জেপিএল ২০২৩ – সোনটো ৰঞ্জন বৰুৱা
কেৰেচ্……
ৰেগুলাৰ বাৰখনলৈ সোমাবলৈ লওঁতেই সি পালেহি। গাড়ীৰ ভিতৰৰ পৰাই সি চিঞৰিলে
-“ঐ আহ, আজি নবহোঁ, এঠাইত যাওঁ ।”
– “ক’ত যাৱ?”
– “বাটত কৈ যাম ব’ল, বিৰাট আৰ্জেন্ট দেৰি হ’ব নহ’লে।” আৰু প্ৰশ্ন নকৰি চিধা গাড়ীত বহিলোঁ।
“ক এতিয়া।”
“আজি আমাৰ বাবে বিৰাট স্পেচিয়েল দিন, সকলোৱে আমাৰ দাবী মানি ল’লে।”
” দাবী মানি ল’লে মানে? “
” তইতো জান, আই পি এলৰ দৰে নিলামৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাই আছিলোঁ। সদায় আমি বিক্রী হ’বলৈ তৎপৰ হৈ থাকোঁ বা বিক্ৰী যাওঁ। কিন্তু খেলুৱৈৰ দৰে সন্মান কেতিয়াও নাপাওঁ। “
” কথাটো হয় বাৰু, সকলোৱে লেইলেই চেইচেই হে কৰে।”
” তই চা, আমি যাৰ ওচৰত বিক্ৰী যাওঁ, তাৰ প্ৰতি আমি কিমান লয়েল, কোনো পোহনীয়া জীৱতকৈ কম নহয়। কিন্তু কেতিয়াবা আমাৰ বিশ্বাসযোগ্যতাৰ উদাহৰণ দিয়া দেখিছনে?”
আগত গাড়ীৰ জাম, সি নিশ্চুপ হৈ গাড়ী চলাবলৈ ল’লে। মনে মনে ভাবিলোঁ, হয় কথাটো, ইহঁতে ইমান নিষ্ঠাৰে প্ৰভুভক্তি কৰে কিন্তু নেজ লৰাই গৌৰৱ কৰিব পৰাকৈ কোনেও স্বীকাৰ নকৰে। ফ্ৰেঞ্চাইজী খেলুৱৈয়ে দল সলনি কৰাৰ পাছত নতুন দলত নিষ্ঠা আৰু বিশ্বাসযোগ্যতাৰে পুৰণা দলৰ বিৰুদ্ধে খেলাৰ দৰে ইহঁতেও লাজ চৰম নোহোৱাকৈ নতুন মালিকৰ তলত পুৰণা মালিকৰ বিপক্ষে খেলিব পাৰে।
“এইবাৰ আমাৰ দাবী সকলো ৰাজনৈতিক দলে মানি লৈছে, নলৈ পাৰে জানো? আমিয়েতো ৰাজনৈতিক দলৰ সকলো প্ৰয়োজন পূৰণ কৰি দেশক বিকাশৰ দিশে লৈ যোৱাত সহযোগ কৰিছোঁ । গতিকে এইবাৰ সকলো ৰাজনৈতিক দলেই সাংবাদিক ক্ৰয় কৰিবলৈ সম্মতি জনাই জে পি এল মানে জাৰ্নেলিষ্ট প্ৰিমিয়াৰ লীগ্ পাতিবলৈ লৈছে। আজি খেলুৱৈৰ নিলাম হ’ব” অকণমান মুকলি পাই সি পুনৰ কথা আগ বঢ়ালে।
“হাঃ হাঃ হাঃ, এইখন চুপাৰ ডুপাৰ হিট্ লীগ্ হ’ব চাবি। আই পি এলে পাত্তাই নাপাব । আৰে তহঁতৰ প্ৰতিটোৱেই ঘাগু ঘাগু অলৰাউণ্ডাৰ। প্ৰতিজনেই হুক ষ্টেটড্ৰাইভ মাষ্টাৰ, গুগলি দুচৰা চুইং, প্ৰয়োজনত কি কৰিব নোৱাৰ তহঁতি। ফিল্ডিংততো চুবই নোৱাৰি। গালিত যি বাঘৰ দৰে চুপ লৈ থাক নহয়, বিৰোধীয়ে ভুল শ্বট্ খেলিল কি নেখেলিল, আউট। কেতিয়াবাতো তালফাল আপীল কৰি মিছাকৈয়ে বিপক্ষক আউট কৰি দিয়.. চুপাৰ হিট্ হ’ব চাবি। চাল্লা আম্পায়াৰৰ লগত ব্লেকমেইলিং,দালালি কৰি খেলৰ ফলাফল তহঁতৰ দৰে কোনে সলাব পাৰিব? হাঃ হাঃ হাঃ ….
পুনৰ জাম আৰম্ভ হল, সি আকৌ নিশ্চুপ হৈ গাড়ী চলালে। মনে মনে তাৰ কথাটো জুকিয়াই চালোঁ। সঁচাকৈ ইহঁত পাক্কা খিলাড়ী। কভাৰত ফিল্ডিং কৰিবলৈ দিয়ক, মালিকৰ অনিষ্ট কৰিব পৰা একো খবৰ বাউন্ডেৰী পাৰ হ’বলৈ নিদিয়ে। মালিকৰ লেগত স্কুৱাৰ্ লেগ্ হৈ এনেদৰে পৰি থাকে যে মালিকে ক্ৰয় কৰা কৃতজ্ঞতা অনুভৱ সৰ্বসময়ত কৰি থাকে। মালিকৰ প্ৰতিটো লেগক ফাইন-লেগ্ বুলি সাবটি ধৰি লৈ যি কোনো পৰিস্থিতিৰ মুখামুখি হৈ হ’লেও থাৰ্ডমেনৰ হাতত পৰাৰ আগেই খবৰ কেটচ্ কৰি লয়।
সাংবাদিকে যি বেইমানি কৰি ডিপ্ বাউণ্ডেৰি চেফ্ কৰে, খেলুৱৈৰ পৰা সেয়া আশা নকৰাই ভাল। সিহঁতে অকল খেলিবহে জানে, সেইটো কৰিবলৈ গৰজিব,কামুৰিব পাৰিব লাগিব।
নীৰৱতাৰ অন্ত পেলাই সি পুনৰ আৰম্ভ কৰিলে ” বুজিছ, এইখন লীগ্ চুপাৰ হিট্ হ’ব। খেলৰ নিয়ম মতে খেলৰ সময়ত গালি গালাজ, ঠাট্টা, কুৎসা, মিথ্যাকথা সকলো লিগেল,গতিকে কিমান উপভোগ্য হ’ব ভাবি চা। এনেও আমাৰ খেলত ৰাইজে কিমান আমোদ পাই দেখিয়ে আছ ।আমাৰ খেলৰ পৰা সৃষ্টি হোৱা ভুল বুজাবুজি, সংঘৰ্ষ , শত্ৰুতা, শংকা আদিৰে ৰাজনৈতিক দলে দেশৰ বিকাশ কৰিব পাৰে। ৰাজনৈতিক দলৰ লাভ দেশৰ লাভ গতিকে ইয়াত ব্লেকমানি ইউজ্
কৰিলেও হুৱাইটেই হ’ব বুলি চৰকাৰে ঘোষণা কৰি দিছে । পালোঁহিয়েই ব’ল…..।”
ভিতৰলৈ সোমাই গৈ দেখিলোঁ, বিৰাট কাৰবাৰ।ৰঙীন লাইটৰ জিকমিকনি, বাৰত ৰঙীন পানীয়ৰ গিলাচৰ তিৰবিৰণি। ইতিমধ্যে হলটো ক্ৰেতা বিক্ৰেতা, দৰ্শক পণ্যৰে ভৰি পৰিছে। ইফালে সিফালে চাই সি মোক এচুকলৈ লৈ গ’ল। সেই চুকৰ টেবুলবোৰ বুদ্ধিজীৱী সকলৰ মনোৰঞ্জনৰ বাবে সংৰক্ষিত বুলি টেগ্ কৰা আছে। লগতে এক নিৰ্দেশনা-সকলো বুদ্ধিজীৱীয়ে মুখ আৰু কাণ বন্ধ ৰাখিব লাগিব। মাত্র চকু খোলা ৰাখি লক্ষ্য কৰি থাকিব পাৰিব। নিজ নিজ শিবিৰ মতে বুদ্ধিজীৱীসকলে টেবুল বাছি লৈছে। ইখন টেবুলত বহা বুদ্ধিজীৱীৰ লগত সিখন টেবুলত বহাসকলৰ মাজত অহি-নকুল সম্পর্ক। কেইজনমানে চিনিব নোৱাৰাকৈ মাফলাৰ মাৰি আহিছে,যাতে পিছত শিবিৰ সলনি কৰিলেও কোনেও ধৰিব নোৱাৰে । ময়ো মোৰ শিবিৰৰ টেবুলৰ কাষলৈ গৈ চকীত বহি নিলামৰ আলেখ লেখ চাবলৈ ল’লোঁ। মোক তাতে এৰি সি ইতিমধ্যে তাৰ সাংবাদিক বন্ধুসকলৰ মাজত বিলীন হৈ গ’ল।
“.. দলসমূহে পূৰ্ণ যুঁজাৰু মনোভাবেৰে খেলিব লাগিব।বিনিময়ত বিৰোধীয়ে দিয়া গালি গালাজ, ধক্কা মুক্কা আদি গম্ভীৰতাৰে ল’ব নালাগিব, কিয়নো তাৰ বাবে এই নিলামত আপোনালোকে উপযুক্ত পাৰিশ্ৰমিক পাব। এতিয়া জেপিএলৰ কেন্দ্রীয় সমিতিক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ” নিলামৰ সঞ্চালকৰ ঘোষণাৰ লগে লগে কেন্দ্রীয় সমিতিয়ে আসন গ্ৰহণ কৰিলে।
সকলো দেশত দূৰ্নীতি দেখিলেও চকুমুদা মূধাফুটা সাংবাদিক, তেওঁলোকৰ তত্বাৱধানতে আজিৰ নিলাম হ’ব। বিভিন্ন চেনেলৰ অসংখ্য সাংবাদিক বিভিন্ন মুদ্ৰাত বহি আছে। বাতৰিকাকতৰ মালিক, ৰাজনৈতিক দলৰ দালাল সকলো নিৰ্ধাৰিত স্থানত বহি আছে। সকলোৰে উৎসুকতা। নিলামৰ মূল প্ৰক্ৰিয়ালৈ অপেক্ষা কৰি আছে।
সঞ্চালকজনে পুনৰ ঘোষণা কৰিলে-
” আজিৰ নিলামত অংশগ্রহণ কৰা সাংবাদিক বন্ধুসকল, মন দি শুনক। নিলামত বিক্রী হোৱা সাংবাদিকৰ মগজু আৰু মুখৰ গৰাকী ক্ৰয় কৰা মালিকৰ হ’ব। তেখেতে যেনেদৰে ইচ্ছা কৰে তেনেদৰে ব্যৱহাৰ কৰিব পাৰিব। বিক্রী হোৱা সাংবাদিকক নিজৰ মগজু ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। এবাৰ বিক্রী হোৱাৰ পাছত এই চিজনলৈ বিৰোধীলৈ থু পেলাবলৈহে মুখ খুলিব পাৰিব।চেনেলত বহি মালিকৰ মতে বিৰোধীক ধমক্ দিয়ে ভূকে, আঁচুৰে, কামোৰে চব কৰিব পাৰিব। নিজেও মাৰ খাই ৰাইজৰ দয়া বুটলিবলৈ সুযোগ পাব।………”
সদৌশেষত নিলাম আৰম্ভ হ’ল।
“প্ৰথমে সেইসকল বন্ধুৱে হাত দাঙক, যিসকলৰ পূর্বে বিক্রি হোৱাৰ অভিজ্ঞতা আছে। যি কলমৰ লগতে মালিকৰ পূজা কৰাৰ অভিজ্ঞতা আছে।” লগালগ একুৰি মান হাত ওপৰলৈ উঠিল। নিজ নিজ পোহনীয়া সংবাদিকক দেখি নেতাসকলে মিচিকিয়াই হাঁহিলে। আইকন প্লেয়াৰ হিচাপে এওঁলোকৰ নিলাম হৈ গ’ল।
সঞ্চালকে পুনৰ ঘোষণা কৰিলে-
“এইবাৰ সেইসকল বন্ধুৱে হাত দাঙক, যি কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গাই পাইছে।”
তিনি কুৰি মান হাত ওপৰলৈ উঠিল। বিক্রী যোৱাৰ জন্মজাত গুণ তথা একে সময়তে দুটা পাৰ্টিৰ মাল হজম কৰিব পৰা গুণৰ বাবে এইসকলক কিনিবলৈ হেঁটাওপৰা লাগিল। সকলো টি ভিৰ সাংবাদিক, সাংবাদিকৰ উচ্চ বৰ্ণ। চনচনি চেনেলৰ মুখফটা দেৱীৰ নিলাম আৰম্ভ হোৱাৰ সময়ত মেহ্ফিল জমি গ’ল।সদায় বিৰোধীক গালিৰে পৰাস্ত কৰি দিয়া মুখফটা দেৱীক নিজৰ দলত ৰাখিবলৈ ইজনে সিজনৰ ওপৰত বিড অফাৰ দিব ধৰিলে। শেষত সৰ্বাধিক ধনত বিক্রী হৈ গ’ল। দ্বিতীয় সৰ্বোচ্চ দামত বিক্রি হ’ল চৰকাৰৰ ওপৰত প্ৰশ্ন কৰাৰ বাবে বুদ্ধিজীৱীৰ ওপৰত হাত তোলা বিদ্ৰোহী চেনেলৰ বিদ্ৰোহীজন। বিডৰ ওপৰত বিড পৰাৰ বাবে আকাশলঙ্ঘী দামত এজন এজনকৈ সকলো বিক্রী হৈ গ’ল।
পৰবৰ্তী শ্ৰেণী সাংবাদিকৰ নিলাম আৰম্ভ হোৱাৰ আগতে সঞ্চালকে বিৰতি ঘোষণা কৰিলে। মই বাৰলৈ খোজ ল’লো । তাতে নিজৰ শিবিৰৰ বুদ্ধিজীবী এজন লগ পাই নিলামৰ ক্ৰয়-বিক্ৰয়ৰ বিষয়ে আলোচনা কৰোঁতে অলপ সময় পাৰ হৈ গ’ল।
নিজৰ টেবুললৈ ঘূৰি আহি দেখিলোঁ ইতিমধ্যে নিলামে শেষ পৰ্য্যায় পালেহি। বহু সাংবাদিক বিক্রী নোহোৱাকৈ ৰৈ গ’ল যদিও দল গঠন কৰিব পৰাকৈ কিনা-বেচা হৈ গ’ল।
কাকতৰ সাংবাদিকৰ নিলাম প্ৰক্ৰিয়া চলি আছে।ক্ৰেতা পায় নে নাপায় তাৰ চিন্তাত নিলামৰ বাবে ইচ্ছুক সাংবাদিকসকলৰ মুখ শুকাই যোৱা যেন অনুভৱ কৰিলোঁ। সম্পাদকৰ আতংকত মৰি মৰি জীয়াই থকা এই সাংবাদিকসকলৰ নিলাম আৰম্ভ হ’ল।
সঞ্চালকে এইসকলৰ বিক্রীৰ চৰ্ত ঘোষণা কৰিলে –
“যিসকলে চলে-বলে কিম্বা কৌশলে বিজ্ঞাপন আনিব জানে,সেইসকলে হাত দাঙক।”
পোন্ধৰ বিশখনমান হাত ওপৰলৈ উঠিল। ভালদৰে লক্ষ্য কৰি দেখিলোঁ তাৰ বেছিভাগেই ঈ আৰু ই ৰ মাজত পাৰ্থক্য কি ক’ব নোৱাৰিব, কিন্তু ক’ত বিজ্ঞাপন পোৱা যাব ভালদৰেই জানে। কাকতৰ মালিকৰ বাবে বাতৰিতকৈ বিজ্ঞাপন বেছি প্ৰয়োজনীয়। বাতৰি টিভিৰ বাতৰি চাই আৰামত বনাই ল’ব পাৰি কিন্তু বিজ্ঞাপন নহ’লে ধন ক’ৰ পৰা আহিব? মন্ত্রীৰ ভৰিত পৰি চৰকাৰী বিজ্ঞাপন পোৱা নোপোৱাৰ নিশ্চিতি নাই। নিলাম আগবাঢ়িল।ক্ৰেতাৰ আগ্ৰহ কম, বেচিভাগ বেছি প্ৰাইচতে বিক্রি হৈ যাব ধৰিলে।
নিলাম আকৰ্ষণহীন হোৱাৰ বাবে টেবুলৰ চৌকাষে বহি থকা নিজা শিবিৰৰ বুদ্ধিজীৱীসকলৰ মাজত ক্ৰয়-বিক্ৰয়ৰ খুঁতবোৰ আলোচনা আৰম্ভ হ’ল। এনেতে সঞ্চালকৰ ঘোষণা কাণত পৰিল-
“এইবাৰ আহিছো বুদ্ধিজীৱী সমাজলৈ….. ।
ঘোষণাটো শুনাৰ লগে লগে মোৰ চকুৰ আগতো ভৱিষ্যতৰ এক সোনালী সপোনে দোলা দি গ’ল……..।
☆★☆★☆
11:29 am
সঁচাকৈ বৰ বেলেগ লিখিছে দেই . . মজা
12:49 pm
ধন্যবাদ ☺
1:25 pm
সাংঘাটিক লিখিছেহে!!! বঢ়িয়া লাগিল।
2:42 pm
ধন্যবাদ ??
1:35 pm
আৰু এভাগ সম্পদ এইটো
2:43 pm
ধন্যবাদ ?
1:42 pm
ক্ষুৰধাৰ। লা-জৱাব
2:44 pm
আলোচনীত স্থান দিয়াৰ বাবে ধন্যবাদ দাদা
2:59 pm
মজ্জা হৈছে ভাই।তোৰ লিখা এৰিব নোৱাৰি।
12:48 am
তামাম লিখিছা
4:52 pm
সাংঘাটিক ব্যংগ৷ভাল পালোঁ৷
7:41 am
তোমাৰ লেখা সাংঘাতিক ৷ এইয়াহে ব্যংগ !
6:35 pm
বাপৰে কি এৰিলেহে এইটো।