ফটাঢোল

আধুনিক ৰামায়ণ – মৌচুমী গগৈ

কলিং বেলৰ শব্দত ফ্লেটটোত অকলশৰে থকা মহিলা গৰাকী ওলাই আহিল।

ভিক্ষাৰী : মা, অলপ ভিক্ষা দিয়া৷

মহিলা : এইয়া লোৱা৷

ভিক্ষাৰী : প্লীজ, বাহিৰলৈ ওলাই আহি দিয়ক ।

মহিলা : ঠিক আছে৷

ভিক্ষাৰী : মই ৰাৱণ হয়৷ লঙ্কাৰ ৰজা।

মহিলা : মই সীতা নহয়৷ কাম কৰা বাইহে।

ভিক্ষাৰী : সেইটোতো আৰু বঢ়িয়া কথা। মই এতিয়াও সীতাক নিয়াৰ বাবে পস্তাই আছোঁঁ৷ আমাক এজনী কাম কৰা বাইহে লাগে। মন্দোদৰীয়েও ভাল পাব।মই তোমাকেই অপহৰণ কৰিম।

মহিলা : সীতাক অপহৰণ কৰোঁতে অকল ৰামে বিচাৰিছিলে কিন্তু মোক নিলে গোটেই বিল্ডিংৰ মানুহেই মোক বিচাৰি ওলাই আহিব।

কথা শুনি ৰাৱণে পলাই পত্ৰং দিলে৷ ‘মেইড ইন ইণ্ডিয়া’ অৰ্থাৎ কাম কৰা বাইৰ দিমাণ্ড ভাৰতত সকলোতকৈ বেছি৷

☆★☆★☆

One comment

  • সৌৰভ শৰ্মা

    ৱাউঔ, তামাম ?????????????????????????

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *