ফটাঢোল

ফটাপ্ৰেম – তবিবৰ ৰহমান

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত মোৰ তৃতীয় পুলিং বিষয়া হিচাপে নিৰ্বাচনত দায়িত্ব পৰিছিল। কাগজখন পোৱাৰ দিনৰপৰাই মোক অহেতুক দুখ এটাই আৱৰি ধৰিলে। কিয়নো আগৰ কেইবাৰ মই দ্বিতীয় পুলিং বিষয়া হিচাপে দায়িত্বত আছিলোঁ। দ্বিতীয় বিষয়াসকলৰ আটাইতকৈ কাম আৰু কষ্ট বেছি যদিও মোৰ নিচিনা বৰলাসকলৰ কাৰণে অন্য এটা সুকীয়া আমেজ আছে। দ্বিতীয় বিষয়াসকল যদি বৰলা হয় আৰু তেওঁলোকৰ হৃদয়বোৰ যদি শুকান জেওৰাৰ কামিৰ দৰে নহয়,তেন্তে এই বিষয়ে ভালদৰে জ্ঞাত। নহ’লেনো যিটো কৰ্তব্যত কাম বেছি, কষ্ট বেছি থাকে সেইটো কৰিবলৈ কোনোবা ভাৰতীয় মানুহে ভাল পাব পাৰেনে? কদাপি নহয়।

সি যি কি নহওঁক, তৃতীয় বিষয়া হিচাপে প্ৰশিক্ষণ লৈ নিৰ্বাচনৰ বাবে সাজু হ’লোঁ। প্ৰশিক্ষণৰ শেষৰ দিনা প্ৰিজাইডিং সহিতে সকলোবোৰ বিষয়া এদিন লগ হ’ব লাগে। আমিও এদিন লগ হ’লোঁ নিৰ্ধাৰিত সময় অনুসৰি। কিন্তু দ্বিতীয় বিষয়াজনে অসুখৰ বাবে ভালদৰে নিজৰ কামখনি কৰিব নোৱাৰিব বুলি শংকা প্ৰকাশ কৰিলে। তেতিয়া প্ৰিজাইডিঙে কিবা অসুবিধা হ’লে মই দ্বিতীয় বিষয়াজনৰ কামখিনি কৰিব পাৰিম নে সুধিলে। মোৰ মনৰ ভিতৰত ৰৌ-বৰালি জালত পৰিলে ফূৰ্তিতে জাঁপ মাৰিবলৈ মন যোৱাৰ দৰে অৱস্থা হ’ল। কিন্তু ভদ্ৰতা দেখুৱাবলৈ সাংঘাতিক গহীন হৈ ক’লো যে নীতি নিয়মৰ গণ্ডীৰ ভিতৰত একো অসুবিধা নহ’লে পাৰিম। তেতিয়া প্ৰিজাইডিঙে সেইবোৰ তেখেতে চম্ভালিব বুলি ক’লে।

নিৰ্বাচনৰ আগদিনা যথাসময়ত টালি টোপোলা বোৰ লৈ ভোটিং চেণ্টাৰ পালোঁ। চেণ্টাৰ গৈ পাওঁতে আঠ বাজি গ’ল যদিও ৰাতিয়েই প্ৰিজাইডিং, প্ৰথম বিষয়া আৰু মই আগতীয়াকৈ কৰিবলগীয়া সকলোবোৰ কাম কৰি থ’লোঁ। দ্বিতীয় বিষয়াই অসুখৰ দোহাই দি গৈ পোৱাৰ পৰা কেৱল বিয়াৰ ৰাতি টোপনি ক্ষতি কৰা মানুহৰ দৰে অ’ত থিয় দি, ত’ত বহি টোপনিয়াই কটালে। দ্বিতীয় বিষয়াৰ মতি গতি দেখি ৰাতিয়েই প্ৰিজাইডিঙে তেখেতক ভোট লোৱা মেচিনটো কেনেকৈ চলাব লাগে শিকাই বুজাই থ’লে যিহেতু তেখেতে মেচিনৰ প্ৰশিক্ষণ লোৱা নাছিল তেতিয়ালৈ। মোকো দ্বিতীয় বিষয়াৰ কামখিনি এবাৰ চাই ল’বলৈ ক’লে। ময়ো ভালদৰে এবাৰ চাই এক বজাত ভাত খাই শুই থাকিলোঁ।

ৰাতিপুৱা উঠি ভোট লোৱাৰ আগৰ যাৱতীয় কামবোৰ কৰি ভোট লোৱা আৰম্ভ কৰিলোঁ। দ্বিতীয় বিষয়াজনে নিজৰ কাম আৰু মই তৃতীয় বিষয়াৰ অৰ্থাৎ মেচিনৰ বেলট দিয়া কাম। সেমেকা মন লৈ অনিচ্ছা স্বত্বেও বেলটৰ দায়িত্বত বহিলোঁ। এঘণ্টামান যোৱাত যেতিয়া মাত্ৰ পোন্ধৰ ষোল্লটামানহে ভোট লোৱা হ’ল তেতিয়া বাহিৰৰ পৰা ধেৰ আলোচনা- বিলোচনা আৰু আপত্তি শুনা গ’ল। তেতিয়া প্ৰিজাইডিং বিষয়াই দ্বিতীয় বিষয়াৰ ঠাইত মোক আৰু মোৰ ঠাইত তেওঁক বহুৱাই দিলে। মোৰ মন একেবাৰে বাগিছা বাগিছা লাগি গ’ল। দ্ৰুত গতিত ভোট আগবঢ়াই আছোঁ। ধুনু ধুনু ছোৱালী মহিলা আহিলে বাঘ ভালুক দেখুৱাই এইখন নহয় সেইখন দিয়ক এইবিধ নহয় সেইবিধ দিয়ক এনেকৈ কিছু সময় ব্যস্ত কৰি ৰাখোঁ। নহ’লেনো জীৱনত এনে মধুৰ সময় ক’ত পাওঁ হে। ডেৰ দুবছৰৰ পিছে পিছে হে এনেকুৱা সময় পাওঁ গতিকে এনে সুৱৰ্ণ সুুযোগ অথলে যাবলৈ দিব নোৱাৰি।

এনেকৈ দুঘণ্টা মান যোৱাৰ পিছত এগৰাকী সৰগৰ পৰীহেন ছোৱালী আহিল। তাইৰ খোজৰ লয়লাস গতি দেখি মোৰ বুকুত ভটভটী নাৱৰ মেচিন চলিবলৈ ধৰিলে। মই ভোটাৰ কাৰ্ডখন খুজি তাইৰ মুখৰ ফালে চাই থাকিলোঁ। উফ্, ইমান তীৰ্যক চাৱনি, চকু টানি নিয়া চেহেৰা যে শেষবাৰ কেতিয়া দেখিছিলো!! কিমান সময় পাৰ হ’ল ধৰিবই নোৱাৰিলোঁ। প্ৰথম বিষয়াই হেঁচুকি দিয়াতহে সম্বিত ঘূৰি আহিল। “মোৰ খুউব চাহ খাবলৈ মন গৈছে, তোমাৰ ঘৰত একাপ চাহৰ ব্যৱস্থা কৰিবা পাৰিবানে?” বুলি মোৰ মুখৰ পৰা নিজে নিজেই ওলাই গ’ল। পিছ মুহূৰ্ততে মোৰ নিজৰেই লাজ লাগি গ’ল কথাটোৰ বাবে। ছেহ্, কি বা ভাবিলে তাই !! “ভোটটো দি আপুনি যদি যাব পাৰে চাহৰ ব্যৱস্থা কৰিব পাৰিম”, হঠাৎ মোৰ চিন্তাত যতি পেলাই তাই ক’লে। ততাতৈয়াকৈ মই যাব নোৱাৰাৰ কোনো প্ৰশ্নই নাই বুলি কৈ তৎক্ষণাৎ মোৰ ভাগৰ কামখিনি কৰি দিলোঁ। চিয়াঁহী দিবলৈ লওঁতে নিদিলে নহয় নে বুলি সোধাত ধুনু ছোৱালীৰ ক্ষেত্ৰত নিশ্চয় হ’ব বুলি কৈ দিওঁ নিদিওঁ কৈ দিয়াৰ নামটো কৰি ভোট দিবলৈ যাবলৈ ক’লোঁ। হাতত চিয়াঁহী লগাই বিশেষ স্থানটুকুৰালৈ গৈ মেচিনৰ আগত থিয় হৈ বুটাম টিপালৈকে তাইৰপৰা মোৰ চকু আঁতৰা নাই। কি যে মোহিনী বাণ মাৰিলে!! ভোট দিয়াৰ পিছত তাই মোক বিশেষ ভংগীমাৰে ইচাৰা কৰাত ময়ো য’ৰ বস্তু ত’তেই পেলাই থৈ পিছে পিছে চেণ্টাৰৰ পৰা ওলাই গ’লোঁ।

চেণ্টাৰৰ বাহিৰত স্কুটি ষ্টাৰ্ট কৰি মোক উঠিবলৈ কোৱাৰ লগে লগে জাঁপ মাৰি উঠিলোঁ। পিছত উঠি থ্ৰী ইডিয়টচ্ চিনেমাত আমীৰ খানে কৰীণাক সেই বাইশ মিনিট উঠাই লৈ যোৱাৰ অনুভৱ ব্যক্ত কৰা সময়খিনিৰ কথা মোৰ মনলৈ আহিল। এক কিলোমিটাৰ মান গৈ তাইৰ ঘৰ পালোঁ। তাই আথেবেথে বহিবলৈ দি চাহ বনাবলৈ গ’ল। এইজনীক আজিয়ে নিৰ্বাচনৰ গাড়ীতে ঘৰলৈ লৈ যাম বুলি সপোনৰ ৰাজ্যত উটি ভাহি ফুৰিবলৈ ধৰিলোঁ। চিনেমাৰ অভিনেতা অভিনেত্ৰীৰ দৰে পানীৰ ওপৰত মেঘৰ মাজে মাজে ৰঙীন ৰঙীন গান গায় থাকিলোঁ। এনেকৈ সপোনত উটি-ভাহি থাকোঁতেই চাহ সন্মুখত দি খাবলৈ কোৱাতহে বাস্তৱলৈ উভটি আহিলোঁ। চাহ খাওক বুলি কৈ ভিতৰলৈ সোমাই গ’ল। তাই তামোল দিবলৈ অহাৰ লগে লগে মনৰ কথা খুলি ক’ম বুলি ভাবি ভাবি চাহ খায়েই থাকিলোঁ। তেতিয়ালৈকে এঢোক মানহে চাহ খোৱা হৈছে। চাহতকৈও মই মোৰ চিন্তাত বেছি বিভোৰ। তাইও মোৰ লগত যোৱাটো নিশ্চিত বুলি ভাবি লৈছোঁ যিহেতু তাইও মোৰ প্ৰেমত পৰিছে। নহ’লে তাই কিয় মোক দেখা মাত্ৰকে চাহ খাবলৈ মাতি আনিব?

কিছু সময় পিছত এজন মানুহে কেঁচুৱা এটা ওমলাই ওমলাই তাইৰ পিছে পিছে আহিল। এয়া মোৰ এখেত, কেঁচুৱাটোৱে বৰ আমনি কৰি থাকে কাৰণে এখেতক ল’বলৈ দি মই ভোট দিবলৈ গৈছিলোঁ বুলি তাই ক’লে। মই চাহ মুখত লৈ ঢোক মাৰিছিলোঁহে, ভিতৰলৈও নোযোৱা হ’ল বাহিৰলৈও ওলাই নহা হ’ল। সৌভাগ্যক্ৰমে চাহখিনি বাহিৰলৈ কাঁহ মৰাৰ লগে ওলাই আহিল আৰু মহিলা জনীৰ কাপোৰত পৰি কাপোৰ তিতি গ’ল। চাহখিনিয়ে মোৰ মূৰত তামোলে মূৰত ধৰাৰ নিচিনা ধৰিলে। মই যেন মানুহজন ঘামি আহিছোঁ ।কাণেৰে ধোঁৱা ওলাই থকা যেন অনুভৱ হ’ল মোৰ।

মই তাইক অলপ নিমখ আৰু কিবা টেঙা চেঙা আছে যদি আনিবলৈ দিলোঁ। তাই কিবাকিবি আনি দিলে কি দিলে মই ধৰিব নোৱাৰিলোঁ যদিও সেইখিনি খাই কিছু সুস্থিৰ হ’লোঁ। পিছত মোৰ বহুত কাম থকা বুলি কৈ তাৰাতাৰি ভোট চেন্টাৰলৈ বুলি খোজ ল’লোঁ। পিছফালৰ পৰা কিবা কৈছিল যদিও মই ভালদৰে নুশুনিলোঁ। সম্ভৱ স্কুটিৰে চেন্টাৰলৈ থ’বলৈ আহিম বুলি কৈছিল। ভোট চেণ্টাৰতো এক কিলোমিটাৰৰ ঠাইত পাঁচ কিলোমিটাৰ আঁতৰত যেন লাগিল। আহি নাপাওঁ নাপাওঁ যেন অৱস্থা হ’ল মোৰ। কিবাকৈ আহি পায় দ্ৰুত গতিত ভোট ল’বলৈ ধৰিলোঁ। অৱশ্যে সেইখিনি সময়ত প্ৰিজাইডিঙে মোৰ ভাগৰ কামখিনি কৰি আছিল। শেষত বিষাদ মন এটাৰে ভোটৰ মেচিনবোৰ লৈ ওভটনি যাত্ৰা কৰিলোঁ যদিও হৃদয়খন তাত ৰৈ অহা যেন অনুমান হ’ল।
☆★☆★☆

16 Comments

  • সৌৰভ শৰ্মা

    হাইৰে কপাল, মুঠতে হৈ নাহে।??????

    Reply
    • দাদা যোৰা নমা নাই, যোৰা নামিলে নিজে নিজেই ঘৰ আহি যাব?।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    হি হি হি,এইকাৰণে কামৰ সময়ত বেলেগ চিন্তা কৰবা নাপ্পে দাদা।

    Reply
  • তৃষ্ণা সো

    কপাল!!!!
    কিন্তু বৰ ৰসাল

    Reply
  • Anonymous

    এনাই হি হল না বাপ্পা। কিবা এটা কৰবা লাগিল নহলি চলিটো ৰসাত্তলে যাবো হান পাইছো

    Reply
  • কাবেৰী মহন্ত

    হে হৰি ! এনে দশা হলনে ?
    পঢ়ি মজা লাগিল ভাইজান ৷ পিছে ঈদৰ পিছতে ভাল খবৰ লাগিছিল..

    Reply
  • Mridula

    বেয়াহে লাগিল পাই । লিখনি ধুনীয়া

    Reply
  • চিদানন্দ বৰা

    ৰিষ্ট কাটা গ’ল বুলিহে ভাৱিছো আৰু দেই !!

    Reply
  • Ili Talukdar

    হাইহলু দে খানিক। ??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *