ফটাঢোল

Ruthless : William De Mille – অনুবাদ : অলকেশ ভাগৱতী

অক্টোবৰ মাহৰ সুন্দৰ ৰাতিপুৱা আজি নানা গছ গছনিৰে আৱৰা বিস্তীৰ্ণ অঞ্চলটোৰ প্ৰায় সোঁমাজতেই থকা ঘৰটো ৰদ’ৰ পোহৰ পৰি জিলিকি উঠিছে৷ বাহিৰত নিয়ৰে সেমেকা মাটি আৰু ওখ ওক গছৰ সৰি পৰা পাতবোৰৰ পৰা ৰ’দৰ তাপত এক সুন্দৰ গোন্ধ ওলাই চৌদিশে বিয়পি পৰিছে৷ শৰৎ কালৰ এই অনন্য প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ জুডছন আৰু মাবেলা প্ৰতি বছৰেই দুমাহমানৰ কাৰণে তেওঁলোকৰ এই ‘ফাৰ্মহাউছ’টোলৈ আহে৷ এই বছৰৰ বাবে আজিৰ দিনটোৱেই ঘৰটোত তেওঁলোকৰ শেষ দিন৷

স্নানাগাৰৰ পৰা ওলায়েই জুডছনে পোনে পোনে তেওঁলোকৰ শোৱনি কোঠাৰ বেৰত পাইন কাঠেৰে সজা সুন্দৰ আলমাৰিটোৰ ওচৰলৈ গ’ল৷ এই বিশেষ আলমাৰিটোৰ ভিতৰতেই তেওঁৰ অৱসৰ বিনোদনৰ সকলো প্ৰয়োজনীয় বস্তুৰ লগতে মদৰ বটলসমূহো থাকে।

আলমাৰীটোত ওলমি থকা তলাত চাবিপাত সুমুৱাই তেওঁ লাহেকৈ তলাটো খুলিলে। দুমাহৰ ছুটি শেষ কৰি কিছুসময়ৰ পিছতেই তেওঁলোক চহৰৰ জনঅৰণ্যৰ মাজত থকা মূল ঘৰলৈ উভতি যাব৷ সেয়েহে যোৱাৰ আগতে এবছৰৰ কাৰণে জুডছনে তেওঁৰ ব্যক্তিগত বস্তুবোৰ আকৌ এবাৰ আলমাৰিটোত থানথিত লগাই থ’বলৈ প্ৰস্তুতি কৰিলে৷

এইটো এক বিশেষ আলমাৰি৷ ইয়াৰ ভিতৰত থকা সকলোবোৰ বস্তুৱেই তেওঁৰ একান্ত ব্যক্তিগত৷ অন্যলোক বাদেই, আনকি তেওঁৰ নিজৰ পত্নীৰ হাততো এই আলমাৰিটোৰ দ্বিতীয় এপাত চাবি নাই৷ কাৰণ জুডছন ৱেবে তেওঁৰ ব্যক্তিগত সম্পত্তিবোৰ ইমানেই বেছি ব্যক্তিগত বুলি ভাৱে যে সেইবোৰৰ ওপৰত তেওঁৰ বাহিৰে আন কোনো লোকৰেই হাতৰ স্পৰ্শ পৰাটো তেওঁ সহ্য কৰিব নোৱাৰে৷

দুৱাৰখন খুলি লৈ তেওঁ গোটেই আলমাৰিটোৰ ভিতৰৰ বস্তুবোৰৰ ওপৰত এফালৰ পৰা চকু ফুৰাই গ’ল৷ তলৰ খলপটোত তেওঁৰ বন্ধুকবোৰ থিয়কৈ সজাই থোৱা আছে৷ ওচৰতে থকা চামৰাৰ বাকচটোত সেয়া গুলীবোৰ৷ তাৰ পিছফালে বৰশীকেইডাল আৰু আন কিছু সৰু-সুৰা বস্তু৷ বাওঁফালৰ খলপটোত তেওঁৰ চিকাৰলৈ যোৱা কোটবোৰ ওলোমাই থৈ দিয়া আছে৷ তাৰ তলতেই তেওঁৰ টুপীবোৰ৷ আলমাৰিটোৰ ভিতৰত এই বস্তুবোৰ পৰিপাটিকৈ থকা দেখি জুডছনৰ ওঁঠেৰে সন্তুষ্টিৰ এক ক্ষীণ হাঁহি বাগৰি আহিল৷ এই প্ৰতিপদ বস্তুৱেই তেওঁৰ অতি আপোন৷ আৰু এয়া কেৱলমাত্ৰ তেওঁৰহে সম্পত্তি৷

ইয়াৰ পিছতেই তেওঁৰ চকু আলমাৰিটোৰ ওপৰৰ খলপত থকা মদৰ বটলসমূহত পৰিল৷ বটলসমূহত চকু পৰাৰ লগে লগেই জুডছনৰ মুখৰ সন্তুষ্টিৰ হাঁহিটো নিমিষতেই এক বিৰক্তি মিহলি হাঁহিলৈ পৰিৱৰ্তিত হৈ গ’ল৷ আলমাৰিৰ ভিতৰত শাৰী শাৰীকৈ সজাই থোৱা মদৰ বটলবোৰৰ প্ৰতিটোৱেই সাঁফৰ নোলোখাকৈ একেবাৰে অক্ষত অৱস্থাত আছে৷ কিন্তু সেই শাৰীকেইটাৰ সন্মুখত ওলোটাকৈ ৰখা হুইস্কিৰ গিলাছটোৰ কাষতে অকলশৰীয়াকৈ থকা Bourbon ৰ বটলটো ইয়াৰ ব্যতিক্ৰম৷ তেওঁৰ আলমাৰিত এইটোৱেই একমাত্ৰ মদৰ বটল যাৰ সাঁফৰটো আগতেও খোলা হৈছে৷ বৰ্তমান বটলটোত আধাতকৈও কম মদহে বাকী আছেগৈ৷

এইবাৰ জুডছনে লাহেকৈ হাতখন আগবঢ়াই বটলটো আলফুলে খামুচি ধৰিলে৷ এনেতে ওচৰৰ কোঠালিটোৰ পৰা তেওঁৰ পত্নীৰ মাত ভাঁহি আহিল-

: মোৰ সকলো বস্তু বন্ধা হৈ গ’ল জুডছন৷ এলেক এতিয়াও আহি পোৱা নাই নেকি? সি সোনকালে আহিলেই পানীখিনি বন্ধ কৰি চাবিপাত তাক গতাই দি আমি যাব পাৰোঁ৷

এলেক তেওঁলোকৰ ঘৰটোৰ পৰা আধামাইলমান দূৰত থাকে৷ জুডছন আৰু মাবেলাৰ অনুপস্থিতিৰ সময়ত প্ৰায় দহ মাহৰ বাবে তেওঁলোকৰ এই ঘৰটো এলেকেই চোৱা-চিতা কৰে৷

: আহিব ৰ’বা৷ তাক মই আমাৰ নাওখন হ্ৰদৰ পৰা তুলি আনিবলৈ পঠাইছোঁ৷ আধাঘণ্টাৰ ভিতৰতেই আহি পাব বুলি সি মোক কৈ গৈছে৷

এইবাৰ হাতত এটা চ্যুটকেছ লৈ মেবেল শোৱনি কোঠাটোলৈ সোমাই আহিল৷ কোঠাত সোমায়েই তেওঁ স্বামীৰ হাতত মদৰ বটলটো দেখি আশ্বৰ্যচকিত হৈ প্ৰায় উচ্চস্বৰত চিঞৰি উঠিল,

: জুডছন, কি আচৰিত! তুমি এতিয়া ৰাতিপুৱা দহ বজাতো মদ খাবলৈ আৰম্ভ কৰিলা?

: নাই, তুমি ভুল বুজিছা সোণজনী৷ মই এই বটলটোৰ ভিতৰৰ বস্তুবোৰ বাহিৰলৈ উলিয়াবলৈ বটলটো হাতত লোৱা নাই৷ তাৰ সলনি মই বাহিৰৰ কিবা এটা বস্তুহে এতিয়া বটলটোৰ ভিতৰত সুমুৱাম৷

এইবুলি কৈ তেওঁ লাহেকৈ এক নাটকীয় ভংগীত হাতৰ মুঠিটো মেলি দি দুটা সৰু সৰু বগা টেবলেট টেবুলৰ ওপৰত থ’লে।

ইমান বছৰৰ বৈবাহিক জীৱনৰ অভিজ্ঞতাৰ পৰা মাবেলে এটা কথা ভালকৈ বুজি উঠিছে যে জুডছনৰ কথা কোৱাৰ এই ভংগীটোৰ অৰ্থ অতি ভয়ানক৷ সুচতুৰ আৰু অনুকম্পাহীন ব্যৱসায়ী জুডছনে এনে ভংগীত কথা তেতিয়াহে কয় যেতিয়া তেওঁ ব্যৱসায়ত কিবা এক সাংঘাতিক ডাঙৰ আৰু ভয়ানক সিদ্ধান্ত লয়৷ হতভম্ব হৈ একেথৰে চাই থকা মাবেললৈ চকুদুটা সৰু কৰি চাই জুডছনে বটলটোৰ সাঁফৰটো খুলিবলৈ ধৰিলে৷ তাৰ পিছত সেই একেই নাটকীয় ভংগীত ক্ষীণ কণ্ঠস্বৰেৰে তেওঁ কৈ গ’ল-

: তুমিচোন জানাই যে এইবাৰ আমি নথকা সময়ত আমাৰ ঘৰত চোৰ সোমাই মোৰ আলমাৰিৰ তলা ভাঙি এই Bourbon ৰ বটলটো আধা কৰি থৈ গ’ল৷ এইটো মোৰ বৰ মৰমৰ আছিল৷ মোৰ অনুপস্থিতিত মোৰেই ঘৰত সোমাই কোনোবাই মোৰ মদৰ বটলৰ পৰা মদ খাই যাব, সেই কথা মই সহ্য নকৰোঁ৷ এবাৰলৈ সি সাৰি গ’ল৷ কিন্তু মই নিশ্চিত যে এইবাৰো আমি চহৰলৈ যোৱাৰ পিছত একেই কাম কৰিবলৈ সি আকৌ এবাৰ আমাৰ ঘৰলৈ আহিব৷

হাতৰ বটলটোলৈ স্থিৰ হৈ চাই থাকি জুডছনে লাহেকৈ তেওঁৰ কথাখিনি সম্পূৰ্ণ কৰি ক’লে,

: কিন্তু এইবাৰ চোৰটোৱে এই কাৰ্য্যৰ বাবে নিজেই অনুতপ্ত হ’ব৷

চৰম বিতৃষ্ণা, ঘৃণা মিহলি হৈ থকা এই বাক্যশাৰী শুনাৰ লগে লগেই জুডছনৰ তীব্ৰ প্ৰতিশোধপৰায়ন মনোভাৱত মেবেল চক খাই উঠিল৷

: এই কাৰ্য্যৰ বাবে নিজেই অনুতপ্ত হ’ব মানে কি? কেনেকৈ অনুতপ্ত হ’ব?

একো মাত নামাতি হতভম্ব হৈ তেওঁ মাথো চাই ৰ’ল যে জুডছনে টেবুলৰ পৰা টেবলেট দুটা উঠাই লৈ এটা এটাকৈ বটলটোৰ ভিতৰলৈ পেলাই দিছে৷ তাৰ পিছত তেওঁ বটলটো চকুৰ সন্মুখলৈ দাঙি টেবলেট দুটা মদৰ লগত মিহলি হৈ যোৱা দৃশ্যটো এক আসুৰিক তৃপ্তিৰে উপভোগ কৰিবলৈ আৰম্ভ কৰিছে৷

ভয়াৰ্ত কণ্ঠেৰে মেবেলে এইবাৰ সুধিলে,

: এই টেবলেট দুটাৰ কাম কি? এই মদটো খালে চোৰটো অসুস্থ হৈ পৰিব নেকি?

এক কুটিল হাঁহি মাৰি জুডছনে ক’লে,

: এৰা, অসুস্থই হ’ব৷

বটলৰ ভিতৰৰ মদখিনি এক অতি মাৰাত্মক বিহলৈ ৰূপান্তৰিত হোৱাটো অপলক নেত্ৰে চাই থাকি তেওঁ আকৌ লাহেকৈ আৰম্ভ কৰিলে,

: কেৱলমাত্ৰ এটাই পাৰ্থক্য, এই অসুস্থতাৰ নিৰাময় আজিলৈ বিশ্বৰ কোনেও আৱিষ্কাৰ কৰিব পৰা নাই৷ এই অসুস্থতাৰ নাম শেষনিদ্ৰা৷

সাঁফৰটো লাহেকৈ বন্ধ কৰি খলপত থকা হুইস্কিৰ গিলাছটোৰ কাষতে বটলটো থৈ এক স্বস্তিৰ হাঁহি মাৰি তেওঁ মুখৰ ভিতৰতেই ভোৰভোৰাই উঠিল,

: বঢ়িয়া! হে মোৰ মৰমৰ চোৰ, এইবাৰ যেতিয়া মোৰ ঘৰত আকৌ সোমাবা, আগৰবাৰৰ দৰে এইবাৰো তুমি অতি তৃপ্তিৰে বটলৰ বাকী থকা মদখিনি খাবা৷ যোৱাবাৰ তুমি এই কামটো কৰোঁতে মই দুখ পাইছোঁ৷ কিন্তু মনত ৰাখিবা বন্ধু, এইবাৰ মদৰ বটল খোৱা কাৰণে মই তোমাক অকনো বেয়া নাপাওঁ৷

অতপৰে এই ভয়ানক দৃশ্য চাই থাকি মাবেলৰ মুখখন ভয়ত শেঁতা পৰি গ’ল৷ কম্পিত কণ্ঠেৰে সেপ ঢুকি লৈ তেওঁ ক’লে,

: জুডছন, তেনে নকৰিবা প্লিজ৷ এয়া ভয়ানক কথা৷ এয়াচোন শীতল মগজুৰে কৰা এক হত্যা!

: হত্যা? কিহৰ হত্যা?

চৰম বিতৃষ্ণাৰে এক কৰ্কশ মাত উলিয়াই জুডছনে কৈ উঠিল –

: মোৰ ঘৰত জোৰ কৰি সোমোৱা কোনো চোৰক মই গুলীয়ালে আইনে সেইটো হত্যা বুলি নধৰে৷ তদুপৰি নিগনি মাৰিবলৈ ঔষধ ব্যৱহাৰ কৰাততো আইনৰ কোনো বাধা নাই৷ মোৰ নিজ ঘৰৰ ভিতৰত সোমোৱা নিগনি মাৰিবলৈ মই যিকোনো খাদ্যতেই বিহ মিহলাব পাৰোঁ৷ আৰু সেয়েহে এইবাৰ নিগনি মাৰিবলৈ মই মোৰ ঘৰৰ ভিতৰত থকা মদৰ বটলত বিহ মিহলাইছোঁ৷ নিগনি আহি এই আলমাৰিৰ দুৱাৰখন ভাঙি যদি ভিতৰত থকা বটলৰ পৰা মদ খায়, তেন্তে নিগনি মৰিবই৷ এয়া নিগনিৰ নিজৰ ইচ্ছা৷ ইয়াত আইনে মোক মুঠেও দোষাৰোপ কৰিব নোৱাৰে৷

: জুডছন, শান্ত হোৱা৷ প্লিজ তেনে কাম নকৰিবা৷ আইনেওতো চুৰ কৰাৰ অপৰাধত কাকো মৃত্যুদণ্ড নিদিয়ে৷ তেন্তে তোমাৰ তেনে চূড়ান্ত শাস্তি দিবলৈ কি অধিকাৰ আছে?

এইবাৰ গুলীখোৱা বাঘৰ দৰে জুডছনে প্ৰচণ্ড চিৎকাৰ কৰি উঠিল,

: চুপ থাকা মাৰ্বেল৷ কিহৰ আইন? কাৰ আইন? মোৰ ঘৰৰ সম্পত্তি ৰক্ষা কৰাৰ সময়ত মোৰ আইন মই নিজে বনাই লওঁ৷

: কিন্তু এয়াতো এক সামান্য চোৰ৷ যিয়েই কৰিছে সি কেৱল অলপ মদহে খাইছে, আমাৰ বাকী কোনো বস্তৰেই একো অনিষ্ট কৰা নাই৷ হয়তো এয়া কোনো কিশোৰৰ কামো হব পাৰে ৷ বিশেষ একো নাভাবি একেবাৰে সাধাৰণ এক ধেমালিৰ বাবেই হয়তো সি তেনে কৰিছে৷ হ’বওতো পাৰে ন জুডছন?

: সেইটো কোনো যুক্তিয়েই হ’ব নোৱাৰে৷ কোনো এক ডকাইতে যদি মোৰ মূৰত বন্দুক থৈ মোৰ পৰা পাঁচ ডলাৰ লুটি লৈ যায়, তেতিয়াও মোৰ সেই ডকাইতটোৰ প্ৰতি সিমানেই ঘৃণা থাকিব, যিমান সি মোৰ পৰা এশ ডলাৰ লুটি লৈ গ’লে থাকিলেহেতেন৷ ডকাইত ডকাইতেই, চোৰ চোৰেই৷ ইয়াৰ সৰু চোৰ, ডাঙৰ চোৰ বুলি কোনো পাৰ্থক্য নাই৷

ইমানৰ পিছতো শেষবাৰৰ বাবে চেষ্টা এটা কৰি চাবলৈ মাবেলে এইবাৰ কথাষাৰ এক বেলেগ ধৰণে বুজাবলৈ আৰম্ভ কৰিলে,

জুডছন, চোৱা, আমি আকৌ অহা বছৰহে এই ঘৰটোলৈ ঘূৰি আহিম৷ জীৱনৰনো কি ভৰসা? যদিহে এই সময়চোৱাৰ ভিতৰত আমাৰেই কিবা এটা হৈ যায়, তেন্তে কল্পনা কৰাচোন কোনেও নজনাকৈ আমাৰ এই ঘৰৰ ভিতৰত এখন ভয়ানক মৰণফান্দ এনেকৈয়ে পৰি থাকিব৷ তাৰ পিছত হয়তো ঘটনাক্ৰমে কোনোবাদিনা কোনো সৎ মানুহ এজনেই এই বিহ গিলাছ খাই দিব৷ তেতিয়া কি হ’ব জুডছন?

এইবাৰ এক অতি শীতল অথচ কঠোৰ কণ্ঠৰে জুডছনে ক’লে,

: মই সেই জুৱা খেলিবলৈ সাজু৷ মোৰ জীৱনত সকলো সম্পত্তি ভাগ্যৰ লগত এনেকৈ জুৱা খেলিয়েই গোটাইছোঁ৷ মোৰ যদি কোনোবাদিনা মৃত্যু হয়, তেতিয়া মোৰ সকলো সম্পত্তি তোমাৰেই হ’ব৷ তেতিয়া বটলটোক লৈ তোমাৰ যি মন যায় তাকেই কৰিবা৷ কিন্তু এতিয়া বটলটোৰে মই কি কৰিম নকৰিম সেই সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰ মোৰহে আছে৷

বচ, মাবেলে বুজি পালে যে জুডছনক আৰু বেছি বুজাই থাকি একো লাভ নাই৷ অৱশ্যে এই কথা তেওঁ বহুবছৰৰ আগতেই বুজি পাইছে৷ ব্যৱসায়ত কোনো ধৰণৰ দয়া-মমতা, আবেগ আদি সাধাৰণ মানৱীয় অনুভূতিৰ কোনো স্থান নাই বুলি বিশ্বাস কৰা জুডছনৰ কাৰণে সমগ্ৰ জীৱনটোৱেই এক ব্যৱসায় আৰু গোটেই পৃএথিৱীখন তেওঁৰ বাবে মাথো এখন দোকান।

: ঠিক আছে বাৰু, তুমি যি ভাল দেখা তাকেই কৰা৷

বুলি এক দীঘল হুমুনিয়াহ কাঢ়ি মাবেলে এইবাৰ দুৱাৰৰ পিনে খোজ দিলে।

: মই ৰাস্তাৰ সিমূৰত গৈ চুবুৰীটোৰ মানুহকেইজনক মাত এষাৰ দিওঁ৷ তুমি মোক তাতেই গাড়ীত উঠাই ল’ব পাৰিবা?

: ঠিক আছে ডাৰ্লিং, অলপ পিছতেই ময়ো ওলাই গৈ আছোঁ৷ তোমাক তাতেই লগ পাম৷ আৰু অহ, এটা সামান্য চোৰৰ কথা ভাবি মন বেয়া কৰি নাথাকিবা৷ তাৰ যদি মৰিবলগীয়া নাই তেম্তে সি আমাৰ ঘৰলৈ মদ খাবলৈ এনেয়ো নাহে৷

: ঠিকেই কৈছা৷

বুলি লাহেকৈ কৈ মাবেল কোঠাটোৰ পৰা ওলাই গ’ল৷ তেওঁ ইতিমধ্যে ঠিক কৰিছে যে জুডছনৰ এই বলিয়ালিক কোনোপধ্যেই নীৰৱে সহ্য কৰি থাকিব নোৱাৰি৷ কোনেও নজনাকৈ এনে এখন মৰণফান্দ তেওঁ নিজ ঘৰত পাতি থৈ নাযায়৷ কাৰোবাক তেওঁ এই বিষয়ে সকলো জনাবই লাগিব আৰু সদ্যহতে তেওঁ এই সকলো কথা এলেকৰ ঘৈনীয়েককেই জনাই থৈ যাব৷ তেওঁৰ মুখৰ পৰা এই কথা জনাৰ পিছত এলেকৰ ঘৈনীয়েকে ওচৰ পাঁজৰৰ আন সকলোকে এই কথা জনাই সাৱধান কৰি দিব পাৰিব৷

মাবেল ওলাই যোৱাৰ পিছতেই আলমাৰিটোৰ দুৱাৰখন বন্ধ কৰিবলৈ লৈ হঠাতে জুডছনৰ মনত পৰিল যে তেওঁৰ চিকাৰ কৰা বুটযোৰ বাহিৰৰ বাৰান্দাত থকা পুৰণি মামৰে ধৰা টেবুলখনৰ ওপৰতেই থাকিল। পুনৰ অহা বছৰহে আকৌ ব্যৱহাৰ কৰিবলগীয়া বুটযোৰো তেওঁ এই আলমাৰিটোতেই সুমুৱাই থৈ যাব লাগিব৷ কথাষাৰ মনত পৰাত এইবাৰ তেওঁ দৌৰা দৌৰিকৈ বুটযোৰ আনিবলৈ বাহিৰলৈ গ’ল৷

বাহিৰলৈ ওলায়েই তেওঁ দেখিলে যে ইতিমধ্যে এলেকো নাওখন লৈ ঘৰৰ প্ৰায় ওচৰ পাইছেহি৷ জুডছনক বাৰান্দাত দেখি এলেকে দূৰৈৰ পৰাই হাত জোকাৰি সম্ভাষণ জনালে।

সেই সময়ত বাহিৰৰ বাৰান্দাত কেৰ্কেটুৱা এটাই ওক গছৰ গুটি কিছুমান জমা কৰি সেইবোৰ তাৰ গাঁতলৈ এটা এটাকৈ লৈ গৈ আছিল৷ জুডছনৰ ভৰিৰ খোজৰ শব্দ পাই সি গুটিবোৰ তাতেই এৰি সাউৎকৈ পলাই গছত উঠিল।

পুৰণি মামৰে ধৰা গধুৰ টেবুলখনৰ ওচৰ পাই জুডছনে টেবুলৰ ওপৰতেই থকা তেওঁৰ বেগ আৰু অভাৰকোটটোৰ পিছপিনে থকা বুটযোৰলৈ হাতখন দীঘলকৈ মেলি দিলে৷ কিন্তু সেই মুহূৰ্ততেই তেওঁ নভবা ঘটনাটো ক্ষণিকতে ঘটি গ’ল৷ কেৰ্কেটুৱাই পেলাই যোৱা ওক গছৰ গুটি এটাত তেওঁৰ ভৰিখন পৰাৰ লগে লগেই তেওঁ পিচল খাই মূৰটোৰে প্ৰচণ্ড জোৰত গধুৰ টেবুলখনত খুন্দা মাৰিলে৷ মুহূৰ্তৰ ভিতৰতেই তেওঁ চকুৰে সাংঘাতিক ধৰণৰ আন্ধাৰ দেখিলে আৰু তাৰ পিছত তেওঁৰ একোৱেই মনত নাথাকিল…….

ইয়াৰ কিছুসময় পিছত লাহে লাহে তেওঁৰ অলপ চেতনা আকৌ ঘূৰি আহিবলৈ ধৰিলে৷ চকুটো সামান্যকৈ মেলি চিলমিলকৈ তেওঁ দেখিলে যে শোৱনি কোঠাৰ ভিতৰত থকা দীঘল চোফাখনত তেওঁ শুই আছে আৰু এলেকে তেওঁৰ বাহুৰে মূৰটো দাঙি ধৰি তেওঁক লাহে লাহে মালিছ কৰি দি আছে৷ আন্ধাৰ-পোহৰৰ খেলাৰ মাজত অস্পষ্টকৈ দেখা দৃশ্যবোৰৰ মাজতে তেওঁ অনুভৱ কৰিলে যে এলেকে তেওঁক কিবা কৈছে৷ এই মুহূৰ্তত তেওঁ ইমান অৱশ যে এলেকৰ মাতটোও তেওঁৰ কাণত বহু দূৰৰ পৰা ভাঁহি অহা যেন লাগিছে৷ অতি কষ্টেৰে কাণপাতি লৈ তেওঁ শুনিবলৈ যত্ন কৰিলে-

দূৰণিৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি অহা যেন মাতটোৰে এলেকে কৈছে,

: মা..লি….ক …, চি..ন্তা… নকৰিব….৷ আপোনাৰ একো হোৱা নাই। আপুনি কেৱল অলপ দুখ পাইছে৷ আপোনাৰ ক’তো একো জখমো হোৱা নাই৷ মাথো মূৰত দুখ পোৱা বাবে একমিনিটমানৰ বাবে আপুনি অচেতন হৈ গৈছিল। এতিয়া চিন্তাৰ কোনো কাৰণ নাই৷ এইখিনি অলপমান খাই লওক, আপোনাৰ গাটো লগে লগেই ভাল লাগিব।

এইবুলি কৈ অৰ্ধচেতন অৱস্থাত ওঁঠ দুটা লৰচৰ কৰিব নোৱাৰা হৈ পৰি থকা জুডছনৰ মুখলৈ এটা হুইস্কিৰ গিলাছ ডাঙি দি এলেকে লাহে লাহে গিলাছত থকা হুইস্কিখিনি জুডছনৰ মুখৰ ভিতৰত ঢালি দিলে……..

☆★☆★☆

25 Comments

  • পূৰ্ণময়ী

    সাংঘাটিক

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ ৷?

      Reply
  • Abhijit Goswami

    লোকক হুল পুতি নিজে মৰে ফুটি হে হলগৈ মানে…

    Reply
  • Chidananda bora

    অনুবাদকৰ প্ৰকাশ ভঙ্গীত আপ্লুত হৈ পৰিলোঁ ,, লগতে বাচনীত এনে এক বাৰ্তাবহনকাৰী কাহিনীক তুলি লোৱা কাৰ্য্যই তেওঁৰ সু-ৰুচিৰ পৰিচয় প্ৰকট কৰাইছে !!

    কৃতজ্ঞ !!

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ দাদা ৷ ?

      Reply
  • সৌৰভ শৰ্মা

    এনে কিবা এটাৰ আশাত আছিলোঁ, যাতে গুৰিয়ালেও পঢ়া এৰিব নোৱাৰি। দুপৰীয়াৰ খানা নাখায় পঢ়িলো, তথাপি পেট মানে মন ভৰিল। ???????????

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ ৷?

      Reply
  • নিজে পতা ফান্দত নিজেই বন্দী হ’ল, ভাল লাগিল অলকেশ দা।

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ ?

      Reply
  • ৰিণ্টু

    এজ ইউজুৱেল, এটাই শব্দ – সাংঘাতিক।

    লেখাটো দি মোক কৃতাৰ্থ কৰাৰ বাবে অশেষ ধন্যবাদ

    Reply
    • অলকেশ ভাগৱতী

      প্ৰকাশৰ যোগ্য বুলি বিবেচনা কৰাৰ বাবে আপোনাকহে অশেষ ধন্যবাদ দাদা৷

      Reply
      • ৰাজশ্ৰী শৰ্মা

        বাপৰে। কি সাংঘাটিক। বঢ়িয়া লাগিল দাদা।

        Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

    মজা,এইবোৰ ইশ্বৰৰ বস্তুৰ ওপৰত নিজৰ দখল সাব্যস্ত কৰিব গৈ লাভ নাই।

    Reply
  • বৰ ভাল লাগিল অলকেশদা ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ ৷ ?

      Reply
  • হিৰণ্যজ্যোতি দাস

    এক উশাহত পঢ়িলো ৷

    Reply
  • জ্ঞানদীপ খনিকৰ

    বৰ ভাল লাগিল দেই .. কাহিনীটো ধুনীয়াই কিন্তু অনুবাদক জনকহে নম্বৰ বেছি দিব লাগিব.. আমালৈ ইমান ভাল লেখা এটা ইমান ধুনীয়াকৈ সজাই পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে..ধন্যবাদ

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ ৷

      Reply
  • Nilakshi Devi Deka

    বহুত ভাল লাগিল। এনে লিখনি আৰু পঢ়িবলৈ বাট চাই ৰলোঁ।

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ ৷

      Reply
  • Manash Saikia

    ভাল লাগিল৷ লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি৷

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ ?

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *