ফটাঢোল

নয়নমণিৰ পঞ্চামৃত – মনোজ নেওগ

কণামুনাকৈ সাৰ পায় খৰধৰকৈ ভাবিলোঁ চিঞৰটো ভ্ৰম নে সঁচাকে মোৰ নাম ধৰি চিনাকি মাত এটাই মালভোগ কল অনাৰ কথা কৈছে! চকু কাণ সতৰ্ক কৰি উমানতে মই ডাঙৰকৈ মাত দিলোঁ –

: কোন ঔ….

ঠিকেই, শুনাটো মোৰ ভ্ৰম নাছিল, কথাটো সঁচা। এইকোবত কাণ টহটহাই যোৱাকৈ আহিল মাতটো,

: ঐ, নয়নমণিৰ ঘৰলৈ বেগাই যাচোন। পেটেলাৰ দোকানত মালভোগ কল কেইটামান লৈ থোৱা আছে, লৈ যাবি।

সিমানখিনি কথা কৈ শেষ হয় মানে মই প্ৰায় দিগম্বৰ ৰূপত আহি বাৰান্দা পালোঁহি৷ বিজয় ৰৈ আছে ছাইকেলৰ ওপৰত, তাৰ এটা ভৰি পেডেলত আনটো বাৰান্দাৰ ষ্টেপত। কথাকেইটা ক‌ওঁতে মাজে মাজে কুঁজাহৈ সি এনে এটা ভংগী লয় যেন ছাইকেলিঙৰ প্ৰতিযোগিতা এখনতহে ভাগ লৈ আছে। মোৰ চকুত টোপনি লাগি থকা ভাৱত এনেয়ে হামি দুটামান মাৰি ক’লোঁ,

: ৰাতিপুৱাই মালভোগ কল কেলৈ অ’?

এইকোবত বিজয়ে ওঁঠ দুটা হাফ-ভেল্টা খুৱাই মুখখন কন্দনামুৱা কৰাৰ দৰে কৰি ইফালে সিফালে চালে, অলপমান মোৰফালে হাউলি আহি ফুচফুচাই কোৱাদি ক’লে,

: নয়নমণি প্ৰেগনেণ্ট।

কথাটো শুনি মোৰ মুখৰ পৰা কি- ওলাল নে কে- ওলাল মই মুঠতে গম নাপালোঁ, আনকি মই ইমানো গম নাপালোঁ যে – মই পিন্ধি থকা টাৱেলখন খুলি এবাৰ ওৰণিৰ দৰে লৈ আকৌ কোন মুহূৰ্তত কঁকালত গাঁঠি মাৰি ল’লোঁ৷ বিজয়ে আকৌ ক’লে,

: গোটেইখন হুলস্থুল লাগিছে, মানুহে ঘৰ নধৰা। পাঁচমাহ বুলি জানি আজিয়ে ৰাইজে পঞ্চামৃত দিব হেনো। ত‌ই মালভোগকেইটা লৈ যা, মই ঘৰৰ পৰা মৌ অকণ লৈ গৈছোঁ৷

মই মানুহটো খৰাং পথাৰৰ অকলশৰীয়া ঘাঁহ এডালৰ দৰে বতাহত কঁপি কঁপি ৰৈ থাকিলোঁ বহুত দেৰী৷ কথাটো কিবা হাতী এটাই কণী পৰা ধৰণৰ অতি আচৰিত কথা। নয়নমণি প্ৰেগনেণ্ট!

পিছৰ সময়খিনি একেবাৰে তোহাৰি চৰণে মোহাৰি অনাৰ দৰে কামখিনি শেষ কৰিলোঁ। পেটুৱাৰ দোকানতো মানুহ দুজনমানে মোক নেদেখা মানুহ চোৱাদি চালে৷ কথাটো টং কৰি বুকুখন একেবাৰে ঢিপিলিঙকৈ মাৰিলে! কলিকালৰ কথা, নোহোৱা নোপজা কথা কাণ্ড হৈ আছে! কেনেবাকৈ যদি নয়নমণিৰ কথাটো সঁচা হয়, সন্দেহটো চিধাই মোলৈকে পোনাব৷ কাৰণ খাওঁতে-ব‌ওঁতে, ফুৰা-চকাত দুইটাৰ লগ নাভাগে৷ নদীয়ে পুখুৰীয়ে গা ধোওঁতে দুইটাৰ দবৰা দবৰি অনেকেই দেখিছে। সেইবোৰ দেখি সকলোৱে যদি…

যিমানে নয়নমণিৰ ঘৰলৈ আগুৱাই গৈছোঁ সিমানেই আপদীয়া চিন্তা এগালে খুলি থাকিল মূৰটো। পদূলিত এগাল মানুহ, চোতালত এজুম৷ মোক দেখি বিজয় লৰালৰিকৈ আহিল৷ হাতৰ মালভোগ কলকেইটা আগবঢ়াই মই কিবা এটা ক’ব খুজিও শুকান ডিঙিত কথাকেইটা খৰখৰাই চুঁচৰি পেট পালেগৈ।

বিজয়ে ক’লে,

: ইমানদেৰি লাগেনে তোৰ। দে দে, ঘোল বনাবলৈ ৰৈয়ে আছে৷

মই জোৰ কৰি কথা এটা বাজ কৰিলোঁ,

: নয়নমণি….

বিজয়ে সৰুকৈ ক’লে,

: ৰাইজৰ মাজতে আছে। কেন্দুকাইটিয়ে কিবা অৰ্থ ভঙাই আছে গোটেই বিষয়টোৰ।

বিজয় যোৱাৰ পিছত মই ভিৰ ফালি আগবাঢ়িলোঁ। ৰাইজৰ বেহু এটাৰ মাজত তামুলীপিৰা এখনত সুদা গায়ে নয়নমণি বহি আছে হনুমন্ত নমস্কাৰ ভঙ্গীমাত, পিন্ধনত এখন ধুতি। ডিঙিতে সূতা এডালত তিনি চাৰিপাহ ৰঙা জবাফুলৰ মালা এডাল, এপাহ মান ছিঙি ভাঙি মূৰত চতিয়াই থৈছে। ভেকুলী বিয়াৰ দৰাভেকুলী এটাৰ যি অৱস্থা, তাৰ অৱস্থাটো তাতকৈ কিছু জটিল হৈ আছে যে দেখিলেই বুজিব পাৰি৷ মই বৰ ভয়ে ভয়ে চকুহাল নমাই নি থাকিলোঁ। সেয়া মোৰ ভ্ৰমো হ’ব পাৰে দেই, মই যেন আগতে দেখা নয়নমণিৰ পেটটোতকৈ এতিয়া দেখা পেটটো অলপমান টিঙটিঙীয়া! মই কি কৰোঁ, কি নকৰোঁ ভাবত থাকোঁতে এপাকত তাৰ চকুৱে চকুৱে পৰিল। কিবা যেন ক’ব খুজিছে সি৷ মই চকুৰে সুধিলোঁ,

: বোলো কেছটো কি!

সি এবাৰ না কোৱাৰ ধৰণে মূৰটো জোকাৰিলে, আকৌ এবাৰ হাঁ কোৱাৰ ধৰণে মূৰটো জোকাৰিলে! মানুহবোৰৰ মাজত কথাবোৰ ডাঙৰ হৈ পৰিছে৷ ইজনে কৈছে এয়া অসম্ভৱ কথা! সিজনে কৈছে এয়া হ’ব নোৱাৰে, ডেকা ল’ৰাটো কেনেকৈ গৰ্ভৱতী হ’ব!

ঠিক তেতিয়াই কেন্দুকাইটিৰ গমগমীয়া মাতটো বাজিল,

: এয়া সম্ভৱ৷

গোটেইখন কাঁহ পৰি জীণ গ’ল। সকলোৱে কেন্দুকাইটিৰ মুখলৈ চাই থাকিল৷ পুনৰ কেন্দুকাইটিয়ে ডিঙিটো চাফা কৰি আৰম্ভ কৰিলে,

: পুৰুষ গৰ্ভৱতী হ’ব পাৰে৷ আজি নয়নমণি বোপাৰ পৱিত্ৰ পঞ্চামৃত দিৱসত আমি আপোনালোকক ক’বলৈ পায় সুখ অনুভৱ কৰিছোঁ, নয়নমণি বোপাৰ আগতে গৰ্ভৱতী হোৱা পুৰুষজন আছিল নাৰায়ন স্বৰূপ শ্ৰীকৃষ্ণ।

মোৰ মেলা মুখ জপাবলৈ ইতিমধ্যে মই পাহৰি পেলালোঁ তেতিয়া। ৰাইজৰ গুণগুণনিবোৰ মাৰ যায় আকৌ বাঢ়ে। কেন্দুকাইটিৰ মাত ডাঙৰৰ পৰা মাইকৰ ৰূপ লৈছে,

: পুৰাণত লিখা আছে। ৰজা বিৰোচনে কন্যা বিচাৰি নাপায় শেষত শ্ৰীকৃষ্ণৰ হাততে খাৰু পিন্ধাই বিষ্ণুপ্ৰিয়া নামেৰে নিজৰ কৰি ল’লে। কৃষ্ণহীন পৃথিৱীত হাহাকাৰ লাগিল। কথাটো নাৰদে গম পায় খাৰুডাল খুলি দিলে। তেতিয়া পুৰুষ কৃষ্ণৰ গাত লেঠা। তেতিয়া শিৱ‌ই মহা ত্ৰিশূলডালে পুৰুষৰ গাৰ পৰা সন্তান বাজ কৰালে। সেয়াই হ’ল মহাবীৰ বলি। হয়তো আজিৰ তাৰিখতো নয়নমণি বোপাৰ গৰ্ভত বলি নহ’লেও কলিকালৰ এজন মহান আত্মা আছে৷

মোৰ আৰু মগজে কাম কৰিবলৈ এৰি দিয়া যেন লাগিল। কোনে জানো কাণতে ক’লে – “নয়নমণিৰো চিজাৰিন কৰিব লাগিব।”

মই বোলো এইবোৰ কথা আৰু আগবাঢ়িলে গতি বিষম। যায় লাং ঠেকে লাং বুলি একেকোবে গৈ নয়নমণিৰ কাষ পালোগৈ। গোটেই চকুবোৰে আমাক চোৱাত লাগিল। যি হ’ব দেখা যাব বুলি তাৰ হাতখনত ধৰি চোঁচোৰাই নিয়াদি ভিতৰ পোৱালোঁ। ভিতৰৰ বিছনাখনত তাক বহুৱাই সুধিলোঁ,

: এইবোৰ কি ঐ জহনীত যোৱা?

বিছনাৰ খুটিটোত ধৰি নয়নমণিয়ে একোবত ফেকুৰিবলৈ ধৰিলে৷ মই খঙেৰে ক’লোঁ,

: চুপ্৷

অলপমান শান্তহৈ গেনগেনাই ক’বলৈ ধৰিলে,

: এইখন চা৷

ধুতিৰ খোঁচনিৰ পৰা মোলৈ আগবঢ়াই দিয়া কাগজখন লৈ মই অবাকহৈ সুধিলোঁ,

: এইখন কি?

আগতকৈ অলপমান বেছিকে গেনগেনালে সি,

: পেচাপ পৰীক্ষা কৰাবলৈ দিছিল ডাক্তৰে৷ পৰীক্ষাৰ ৰিপৰ্ট চা৷ পাচঁমাহ চলি আছে বুলি আহি গ’ল৷ মই শেষহৈ গ’লোঁ ঐ …

: চু– প্!

এইবাৰ মই জোৰেৰে চিঞৰিলোঁ৷ কাগজখন মেলি এফালৰ পৰা চোৱাত লাগিলোঁ৷ ঠিকেই নয়নমণিৰ নাম আছে, এপাকত কাষৰফালে চাইলৈ চকু দাঁত নিকটাই তাক ক’লোঁ,

: কাৰ মূৰটো চালি এইখন। এইটো কি দেখিছ? Sex-M/ F বুলি যে আছে, তাৰ Fটোত ৰাইটচিন দিয়া আছে, দেখিছনে নাই?

নয়নমণিয়ে জুপিজাপি চাই ক’লে,

দেখিছোঁ…

মই ক’লোঁ,

: তেতিয়াহ’লে কাৰ মূৰটো বুজিলি?

অলপমান থেঁৰোগেৰোকৈ সি ক’লে,

: M-মানে বিজয়ে ক’লে মেডিয়াম, F মানে…..

এইকোবত মোৰ মূৰৰ তাঁৰকেইডাল ছিগি যোৱা যেন পালোঁ। চিঞৰিয়ে ক’লোঁ,

: বিজয়ে ক’লে, সিহে আচল পণ্ডিত! এইখন তোৰ নহয়। তোৰ সৈতে একে নামৰ কোনোবা মহিলাৰ৷ ইয়াত লিখিয়ে দিছে F বুলি। নয়নমণি ফিমেল। গৰু কৰবাৰ।

যেন মকৰধ্বজ খায় জাপমাৰি বহিল মৰিবলৈ ধৰা মানুহ এটা। দুটামান জাঁপ মাৰি কাগজখন মোৰপৰা থাপ মাৰি ল’লে। তাৰপিছত নিজকে কোৱাদি ক’লে,

: উৱ-ৱ-ৱ, ঠিকেই বুজিছ৷ মোৰ পিছতে বুদাইৰ ঘৈণীয়েক আছিল। তাইৰ নামটো নয়নমণি বুলি সি কৈছিল আক’!

পিছৰ কোৱত আকৌ তাৰ মাতটো গেনগেনাবলৈ লাগিল,

: আজি ত‌ই নথকা হ’লে এইসোপাই মোৰ পঞ্চামৃত পাতিয়ে দিলেহেঁতেন!

তেনেতে বাহিৰৰ পৰা বিজয়ে মাতিলে,

: ঐ নয়নমণি, পঞ্চামৃত হ’ল৷ তোক মাতি আছে, নিয়মৰ কথা৷

নয়নমণিয়ে মুখখন বিকটাই চিঞৰিলে,

: চুপি এটা লৈ বুদাইৰ ঘৈণীয়েৰৰ মুখত বাকি থৈ আহগৈ জহনীত যোৱা৷

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    ধেৎ তেৰি, হাঁহি মৰিছো

    Reply
  • সোনটো

    ধেইত তেৰি?

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি, হাঁহি মৰিছো। টাৱেল খন ওৰণিকৈ লৈ আকৌ পিন্ধা দৃশ্যটো কল্পনা কৰা নাই বাৰু।

    Reply
  • মানসী বৰা

    বৰ ৰস পালো দেই..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *