আছিল এজন চৰকাৰী চাকৰিয়াল। কিন্তু আছিল তেনেই সাধাৰণ, উদাৰ। দেউতা যদিও উচ্চ বিষয়াই আছিল কিন্তু আনৰ দৰে আমাৰ তিনিসাজ তিনি মুঠি খাই চলি থকাৰ বাদে দেখুৱাবলৈ একো নাছিল।

এদিন হঠাতে আমাৰ ঘৰৰ চোতাললৈ প্ৰকাণ্ড ট্ৰাক এখন সোমাই আহি ইটা, বালি পেলাই থৈ গ’ল। লাহে লাহে আগফালৰ প্ৰকাণ্ড চোতালখন খন্দা আৰম্ভ হ’ল। কথা কি হৈছে বুজিব নোৱাৰি মাক সোধাত ক’লে “আমাৰ বোলে নতুন ঘৰ বনাব। আৰ চি চি বিল্ডিং, একদম মামাহঁতৰ ঘৰৰ নিচিনা।” কথাটো শুনি ভণ্টি আৰু মই ফূৰ্তিতে ক’ব নোৱাৰা হ’লোঁ। মানে আমাৰ ঘৰত খটখটি থাকিব। বহুত কম দিনৰ ভিতৰতে দুইমহলীয়া ঘৰটো সম্পূৰ্ণ হৈ পুৰণা অসম আৰ্হিৰ ঘৰটো ঢাকি পেলালে। লাহে লাহে মা ব্যস্ত হৈ পৰিল ঘৰ সজোৱাত। প্ৰায়ে অটো এখনত উঠি বজাৰলৈ যায় তাৰপিছত ডাঙৰ ডাঙৰ মোনাত ঘৰৰ পৰ্দাৰ পৰা সকলো যাৱতীয় বস্তু আনি ধুনীয়াকৈ ঘৰটো সজাই তোলে। এদিন দেখিলোঁ মা-দেউতা দুয়ো অটোত এখনত উঠি ওলাই গৈছে। সাধাৰণতে মা-দেউতা দুয়ো একেলগে গ’লে হামাৰা বাজাজত যায়। কিন্তু সেইদিনা অটোত যে, কথাটো ঠিক ধৰিব নোৱাৰিলোঁ। মাহঁত ওলাই যোৱাৰ কেইঘণ্টামানৰ পিছত গাড়ীখন আমাৰ ঘৰলৈ সোমাই অহা দেখি ভণ্টি আৰু মই ওলাই গৈ “মা-দেউতা ঘৰত নাই” বুলি ক’বলৈ ধৰোঁতেই দেখিলোঁ গাড়ীৰ পৰা মা-দেউতা হাঁহি হাঁহি নামি আহিছে হাতত এটা মিঠাই টোপোলাৰ সৈতে। কথা কি সুধিবলৈ ধৰোঁতেই মায়ে মাত লগালে “বাবু মাইনা আঁহা আঁহা নতুন গাড়ীত উঠাহি।” ইয়ে আমাৰ নতুন গাড়ী, তাতে ইম্মান ডাঙৰ গাড়ী। কথাবোৰ কিবা সপোন সপোন লাগিল।

সন্ধিয়ালৈ আমাৰ দুয়োকে উলিয়াই লৈ যায় বজাৰ কৰিবলৈ। নতুন জোতা, নতুন ইউনিফৰ্ম, নতুন বেগ, ফ্লাস্ক। এয়া কি ইউনিফৰ্ম দেখোন বেলেগ স্কুলৰ। পিছত মায়ে কওঁতেহে গম পালোঁ আমাক বোলে ইংৰাজী মিডিয়াম স্কুলত নাম লগাই দিব। কথাটো শুনিয়েই ভণ্টি আৰু মই ফেকুৰি উঠিলোঁ। এল পি স্কুলখনেই ভাল দেখোন, চাৰ-বাইদেৱেও ইমান মৰম কৰে। কিন্তু আমাৰ কথা নৰজিল। নতুন বছৰৰ পৰা আমি নতুন জোতা-মোজা, টাই, ব্লেজাৰ পিন্ধি নতুন স্কুললৈ যোৱা আৰম্ভ কৰিলোঁ। হঠাতে ইমান সলনি! আগতে যিখন ঘৰত একাপ চাহৰ লগত মাত্ৰ এখন মেৰি গল্ড বিস্কুট খাইছিলোঁ, আজিকালি সেইখন ঘৰত পিজ্জা অৰ্ডাৰ কৰিব পৰা হ’লোঁ। এনেকুৱা পৰিৱৰ্তনৰ কথা এদিন মাক সোধাত মায়ে ক’লে, “দেউতাই বোলে আজিকালি বহুত ডাঙৰ চাকৰি কৰে, বহুত দৰমহা পায়।” সেয়ে আমি বিচৰাটোকে দিবলৈ চেষ্টা কৰে। কথাটো শুনি ভাল লাগিল, আগতে আমি সপোনত দেখাবোৰ এতিয়া হাততে পাওঁ।

লাহে লাহে দেখিলোঁ মা প্ৰায়েই সন্ধিয়া ওলাই যায়। দেউতাও দেৰিকৈ ঘৰ সোমায়। আমাক পঢ়িবলৈ দি থৈ যায় আৰু খাবৰ কাৰণে বাহিৰৰ পৰা কিবাকিবি লৈ অনা কৰিছিল। কিন্তু সদায় বাহিৰৰ খানা খাই আমাৰ পেট বেয়া হোৱাত ভাত-পানী ৰান্ধিবলৈ ৰান্ধনী এজনী ঠিক কৰি দিলে। আগতে যিখন ঘৰৰ পৰা সন্ধিয়া হোৱাৰ লগে লগে প্ৰাৰ্থনাৰ শব্দ ভাঁহি আহিছিল, আজিকালি আহে টিভি, হিন্দী-ইংৰাজী গানৰ শব্দ। মা-দেউতা ঘৰত নথকাৰ সুযোগ লৈ আমিও পঢ়াৰ ফালে পিঠি দি টিভি চোৱাত লাগোঁ।

লাহে লাহে দিন বাগৰিল। নতুন স্কুলৰ ৰিজাল্ট দিলে, আমাৰ দুয়োৰে ৰিজাল্ট ইমান ভাল নহ’ল। আগৰ কেইবছৰতকৈ বহুত কম নম্বৰ। নতুন স্কুল এডজাষ্ট হওঁতে সময় লাগিছে বুলি মাহঁতেও একো নক’লে। আমিও মাহঁতে একো নোকোৱা কাৰণে ভালেই পালোঁ। আজিকালি আগৰ নিচিনা মা-দেউতাৰ আমাৰ পঢ়া-শুনাকলৈ লাগি থাকিবলৈ ইমান সময় নাই। আজিকালি মা-দেউতা ইমান ভাল কি ক’ম, যিটোকে খোজোঁ তাকেই দিয়েই। সেই সাধাৰণ দেউতাজন কৰবাত হেৰাই যোৱা যেন লাগিছিল। কিন্তু হেৰাই গৈ ভালহে হৈছে আমি আৰামত চলিব পাৰিছোঁ।

এদিন লেপটপ এটাৰ কথা কৈ চালোঁ, সন্ধিয়ালৈ দেউতাই আনি দিলেই। খোজোঁতেই ইমান সহজতে পাই গ’লোঁ, এতিয়া আৰু বস্তু খুজিবলৈ বেয়া নালাগে। মাহঁতৰতো আমাৰ কাৰণে আজিকালি সময় নায়েই। দেউতাক লগ ধৰিবলৈ কিছুমান মানুহ আহে, দেউতাই দেউতাৰ ৰূমলৈ লৈ গৈ অলপ সময় কথা পাতি পঠিয়াই দিয়ে। আগৰ চিনাকি মানুহবোৰো আমাৰ ঘৰলৈ বৰকৈ নহা হ’ল। মাৰ মতে সিহঁতে চাগে আমাৰ লগত ক্লাছ নিমিলাৰ কাৰণে আহিবলৈ বেয়া পায়। মাৰ লগৰ বেলেগ কোনোবা মানুহহে আহে। সিহঁতে খালী কিট্টি পাৰ্টিত কোনে কি কৰিলে সেইবোৰ কথাই পাতি থাকে।

মায়ে আগৰ দৰে তেল লগাই খোপা বান্ধি ধুনীয়াকৈ শাৰীখন পিন্ধি নাথাকে। ষ্ট্ৰেইট কৰি লোৱা চুলিখিনি প্ৰায়েই মেলি থাকে। লাহে লাহে কুৰ্টি, জিনচ্‌ পিন্ধাও আৰম্ভ কৰিছে। মাজনীক কিবা মা মা নলগা হৈছে দেখোন। মায়ে যিয়েই নকৰক মোৰনো কি। ভালহে লাগে যেতিয়া লগৰ ল’ৰাৰ মুখৰ পৰা শুনো “ইয়ৰ মামা ইজ চ’ ইয়াং। চি ইজ চ’ বিউটিফুল।” ভণ্টিও একেই মাৰ ফুটতে উঠিছে।

লাহে লাহে বছৰ বাগৰিল, আমিও ডাঙৰ হৈ আহিলোঁ। মই মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ। তাকো যেনে তেনে। ভণ্টিৰ দশাও একেই। কিন্তু আমাৰ এইবোৰক লৈ চিন্তা নাই। দেউতাৰ এতিয়া ইমান পইচা, নোহোৱা কামো পইচাৰ জোৰত হৈ যায়।

কিন্তু লেঠা লাগিল তাতেই। পইচা থাকিলেও যদি মানুহৰ ইণ্টাৰেষ্ট নাথাকে, তেতিয়া পইচা দিও একো কৰিব নোৱাৰি। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কি পঢ়িম একো ধৰিব নোৱাৰিলোঁ। দেউতাই ক’লে ডিগ্ৰীটো কমপ্লিট কৰ। চাকৰি মই দিয়াই দিম। ইমানবোৰক চাকৰি দি আছোঁ, তোক যদি অফিচাৰ পদৰ চাকৰি এটা দিব নোৱাৰোঁ কেনেকৈ হ’ব। কিন্তু ডিগ্ৰী পঢ় বুলি ক’লেইতো নহ’ব। ডিগ্ৰীত কি পঢ়ে সেইটোও জানিব লাগিব। বহুত ভাবি-চিন্তি থিৰা‌ং কৰিলোঁ ফটোগ্ৰাফী ডিপ্লোমা কোৰ্চ কৰিম। ভবামতেই কাম। দিল্লীৰ প্ৰাইভেট ইনষ্টিটিউট এটাত এডমিছন ল’লোঁ লগতে ডেৰ লাখটকীয়া এটা কেমেৰা। দামী কেমেৰা ল’লে কি হ’ব বান্দৰে নাৰিকলৰ মূল কি বুজিব। এমাহমান দিল্লীত থাকি কেমেৰাসহ টালি-টোপোলা বান্ধি গুচি আহিলোঁ ঘৰলৈ।

কেইদিনমান ঘৰত থকাৰ পিছত ভাবিলোঁ এনেকৈ থাকিলেতো নহ’ব কিবা এটা কৰিব লাগিব। গতিকে বহুত ভাবি-চিন্তি এডমিছন ল’লোঁ হোটেল মেনেজমেণ্টত। এইবাৰ কলিকতাত। প্ৰথমতে অলপ মন বহিছিল যদিও পিছলৈ ক্লাছ বাদ দি মাহে মাহে দেউতাই পঠোৱা মোটা অংকৰ পকেট মানি খৰচ কৰি পাৰ্টি কৰাত লাগিলোঁ। তেনেকৈ ছমাহমান গ’ল। দিনে দিনে দেউতালৈ দিয়া পইচাৰ হিচাব বাঢ়ি যোৱাত এদিন দেউতাই ঘৰলৈ মাতি পঠিয়ালে। সেই যে ঘৰলৈ আহিলোঁ তাৰপিছত আকৌ উভতিবলৈ মন নগ’ল। আজিকালি মোৰ লগবিলাকো বহুত বেছি। সবকে কিবা এটা হ’লেই পাৰ্টি লাগে।

ঘৰত তেনেকৈয়ে কেইদিনমান থকাৰ পিছত মাহঁতে মানুহৰ উত্তৰৰপৰা সাৰিবলৈ গুৱাহাটীতে নতুনকৈ কিনা ফ্লেটটোত মোক থাকিবলৈ দি তাৰে এনিমেছনৰ ইনষ্টিটিউট এটাত এডমিছন দিয়ালে। মই যি কৰোঁ কৰি থাকোঁ অন্তত মাহঁতে ক’ব পাৰিব যে ল’ৰাই এনিমেছন শিকি আছে। গুৱাহাটীতো মোৰ ফ্লেটটো পাৰ্টি ক্লাব হোৱাদি হ’ল। মোৰ ফ্লেটৰ পৰা যোৱা নাচ গানৰ হুলস্থুল সহ্য কৰিব নোৱাৰি নেইবাৰছে বহুত কেইবাৰ কমপ্লেইন কৰিছে।

এদিন তেনেকৈ পাৰ্টি চলি থাকোঁতে হঠাৎ পুলিচ আহি দুৱাৰ টুকুৰিয়ালে। দুৱাৰ খুলি ওলাই আহোঁতেই দেখোন পুলিচে মোৰ লগতে লগৰকেইটাকো গতিয়াই বাহিৰলৈ আনি গাড়ীত বহুৱাই থানা পোৱালেহি। ভাগ্য ভাল সেইদিনা আমাৰ গাৰ্ল ফ্ৰেইণ্ডকেইজনী আমাৰ লগত নাছিল। পুলিচ থানা আহি পাই দেখোঁ কথা নাই বতৰা নাই আমাক লক আপত ভৰাই দিয়ে। এতিয়ালৈকে এইখিনিয়েই বুজিছোঁ যে আমাৰ হুলস্থুলত নেইবাৰছে পুলিচক কমপ্লেইন কৰিলে।

ইফালে সিফালে মূৰ ঘূৰাই চাওঁতে দেখিলোঁ দেউতা বহি আছে এটা চুকত থকা টেবুল এখনত। লগত এজন পুলিচ অফিচাৰ। মানে দেউতাই মোৰ কথাবোৰ গম পালে। দেউতাক দেখি মনটো ভাল লাগি গ’ল। যি হ’লেও দেউতাই পইচা-পাতি দি মেনেজ কৰিব। ৰাতিটো মহৰ কামোৰ খাব নালাগে আৰু।

কিন্তু ই কি! অলপ পিছত দেখোন দেউতাকো হাত কেৰিয়াৰ লগাই আন এটা লক আপত ভৰাই থ’লে। কাণ্ডবোৰ দেখি পুলিছজনক মাতিবলৈ ধৰোঁতেই দেখিলোঁ মা আৰু ভণ্টি কান্দি কান্দি সোমাই আহি দেউতাৰ ওচৰলৈ গৈছে। ‘মা মা’ বুলি দুবাৰমান চিঞৰোঁতেই পুলিচ এজন আহি আমাক মুকলি কৰি দিলে। মুকলি হৈয়েই মই চিধাই মাৰ ওচৰলৈ যোৱাত মায়ে মোক গবা মাৰি ধৰি কান্দিবলৈ ধৰিলে। কথাটো একো ধৰিব নোৱাৰাত ভণ্টিৰ ফালে চোৱাত তাই মোবাইলটো আগবঢ়াই দিলে “টকা লৈ চাকৰি দিয়াৰ অপৰাধত চৰকাৰী বিষয়া দীপকমল অধিকাৰীক গ্ৰেপ্তাৰ।”

মানে এইবোৰ! বাতৰিটো চাই আমাৰ ঘৰত ঘটি যোৱা সকলোবোৰ ঘটনাই মোৰ চকুৰ আগত চিনেমাত দেখুৱাৰ দৰে অগা-ডেৱা কৰিলে। দেউতাই তাহানিতে শিকোৱা “সমাজত প্ৰকৃত মানুহ হৈ থিয় দিব লাগিব।” বাণীটোৱে বাৰে বাৰে মোৰ কাণত আহি ইতিকিং কৰি গ’ল। লোকৰ টকাৰে এটা ৰাতিত ধনী হোৱা দেউতাইতো পাহৰিলেই প্ৰকৃত মানুহৰ সংজ্ঞা লগতে হাততে সকলোবোৰ পাই ময়ো মোৰ জীৱনৰ লক্ষ্যক ভৰিৰে গুৰিয়াই কেতিয়াবাই কৰবাত পেলালোঁ। এতিয়া যেন গেৰেজৰ চুক এটাত পৰি থকা বাজাজ স্কুটাৰখনেও যেন প্ৰাণ পাই আমালৈ বিদ্ৰূপসূচক হাঁহি মাৰি ক’ব “এইবোৰকে কয় লোভ, মায়া-মোহ।”

☆★☆★☆

14 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি ৰিমঝিম

    Reply
  • Anjan

    একদম প্ৰেক্টিকেল কাহিনী৷ আজিকালিৰ কমন ঘটনা৷ বহুত ভাল লাগিল৷

    Reply
  • তৃষ্ণা সো

    বৰ ভাল লাগিল ৰিমঝিম বা

    Reply
  • খুব ভাল লিখিছা ৰিম৷বাস্তৱ৷

    Reply
  • Anonymous

    সম্প্ৰ্তি সমাজত ঘটি থকা ঘটনা .. ভাল লাগিল।

    Reply
    • বৰ্তমান সমাজত ঘটি থকা ঘটনা, বৰ ভাল লাগিল ৰিমঝিম।

      Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ । দূৰ্নীতি , বস্তুবাদ, লোভ, মায়া-মোহ, চব বুজিলো। মগজু লৰাই দিয়া লিখনি।????

    Reply
  • হেমন্ত কাকতি

    ৱাও! ৰুঢ় বাস্তৱ নে কি বুলি শব্দ এটা আছে যে! একদম সেইটো৷
    ভাল লাগিল ৰিমঝিম৷

    Reply
  • চিদানন্দ বৰা

    পঢ়িলো ! কমেন্ট টো সিপিঠিতে দিমগৈ !

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল ৰিমঝিম।

    Reply
  • ৰামানুজ

    চ্যেলুট ৰিমঝিম…. বহুত ধুনীয়া লিখিছা !

    Reply
  • ৰিমঝিম

    ধন্যবাদ সকলোকে

    Reply
  • ভাল লাগিল। বাস্তৱ ছবি।

    Reply
  • মানসী বৰা

    বাস্তৱ ছবি এখন..বৰ ভাল লাগিল পঢ়ি…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *