ফটাঢোল

টিলিং টিলিং ম’বাইল ফ’ন – ডাঃ পাৰ্থসাৰথি ভুঞা

ভাৱকচোন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ বহুতো কাম কিমান সহজ কৰি পেলালে। আমি এনে এটা প্ৰজন্ম, যিয়ে হয়তো বহু নতুন নতুন আৱিষ্কাৰ দেখিবলৈ পালোঁঁ। টিভি, ম’বাইল, কম্পিউটাৰ আদি কৰি কত কি! আগতে মনলৈ আহিছিল, ফ’ন কৰি থকা সময়ত যদি যাৰ লগত কথা পাতি আছোঁ, তেওঁকো দেখিলোঁহেঁতেন। লেণ্ড ফ’নৰ সেই অলীক সপোন এতিয়া ম’বাইল ফ’নে পূৰা কৰিলে। ৰেডিঅ’ত ক্ৰিকেট খেল শুনি থাকোঁতে ভাবিছিলোঁ চাবলৈ পোৱা হ’লে! এতিয়া টিভিৰ লাইভ সম্প্ৰসাৰণে সেই ইচ্ছাও পূৰণ কৰিলে। ইন্দিৰা গান্ধীৰ মৃত্যুৰ সময়ৰ লাইভ কাভাৰেজ আইতাই বিশ্বাসেই কৰা নাছিল, পিছত সঁচাকৈ তাত যি হৈ আছে একে সময়তে আমি দেখি আছোঁ বুলি গম পাই বোলে, “আই অ’ একেবাৰে, কি বোলেনে! ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা!”

পিচে, কিছুমান বস্তু যেনেকৈ সম্পদ তেনেকৈ বিপদো৷ ধৰক এই ম’বাইলটো। যদিও এতিয়া যিকোনো সময়তে বিপদে আপদে কাৰোবাক লাগ বুলিলেই ফ’ন কৰিব পাৰি, তথাপিও ম’বাইলৰ বাবে বহু সময়ত বিৰক্ত হ’ব লগাতো পৰে। তাতে কোম্পানীবিলাকৰ পৰা অহা বাৰেভচহু ফোন বিলাকতো আছেই! দুদিন মানৰ আগৰ কথা,

টিনিটিনি টিন টিন টিনিটিনি টিন টিন…

কাম এটা কৰি থাকোঁতেই ফ’নটো বাজি উঠিল, লৰালৰিকৈ পকেটৰ পৰা উলিয়াই চালোঁ, অচিনাকি নম্বৰ! কামটো কৰি কৰিয়েই ফ’নটো ৰিচিভ কৰি কাণত ম’বাইলটো হেঁচা মাৰি ধৰি ক’লোঁ,

: হেল্ল’

: জানি শুনি ভুল কৰিলোঁ তোমাকে ভাল পায়৷

কোনো যুৱতীৰ কণ্ঠত সিফালৰ পৰা অহা কথাখিনি শুনি প্ৰথমে থতমতেই খালোঁ কি এইবোৰ বুলি! তাৰ পিছত যেতিয়া আকৌ ক’লে বোলে, এই গানটো আপোনাৰ ‘বি এছ এন এল’ৰ কলাৰ টিউন হিচাপে ৰাখিবলৈ অমুকটো টিপক৷ কাণৰ পৰা ম’বাইলটো নমাই যেন ঠেকেছ মাৰি দিম তেনে লাগিছিল, লগতে মনলৈ আহিছিল যে অমুকটো টিপক বোলাজনক পালে যেন তেওঁৰ ডিঙিটোকে টিপিম! কামত ব্যস্ত থকা সময়ত বা বিশেষ পৰিবেশ, পৰিস্থিতি বা মানসিক অৱস্থাত থাকোঁতে এনেবিলাক ফ’ন কলে নিশ্চয় আপোনালোককো আমনি কৰে!

আৰু এটা আমনি দিয়া বস্তু হৈছে, ৰং নাম্বাৰ! হেৰৌ, দহোটা নম্বৰ শুদ্ধকৈনো মাৰিব নোৱাৰেনে এচামে। হেল্ল’ বুলি ক’লে সিফালৰ পৰা ক’ব, এইটো ক’ত লাগিছে? মই প্ৰায়ে কওঁ আপুনি য’ত লগাইছে তাতে লাগিছে কিন্তু আপুনি কালৈ ফ’ন কৰিব বিচাৰিছিল সেইটো কওক! মোৰ ম’বাইল নম্বৰটো আকৌ এজন স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞৰ লগত প্ৰায় একে। দহোটা সংখ্যাৰ মাজত মোৰ তাত য’ত ৯ আছে তেওঁৰ তাত ৪ আছে। ধৰক, নিশা চাৰে এঘাৰ মান বজাত টোপনিটো আহিছে আৰু তেনেতে ক্ৰিঙ ক্ৰিঙ, টোপনিৰ জালতে ফ’নটো ধৰি কওঁ হেল্ল’, সিফালৰ পৰা বোলে ছাৰ, মানে গাখীৰ পোৱা নাই। মই বোলো কোনে ক’ত এই ৰাতিখন গাখীৰ পোৱা নাই, গাখীৰৰ গাড়ীখন ৰাতিপুৱাহে আহে। বোলে, নহয় ছাৰ, আজি ৰাতিপুৱা যে ছিজাৰিয়ান কৰিছিল, অমুকী শইকীয়াক, বেবীটোৱে গাখীৰ পোৱা নাই বিৰাট কান্দি আছে। তেতিয়াহে বুজি পাওঁ যে অ’ কেচটো মানে নগেন , গতিকে আপুনি ভুল নম্বৰত ফ’ন কৰিছে, ন বুলি মৰাটো চাৰি বুলি মাৰক বুলি বুজাই দিওঁ! এইটো ৰং নাম্বাৰৰ আৰু বহু ৰসাল কাহিনী আছে।

ৰং নম্বৰ বুলি কওঁতে মনত পৰিল, এগৰাকী মহিলাই ফ’নত কথা পাতিবলৈ ল’লে কমেও এঘণ্টাৰ আগেয়ে ফ’ন নাৰাখেই। এদিন ফ’ন এটা আহিল, তেখেতে কথা পাতি আছিল, ফ’নটো থোৱাৰ সময়ত গিৰিয়েকে মন কৰিলে যে আজি পোন্ধৰ মিনিট মানহে কথা পাতিলে। গিৰিয়েকে বোলে হেৰা, আজি দেখোন ফ’ন বৰ সোনকালে ৰাখিলা। মহিলা গৰাকীয়ে উত্তৰ দিলে, নহয় হে, ৰং নাম্বাৰ আছিল!

এইবিলাকৰ উপৰিও আৰু এটা আছে ডমেছষ্টিক প্ৰব্লেম। মানে আগতে আপুনি বজাৰলৈ গ’ল মানে গ’ল, আপোনাক কিবা এটা আকৌ ক’বলৈ বিচাৰি নাপায়। কিন্তু এতিয়া ধৰি লওক, বজাৰৰ লিষ্টখন লৈ আপুনি বজাৰলৈ গৈছে, কোনোমতে পাৰ্কিং এটা পাই গাড়ীখন ৰাখি, বজাৰখিনি কৰি আনি গাড়ীত ভৰাইছেহে, আহিল নহয় আপোনাৰ শ্ৰীমতীৰ ফ’নটো…”হেৰা, নিমখৰ পেকেট এটাও আনিবা”। এবাৰতে ক’ব নোৱাৰা নেকি হে, সিফালৰ পৰা বোলে “হব দিয়া বজাৰতেইতো আছা, ঘৰ পোৱাহি নাই নহয়।” যাওক আকৌ গাড়ী লক কৰি দোকানলৈ।

আকৌ দোকান পাইছেগৈহে, ম’বাইলটো বাজিল, “গৈছা নহয় আকৌ দোকানলৈ? এটা বস্তু থাকি গল অ’, গাৰ্ণিয়াৰৰ হেৰি এটা আনিবা”। হ’ব দিয়া বুলি কৈ দোকানিক কওক, ” ভাইটি, এই কি বোলেনে গাৰ্ণিয়াৰৰ অমুক এটা দিবা হে”। সি বেটাই আকৌ আপোনাক কওক বোলে “দাদা কোনটো দিম, গাৰ্ণিয়াৰৰ নেচাৰেলটো নে অমুকটো নে তমুকটো”। আকৌ ঘৰলৈ কিৰিং কিৰিং ফ’ন মাৰক, উত্তৰ নাই, আকৌ মাৰি থাকক, মাৰি থাকক, পাঁচ মিনিট মান পিছত ফ’নটো ধৰি ক’ব বোলে, “কি হ’ল হে ইমান ফ’ন মাৰি আছা, বাথৰূমত আছিলোঁ, অ’ বাৰু, তমুকটো আনিবা” ফ’নটো থৈ কওক ভাইটি তমুকটো দিবা। এইবাৰ সি বেটাই বোলে দাদা, ” স্মল, মেডিয়াম নে লাৰ্জ?” উঠি অহা খংটো কোনোমতে দমাই “দে অ বোপা তোৰ যিটোৱে ভাল লাগে” বুলি কোৱাৰ বাহিৰে আপোনাৰ আন কিবা উপায় আছেনে?

☆★☆★☆

One comment

  • আৰাধনা বৰুৱা

    ভাল লাগিল ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *