অজলা-ককাইৰ বিশ্ব-দৰ্শন – উচ্চজিৎ দশগিৰি
(প্ৰস্তাৱনাঃ – অজলা-ককাইক অমুকাই ঘটনাক্ৰমে লগ পাইছিলোঁ ২০১০ চনৰ ফুটবল বিশ্বকাপৰ সময়ত ভাৰতৰ দক্ষিণাঞ্চলৰ ৰাজ্য কৰ্ণাটকৰ ৰাজধানী চহৰ বেঙ্গালুৰুৰ এখন ভোজনালয়ত। মই হ’লোঁ লিঅ’নো মেছি আৰু বাৰ্চিলোনাৰ অনুগ্ৰাহী আৰু কথাচক্ৰত গম পালোঁ অজলা-ককাইও মেছিৰ ভক্ত আৰু বাৰ্চিলোনাৰ দুৰন্ত সমৰ্থক। বচ, এপিয়লা এপিয়লা চাহত শোহা মাৰি দুয়োৰে মাজত মিতিৰালি হৈ গ’ল। মিতিৰালি হ’লেও বিশ্বকাপৰ ভিন্নদলৰ সমৰ্থক হিচাপে দুয়োৰে মাজত দলীয় বৈৰিতাও আছিল। ককাই স্পেইনৰ সমৰ্থক আৰু মই মাৰাডোনাৰ দিনৰে পৰা আৰ্জেণ্টিনাৰ। পিছে বিশ্বকাপো শেষ আমাৰ বৈৰিতাও শেষ। ৰৈ গ’ল আমাৰ মাজত মিত্ৰতাৰ অমিয়া মাধুৰী।
তেতিয়াৰে পৰা ককাই আৰু মই সিকিটোৰ ইপিঠি-সিপিঠি যেন। দাঁতত ভাত লাগিলেও গম পাওঁ। ককাইৰ পৰিভ্ৰমী চৰাইৰ দৰে জীৱনশৈলী। এই বেঙ্গালুৰুত, সেই গুৱাহাটীত। আজি বোলে নেপালত, তিনিদিন পিছত বেঙ্ককত। কেতিয়াবা যদি য়ুৰোপত, কেতিয়াবা আৰৱত আৰু কেতিয়াবা আফ্ৰিকাত। স্যেম খুৰাৰ দেশ আমেৰিকা, ৰাণীৰ দেশ বিলাত, পাতাল পৃথিৱী বুলি জনাজাত ওচেনিয়া আদি সকলোলৈকে তেওঁৰ আহ-যাহ।
যোৱা প্ৰায় ন বছৰে তেওঁ মোক শুনাই গৈছে তেওঁৰ বাৰে-বৰণীয়া, লোমহৰ্ষক, মনোৰঞ্জক জীৱন-কাহিনীবিলাক। বৰ্ণনা কৰি গৈছে তেওঁৰ অভিজ্ঞতাবোৰ, পৰ্যবেক্ষণবোৰ। শুনি তাৰ পিছত বুজি ভাবিলোঁ আপোনালোক মানে অসমৰ ৰাইজকো তাৰ ভাগ দিয়া উচিত। তাকেই মানস কৰি ককাইৰ সন্মতিক্ৰমে ককাইৰ জীৱনৰ গোটাচেৰেক কাহিনী মাজে মাজে ইণ্টাৰনেটৰ জৰিয়তে য়ুনিক’ডৰ লেজুত ধৰি আপোনালোকলৈ বুলি আগবঢ়াম। ককাই নিজে পৰিকলক মানে কম্পিউটাৰৰ দ্বাৰা অঙ্কীয় লিখন মানে ডিজিটেল ৰাইটিঙত অভ্যস্ত বা পাকৈত এটাও নহয় বাবে মোকেই লিখিবলৈ অনুমতি দিছে। কাহিনীবোৰ কালানুক্ৰমিকতা বৰ্তাই লিখাৰ কথা ভবা নাই। গতিকে যেতিয়াই যিটো মোৰ পৰিকলকৰ অঙ্কীয় দিনলিপি মানে ডিজিটেল ডায়েৰীত লিপিবদ্ধ কৰোঁ সেইটোৱে তৎকালে আপোনালোকৰ বাবে প্ৰকাশ কৰিম। ৰাইজে নিজ গুণে গ্ৰহণ কৰি এই অভাজনৰ লিখনশৈলীৰ দোষ-ত্ৰুটীবোৰ মাৰ্জনা কৰি অজলা-ককাইৰ বিশ্ব-দৰ্শনৰ ৰস আস্বাদন কৰিবলৈ পালে অমুকাই পৰম সন্তোষ লাভ কৰিম।
অজলা-ককাইদেৱে তেখেতৰ জন্ম আৰু আগৰছোৱা জীৱনৰ পৰিক্ৰমাও মোক অৱগত কৰাইছে যদিও সেই হালিচা পিছে-পৰে ক’ম। কাহিনীৰ মাজত সময়ে সময়ে আমাৰ অজলা-ককাইৰ জীৱন-বৃতান্তও উদ্ভাসিত হ’ব শৈশৱ, কৈশোৰ কালকে আদি কৰি। থূলে-মূলে এইখিনিয়ে জানি থওক যে ককাইৰ জন্ম আমাৰ অসমৰ গোলাঘাট জিলাত আৰু ককাইদেৱে কোৱামতে তেওঁ কৰা নৃতাত্বিক গৱেষণা অনুসৰি তেওঁ হেনো আমাৰ সেই ৰসৰাজে লিখি থৈ যোৱা ভোকোন্দি ওৰফে ভোকেন্দ্ৰ বৰুৱাৰ ভগ্নী ভুৰ্ভুৰী ওৰফে ভ্ৰমৰিণী আইদেউৰ বংশজাত। সৰুতে পিতৃ-মাতৃহাৰা হোৱাত সম্পৰ্কীয় পেহীয়েক এগৰাকীয়ে ককাইক তুলি-তালি ডাঙৰ কৰি খুঁটি খাব পৰা কৰে। ককাইৰ পেহীয়েক প্ৰদত্ত নাম এটা থকা বুলি কৈছিল। পিছে সেই নাম তল পৰি কালক্ৰমত তেওঁৰ নাম তেওঁৰ জল নসৰকা কথাৰ পাকৰ বাবে “অজলা” আৰু সকলোকে ককায়েকৰ দৰে মৰম-চেনেহ কৰি উপদেশ বা ধমকনি দিয়াৰ গুণত “ককাই” অৰ্থাৎ সাতে-সোতৰই “অজলা-ককাই” ৰূপে চৌদিশে জনাজাত হৈ পৰিল বুলি ককাইদেৱে নিজ মুখে স্বীকাৰ কৰিছে। ককাইৰ জীৱন বৃত্তান্তৰপৰা তলৰ কাহিনীটো আগবঢ়ালোঁ।)
“অজলা-ককাইৰ বিমান-প্ৰমোদ”
*************
অজলা-ককাই স্পেইনত গৈ “লা-এগিটিনা” উৎসৱ সৃষ্টি কৰাৰ পিছত ককাইৰ খবৰ আপোনালোকক জনোৱা হোৱাই নাই।
ককাইৰ অন্য কাহিনীবোৰ পিছে পৰে জনাই থাকিম। পিছে যোৱা মাহত ঘটা সৰু কিন্তু ভাৰতবৰিষৰ বিমান-প্ৰমোদত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পৰা ঘটনা এটা ককাইদেৱে মোক আপোনালোকক যেনে-তেনে জনাবলৈ জোৰ দি আছে।
২০ এপ্ৰিল, ২০১৯; দিল্লীৰ ইন্দিৰা গান্ধী বিমান-বন্দৰৰ বিশিষ্ট যাত্ৰী জিৰণি-চ’ৰাত (ভি আই পি লাউঞ্জ) অজলা-ককাই বহি আছিল, হাতত এপিয়লা চাহ। “লে’ট এয়াৰৱেজ” নামৰ প্ৰতিষ্ঠানটোৰ বিমানবিলাক বাতিল হোৱা মাত্ৰ দুদিন হৈছে, সেই এয়াৰৱেজৰ যাত্ৰীসকলৰ ভীষণ কষ্ট হৈছে। বহুতেই বেছি দাম দি অন্য বিমান প্ৰতিষ্ঠানৰ টিকট কাটিছে। অজলা-ককাইৰো কাটাৰৰ ড’হালৈ যাব লগা বিমানখন চাৰিঘণ্টা পলমকৈহে উৰিব, গতিকে চাহ-স্বেণ্ডুৱিছ্ খাই ইফালে-সিফালে মানুহবোৰ নিৰীক্ষণ কৰি আছে।
হঠাৎ দেখিলে বিশিষ্ট যাত্ৰী জিৰণি-চ’ৰাৰ চুক এটাৰ পিনে থকা মেজ এখনৰ নিকটত থকা মাচিয়াত (চোফা) বহি চিনাকি চিনাকি লগা দুজন বিশিষ্ট ব্যক্তি কিবা গহীন আলোচনাত ব্যস্ত। অজলা-ককাইদেৱে এই ভাৰস্তৰ আৰু বিদেশৰো কিমানযে বিশিষ্ট ব্যক্তিক চিনি পায় সেয়া আমাৰ দৰে সাধাৰণ মানুহৰ কল্পনাৰো অতীত। তেওঁক চিনি নাপালেও তেওঁ বহতকে চিনি পায়। চুকৰ ফালে বহি থকা দুজনৰ এগৰাকী আছিল “ৰঙা-মছলা এয়াৰলাইনছ”ৰ মালিক বিপৰ্য্যয় সিং আৰু আনজন “আন্তঃনীলা এয়াৰলাইনছ”ৰ মালিক গৰুড় ভাটিয়া। দুয়োজন বৰ্তমান ভাৰতবৰ্ষৰ আকাশ-ভ্ৰমণৰ সৰ্বেসৰ্বা। “লে’ট এয়াৰৱেজ” ডুবাৰ দুদিন পিছতে দুই প্ৰতিদ্বন্দ্বীয়েনো কি কথা পাতিছে, তাকো বিমান-বন্দৰত বহি, সেয়া স্বাভাবিকতে কৌতূহলৰ বিষয়। অইন বহুতে যে মানুহ দুজনক চিনি পোৱা নাছিল সেয়া সহজে অনুমান কৰিব পাৰি কাৰণ দুয়ো অতি সাধাৰণ বেশভূষাত আছিল। হয়তো সংবাদ-সেৱীৰ প্ৰখৰ দৃষ্টিৰপৰা আঁতৰি থাকিবলৈয়ে দুয়ো তেনেকৈ আহি বহিছিল। পিছে আমাৰ অজলা-ককাইৰ শেনচকুৱা দৃষ্টিত দুয়ো ধৰা পৰিল। যদিও আনৰ কথা মনে মনে শুনাটো সিমান এটা ভাল কথা নহয়, তথাপি অজলা-ককাইয়ে কিবা গুৰুত্বপূৰ্ণ ঘটনাৰ উমান কিজানি পায়েই সেই ভাবি তেওঁলোকৰ পিছফালৰ খালী মেজ এখনৰ কাষত কহি কাণ উনাই থাকিল।
বিপৰ্য্যয় – বন্ধু গৰুড়, এই লে’ট এয়াৰৱেজো ডুবিলহে। সৌ কিছুবছৰ আগতে মাছৰোকা এয়াৰলাইনছ ডুবিছিল। মোৰ ভয় হৈছে। বিমান-সেৱা উদ্যোগত কি বা শনি লাগিল ?
গৰুড় – ভাই বিপৰ্য্যয়, মাছৰোকা এয়াৰলাইনছ তাৰ মালিক সম্ৰাট কালিয়াৰ উল্টা-পুল্টা কামৰ বাবে ডুবিছিল। ক’ৰ পইচা ক’ত লগাইছিল পাত্তা নাই। বিমান চালকক দিবলৈ পইচা নাছিল, সেইফালে আকৌ ফাই-ফাই গাড়ী চলোৱা দল কিনিলে। কেলেণ্ডাৰৰ আপীমখাৰ লগত ফটো উঠোঁতে উঠোঁতে সম্ৰাটৰ ভাল দিন উকলি নিজেই কেতিয়া পুৰণি কেলেণ্ডাৰত পৰিণত হ’ল গমেই নাপালে। পিছে আমাৰ ৰমেশ গুৱাল কিয় ডুবিল তাকেহে ভাবি আছোঁ।
বিপৰ্য্যয় – ৰমেশেও ভালকৈ দেশৰ আকাশ চিনি পোৱাৰ আগতেই বিদেশৰ আকাশ দখল কৰিবলৈ গৈ এই অৱস্থা হ’ল। নিজৰ লগুণ গুঁথিবলৈ চুবুৰীয়াৰ সূতা বিচৰা পণ্ডিতৰ দশাই দশা হ’ল। সেয়ে লে’ট এয়াৰৱেজতো কেণা লাগিল।
গৰুড় – তাকেহে, আমি কিবা কৰিব লাগিব যাতে আমি দুয়ো নুডুবোঁ। তোমাৰ কি ভাব ?
বিপৰ্য্যয় – আমি মুঠতে নিজৰ নিজৰ চালন প্ৰণালীবোৰ কম খৰচী কৰিবলৈ যত্ন কৰিব লাগিব। যিমান পাৰি কম দামত টিকট দি থাকিব লাগিব। তেতিয়াহে এই দেশত মানুহ বিমানত উঠি থাকিব।
গৰুড় – আৰু কিমান কম কৰিবাহে টিকট। এতিয়ালৈকে পানী-দুনি-চাহ-চ’কলেট সকলো দিয়া বন্ধ কৰি দিল্লী-গুৱাহাটীৰ টিকটৰ দাম ২৫০০ টকালৈ নমালোঁ, আৰু তললৈ কেনেকৈ নমাবা?
বিপৰ্য্যয় – সেইটো হয়, কিন্তু তথাপি আমি চেষ্টা কৰি যাব লাগিব। এতিয়াৰ বিমানকেইখনতে আকাৰ নবঢ়োৱাকৈয়ে একে খৰচতে যাত্ৰীৰ আসন বৃদ্ধি কৰিব পাৰিব লাগিব। ভাবা বন্ধু, তোমাৰ চিন্তাদলক কামত লগোৱা। ময়ো মোৰ কেইজনক কিবা নতুন অভিনৱ ব্যৱস্থা ভাবি উলিয়াবলৈ কওঁ।
এইখিনিতে অজলা-ককাইৰ ড’হা অভিমুখী বিমানৰ যাত্ৰীৰ বাবে পাৰপত্ৰ আৰু প্ৰব্ৰজন অনুজ্ঞা নিৰীক্ষণৰ বাবে সংকেত আহিল। ফলত অজলা-ককাইদেৱে দুই বিমান-সেৱাৰ সদাগৰৰ কথা শুনা সিমানতে সামৰিব লগা হ’ল। ককাইৰ মনত অৱশ্যে বিপৰ্য্যয় সিং আৰু গৰুড় ভাটিয়াৰ কথাবোৰ দোলা দি থাকিল, কি বা নতুন ব্যৱস্থা লয়। গুৱাহাটী-দিল্লীৰ টিকটৰ দাম কিজানি আৰু কম হয়েই, সেই ভাবি ককাইদেউৰ মুখত মিচিকীয়া হাঁহি এটাও বিৰিঙি উঠিল। তেওঁলোকে আৰুনো কি কথা পাতিলে সেয়া জানিবলৈ নোপোৱাৰ অশান্তি এটায়ো মনত ক্ৰিয়া কৰি থাকিল।
অজলা-ককাই ড’হা পালে আৰু পিছদিনাৰ পৰা আৰম্ভ হোৱা এছিয়ান এথলেটিকছ চেম্পিয়নশ্যিপৰ সকলোবোৰ খেল উপভোগ কৰিলে। তেওঁৰ মুখ্য উদ্দেশ্য আছিল অসমকন্যা হিমাৰ প্ৰদৰ্শন ওচৰৰপৰা চোৱাৰ। পিছে দুৰ্ভাগ্যজনকভাৱে ৪০০ মিটাৰ দৌৰত হিমা আঘাতপ্ৰাপ্ত হৈ পিছৰ দৌৰবোৰত ভাগ ল’ব নোৱাৰিলে। আমাৰ ককাইদেউ অলপ নিৰাশ হ’ল যদিও তেওঁৰ ক্ৰীড়াস্পৃহাত ই একো প্ৰভাৱ নেপেলালে। এপ্ৰিলৰ ২৫ তাৰিখে তেওঁ ভাৰতলৈ ঘূৰি আহিল।
তাৰে ঠিক এমাহ পিছত অৰ্থাৎ মে’ৰ ২৫ তাৰিখে অজলা-ককাইদেৱে তেওঁৰ গোলাঘাটৰ ঘৰত আবেলি আৰামকৈ বহি টিভিত অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টেণ্ড কৰাসকলৰ সাক্ষাৎকাৰ চাই আছিল আৰু মাজে মাজে ৰিম’ট টিপি ৰাষ্ট্ৰীয় চেনেলত ভাবী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণো শুনি আছিল। কি ভাল ছাত্ৰ-ছাত্ৰী, কি প্ৰধান মন্ত্ৰী কোনেও খেল-ধেমালিত দেশখন আগুৱাব লাগে, অ’লিম্পিকত ২০টা পদক পাব লাগে আদি বুলি এবাৰো ক’তো নোকোৱাৰ বাবে ককাইদেউ আকৌ অলপ নিৰাশ হ’ল। অৱশ্যে আগদিনা শেষ হোৱা ইণ্ডিয়া অ’পেন বক্সিঙত অসমৰ শিৱ থাপা, যমুনা বড়োই স্বৰ্ণপদক লাভ কৰা বাতৰিত উৎফুল্লিতও হ’ল। তেনেতে ককাইদেউৰ ফোনটো বাজি উঠিল।
অজলা-ককাই – হেল্লো, মই অজলাই কৈছোঁ। আপুনি কোনে কৈছে ?
শুৱলা নাৰীকণ্ঠ – ছাৰ, মই “আন্তঃনীলা এয়াৰলাইনছ”ৰপৰা কৈছোঁ। আপুনি আমাৰ বিশিষ্ট সেৱা-যোগ্য অতিথি। এতিয়া আপোনালোকৰ কাৰণে আমি গুৱাহাটীৰপৰা দিল্লীলৈ ১৫০০ টকাতে বিমানেৰে যাব পৰা ব্যৱস্থা কৰিছোঁ।
অজলা-ককাই অবাক। মনতে ভাবিলে, “ৱাও, এমাহমান আগতে তহঁতৰ মালিকে আলোচনা কৰি থকা শুনিলোঁ যে কেনেকৈ টিকটৰ দাম কমাব পাৰে। এমাহতে ১০০০ টকা কমালি, কি কাণ্ড”।
তথাপি নিজৰ আৱেগ দমন কৰি ককাইদেৱে সুধিলে – কেনেকৈ ?
নাৰীকণ্ঠ – ছাৰ, আমাৰ প্ৰতিখন বিমানতে নতুনকৈ ৩৮খন আসনৰ ব্যৱস্থা কৰা হৈছে। সেইকেইখন আসন বাছনি কৰিলে আপুনি ১৫০০ টকাত গুৱাহাটীৰপৰা দিল্লী পাবগৈ।
অজলা-ককাই – ৩৮খন আসন বঢ়াইছে, কিবা নতুন এয়াৰ-বাছ ওলাল নেকি ? আৰু এই আসনবোৰৰ দাম কিয় কম?
নাৰীকণ্ঠ – মানে ছাৰ, নতুন এয়াৰ-বাছ আদি একো নহয়। পুৰণি বিমানবোৰতে আমি এই আসনকেইখন অভিনৱ উপায়েৰে মিলাই দিছোঁ। একৰপৰা বত্ৰিছ নম্বৰ শাৰীলৈ প্ৰতি শাৰীৰে ক’ৰিডৰত এটা এটাকৈ মুঠ ৩২টা , শৌচালয়ৰ কাষতো এটাকৈ মানে মুঠ ২টা আৰু আমাৰ পৰিচাৰিকাসকলৰ বাবে ৰখা আসনবোৰৰ কাষত আগফালে দুটা, পিছফালে দুটা অৰ্থাৎ সৰ্বমুঠ ৩৮টা মূঢ়া পাৰি দিম। এই মূঢ়াকেইটাত বহি যাব খোজা যাত্ৰীসকলে কমদামী টিকটত যাব পাৰিব।
অজলা-ককাই কিবাকৈহে মাচিয়া মানে চোফাৰপৰা বাগৰি নপৰিল। মূঢ়াত বহি বিমান যাত্ৰা। তথাপি নিজকে চম্ভালি ল’লে।
অজলা-ককাই – কিন্তু পেটী মানে বেল্ট মৰাটো কি হ’ব ?
নাৰীকণ্ঠ (লাজ লাজ হাঁহি মাৰি) – ছাৰ, আমি তাৰ ব্যৱস্থাও কৰিছোঁ। চাইকেলৰ চকাৰ পাম যোৱা ফুটা টিউব একোডালেৰে সেই মূঢ়াকেইটা আৰু যাত্ৰীজনক কাষৰ আসনত বান্ধি দিয়া হ’ব। মুঠতে সুৰক্ষাৰ লগত অলপো আপোচ কৰা নহয়।
অজলা-ককাই – হে প্ৰভু, কাৰ বুদ্ধি এইবিলাক ?
নাৰীকণ্ঠ – হে হে, আমাৰ গৰুড়ছাৰৰ বুদ্ধি এইবিলাক। ছাৰ, আশাকৰোঁ আপুনি অনতিপলমে আমাৰ এই অভিনৱ আৰু লাভজনক মূঢ়া-সেৱাৰ সুবিধা গ্ৰহণ কৰিব। আজিলৈ ইমানেই, আন্তঃনীলা এয়াৰলাইনছ সদায় ৰাইজৰ পক্ষত, ধন্যবাদ।
ফোনটো থৈ অজলা-ককাই ঠাইতে বহি ৰ’ল। ভাবিলে কি চমৎকাৰ, ইয়াতকৈ কমদামী বিমান-সেৱা কাৰো পক্ষে সম্ভৱ নহ’ব। মূঢ়া-ফুটা টিউব, উফ……………!!
এঘণ্টামান পাছত আকৌ ফোনটো বাজি উঠিল।
অজলা-ককাই – হেল্লো, মই অজলাই কৈছোঁ। আপুনি কোনে কৈছে ?
শুৱলা নাৰীকণ্ঠ – ছাৰ, মই “ৰঙা-মছলা এয়াৰলাইনছ”ৰপৰা কৈছোঁ। আপুনি আমাৰ বিশিষ্ট সেৱা-যোগ্য অতিথি। এতিয়া আপোনালোকৰ কাৰণে আমি গুৱাহাটীৰপৰা দিল্লীলৈ ১২০০ টকাতে বিমানেৰে যাব পৰা ব্যৱস্থা কৰিছোঁ।
অজলা-ককাই (খঙেৰে) – হেৰি এইখন কি পেংলাই কৰিছেহে। অলপ আগতে গৰুড় ভাটিয়াৰ “আন্তঃনীলা”ৰ পৰা ফোন কৰি মূঢ়াত বহি ফুটা টিউবৰ পেটী মাৰি ১৫০০ টকাত যোৱাৰ প্ৰস্তাৱ দিছে। আপোনালোকৰ ৰঙা-মছলাৰ মালিক বিপৰ্য্যয় সিঙে তাৰো তলত নিয়াৰ ব্যৱস্থা কেনেকৈ কৰিছেহে ? পীৰাত বহুৱাই নিব নেকি ?
নাৰীকণ্ঠ – হে হে, আমাৰ বিপৰ্য্যয় ছাৰে পীৰাৰ কথা ভাবিছিল। পিছে সুৰক্ষা বিভাগে অনুমোদন নজনালে। সেয়েহে আমিও মূঢ়া-ফুটা টিউবেৰে ৩৮খন বৰ্দ্ধিত আসনৰ আঁচনিখনে আগ বঢ়াইছোঁ।
অজলা-ককাই – তেন্তে আপোনালোকে আৰু ৩০০ টকা কেনেকৈ কম কৰিছে ?
নাৰীকণ্ঠ (লাজ লাজকৈ) – হে হে, আমাৰ বিমানৰ এই অভিনৱ আৰু অতি-লাভজনক আঁচনিৰ সুবিধা ল’বৰ বাবে আপুনি মূঢ়া আৰু চাইকেলৰ চকাৰ পাম যোৱা ফুটা টিউবটো
নিজাকৈ লৈ আহিব লাগিব। আৰু যদিহে সেই মূঢ়া আৰু টিউবটো আমাৰ ৰঙা-মছলা এয়াৰলাইনছক দান দি যায়, তেতিয়া পিছৰবাৰৰ টিকটত আপুনি আৰু ১০০ টকা ৰেহাই পাব। ছাৰ, আজিলৈ ইমানেই, ৰঙা-মছলা এয়াৰলাইনছ সদায় সৰ্বহাৰা ৰাইজৰ পক্ষত, ধন্যবাদ।
মনৰ শান্তি বিচাৰি অজলা-ককাই বৰ্তমান হিমালয়ত আছেগৈ। মোক ফোন কৰি কথাবোৰ ক’লে। পিছে পৰে তেখেতৰ অন্য খবৰবোৰ আপোনালোকক জনাই থাকিম।
☆★☆★☆
1:05 pm
ইমান বিশুদ্ধ অসমীয়া লিখে, বিচুৰ্তিহে আৰু পাই।
খুব ভাল লাগিল উচ্চজিৎ, আগলৈও এইখন প্লেটফৰ্মত তোমাৰ লেখা পঢ়িবলৈ পাই থাকিম বুলি আশা কৰিলো