ফটাঢোল

সংবাদ মাধ্যমৰ লগত জৰিত কিছু শব্দ – শান্তনু কৌশিক বৰুৱা

বাতৰিকাকত এখন মেলিলেই প্ৰথম পৃষ্ঠাৰ ওপৰতে কাকতখনৰ নামটো চকুত পৰে। জানে নে তাক কি বুলি কয়? একেদৰে টেলিভিছনৰ অনুষ্ঠান পৰিৱেশনকাৰী আৰু সংবাদদাতাৰ হাতত এক বিশেষ ধৰণৰ আহিলা আপুনি নিশ্চয় দেখিছে, যাৰ শীৰ্ষত এটা মাইক্ৰোফোন সংযুক্ত কৰা থাকে। তাৰেইবা নাম কি? দৰাচলতে বাতৰিকাকতৰ বিভিন্ন অংশৰ লগতে বাতৰি সংগ্ৰহ, বাতৰি পৰিৱেশন, সম্পাদনা আদি বিভিন্ন ক্ষেত্ৰ/পৰ্যায়ৰ সুকীয়া সুকীয়া নাম আছে। সেইদৰে ইলেকট্ৰনিক সংবাদ মাধ্যমৰ লগতো জৰিত হৈ আছে বহু শব্দ। আপুনি হয়তো এইবোৰ (যেনে : বাতৰিকাকত এখনৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত কাকতখনৰ নামটো, টেলিভিছনৰ অনুষ্ঠান পৰিৱেশনকাৰী আৰু সংবাদদাতাৰ হাতত এক বিশেষ ধৰণৰ আহিলা আদি) দেখিছে, কিন্তু সেইবোৰৰ নামনো কি বা সেইবোৰে প্ৰকৃততে সংবাদমাধ্যমৰ ক্ষেত্ৰতনো কি অৰ্থ প্ৰকাশ কৰে, সেয়া নাজানে। যেন জানিও নাজানো, সেইবোৰনো কি! তেনে কিছু শব্দৰ লগত চিনাকি কৰোৱাৰ প্ৰয়াসৰে ফল এই লেখা।

অফ্ছেট : এক বিশেষ ধৰণৰ ছপা কৌশল। আধুনিক মুদ্ৰণ প্ৰযুক্তিত অফ্ছেট ব্যৱস্থাই বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। নিখুঁত ছপা আৰু ছপা কাৰ্যৰ ক্ষিপ্ৰতা এই ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য।

আইলেণ্ড (Island) : কোনো কোনো সময়ত সংবাদপত্ৰত বাতৰিৰ মাজে মাজে বিজ্ঞাপন প্ৰকাশ হয়। এনেদৰে প্ৰকাশিত বিজ্ঞাপন কাকতৰ ভাষাত ‘আইলেণ্ড’ নামে পৰিচিত। যেন বাতৰিৰ সাগৰৰ মাজত বিজ্ঞাপনৰ দ্বীপ৷ সাধাৰণতে দৈনিক বাতৰিকাকতৰ ক্ৰীড়া পৃষ্ঠা আৰু শেষ পৃষ্ঠাত এনে বিজ্ঞাপন চকুত পৰে।

আপাৰ টিকাৰ (Upper ticker) : টেলিভিছনত এটা বাতৰি পৰিৱেশন হৈ থকাৰ সময়ত দৃশ্যসমূহৰ ওপৰত কিছুমান বাক্য বা শব্দ দেখা যায়। বাতৰিটোৰে সম্পৰ্কিত সেই বাক্য বা শব্দৰ নাম আপাৰ টিকাৰ।

আৰ এন আই (RNI) : ভাৰতত বাতৰিকাকত, আলোচনী প্ৰকাশৰ বাবে যাৱতীয় অনুমতি প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা। সংস্থাটোৰ সম্পূৰ্ণ নাম Register of Newspaper for India (ৰেজিষ্ট্ৰাৰ অব্ নিউজপেপাৰ ফৰ ইণ্ডিয়া)। ইয়াকে সংক্ষেপে RNI (আৰ এন আই) বুলি লিখা আৰু কোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ৰ অন্তৰ্গত এই সংস্থাই বাতৰিকাকত প্ৰকাশৰ অনুমতি দিয়ে। সংবাদপত্ৰ প্ৰকাশৰ ক্ষেত্ৰত এই সংস্থাৰ যথেষ্ট দায়িত্ব আৰু ভূমিকা আছে।

আলোচনী (Magazine) : নানা বিষয় সামৰি লোৱা সাময়িক পত্ৰিকা। ইংৰাজীত যাক কোৱা হয় ‘মেগাজিন’, অসমীয়াত তাৰেই প্ৰতিশব্দ হ’ল আলোচনী। এইটো শব্দ আৰবী ভাষাৰ ‘মাখাজিন’ৰ পৰা অহা। আৰবী ভাষাত মাখাজিনৰ অৰ্থ চিপাহী-চন্তৰীৰ বয়-বস্তু থোৱা ভঁৰাল। মালখানা। তাৰ পৰাই যিকোনো বস্তু-বেহানি মজুত কৰি থোৱা ঠাইক বোলা হয় ‘মেগাজিন’। সৈন্যৰ লগত সম্পৰ্ক থকা বাবেই খাৰ-বাৰুদৰ চৰকাৰী বা বেচৰকাৰী ভঁৰালৰ নাম হ’ল ‘মেগেজিন’। বন্দুক-ৰাইফল-পিষ্টল আদিৰ গুলীবোৰ ব্যৱহাৰৰ উপযোগীকৈ কুন্দাত বা ট্ৰেগাৰৰ তলত সুমুৱাই থোৱা আধাৰটোকো ‘মেগজিন’ বোলে। যুদ্ধক্ষেত্ৰৰ পৰা ভাষা-সাহিত্যৰ পথাৰলৈ আহি ‘মেগজিন’ বা ‘মেগাজিন’ শব্দটোৱে বুজালে সাহিত্যিক সম্ভাৰৰ ভঁৰাল, সাময়িক ভঁৰাল, অৰ্থাৎ, আমি যাক সাময়িক পত্ৰিকা বা আলোচনী বোলো।

ইটালিকছ (Italics) : সোঁফালে হেলনীয়া ছপা আখৰ; বেঁকা আখৰ; বক্ৰাক্ষৰ। (সাধাৰণতে) কোনো কথাৰ গুৰুত্ব বুজাবলৈ, দুটা বস্তুৰ মাজৰ পাৰ্থক্য বুজাবলৈ, ভাষাৰ পাৰ্থক্য বুজাবলৈ আদি বিবিধ প্ৰয়োজনত ছপা আখৰৰ মাজে মাজে ইটালিকছ আখৰ ব্যৱহাৰ কৰা হয়। হাতেলিখা ৰচনাত শব্দযবাক্যৰ তলত বক্ৰ বা সৰল ৰেখা দি ইটালিকছ বুজোৱা হয়।

ইনেট্ৰা (Intro) : কোনো বাতৰি বা প্ৰতিবেদনৰ একেবাৰে মুখপাত, বা সূচনাংশ। সহজ ভাষাত ক’লে বাতৰিটোৰ প্ৰথম পেৰেগ্ৰাফ, প্ৰথম অনুচ্ছেদ। এই অনুচ্ছেদতে বাতৰিটোৰ মূল সাৰাংশ আৰু গুৰুত্বপূৰ্ণ দিশসমূহ প্ৰকাশ পাব লাগে। অৱশ্যে এনে কৰোঁতে শব্দ সংখ্যা ৫০তকৈ বেছি হোৱাটো অনুচিত। এই অনুচ্ছেদক গ্ৰেট ব্ৰিটেইনত বোলা হয় ‘ইনেট্ৰা’ আৰু আমেৰিকাত কয় ‘লীড’(Lead)। আমাৰ দেশত ই ইনেট্ৰা নামেৰেই পৰিচিত।

বাতৰিৰ আন অংশৰ তুলনাত ইয়াৰ গুৰুত্ব অনেক বেছি। কাৰণ, এই ‘ইনেট্ৰা’ পঢ়ি আকৃষ্ট হ’লেহে পাঠকে বাতৰিটোৰ বাকী অংশ পঢ়াৰ সম্ভাৱনা। সেই দিশৰ পৰা ক’লে ইনেট্ৰায়েই অনেক বাতৰিৰ ভাগ্য নিৰ্ধাৰণ কৰে। এটা ইনেট্ৰাই Five Ws and one H, (ফাইভ ডব্লিউছ এণ্ড ৱান এইচ), অৰ্থাৎ, What (কি), Where (ক’ত), When (কেতিয়া), Who (কোন), Why (কিয়) আৰু How (কেনেকৈ) – বাতৰিটোৰ বিষয়ে পাঠকে জানিব খোজা এইকেইটা প্ৰসংগৰ আভাস দিবলৈ চেষ্টা কৰিব লাগে।

ইনফোটেইনমেণ্ট (Infotainment) : তথ্য আৰু¸ মনোৰঞ্জনক একেলগে বুজাবলৈ ব্যৱহাৰ কৰা শব্দ; তথ্যৰঞ্জন। মনোৰঞ্জনধৰ্মী কুইজ আদি বুজাবলৈ শব্দটো প্ৰায়ে ব্যৱহাৰ কৰা হয়। ই আচলতে দুটা শব্দৰ সন্ধিৰ দৰে। শব্দ দুটা হ’ল Information, অৰ্থাৎ, তথ্য আৰু¸ Entertainment, অৰ্থাৎ, মনোৰঞ্জন। Information-ৰ Info আৰু¸ Entertainment-ৰ tainment, এই দুয়োটা শব্দ লগ লাগি হৈ গ’ল এটা নতুন শব্দ Infotainment! দৃশ্য-শ্ৰাব্য মাধ্যমত তথ্যবোৰক আমোদজনক ৰূপত পৰিৱেশন কৰাটোকে সাধাৰণতে ইয়াৰ দ্বাৰা বুজোৱা হয়।

ইনফোৰমাৰ্চিয়েল (Informercial) : তথ্য আৰু¸ বাণিজ্যিক উদ্দেশ্যৰ সংমিশ্ৰণত সৃষ্টি কৰা দৃশ্যমান বিজ্ঞাপন। Information আৰু¸ Commercial শব্দ দুটাৰ পৰা এই শব্দটো সৃষ্টি হৈছে।

ইনভাৰটেড পিৰামিড (Inverted Pyramid) : এটা বাতৰি লিখাৰ মূল ষ্টাইল। এইমৰ্মে বাতৰিটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মূল কথাটো শীৰ্ষত আৰু ক্ৰমান্বয়ে তললৈ কম গুৰুত্বপূৰ্ণ বৰ্ণনা পৰিবেশিত হয়। বতৰি একোটাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি আগতে থাকে। সেয়ে শীৰ্ষ অংশ বা ইনেট্ৰাৰ ঠাই একেবাৰে ওপৰত। বিশেষকৈ এই কাৰণেই যে পঢ়ুৱৈয়ে বিৱৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোহে সৰ্বপ্ৰথমে জানিব খোজে। আৰু এটা কথা; বাতৰিকাককতবোৰত প্ৰায়ে ঠাইৰ অভাৱ হয় কাৰণে বহুসময়ত বিৱৰণ দীঘল হ’লে কাটি চুটি কৰি দিয়া হয়। এনে অৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ জানিবলগীয়া কথাটো পোনতেই দিলে কটা যোৱাৰ সম্ভাৱনা নাথাকে।

ই-প্ৰকাশন (e-publishing) : প্ৰচাৰ মাধ্যমৰ যিকোনো প্ৰকাৰক ডিজিটেল ৰূপত প্ৰকাশ। ই-প্ৰকাশন সাধাৰণ ছপা ৰূপৰ প্ৰকাশনৰ দৰেই, পিছে এই ক্ষেত্ৰত বিভিন্ন ষ্টোৰেজ কৌশল আৰু¸ কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰ কৰি বহুল প্ৰচাৰ কৰা হয়।

ইয়েৰ পেনেল (Ear Panel) : বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত কাকতখনৰ নামৰ কাষত বিজ্ঞাপনৰ বাবে থকা ঠাই। এই স্থানতে কোনো কোনো কাকতে ভিতৰৰ পৃষ্ঠাৰ লেখাৰ শিৰোনাম বা বিৱৰণ প্ৰকাশ কৰে। বাতৰিকাকতৰ কাৰ্যালয়ত ই কেৱল ‘পেনেল’ নামেৰেই পৰিচিত। ইয়েল্লো জাৰ্নেলিজিম হালধীয়া সাংবাদিকতা চাওক

এক্সক্লুছিভ (Exclusive) : কোনো বাতৰি মাত্ৰ এটা টেলিভিছন নিউজ চেনেলে পৰিৱেশনৰ সুবিধা পালে তাক সেই চেনেলটোৰ এক্সক্লুছিভ বা এদনীয়ায একক বাতৰি হিচাপে গণ্য কৰা হয়।

এডভাৰটৰিয়েল (Advertorial) : ইংৰাজী Advertisement (বিজ্ঞাপন) আৰু Editorial (সম্পাদকীয় ৰচনা) শব্দ দুটাৰ সংযোগত এইটো শব্দৰ সৃষ্টি হৈছে। সাধাৰণতে কোনো সামগ্ৰীৰ বাণিজ্যিক বিপণনৰ বাবে লিখা নিবন্ধ, যাৰ ‘বাতৰি মূল্য’ (news value) নিচেই কম, তেনেবোৰ লেখাকে এডভাৰটৰিয়েল বোলা হয়। এনেধৰণৰ এডভাৰটৰিয়েলৰ বাবে সংশ্লিষ্ট বাণিজ্যিক প্ৰতিষ্ঠানটোৱে খৰচ বহন কৰিব লাগে।

এডুটেইনমেণ্ট (Edutainment) : ইংৰাজী Education (শিক্ষা)আৰু Entertainment (মনোৰঞ্জন) শব্দ দুটাৰ সংযোগত সৃষ্টি হোৱা শব্দ; শিক্ষাৰঞ্জন। কোনো গণ মাধ্যমৰ জৰিয়তে বিনোদনৰ যোগেদি শিক্ষামূলক কথা প্ৰচাৰ কৰাটোকে ইয়াৰ দ্বাৰা বুজোৱা হয়।

এপিছোড (Episode) : কোনো দীঘল ঘটনা বা কাহিনীৰ অন্তৰ্ভুক্ত চমু ঘটনা বা কাহিনী; অনুকাহিনী। সাধাৰণতে ই মূল কাহিনীৰ অংশহে যদিও কেতিয়াবা মূল কাহিনীৰ পৰা ফালৰি কাটি যাব পাৰে। এপিছোড সাধাৰণতে স্বয়ংসম্পূৰ্ণ নহয় যদিও টেলিভিছন আৰু ৰেডিঅ’যোগে সম্প্ৰচাৰিত ধাৰাবাহিকৰ (serial) এপিছোড সম্পূৰ্ণ হোৱাও দেখা যায়।

এফ এম ৰেডিঅ’ (FM Radio) : এক বিশেষ ধৰণৰ ৰেডিঅ’। ইংৰাজী Frequency Modulation শব্দ দুটাক সংক্ষেপে FM বুলি লিখা আৰু কোৱা হয়। এতিয়া বহু ধৰণৰ এফ এম ৰেডিঅ’ ওলাইছে। প্ৰায়বোৰ মোবাইল ফোন ছেটতো আজিকালি এফ এম ৰেডিঅ’ থাকে। অকলশৰীয়া যাত্ৰা বা আন আজৰি সময়ত এফ এম ৰেডিঅ’ মনোৰঞ্জনৰ এক সুন্দৰ সংগী হ’ব পাৰে। সাধাৰণ ৰেডিঅ’তকৈ এফ এম ৰেডিঅ’ৰ শব্দৰ গুণাগুণ যথেষ্ট উন্নত।

এ বি চি (ABC) : ইংৰাজী Audit Bureau of Circulation শব্দকেইটাক সংক্ষেপে ABC বুলি লিখা আৰু কোৱা হয়। ই এক অডিট সংস্থা। এবিচি-য়ে বাতৰিকাকতৰ সঠিক প্ৰচলন সংখ্যা কিমান সেইটো পৰীক্ষা কৰে আৰু সেইমতে প্ৰমাণ-পত্ৰ দিয়ে। বিজ্ঞাপন সংস্থা তথা চৰকাৰ, সকলোৱে এই সংস্থাৰ প্ৰমাণ-পত্ৰকেই বিশ্বাস কৰে আৰু মানি লয়।

এংকৰ (Anchor) : (সাধাৰণতে) দৈনিক বাতৰিকাকত এখনৰ প্ৰথম পৃষ্ঠাৰ তলৰ ফালে (সাধাৰণতে বাঁওহাতে) থকা সচৰাচৰ বাতৰিতকৈ অগতানুগতিক (অফবিট) সংবাদধৰ্মী লেখা। বাতৰিকাকত এখন পঢ়াৰ সময়ত পাঠকৰ চকুৰ যি বৈজ্ঞানিক চলন, সেয়া ক্ৰমে বাঁওহাতৰ পৰা সোঁহাত হৈ কোণীয়াকৈ তললৈ নামি আহে। তলৰ বাঁওহাতৰ কেইকলমমান জুৰি যিটো লেখা ৰখা হয়, সি সমগ্ৰ পৃষ্ঠাটোৰ লে-আউট বা অংগসজ্জাকে ধৰি ৰাখে। ঠিক যেন জাহাজৰ লংগৰহে (Anchor)! কাকতৰ পৃষ্ঠা সজোৱাত এংকৰৰ গুৰুত্ব অপৰিসীম। সাধাৰণতে এংকৰৰ সোঁহাতে থাকে ডিছপ্লে বিজ্ঞাপন।

কপি (Copy) : হাতে লিখা নতুবা টাইপ কৰা যিবোৰ ৰচনা সম্পাদনাৰ মেজলৈ বা প্ৰেছলৈ পঠিওৱা হয়। সাধাৰণভাৱে ক’বলৈ গ’লে যি খবৰ ছপা আকাৰত নহয়, অৰ্থাৎ, ছপাৰ আখৰ কেঁচা লেখা, তাকেই বোলা হয় কপি।

কম্পোজিং (Composing) : ছপা কামৰ বাবে টাইপ কৰা আখৰৰ সজ্জা কৰাকে কম্পোজিং বোলে।

কম্পোজিটৰ আৰু অপাৰেটৰ (Compositor And Operator) : ছপা কামৰ বাবে আখৰ সজোৱা হয়। কিমান জোখৰ (পইণ্ট) আখৰ ব্যৱহাৰ কৰিব লাগিব আৰু শাৰীবোৰৰ প্ৰস্থ (মে’জাৰ) কিমান হ’ব, মূল কপিতেই সাধাৰণতে নিৰ্দেশ দিয়া থাকে। হাতেৰে আখৰ তুলি এই আখৰ সজোৱা কামটো যিয়ে কৰে, তেওঁলোকক কোৱা হয় কম্পোজিটৰ। আনহাতে, কম্পিউটাৰ তথা আন আখৰ তোলা যন্ত্ৰৰ সহায়ত যিয়ে এই কামটো কৰে তেওঁলোকক কোৱা হয় অপাৰেটৰ।

কলম (Column) : বাতৰিকাকত (কোনো কোনো আলোচনীৰো) এখনৰ শাৰীবোৰ কিতাপৰ শাৰীবোৰৰ দৰে বাঁওফালৰ পৰা সোঁফাললৈ সমগ্ৰ পৃষ্ঠাজুৰি একে শাৰীতে বিস্তৃত নহয়। কাকতখনৰ শাৰীবোৰ কিছুমান সৰু সৰু ভাগত নিৰ্দিষ্ট জোখত ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো ভাগক একো একোটা স্তম্ভ বা কলম বুলি কোৱা হয়। কাকতসমূহে ব্যৱহাৰ কৰা স্তম্ভৰ জোখ কাকত অনুযায়ী বেলেগ বেলেগ হোৱা দেখা যায়। অসমীয়া কাকতসমূহে সাধাৰণতে ৪ বা ৪.৫ চেণ্টিমিটাৰ, ৫ চেণ্টিমিটাৰ, ৭.৫ বা ৮ চেণ্টিমিটাৰ, ৯ চেণ্টিমিটাৰ, ১৪ চেণ্টিমিটাৰ প্ৰস্থৰ কলম ব্যৱহাৰ কৰা দেখা যায়। বেছিভাগ কাকতে সম্পাদকীয় স্তম্ভ এটা কলমত বহলকৈ প্ৰকাশ কৰে। কাকতসমূহে সাধাৰণতে অংগসজ্জা বা লে-আউটৰ সময়ত সুবিধা হোৱাকৈ আৰু কম সময় লগাকৈ কলমসমূহৰ জোখ সৰু-ডাঙৰ কৰে। কলমসমূহৰ জোখে অংগসজ্জা যাতে সুন্দৰকৈ তুলি ধৰে তাৰ ওপৰতো চকু ৰখা হয়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কাকত এখনে কিমান চেণ্টিমিটাৰ জোখৰ কলম ব্যৱহাৰ কৰিব এইটো সাধাৰণতে কাকতখনে নিজাববীয়াকৈ স্থিৰ কৰি লয়।

কলম ৰুল (Column Rule) : দুটা ওচৰা-উচৰি স্তম্ভ বা কলমৰ মাজৰ পাৰ্থক্য বুজাবলৈ টনা নিচেই মিহি ৰেখা। ই ‘কলম গাইড’ নামেৰেও পৰিচিত।

কাৰ্টুন (Cartoon) : প্ৰধানকৈ হাস্যৰস সৃষ্টিৰ বাবে অঁকা কিছুমান সৰলীকৃত ছবি। ‘কাৰ্টুন’ শব্দটো মূলতঃ ইংৰাজী শব্দ যদিও অসমীয়াতো ই কাৰ্টুন নামেৰেই ব্যৱহৃত আৰু জনপ্ৰিয়। কাৰ্টুন হৈছে সমসাময়িক ঘটনাৰ এটা ব্যংগ ৰূপ। কাৰ্টুনৰ যোগেদি একোটা ঘটনাৰ পৰা হ’ব পৰা ৰাজহুৱা, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক প্ৰতিক্ৰিয়াসমূহৰ আগতীয়াকৈ উমান দিয়া হয়। ৰৈখিক চিত্ৰ পদ্ধতিৰ দ্বাৰা বাতৰিকাকতৰ জৰিয়তে কাৰ্টুনে মানুহক সকলোধৰণৰ পৰিস্থিতিৰ ব্যংগাত্মক বিশ্লেষণ দিব পাৰে। সাধাৰণতে কাৰ্টুনবোৰ হাঁহিৰ খোৰাক যোগাবলৈ দিয়া হয় যদিও হাঁহিৰ লগতে কাৰ্টুনে সঁচা কথাৰ ভাল-বেয়া দুয়োটা দিশকে চালি-জাৰি প্ৰকাশ কৰে। কাৰ্টুনত অপ্ৰয়োজনীয় বিৱৰণ বৰ্জন কৰি গুৰুত্বপূৰ্ণ দিশসমূহক বাহুল্য কৰি দেখুওৱা হয়, যাতে ছবিখন ধেমেলীয়া হৈ উঠে।

কিল (Kill) : আক্ষৰিক অৰ্থতে সংবাদপত্ৰৰ ক্ষেত্ৰতো ‘কিল’ মানে হত্যা। অৱশ্যেই সংবাদ ‘হত্যা’। যিবোৰ খবৰ বাহি হৈ যায় বা প্ৰকাশৰ অনুপযোগী, তেনেবোৰ খবৰ নষ্ট কৰি পেলোৱাটোৱেই সংবাদপত্ৰৰ ভাষাত কিল।

কুম্ভীলক বৃত্তি (Plagiarism) : আনৰ লেখা, ধাৰণা, আৱিষ্কাৰ আদি নকল কৰি বেআইনীভাৱে নিজৰ নামত প্ৰকাশ-প্ৰচাৰ কৰা কাৰ্য।

কেপচন (Caption) : ফটো বা চিত্ৰৰ লগত দিয়া ব্যাখ্যা বা টিপ্পনী। এখন ফটো বা চিত্ৰৰ বিষয়ে সূক্ষ্ম অথচ অৰ্থপূৰ্ণ বৰ্ণনা কৰিবলৈ এনে বাক্য বা বাক্যাংশ চিত্ৰ বা ছবিখনৰ তলত বা কাষত ব্যৱহাৰ কৰা হয়।

কেবল টিভি (Cable TV) : উপগ্ৰহ প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে কেবল টিভি বা ছেটেলাইট টিভি নামৰ এক পদ্ধতিয়ে অভাৱনীয়ভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছে। টেলিভিছন কেন্দ্ৰৰ প্ৰচাৰ সীমাৰ বাহিৰত থকা অঞ্চলত বিশেষভাৱে নিৰ্মিত ঘূৰণীয়া ডাঙৰ বাটি আকৃতিৰ এণ্টেনাৰ (যাক ডিছ এণ্টেনা নামে জনা যায়) সহায়ত পোনে পোনে উপগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰি কেব্লৰ সহায়ত সম্প্ৰচাৰ কৰিব পাৰি। ইয়ে সাধাৰণভাৱে কেবল টিভি নামে জনাজাত।

ক্লাছিফাইড বিজ্ঞাপন (Classified Advertisement) :বাতৰিকাকতত প্ৰকাশিত বিজ্ঞাপনৰ ঘাই দুটা ভাগৰ এটা ভাগ (আনটো ভাগ ডিছপ্লে বিজ্ঞাপন); শ্ৰেণীবদ্ধ বিজ্ঞাপন। এই বিজ্ঞাপনবোৰ সাধাৰণতে সৰু আখৰত কম ঠাই জুৰি একেলগে একো একোটা শ্ৰেণীৰ অন্তৰ্গত হৈ প্ৰকাশ পায়। অসমীয়া বাতৰিকাকতত প্ৰকাশিত ‘পাত্ৰ-পাত্ৰী আৱশ্যক’, ‘হেৰাইছে’, ‘নিৰুদ্দেশ’ সম্পৰ্কীয় বিজ্ঞাপন আদি এই শ্ৰেণীত পৰে। সাধাৰণতে দৈনিক বাতৰিকাকতৰ দ্বিতীয় পৃষ্ঠাত এনে বিজ্ঞাপন প্ৰকাশ হয়।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ (Fourth Estate of Democracy) : সংবাদপত্ৰ বা সংবাদ মাধ্যমৰ আন এক পৰিচিতি বা নাম। শিল্প-বিপ্লৱোত্তৰ ইংলেণ্ডত প্ৰথম আৰু প্ৰধান শক্তি বা শ্ৰেণী (The First Estate) হিচাপে পৰিগণিত আছিল গিৰ্জা (The Lords Spiritual), দ্বিতীয় শক্তিৰ আধাৰ আছিল ৰাজশক্তি (Lord Temporal) আৰু তৃতীয় বৃহৎ শক্তিশালী শ্ৰেণী আছিল কমঞ্চ সভা (House of Commons)। সেই সময়ৰ প্ৰখ্যাত ৰাজনীতিবিদ, বক্তা এডমাণ্ড বাৰ্কে কমঞ্চ সভাতে বক্তৃতা দি থাকোঁতে প্ৰথমবাৰৰ বাবে প্ৰেছ গেলাৰীৰ ফালে আঙুলিয়াই কৈছিল, ‘Youder sits the Fourth Estate’. এনেদৰেই সংবাদপত্ৰই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ (Fourth Estate) মৰ্যাদা লাভ কৰে। বৰ্তমানে প্ৰশাসনৰ তিনিটা প্ৰধান স্তম্ভ কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডলৰ লগতে চতুৰ্থ স্তম্ভ সংবাদপত্ৰক সামৰা হয়।

গণ সংযোগ (Mass Communication) : কোনো দেশ বা সমাজৰ সাধাৰণ মানুহখিনিকেই কোৱা হয় জনসাধাৰণ বা মাছ (mass)। সাধাৰণতে এওঁলোকৰ শিক্ষাৰ মান বৰ উন্নত নহয়। ভাৰতৰ দৰে দেশত সেই জনগণ দৰিদ্ৰ, নিৰক্ষৰ বা অল্পশিক্ষিত আৰু মূলতঃ গাঁওবাসী। চহৰৰ দৰিদ্ৰ আৰু অল্পশিক্ষিত মানুহখিনিও এই শ্ৰেণীত পৰে। এই জনগণক সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন কৰি তোলাৰ আয়োজনৰেই নাম গণ সংযোগ। এই গণ সংযোগৰ কামেত ঘাইকৈ ব্যৱহৃত হয় বিভিন্ন গণ মাধ্যম। গণ মাধ্যমৰ ভিতৰত ৰেডিঅ’ আৰু টেলিভিছনৰ এটা বিশেষ সুবিধা আছে। এইবোৰ মাধ্যমৰ সুবিধা শিক্ষিত-অশিক্ষিত সকলোৱে গ্ৰহণ কৰিব পাৰে। কিন্তু সংবাদপত্ৰৰ বাবে ন্যূনতম সাক্ষৰ হোৱা আৱশ্যক। গণ মাধ্যমৰ জৰিয়তে গণ সংযোগৰ যি কাৰ্য সাধিত হয়, সি কু-সংস্কাৰ দূৰীকৰণ, শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক তথা ৰাজনৈতিক চেতনা সঞ্চাৰত সহায় কৰে।

গৃহ পত্ৰিকা (House Journal) : কোনো সংগঠন বা প্ৰতিষ্ঠানৰ সদস্য বা কৰ্মীসকলৰ উদ্দেশ্যে প্ৰকাশ কৰা আলোচনী বা পত্ৰিকা।

চি চি টি ভি (CCTV : Closed Circuit Television) : সীমিত এলেকাৰ ভিতৰত সম্প্ৰচাৰ হোৱা টেলিভিছন; বন্ধ বৰ্তনী টেলিভিছন। এনে টেলিভিছনত কেমেৰাৰ সংকেতসমূহ প্ৰত্যক্ষভাৱে কেব্লৰ সহায়তে এটা টেলিভিছন ছেটলৈ প্ৰেৰণ কৰা হয়। ৰে’ল ষ্টেচন, বিমান বন্দৰ, চিকিৎসালয়, ডাঙৰ মেলা, সন্মিলন, বেংক, ডাঙৰ দোকান, শিল্প প্ৰতিষ্ঠান আদিত বিভিন্ন প্ৰয়োজনত বন্ধ বৰ্তনী টেলিভিছনৰ বহুল প্ৰয়োগ আছে।

চেণ্টাৰ স্প্ৰেড (Centre Spread) : দুটা সমুখা-সমুখি মাজৰ পৃষ্ঠাত (যিটো দৰাচলতে একেখন কাগজেই) প্ৰকাশ হোৱা কোনো লেখা বা ছবি। সাধাৰণতে বিজ্ঞাপন বা ডাঙৰ ছবি প্ৰকাশ কৰিবলৈ এনে স্থান ব্যৱহাৰ কৰা হয়। ইয়াক ডাবল্ ট্ৰিক নামেৰেও জনা যায়।

ছিণ্ডিকেট (Syndicate) : গ্ৰাহক বাতৰিকাকতত নিবন্ধ, বাতৰি স্তম্ভ, কাৰ্টুন, সাঁথৰ আদি যোগান ধৰা সংস্থা বা কোম্পানি।

ছাব টাইটেল (Subtitle) : ১) বিদেশী ভাষাৰ কাহিনী চিত্ৰ আন ভাষাৰ অঞ্চলত প্ৰদৰ্শনৰ সময়ত সেই ভাষাত মূল ছবিৰ সংলাপ, ধাৰাভাষ্য, স্বগতোক্তি আদিক অনুবাদ কৰি দৃশ্যৰ ওপৰত, ফ্ৰেমৰ তলৰ ফালে মুদ্ৰিত কৰা; চলচ্চিত্ৰত প্ৰদৰ্শিত, লিখিত সংলাপ; দৃশ্য সংলাপ।

২) কোনো লেখাৰ মূল শিৰোনামৰ ব্যাখ্যাৰ্থে দিয়া ওপৰঞ্চি শিৰোনামৰো নাম ছাব টাইটেল বা উপ-শিৰোনাম।

টাইপ ফণ্ট (Type Font) : একেটা ছপা আখৰৰে বিভিন্ন ষ্টাইল আৰু গঢ় আছে। ছপা আখৰৰ এই বিভিন্ন ধৰণৰ আকাৰবোৰক টাইপ ফণ্ট বোলে। বাতৰিকাকত-আলোচনী এখনত অংগ সজ্জা বা লে-আউটৰ বাবে ব্যৱহৃত আখৰ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে।

তাৰে দুটা প্ৰধান ভাগ হৈছে : টেক্সট টাইপ (Text Type) আৰু ডিছপ্লে টাইপ (Display Type)। কাকত-আলোচনী, কিতাপ আদিৰ মূল বিষয়বস্তু বা পাঠ যি আখৰত ছপা হয় তাক বোলা হয় টেক্সট টাইপ। আনহাতে ডিছপ্লে টাইপ হ’ল অলংকৃত আখৰ। বাতৰিকাকতৰ হে’ডলাইন আৰু নানা বিজ্ঞাপনত অলংকৃত আখৰ ব্যৱহাৰ হয়। উল্লেখযোগ্য যে, টেক্সট টাইপ আৰু ডিছপ্লে টাইপ – দুয়োবিধৰে আকৌ বিভিন্ন ষ্টাইল বা গঢ়ৰ আখৰ আছে। এইবোৰক বিভিন্ন নামেৰে জনা যায়। উদাহৰণস্বৰূপে গীতাঞ্জলি, সত্যজিৎ, লোহিত আদি টেক্সট টাইপ আখৰৰ নাম। আনহাতে বিদ্যাসাগৰ, বংকিম, সুপ্ৰিয়া, ৰবীন্দ্ৰ আদি ডিছপ্লে টাইপৰ আখৰৰ নাম। অসমীয়াৰ দৰে ইংৰাজী, বাংলা, হিন্দী আদি ভাষাতো অসংখ্য বিভিন্ন ফণ্টৰ আখৰ আছে।

টি আৰ পি : আজিকালি টেলিভিছনৰ বিভিন্ন অনুষ্ঠানৰ লগতে উচ্চাৰিত আৰু চৰ্চিত এটা শব্দ হ’ল টি আৰ পি। ইংৰাজী টেলিভিছন ৰেটিং পইণ্ট (Television Rating Point) শব্দকেইটাৰ অদ্যাক্ষৰৰে সংক্ষেপে টি আৰ পি (TRP) বুলি লিখা আৰু কোৱা হয়। ক্ৰিকেট খেলত যেনেদৰে পইণ্ট পদ্ধতিৰে একোখন খেলুৱৈ দেশ বা খেলুৱৈৰ স্থান নিৰ্ণয় কৰা হয় তেনেদৰে টি আৰ পিৰ জৰিয়তে একোটা টি ভি কেন্দ্ৰই সম্প্ৰচাৰ কৰা বিভিন্ন কাৰ্যসূচীৰ জনপ্ৰিয়তা পইণ্ট হিচাপত নিৰ্ণয় কৰি এখন ৰাজ্য বা দেশৰ সমূহ টি ভি কেন্দ্ৰৰ মাজত নিৰ্দিষ্ট কেন্দ্ৰটোৰ স্থান নিৰূপণ কৰা হয়। ইয়াৰ দ্বাৰা কেন্দ্ৰটোৰ কাৰ্যসূচীসমূহৰ গ্ৰহণযোগ্যতা জানিব পৰা যায়। তদুপৰি বিজ্ঞাপনদাতাৰ বাবেও টি আৰ পিৰ বিশেষ মূল্য আছে। মানসম্পন্ন টি আৰ পি নথকা টি ভি কেন্দ্ৰক সাধাৰণতে বিজ্ঞাপনদাতাই বিশেষ গুৰুত্ব দিব নোখোজে। টি আৰ পি নিৰ্ণয়ৰ বাবে কিছুমান স্থানত কতৃত্বশীল কৰ্তৃপক্ষই তথ্য সংগ্ৰহকাৰী যন্ত্ৰ স্থাপন কৰে। ইয়াক টি আৰ পি মেচিন বুলিয়েই জনা যায়। কিছুমান পৰিয়ালক নমুনা হিচাপে লৈ তেওঁলোকৰ টি ভি ছেট টি আৰ পি মেচিনৰ লগত সংলগ্ন কৰা হয় (এটাতকৈ অধিক টি ভি, শিশু নথকা পৰিয়ালক নমুনা হিচাপে লোৱা হয়)। টি আৰ পি মেচিনে সেই নমুনা পৰিয়ালসমূহে প্ৰতি মুহূৰ্তত উপভোগ কৰা টি ভিৰ কাৰ্যসূচীসমূহ ৰেকৰ্ড কৰি ৰাখে। তেনে একোটা নমুনা পৰিয়ালে সপ্তাহৰ কিমান সময় কোনো এটা টি ভি কেন্দ্ৰৰ কি কি কাৰ্যসূচী উপভোগ কৰে তাৰ ওপৰত ভিত্তি কৰি নম্বৰ বা পইণ্ট দিয়ে টি আৰ পি নিৰ্ণায়ক কৰ্তৃপক্ষই। ইয়াৰ মুঠ নম্বৰেই একোটা টিভি কেন্দ্ৰৰ এসপ্তাহৰ মুঠ টি আৰ পি।

টেবলয়ড (Tabloid) : টেবলয়ড হ’ল ডাঙৰ ডাঙৰ আখৰৰ আখৰৰ শিৰোনাম আৰু যথেষ্ট ছবিসহ মুদ্ৰিত স্বাভাৱিক জোখতকৈ আধা জোখৰ সংবাদপত্ৰ। সাধাৰণ অৰ্থত, সাধাৰণ দৈনিক বাতৰিকাকত এখনৰ আধা আকাৰৰ বাতৰিকাকত। ১৮৮০ চনত ‘ৱৰ্ল্ড’ কাকতৰ প্ৰকাশক যোছেফ পুলিৎজাৰে এক নতুন জনপ্ৰিয় ধৰণৰ সাংবাদিকতা আৰম্ভ কৰে। এই প্ৰচেষ্টাই ফল ধৰিলে আৰু এই কাকতৰ প্ৰচাৰ সংখ্যা ১৫,০০০-ৰ পৰা দ্ৰুত গতিত (মাত্ৰ তিনি বছৰত!) বাঢ়ি আহি ২,৫০,০০০ হ’ল। তেতিয়ালৈকে (১৮৮০ চনমানলৈকে) সকলো ধৰণৰ বাতৰিকাকত এক বহল পৃষ্ঠাত (৫৮ চে.মি. x ৩৮ চে.মি.) ছপা কৰা হৈছিল। ১৯০৩ চনত, ব্ৰিটিছ সাংবাদিক, পাছলৈ সংবাদপত্ৰ-আলোচনীৰ স্বত্বাধিকাৰী, আলফ্ৰেড চাৰ্লছ উইলিয়াম হাৰ্মছৱৰ্থে (তেওঁক পাছত লৰ্ড নৰ্থক্লিক নামেৰে জনা গৈছিল) সেই বহল পৃষ্ঠাতে, দুটা সৰু পৃষ্ঠা ছপা কৰিবলৈ ল’লে, যাতে ৰে’লে-বাছে পঢ়িবলৈ সুবিধা হয়। ইয়াৰ পাছত ‘মিৰৰ’ কাকতে এই সৰু পৃষ্ঠাসমূহত ডাঙৰ ডাঙৰ শিৰোনামা আৰু ফটোগ্ৰাফেৰে সৰু সৰু বাতৰি, কাহিনী আদি ছপা কৰিবলৈ ল’লে। ক্ৰমে আন বাতৰিকাকতসমূহেও এই ৰীতি অনুকৰণ কৰিবলৈ লয়। হাৰ্মছৱৰ্থে এই নতুন ৰীতিৰ বাতৰিকাকতসমূহৰ নাম দিলে ‘টেবলয়ড’ (এই শব্দটো প্ৰথমে চিকিৎসা-বৈজ্ঞানিক টেবলেটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল)। কাৰণ ইয়াত বাতৰি বা কাহিনীসমূহ যথেষ্ট সৰু বা ঘনীভূত কৰি প্ৰকাশ কৰা হৈছিল। তাৰ পৰাই কিছুমান বাতৰিকাকতৰ ক্ষেত্ৰত ‘টেবলয়ড’ শব্দটো ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে। অসমীয়া ভাষাত ‘সাদিন’, ‘অসম বাণী’, ‘জনমভূমি’ আদি টেবলয়ড জোখৰ কাকত।

টেলি প্ৰম্পটাৰ (Teleprompter) : টেলিভিছন ষ্টুডিঅ’ত থকা এবিধ যন্ত্ৰ। ইয়াৰ সহায়ত অনুষ্ঠান পৰিৱেশনকাৰীয়ে টেলিভিছনৰ দৰ্শকলৈ পোনে পোনে চাই থাকিয়েই সংলাপ আদি গাই যাব পাৰে। সাধাৰণতে টেলিভিছনৰ বাতৰি পঢ়োতাই এনে যন্ত্ৰৰ সহায়তে বাতৰি পঢ়ে, যাৰ বাবে বাতৰি পঢ়োঁতাজনক দৰ্শকলৈ চাই কথা কৈ থকা যেন লাগে। এনে যন্ত্ৰত অনুষ্ঠান পৰিৱেশনকাৰীয়ে ক’ব লগা কথাখিনি জিলিকি থাকে, যাৰ দ্বাৰা তেওঁৰ কথাখিনি কোৱাত কোনো অসুবিধা নহয়।

ডি এছ এন জি ভান (Digital Satellite News Gathering Van, চমুকৈ DSNG Van) : টেলিভিছনৰ কোনো বাতৰি বা আন অনুষ্ঠান আদি নিৰ্দিষ্ট স্থানৰ পৰা পোনপটীয়াকৈ (Live নামে সমধিক পৰিচিত) পৰিৱেশনৰ অৰ্থে এক বিশেষ ধৰণৰ যান ব্যৱহাৰ কৰা হয়। ইয়াৰে নাম ডি এছ এন জি ভান বা লাইভ ভান। কেমেৰাৰে গ্ৰহণ কৰা দৃশ্য-শ্ৰব্যসমূহ কেইটামান ছেকেণ্ডৰ ব্যৱধানত ডি এছ এন জিৰ জৰিয়তে টিভি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব পাৰি। বিশেষ উপগ্ৰহীয় ব্যৱস্থাৰ জৰিয়তে এই কাৰ্য সম্পাদন হয়। ডি এছ এন জিয়ে মূল কেন্দ্ৰলৈ পঠোৱা সকলো তথ্য পোনে পোনে সম্প্ৰচাৰ কৰিব পাৰি।

ডিছপ্লে বিজ্ঞাপন (Display Advertisement) : বিজ্ঞাপনৰ ঘাই দুটা ভাগৰ এটা (আনটো ক্লাছিফাইড বা শ্ৰেণীবদ্ধ বিজ্ঞাপন) প্ৰদৰ্শ বিজ্ঞাপন। বাতৰিকাকত একোখনত ক্লাছিফাইড বিজ্ঞাপনৰ বাহিৰে যিবোৰ বিজ্ঞাপন সুন্দৰ ৰূপত সজাই-পৰাই পৰিৱেশন কৰা হয়, তেনেবোৰ বিজ্ঞাপনক ডিছপ্লে বিজ্ঞাপন বুলি কোৱা হয়। এনেধৰণৰ বিজ্ঞাপন সাধাৰণতে বিজ্ঞাপনদাতাৰ নিজস্ব দপ্তৰৰ বিশেষজ্ঞ বা বিজ্ঞাপন এজেন্সীৰ দ্বাৰা প্ৰকাশ কৰা হয়। ডিছপ্লে বিজ্ঞাপনত বিজ্ঞাপন নিৰ্মাতা শিল্পীগৰাকীয়ে বিজ্ঞাপন কোম্পানীৰ ট্ৰেড মাৰ্ক, শ্লোগান আদি আকৰ্ষণীয়ভাৱে উত্থাপন কৰে।

ডি টি পি (DTP) : ইংৰাজী Desktop Publishing শব্দ দুটাক সংক্ষেপে DTP বুলি লিখা আৰু কোৱা হয়। ডেস্কটপ হ’ল ডেস্ক বা টেবুলৰ ওপৰত কাম কৰিব পৰা সৰু কম্পিউটাৰ। কম্পিউটাৰৰ সহায়ত আখৰ সজোৱা বা কম্পোজ কৰা আৰু কাকত-আলোচনী-কিতাপ আদিৰ অংগসজ্জা বা লে-আউটৰ কামত ডিটিপিৰ ব্যৱহাৰ বহুল।

ডেট লাইন (Dateline) : বাতৰিৰ আৰম্ভণিতে বাতৰিটো ক’ৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু কেতিয়া প্ৰেৰণ কৰা হৈছে তাৰ উল্লেখ। উদাহৰণ, “যোৰহাট, ২ মাৰ্চ : আজি ইয়াত অনুষ্ঠিত …” কাকত একোখনৰ প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত থকা পৃষ্ঠা নম্বৰ আৰু তাৰিখকো একেলগে ডেট লাইন বুলি কোৱা হয়।

ডে’ড লাইন (Deadline) : এটা বাতৰি বা প্ৰতিবেদন বা লেখা যুগুতাই ছপাৰ বাবে জমা দিয়াৰ শেষ সময়।

ডেস্ক (Desk) : বাতৰি, লেখা আদি কামবোৰ সম্পাদনা, শিৰোনামা দিয়া আদি কাম কৰা নিউজ ৰূম বা সম্পাদনা কক্ষৰ (মেজৰ) সামূহিক নাম। কপি ডেস্ক বা নিউজ ডেস্ক নামেৰেও পৰিচিত।

ড্ৰপ লেটাৰ (Drop Letter) : কোনো লেখাৰ আৰম্ভণিৰ দুটাতকৈ অধিক শাৰীৰ প্ৰথম আখৰটো কিছু ওপৰত বা তলত ডাঙৰকৈ কৰা ছপা।

তথ্য প্ৰযুক্তি (Information Technology) : কম্পিউটাৰ, ইলেক্ট্ৰনিকছ্ আৰু টেলি সংযোগ বিজ্ঞানৰ সহায়ত তথ্য, সংবাদ আদি সংগ্ৰহ আৰু বণ্টন সম্পৰ্কে তাত্ত্বিক পাঠ তথা তাৰ ব্যৱহাৰিক প্ৰয়োগ। কম্পিউটাৰ, মাইক্ৰো প্ৰেচছৰ আদি ইলেক্ট্ৰনিক আহিলাৰ অভূতপূৰ্ব অগ্ৰগতিৰ ফলত কম্পিউটাৰ, যোগাযোগ ব্যৱস্থা, ব্যৱহাৰিক ইলেক্ট্ৰনিকছ্, ৰেডিঅ’, টেলিভিছন আদিৰ হাৰ্ডৱেৰ-ছফটৱেৰক লৈ গঢ়ি উঠা প্ৰযুক্তি। সম্প্ৰতি বিশ্বজুৰি তথ্য প্ৰযুক্তিয়ে এক বিপ্লৱৰ সূচনা কৰিছে।

নিউজ এজেন্সি (News Agency) : সংবাদ সংগ্ৰহ আৰু গ্ৰাহক কাকতক সংবাদ যোগান ধৰা প্ৰতিষ্ঠান, সংবাদ সংস্থা। যেনে- পি টি আই, ইউ এন আই আদি।

নিউজ প্ৰিণ্ট (Newsprint) : (সাধাৰণতে) বাতৰিকাকত ছপাবৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা সামান্য কোমল আৰু কিছু খহটা কাগজ।

নিবন্ধ আৰু প্ৰবন্ধ (Feature and Article) : বাতৰিকাকতত প্ৰকাশিত বাতৰিৰ বাহিৰে আন (সাধাৰণতে সংবাদধৰ্মী) লেখাবোৰক সামূহিকভাৱে নিবন্ধ বা ফিচাৰ বোলা হয়। অৱশ্যে সাধাৰণতে ফিচাৰ বুলিলে ই গদ্যধৰ্মী ৰচনাক সামৰি লয়। ফিচাৰত ছবি বেছি থাকে আৰু প্ৰকাশভংগীৰ ফালৰ পৰা মননশীল হয়। সংবাদধৰ্মী হ’লেও সংবাদৰ লগত ফিচাৰৰ পাৰ্থক্য আছে। ফিচাৰ সংবাদতকৈ সাধাৰণতে দীঘল হয়। তদুপৰি সংবাদ বা খবৰ মুখ্যতঃ নৈৰ্বক্তিক আৰু সংবাদে এক বিশেষ ফৰ্ম (form) বা ৰূপ অনুসৰণ কৰি চলে; কিন্তু নিবন্ধত লেখকৰ স্বাধীনতা থাকে, ব্যক্তিগত মতামত আৰু সংশ্লিষ্ট তথ্যয়ো তাত স্থান পায়। প্ৰবন্ধ বা আৰ্টিকেল হ’ল তথ্যসমৃদ্ধ, জ্ঞানগৰ্ভ, যুক্তিনিষ্ঠ আৰু ভাবসমৃদ্ধ মননশীল গদ্য ৰচনা। প্ৰবন্ধত একোটা বিষয় বিশদভাৱে আলোচনা কৰা হয় আৰু ইয়াৰ ভাষা তথা বিষয় হয় ছিৰিয়াছধৰ্মী। প্ৰবন্ধৰ বিষয়বস্তু সাধাৰণতে গভীৰ আৰু ব্যাখ্যাত্মক। কেতিয়াবা কেতিয়াবা বিষয়ভেদে প্ৰবন্ধক বিভিন্ন ভাগত ভাগ কৰা হয়। যেনে – বিতৰ্কমূলক প্ৰবন্ধ, সমালোচনামূলক প্ৰবন্ধ আদি। বৰ্তমান অৱশ্যে বহুক্ষেত্ৰত নিবদ্ধ আৰু প্ৰবন্ধ একে অৰ্থত ব্যৱহাৰ হোৱা দেখা যায়।

পইণ্ট, পইণ্ট ছাইজ (Point, Point Size) : ছপা আখৰৰ জোখ। সাধাৰণভাৱে ক’বলৈ গ’লে ইঞ্চি, মিটাৰ আদিৰে যিদৰে কোনো বস্তুৰ আকাৰ জোখা হয়, সেইদৰে পইণ্টেৰে মুদ্ৰিত আখৰৰ আকাৰ জোখা হয়। আখৰৰ উচ্চতম অংশৰ পৰা নিম্নতম অংশ পৰ্যন্ত যি দৈৰ্ঘ্য তাকেই কোৱা হয় পইণ্ট বা বডী ছাইজ। মোটামুটি হিচাপত ১ ইঞ্চি = ৭২ পইণ্ট। আখৰ এটাৰ পইণ্ট ছাইজ বিভিন্ন ষ্টাইলত তৈয়াৰ কৰিব পাৰি। বাতৰিকাকত এখনত সাধাৰণতে তিনিধৰণৰ আখৰ ব্যৱহাৰ কৰা হয়। সেইবোৰ হৈছে – গাঢ় বা ‘ব’ল্ড’, পাতল বা ‘লাইট’ আৰু বেঁকা বা ইটালিক্ছ’। একে আখৰকে লাইট-ইটালিক, ব’ল্ড-ইটালিক আদি কৰিব পৰা যায়। একেদৰে বিভিন্ন পইণ্টৰ চেপ খোৱা (Condense) আৰু মেল খোৱা (Expand) আখৰো পোৱা যায়।

পৰিচয় লিপি (Credit Title) : টেলিভিছনৰ ধাৰাবাহিক, চলচ্চিত্ৰ আদিৰ আৰম্ভণি বা সমাপ্তিত ধাৰাবাহিক /ছবিৰ নামৰ উপৰি প্ৰযোজক, অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু অন্যান্য কলা-কুশলীৰ নাম-পৰিচয় টিভিৰ স্ক্ৰীন বা পৰ্দাত প্ৰদৰ্শন কৰা তালিকা। বৰ্তমানে এটা সৰু দৃশ্যকল্পৰ জৰিয়তে ছবি আৰম্ভ হোৱাৰ পাছত পৰিচয় লিপি প্ৰদৰ্শনৰ ৰীতি প্ৰচলিত। একেদৰে পৰিচয় লিপিৰ মাজত দৃশ্যৰ অংশ-বিশেষ অন্তৰ্ভুক্ত কৰা আৰু বহু সময়ত দৃশ্যাংশৰ ওপৰত পৰিচয় লিপি ছুপাৰ ইম্পোজ কৰাৰ ৰীতিও প্ৰচলিত। কোনো ছবিত মূল পৰিচয় লিপি ছবিৰ আৰম্ভণিতে দেখুৱাই বাকীখিনি ছবিৰ সমাপ্তিত প্ৰদৰ্শন কৰা হয়। পৰিচয় লিপিৰ লগত প্ৰায়ে থাকে আবহ সংগীত বা ধাৰা-ভাষ্য। ছবিৰ বক্তব্যৰ লগত খাপ খুৱাই আৰু কম্পিউটাৰ গ্ৰাফিক্স তথা ডিজিটেল প্ৰযুক্তিৰ সৌজন্যত সম্প্ৰতি পৰিচয় লিপি হৈ উঠিছে দৃষ্টিনন্দন, দক্ষ আৰু শিল্পগুণ মণ্ডিত ৰচনা।

পৰিপূৰিকা (Supplement) : এটা একক বিষয়, ঘটনা, মহানগৰ বা ব্যক্তি সন্দৰ্ভত এখন বাতৰিকাকতত প্ৰকাশিত এক সুকীয়া অংশ। সানমিহলি বিষয়, গল্প-কবিতা আদি সম্বলিত পৰিপূৰিকাৰো প্ৰচলন আছে। অসমীয়া ভাষাৰ কোনো কোনো দৈনিক বাতৰিকাকতৰ লগত প্ৰতি দেওবাৰে আগবঢ়োৱা সুকীয়া অংশ এনে পৰিপূৰিকাৰ উদাহৰণ।

পাপাৰাজি (Paparazzi) : কোনো বিশিষ্ট তথা খ্যাতনামা ব্যক্তিৰ জীৱনৰ গোপন অধ্যায়ৰ স্পৰ্শকাতৰ খবৰ/ফটো বিচাৰি ব্যক্তিজনক অনবৰতে ভেনামাখিৰ দৰে আগুৰি বিৰক্ত কৰা ফটোগ্ৰাফাৰ বা সাংবাদিক। ‘পাপাৰাৎজি’ বা ‘পাপাৰাজো’ বা ‘পাপাৰাজ’ নামেৰেও সমধিক পৰিচিত। শব্দটো ইটালীয় ভাষাৰ paparazzo শব্দৰ বহুবচন। ইটালীৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক ফেডেৰিকো ফেলিনীৰ (Federico Fellini, ১৯২০-১৯৯৩) ১৯৬০ চনত মুক্তিলাভ কৰা ‘লা ডোলে ভিটা’ নামৰ ছবিখনৰ এটা চৰিত্ৰৰ পৰা শব্দটো প্ৰচলিত হৈছে।

পি জি (PG) : চলচ্চিত্ৰ বা টেলিভিছনৰ কোনো অনুষ্ঠানক দিয়া এক ৰেটিং। ইংৰাজী Parental Guidance শব্দ দুটাক সংক্ষেপে PG বুলি লিখা আৰু কোৱা হয়। ই হ’ল আগৰ ‘A’ চাৰ্টিফিকেটৰ সমতুল্য।

পি টি এছ (PTS) : কম্পিউটাৰৰ সহায়ত আখৰ সজোৱা বা কম্পোজ কৰা এটা অত্যাধুনিক পদ্ধতি। ইংৰাজী Photo Type Setting শব্দকেইটাক সংক্ষেপে PTS বুলি লিখা আৰু কোৱা হয়। পি টি এছ পদ্ধতিত কম্পিউটাৰৰ সহায়ত সজোৱা আখৰবোৰৰ অবিকল ৰূপ এক বিশেষ প্ৰক্ৰিয়াৰে ব্ৰোমাইড পেপাৰত জিলিকি উঠে। উল্ল্ৰখযোগ্য যে ফটো বা আলোকচিত্ৰও এই ব্ৰোমাইড পেপাৰতে ছপোৱা হয়; ছপোৱা পদ্ধতিও বহু পৰিমাণে একে। সেয়েহে এই পদ্ধতিৰ নাম ফটোটাইপ ছেটিং। অৱশ্যে পি টি এছ পদ্ধতিত ব্যৱহাৰ কৰা ব্ৰোমাইড পেপাৰ আলোকচিত্ৰত ব্যৱহৃত ব্ৰোমাইড পেপাৰতকৈ কিছু পাতল। ছপা আখৰৰ গুণমান আৰু আকৃতি-প্ৰকৃতিৰ দিশৰ পৰা পি টি এছ পদ্ধতি অতুলনীয়। আখবোৰৰ সূক্ষ্মতা (resolution) অধিক হোৱা বাবে পি টি এছ পদ্ধতিত ছপোৱা যিকোনো লেখাৰ সৌন্দৰ্য সহজে চকুত পৰে। কিন্তু ব্ৰোমাইড পেপাৰকে ধৰি সকলোধৰণৰ আলোকচিত্ৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ বাবে আৰু ইয়াতকৈ তুলনামূলকভাৱে কম ব্যয়বহুল ডি টি পি পদ্ধতিৰ আৱিৰ্ভাৱ হোৱাত পি টি এছ পদ্ধতিৰ ব্যৱহাৰ প্ৰায় নোহোৱাই হৈ পৰিছে। ডি টি পি পদ্ধতিত সজোৱা আখৰ সাধাৰণ কাগজতে ছপা হৈ ওলোৱা বাবে এই পদ্ধতিত আখৰ সজোৱাৰ খৰচ পি টি এছ পদ্ধতিতকৈ বহু কম।

পেইড নিউজ (Paid News) : ভাৰতৰ সংবাদ জগতত ‘পেইড নিউজ’ক এক আচৰিত ঘটনা বুলি অভিহিত কৰিব পাৰি। যেতিয়া টকাৰ বিনিময়ত কোনো এজন ব্যক্তি বা অনুষ্ঠানৰ সপক্ষে বাতৰি পৰিৱেশন কৰা হয় তাকে ‘পেইড নিউজ’ বা ‘পইছা দি পৰিৱেশন কৰা সংবাদ’ বুলি কোৱা হয়। সাধাৰণতে ‘পেইড নিউজ’বিলাক ৰাজনীতিবিদ, ব্যৱসায়ী আৰু চেলিব্ৰিটিসকলে তেওঁলোকৰ ৰাজহুৱা ভাৱমূৰ্তি গঢ়ি তুলিবৰ বাবে বা ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে প্ৰয়োগ কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ অনুসন্ধানত প্ৰায় এশটা ‘পেইড নিউজ’ ৰ ঘটনা পোহৰলৈ আহিছিল। য’ত ৰাজনীতিবিদসকলে তেওঁলোকৰ সপক্ষে বাতৰি পৰিৱেশন কৰিবৰ বাবে বাতৰিকাকত আৰু নিউজ চেনেলক টকা দিছিল। তাৰে কেইটামান ৰাজনৈতিক ‘পেইড নিউজ’ তলত উল্লেখ কৰা হ’ল-

২০১০ চনত ভাৰতৰ নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আশোক চৱনক (Chavan) ‘পেইড নিউজ’ পৰিৱেশন কৰা বুলি অভিযুক্ত কৰিছিল। নিৰ্বাচন আয়োগে অভিযোগ কৰিছিল যে, সংবাদ মাধ্যমত যিবিলাক বাতৰি প্ৰকাশ হৈছিল সেইবিলাক চৱনৰ সপক্ষে প্ৰচাৰ কৰা প্ৰশংসামূলক বিজ্ঞাপনৰ দৰে আছিল। তদুপৰি নিৰ্বাচন আয়োগে এই বুলি মত পোষণ কৰিছিল যে চৱনে ২০০৯ চনৰ নিৰ্বাচনত ব্যয় কৰা টকাৰ হিচাপ সঠিকভাৱে দেখুৱাব পৰা নাছিল। কিন্তু অশোক চৱনে নিৰ্বাচন আয়োগৰ অভিযোগক নস্যাৎ কৰি কৈছিল যে সংবাদ মাধ্যমে নিজ ইচ্ছা মতেহে তেওঁৰ সপক্ষে বাতৰিসমূহ প্ৰচাৰ কৰিছিল।

ভাৰতৰ নিৰ্বাচন আয়োগে মধ্য প্ৰদেশৰ কেবিনেট মন্ত্ৰী নৰোত্তম মিশ্ৰক ‘পেইড নিউজ’ পৰিৱেশন কৰা বুলি অভিযুক্ত কৰিছিল। ভাৰতৰ নিৰ্বাচন আয়োগে অভিযোগ অনা মতে মিশ্ৰই নিৰ্বাচনত ব্যয় কৰা টকাৰ হিচাপ সঠিকভাৱে দিব পৰা নাছিল। তদুপৰি ২০০৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ৰাজ্যিক নিৰ্বাচনৰ সময়ত মিশ্ৰৰ বিষয়ে যি ৪২ টা বাতৰি প্ৰকাশিত হৈছিল সেইবিলাকক বাতৰি বুলি কোৱাৰ পৰিৱৰ্তে বিজ্ঞাপন বুলিহে অভিহিত কৰিব পাৰি। সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। কিন্তু ‘পেইড নিউজে’ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যদা হানি কৰিছে। ই গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ মাধ্যমৰ উদ্দেশ্য হ’ল সত্য বাতৰি এটা প্ৰচাৰ কৰা কিন্তু ‘পেইড নিউজ’ৰ কবলত সত্যৰ অপলাপ চলিছে। ‘পেইড নিউজে’ জনগণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। জনগণে কি সঁচা, কি মিছা তাক নিৰ্ধাৰণ কৰাত সমস্যাৰ সন্মুখীন হৈছে। তদুপৰি ‘পেইড নিউজ’ৰ বাবেই সংবাদ মাধ্যমে জনগণৰ মাজত বিশ্বসযোগ্যতা হেৰুৱাইছে। ‘পেইড নিউজে’ সুস্থ সাংবাদিকতালৈ ভাবুকি আনিছে।

প্ৰচালন (Circulation) : কাকত বা আলোচনী এখনৰ যিমানসংখ্যক কপি পঢ়ুৱৈৰ বাবে উলিয়াই দিয়া হয়, তাকে প্ৰচালন বা প্ৰচালন সংখ্যা (চাৰ্কুলেচন) বুলি কোৱা হয়। পঢ়ুৱৈৰ সংখ্যা এই প্ৰচালন সংখ্যাতকৈ যথেষ্ট বেছি হয়। কাৰণ, এখন কাকত বা আলোচনী গড়ে কিমানজন পাঠকে পঢ়ে, তাৰ হিচাপ উলিয়াই তাৰে প্ৰচালন সংখ্যাক পূৰণ কৰি পঢ়ুৱৈৰ সংখ্যা উলিওৱা হয়।

প্ৰতিনিধি (Correspondent) : বাতৰিকাকত, আলোচনী, টেলিভিছন চেনেল আদিৰ দূৰত থকা সংবাদদাতা। নিজা বাতৰি দিওঁতা, নিজা প্ৰতিবেদক আদি নামেৰেও পৰিচিত। টেলিভিছনৰ ক্ষেত্ৰত এনে প্ৰতিনিধিক আজিকালি ভিডিঅ’ জাৰ্নেলিষ্ট বুলি কোৱা হয়।

প্ৰাইম টাইম (Prime Time) : যি সময়ছোৱাত সৰ্বাধিক দৰ্শকে টেলিভিছনৰ অনুষ্ঠান চায় বা ৰেডিঅ’ৰ অনুষ্ঠান শুনে, দিনটোৰ সেই সময়ছোৱা। সাধাৰণতে নিশা ৮ বজাৰ পৰা ১০ বজাৰ সময়খিনি প্ৰাইম টাইম বুলি কোৱা হয়। এই সময়ছোৱাত এটা প্ৰচাৰ মাধ্যমে তাৰ সৰ্বাধিক দৰ্শক, শ্ৰোতা লাভ কৰে।

প্ৰিণ্ট আউট (Print Out) : প্ৰুফ চাবৰ বাবে বা আন উদ্দেশ্যত কম্পিউটাৰৰ পৰা মুদ্ৰণ কৰা কপি।

প্ৰিণ্ট লাইন (Print line) : (সাধাৰণতে) বাতৰিকাকতৰ শেষৰ পৃষ্ঠাত আৰু আলোচনীৰ সন্মুখৰ ফালৰ পৃষ্ঠাত, কাকতখনৰ (বা আলোচনীখনৰ) ঠিকনা, সম্পাদক, মুদ্ৰক, প্ৰকাশক, ছপশাল আদিৰ নামসহ উল্লেখ কৰা তথ্যাৱলী।

প্ৰুফ (Proof) : হাতেলিখা বা টাইপ কৰা যিবোৰ লেখা ছপাৰ বাবে পঠিওৱা হয়, ছপাশালৰ ভাষাত তাৰ নাম কপি। প্ৰেছত সেই কপি চাই আখৰ সজোৱা হয়। কপি অনুযায়ী যি সজ্জিত বা বিন্যস্ত হৈছে, ছপাশালৰ কৰ্মীৰ মাজত সেই আখৰ বা বৰ্ণসমষ্টিৰ নাম মেটাৰ। নিৰ্দিষ্ট কপি চাই কম্পোজিটৰ/অপাৰেটৰে কম্পোজ কৰাৰ পাছত তাৰ এটা ছপা কপি ওলায়। সেই কপিটোৰ নাম প্ৰুফ। ছপাশালৰ পৰা সেই প্ৰুফ আহে প্ৰুফ ৰিডিং বিভাগলৈ। তাত প্ৰুফ ৰিডাৰ বা আৰ্হি পাঠকে তাক সংশোধন কৰে। ইয়াৰ পাছত সংশোধিত প্ৰুফ পুনৰ ছপাশাললৈ যায়। তাত প্ৰুফৰ সংশোধন অনুযায়ী মেটাৰ সংশোধন কৰা হয়। আজিকালি বহু বাতৰিকাকতৰ প্ৰতিষ্ঠানত কম্পিউটাৰতে, অৰ্থাৎ, ছপা কপি নুলিওৱাকৈয়ে প্ৰুফ সংশোধন কৰা হয়।

প্ৰেছ ইনফৰমেছন ব্যুৰো (Press Information Bureau) : প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দেশৰ সংবাদপত্ৰ তথা গণমাধ্যমৰ লগত যোগাযোগ ৰক্ষা কৰাৰ অৰ্থে গঠিত ভাৰত চৰকাৰৰ এটা সংস্থা; পি আই বি (PIB) নামেৰে সাধাৰণভাৱে পৰিচিত। চৰকাৰী তথ্য বা খবৰ সংবাদ মাধ্যমলৈ সৰবৰাহ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত পি আই বিৰ ভূমিকা আটাইতকৈ বেছি। চৰকাৰৰ নীতি, অগ্ৰগতি, সামাজিক আৰু অৰ্থনৈতিক বিকাশত চৰকাৰৰ ভূমিকা আদি নিয়মিতভাৱে সংবাদ মাধ্যমৰ জৰিয়তে জনগণক অবহিত কৰাটো পি আই বিৰ অন্যতম কাম। তাৰ লগে লগে পি আই বিয়ে চৰকাৰ আৰু সংবাদ মাধ্যমৰ খবৰবোৰো চৰকাৰৰ দৃষ্টিলৈ আনে। এনেদৰে পি আই বিয়ে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত মধ্যস্থ ভূমিকা পালন কৰি আহিছে। দেশ-বিদেশৰ প্ৰায় ৮,০০০ সংবাদ মাধ্যমক এই সংস্থাই তথ্য সৰবৰাহ কৰে।

প্ৰেছ ট্ৰাষ্ট অব্ ইণ্ডিয়া [Press Trust of India (PTI)] : ভাৰতৰ বৃহত্তম সংবাদ সংস্থা। ১৯৪৭ চনৰ ২৭ আগষ্টত এই সংস্থা গঠন কৰা হয়। প্ৰেছ ট্ৰাষ্ট ইণ্ডিয়াই ভাৰত তথা বিদেশৰ সংবাদ মাধ্যমলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। বহুকেইটা শীৰ্ষস্থানীয় আন্তৰ্জাতিক সংবাদ সংস্থাৰ (যেনে : ৰয়টাৰ, এ এফ পি, ইউনাইটেড প্ৰেছ ইণ্টাৰনেচনেল আদি) লগত পি টি আইৰ সংবাদ আদান-প্ৰদানৰ বিশেষ ব্যৱস্থা আছে। ভাৰতৰ বিভিন্ন ঠাইত পি টি আইৰ ১২৫ টাতকৈও অধিক সংবাদ সংগ্ৰহ কেন্দ্ৰ আৰু চাৰিখন মেট্ৰো চহৰত আঞ্চলিক কাৰ্যালয় আছে। সংবাদ সংস্থাটোৱে নিজস্ব ৱেবছাইটৰ (www.ptinews.com) জৰিয়তেও সংবাদ আৰু বিভিন্ন তথ্যৰ যোগান ধৰে।

প্ৰেছ বিজ্ঞপ্তি (Press Release) : কোনো সংস্থা, সংগঠন, বিভাগ, প্ৰতিষ্ঠান, সামাজিক অনুষ্ঠান বা ব্যক্তিয়ে বাতৰিকাকতত প্ৰকাশ কৰিবলৈ পঠিওৱা আনুষ্ঠানিক তথ্য বা কাকত-পত্ৰ।

প্ৰোপাগাণ্ডা (Propaganda) : কোনো মতবাদ, নীতি বা বিশ্বাস সমাজত জনপ্ৰিয় কৰিবলৈ চলোৱা প্ৰচাৰ; উদ্দেশ্যধৰ্মী প্ৰচাৰ। বহলাই ক’বলৈ হ’লে কোনো এটা বিশেষ কথা বা মতবাদ সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত আৰু একপক্ষীয়ভাৱে সকলো ধৰণৰ প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰি এক বহল সমাজৰ আগত ব্যাপক আৰু বাৰম্বাৰ প্ৰচাৰৰ জৰিয়তে প্ৰতিষ্ঠা কৰাটোকেই বা তাৰ বিপৰীত মতবাদক মিছা প্ৰতিপন্ন কৰাটোৱেই হ’ল প্ৰোপাগাণ্ডা। ‘মিথ্যাপি পুনঃপুনৰোক্তম সত্যমেৱ প্ৰতিভাতি’ (এটা মিছা কথা বাৰে বাৰে ক’লে সঁচাৰ দৰেই লাগে) এই কথাষাৰক ভিত্তি কৰিয়েই প্ৰোপাগাণ্ডাৰ আঁচনি সংৰচনা কৰা হয়। প্ৰোপাগাণ্ডাৰ জৰিয়তে বিভিন্ন গোষ্ঠী, ৰাজনৈতিক দল আদিয়ে নিজ নিজ দললৈ মানুহৰ মন আকৰ্ষিত কৰে। সাধাৰণ এক পণ্য বিক্ৰীৰ পৰা সন্ত্ৰাসবাদ, ৰাজনীতি, নিৰ্বাচনী ৰাজনীতি, ক্ষমতা দখল, নেতা নিৰ্মাণ আদি বহু কাম আজিকালি প্ৰোপাগাণ্ডাৰ জৰিয়তে হয়।

ফৰ্মা : ছপাশালত একোবাৰত ছপাবলৈ লোৱা নিৰ্দিষ্টসংখ্যক পৃষ্ঠা। সাধাৰণতে ৮, ১৬, ৩২ আদি পৃষ্ঠাৰে এক ফৰ্মা হয়।

ফাইভ ডব্লিউছ এণ্ড ৱান এইচ (Five Ws and one H) : যিকোনো এটা বাতৰি ভাল বাতৰি বুলি সাধাৰণতে বিবেচিত হয় তেতিয়াহে যেতিয়া বাতৰিটোৱে What (কি), Where (ক’ত), Who (কোন), Why (কিয়), When (কেতিয়া) আৰু How (কেনেকৈ) এইকেইটা প্ৰসংগৰ সদুত্তৰ দিব পাৰে। সাংবাদিকতাৰ ভাষাত ইয়াকে কোৱা হয় Five Ws and one H. এইকেইটাত দৰাচলতে কোনো প্ৰাথমিক কৌতূহল মাৰ নিয়াবলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ নিহিত থাকে। প্ৰশ্নকেইটা হ’ল – ১) কি ঘটিছিল? (What happened?), ২) ক’ত ঘটিছিল? (Where did it happen?), ৩) কেতিয়া ঘটিছিল? (When did it happen?), ৪) ঘটনাৰ সৈতে কোন জৰিত আছিল? (Who was involved?), ৫) কিয় ঘটিছিল? (Why did it happen?), ৬) কেনেকৈ ঘটিছিল? (How did it happen?)।

ফাৰ্ষ্ট ভিজুৱেল (First Visual) : টেলিভিছনৰ কোনো কোনো বাতৰিত First Visual শব্দাংশ বাতৰি-দৃশ্যৰ ওপৰত মাজে মাজে দিয়া দেখা যায়। ইয়াৰ অৰ্থ সেই বাতৰিটোৰ দৃশ্য সম্প্ৰচাৰৰ প্ৰথম সুবিধা সেই চেনেলটোৱে লাভ কৰিছে বা সেই নিৰ্দিষ্ট বাতৰিটো উল্লিখিত চেনেলটোৱেহে প্ৰথম সম্প্ৰচাৰ কৰিছে। ফাৰ্ষ্ট ভিজুৱেল একে সময়তে ব্ৰেকিং নিউজ আৰু এক্সক্লুছিভো হ’ব পাৰে।

ফাষ্ট লীড (First Lead) : বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ বাওঁকাষে পৃষ্ঠাটোৰ (লগতে কাকতখনৰো) আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰিটো ছপা হয়। ইয়াকে ফাৰ্ষ্ট লীড বা লীড ষ্ট’ৰী বা কেৱল লীড বুলি কোৱা হয়। ফাৰ্ষ্ট লীডৰ (সাধাৰণতে) সোঁকাষে যিটো বাতৰি থাকে তাৰ নাম ছেকেণ্ড লীড।

ফ্ৰীলেন্স জাৰ্নেলিষ্ট (Freelance Journalist) : সাংবাদিকতাৰ জগতত সম্প্ৰতি বহুল ব্যৱহৃত এটা শব্দ হ’ল ফ্ৰীলেন্স জাৰ্নেলিষ্ট। কোনো বাতৰিকাকত, আলোচনী আদিৰ নিয়মীয়া কৰ্মীৰ তালিকাত নথকা এক শ্ৰেণী সাংবাদিক, যি কাকত-আলোচনীৰ বাবে নিয়মীয়াকৈ লিখা-মেলা কৰে, তেওঁলোককে সাধাৰণভাৱে ফ্ৰীলেন্স জাৰ্নেলিষ্ট বুলি কোৱা হয়। এই শব্দটোৰ উদ্ভৱ মধ্যযুগত। সেই সময়ত একাংশ যোদ্ধাই, যিয়ে সৰ্বাধিক ধন দিছিল তেওঁৰ হৈ যুদ্ধ কৰিছিল। অৰ্থাৎ, তেওঁলোকৰ যাঠি (lance) সৰ্বাধিক ধন দিয়াজনৰ বাবে আছিল। ইয়াৰ পৰা ফ্ৰীলেন্স জাৰ্নেলিষ্টৰ ধাৰণাটোৰ জন্ম হৈছে। অৱশ্যে এইটো কথাও ঠিক যে সৰ্বাধিক ধন দিয়াজনকেই লেখা বিক্ৰী কৰিব লাগিব বুলি কোনো ধৰা-বন্ধা নিয়ম নাই।
জাৰ্নেলিষ্ট বা সাংবাদিকৰ উপৰি ফটোগ্ৰাফী, চিত্ৰকলা আদিৰ দৰে বিভিন্ন বৃত্তিৰ লগতো শব্দটো একে অৰ্থত ব্যৱহাৰ কৰা হয়।

ফ্লাছ নিউজ (Flash news) : টেলিভিছনৰ পৰ্দাৰ তলফালে মাজে মাজে কিছুমান বাতৰি সংক্ষেপে লিখি সম্প্ৰচাৰ কৰা দেখা যায়। ইয়াৰে নাম ফ্লাছ নিউজ। গুৰুত্বপূৰ্ণ বাতৰিসমূহ এনেদৰে কম কথাত পৰিৱেশন কৰা হয়।

বক্স (Box) : কোনো বাতৰিৰ চাৰিওকাষে আঁচেৰে ঘৰ কৰি দিয়া বাতৰিটোক ‘বক্স’ বোলে। সাধাৰণতে বাতৰিৰ গুৰুত্ব বুজাবৰ বাবেই এনেদৰে বাতৰি পৰিবেশন কৰা হয়।

বাইলাইন (Byline) : বাতৰি বা প্ৰতিবেদনৰ আৰম্ভণিতে বাতৰিটো কোনে লিখিছে সেই বিষয়ে
উল্লেখ কৰা লাইন। উদাহৰণ- ‘ৰমেন শইকীয়া, গুৱাহাটী’, বা ‘উজ্জ্বল গোস্বামী’ এনেধৰণৰ। দৈনন্দিন, সাধাৰণ ঘটনাৰ বিৱৰণৰ ক্ষেত্ৰত ‘বাইলাইন’ ব্যৱহাৰ কৰা নহয়। কিছু অগতানুগতিক, ‘স্কুপ’ বা সাধাৰণ বাতৰিতকৈ পৃথক (above average) বাতৰিৰ ক্ষেত্ৰতহে সংবাদ পৰিৱেশকে ‘বাইলাইন’ লাভ কৰে।

বাতৰি (NEWS) : সংবাদপত্ৰত প্ৰকাশিত, টেলিভিছন-ৰেডিঅ’ত সম্প্ৰচাৰিত কোনো সাম্প্ৰতিক বা তাৎক্ষণিক ঘটনা বা তথ্যৰ প্ৰতিবেদন; সংবাদ। অলপ বহলাই ক’বলৈ হ’লে বৃহত্তৰ ৰাইজৰ বাবে প্ৰাসংগিক, তাৎপৰ্যপূৰ্ণ বা জৰুৰী বুলি বিবেচিত ঘটনা, সত্য পৰিস্থিতি, ব্যক্তিৰ কাৰ্য আৰু মতামত সম্পৰ্কীয় তথ্যৰ সঠিক বিৱৰণেই হ’ল বাতৰি বা সংবাদ। ইংৰাজী News শব্দটোৰ বৰ্ণকেইটাই চাৰিটা দিশ, অৰ্থাৎ, North (উত্তৰ), East (পূব), West (পশ্চিম) আৰু South (দক্ষিণ)ক বুজাইছে বুলি কোৱা হয়। ইয়াৰ অৰ্থ আমাৰ চাৰিও দিশৰ সাম্প্ৰতিক ঘটনাৱলী, পৰিস্থিতি, তাৰ পৰিবৰ্তন সম্পৰ্কীয় তাৎপৰ্যপূৰ্ণ আৰু প্ৰভাৱসঞ্চাৰী তথ্যৰ উপস্থাপনেই হ’ল বাতৰি বা News. মনকৰিবলগীয়া কথাটো হ’ল, News শব্দটোতে সংবাদ লিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো সোমাই আছে। News শব্দটো বিপৰীত ফালৰ পৰা লিখিলে হয় SWEN. ইয়াৰ প্ৰতিটো আখৰে একোটা অৰ্থ বহন কৰিছে। অৰ্থাৎ, Simply Write Every News – সহজ-সৰলকৈ লিখিব সকলো বাতৰি। ইয়েই সাংবাদিকতাৰ ঘাই কথা।

বাৰ্ক (BARC : Broadcast Audience Research Council) : নামটোতেই স্পষ্ট হৈ আছে অৰ্থ। ভাৰতৰ টেলিভিছন ক্ষেত্ৰত ই এক নৱতম সংযোজন। কোনো এটা টেলিভিছন চেনেলৰ জনপ্ৰিয়তাৰ পৰিসংখ্যা নিৰ্ণয় কৰে ই। পূৰ্বৰ সৰ্বজনবিদিত TRP-ৰ বিকল্প এই BARC. BARC-এ লোকপিয়লৰ ভিত্তিত স্থান নিৰ্বাচন কৰি নিৰ্দিষ্ট ঠাইৰ টিভিৰ গ্ৰাহকক (নমুনা) মিটাৰৰ সৈতে সংযোগ কৰায়। সেই দৰ্শকে চোৱা টিভিৰ অনুষ্ঠানক নমুনা হিচাপে লৈ Point বা নম্বৰ দিয়ে। বিভিন্ন স্থানৰ মিটাৰৰ পৰা প্ৰাপ্ত নম্বৰ যোগ কৰি সাধাৰণ অৰ্থত এটা টিভি চেনেলৰ উপভোক্তাৰ সংখ্যাৰ নমুনা নিৰ্ণয় কৰে। BARC-এ একোটা চেনেলৰ প্ৰতিটো অনুষ্ঠানৰ জনপ্ৰিয়তাও দাঙি ধৰে। অসমতো বৰ্তমান BARC পদ্ধতিৰেই সহজবোধ্য অৰ্থত TRP নিৰ্ণয় কৰে। BARC-এ BARCindia নামেৰে পৰিচয় দিয়ে। দিল্লী আৰু মুম্বাইত BARCindia-ৰ কাৰ্যালয় আছে। BARC ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অনুমোদিত সংস্থা।

বিজ্ঞাপন (Advertisement) : কোনো প্ৰতিষ্ঠান, সংস্থা, পণ্য প্ৰস্তুতকাৰক কোম্পানি বা আন কোনো ব্যক্তি-সংগঠনে ধন খৰচ কৰি তথ্য-পাতি, ৰাজহুৱা জাননী, উৎপাদিত দ্ৰব্যৰ গুণাগুণ আদিৰ বিষয়ে যি প্ৰচাৰ চলায়, তাকে বিজ্ঞাপন বুলি কোৱা হয়। এইবোৰ সাধাৰণতে বাতৰি-কাকত, আলোচনী, ৰেডিঅ’ বা টেলিভিছনৰ যোগেদি প্ৰচাৰিত হয়। সংস্থাটোৱে বাতৰিকাকত-আলোচনীৰ ক্ষেত্ৰত নিৰ্দিষ্ট স্থান আৰু ৰেডিঅ’- টেলিভিছনৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময় এই প্ৰচাৰৰ অৰ্থে কিনি লয়। বেছিভাগ ক্ষেত্ৰতে কোনো উৎপাদনকাৰী কোম্পানিয়ে তেওঁলোকৰ উৎপাদিত দ্ৰব্যৰ বিক্ৰী বঢ়াবলৈ এনে বিজ্ঞাপনৰ আশ্ৰয় লয়। অৱশ্যে বিভিন্ন সংস্থা বা প্ৰতিষ্ঠানে ৰাজহুৱা হিতকাৰী কিছুমান তথ্য প্ৰচাৰ কৰিবলৈ বা তেওঁলোকৰ ৰাজহুৱা দায়বদ্ধতা তথা সফলতাৰ বিষয়ে প্ৰচাৰ কৰিবলৈও বিজ্ঞাপন প্ৰকাশ কৰে। একেদৰে নিযুক্তি, কোনো তথ্যৰ সন্ধান তথা যোগান, ঘৰভাড়া, মাটি বিক্ৰী আদি অলেখ বিষয়ৰ বিজ্ঞাপন প্ৰস্তুত আৰু প্ৰকাশ কৰা হয়।

লগতে চাওক : ক্লাছিফাইড বিজ্ঞাপন, ডিছপ্লে বিজ্ঞাপন

বুম (Boom) : টেলিভিছনৰ অনুষ্ঠান পৰিৱেশনকাৰী আৰু সংবাদদাতাৰ হাতত এক বিশেষ ধৰণৰ আহিলা দেখা পোৱা যায়, যাৰ শীৰ্ষত এটা মাইক্ৰোফোন (কেতিয়াবা কেমেৰাও) সংযুক্ত কৰা থাকে। এনে আহিলা প্ৰয়োজন অনুসৰি মাত্ৰ এফুটমানৰ পৰা কেইবাফুটো দীঘল হাকোটা আকৃতিৰো হ’ব পাৰে। এই আহিলাৰ সহায়ত সংবাদদাতাজনে কোনো ব্যক্তিৰ ভাষ্য, বক্তব্য, গীত-মাত আদি বাণীবদ্ধ/সম্প্ৰচাৰ কৰে। ইয়াৰে নাম বুম। বুমত চেনেলটোৰ পৰিচয়চিহ্ন বা লগো (Logo) লগোৱা থাকে, যাৰদ্বাৰা সহজেই নিৰ্দিষ্ট চেনেলটো চিনাক্ত কৰিব পাৰি। বুম নিউজ চেনেলৰ সাংবাদিকসকলৰ অন্যতম প্ৰয়োজনীয় আহিলা। সাংবাদিকজন কোন চেনেলৰ সেয়া বুম চায়েই ধৰিব পাৰি। বুমৰ জৰিয়তে সাংবাদিকজনে ঘটনাৰ সবিশেষ ভিডিঅ’ কেমেৰাত বাণীবদ্ধ কৰাব পাৰে, বা বাতৰিৰ বাবে প্ৰয়োজনীয় ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰিব পাৰে। কেব্লৰ জৰিয়তে কেমেৰাৰ সৈতে বুম সংলগ্ন হৈ থাকে। অৱশ্যে আজিকালি অনাতাঁৰ বুম অধিক গ্ৰহণযোগ্য হৈ উঠিছে। তাঁৰ সংযোগ নথকা বুমে ফোনৰ ব্লু টুথে কৰাৰ দৰে কাম কৰে।

বেনাৰ (Banner) : বাতৰিকাকত এখনৰ এটা পৃষ্ঠা ইমূৰৰ পৰা সিমূৰলৈ আৱৰি থকা মূল শিৰোনামা (হেডিং)। সাধাৰণতে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত বাতৰিৰ ক্ষেত্ৰতহে এনেধৰণৰ ‘হেডিং’ ব্যৱহাৰ কৰা হয়।

বেলুন (Balloon) : কমিকছৰ চৰিত্ৰবোৰৰ মূৰৰ ওপৰত যিবোৰ ডাৱৰৰ নিচিনা অংশত চৰিত্ৰবোৰে কোৱা কথাবোৰ দিয়া থাকে।

ব্লো-আপ (Blow-up) : ফটোগ্ৰাফিক পুনৰ সৃষ্টিৰ সহায়ত যথেষ্ট পৰিমাণে পৰিবৰ্ধিত ফটো। এনে ফটো সাধাৰণতে বেৰত লগাই থোৱা হয়।

ব্লাৰ্ব বা ফ্লেছ (Blurb/Flash) : কাকত-আলোচনীত ছপা হোৱা লেখাৰ মাজত লেখাটোৰে পৰা তুলি অনা আৰু ডাঙৰ আখৰেৰে দিয়া এক অংশ। ইয়াক ফ্লেছ নামেৰেও জনা যায়।

ব্যুৰো (Bureau) : নগৰ-মহানগৰত বাতৰি গোটাবলৈ সাধাৰণতে কাকত গোষ্ঠীয়ে গঠন কৰা এক সৰু সংস্থা। এটা ব্যুৰোত সাধাৰণতে এজন ব্যুৰো চিফ্ আৰু দুজনৰ পৰা দহজনমান আন সংবাদদাতা থাকে।

ব্ৰেকিং নিউজ (Breaking News) : ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বাতৰিটোক ব্ৰেকিং নিউজ বুলি কোৱা হয়। যি বাতৰি কোনো এক সময়ৰ বাবে অধিক গুৰুত্বপূৰ্ণ বিবেচিত হয়, সি ব্ৰেকিং নিউজৰ স্থান লাভ কৰে। ই আন সকলো বাতৰিৰ গুৰুত্ব একপ্ৰকাৰ হ্ৰাস কৰি অগ্ৰাধিকাৰ লাভ কৰে। একে সময়তে একাধিক ব্ৰেকিং নিউজ হ’ব পাৰে। এই বাতৰিসমূহ টিভি পৰ্দাৰ তলত নিৰ্দিষ্ট স্থানত দেখা যায়। তদুপৰি নিউজ বুলেটিনতো (News Bulletin, নিৰ্দিষ্ট সময়ত পৰিৱেশন কৰা বাতৰিসমূহ একেলগে একোখন বুলেটিন)ব্ৰেকিং নিউজ পৰিৱেশন হয়। এনেদৰে পৰিৱেশন কৰা ব্ৰেকিং নিউজৰ লগত দৃশ্য (Visual) নাথাকিবও পাৰে। সাধাৰণভাৱে ক’বলৈ গ’লে চলি থকা বা পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠান এটা যি ‘ব্ৰেক’ বা ভংগ কৰে সিয়েই ব্ৰেকিং নিউজ। কোনটো বাতৰি ব্ৰেকিং নিউজ হ’ব সেয়া চেনেলভেদে বেলেগ বেলেগ হ’ব পাৰে।

ভয়চ অ’ভাৰ (Voice Over) : এক প্ৰকাৰ যোগাযোগ ব্যৱস্থা, য’ত কেৱল শব্দৰহে সঞ্চালন হয়। কওঁতাজনৰ ছবি বা ফটো সিটো মূৰলৈ প্ৰেৰণ কৰা নহয়। সাধাৰণতে টেলিভিছনৰ লগত সম্পৰ্কিত শব্দ।

ভিডিঅ’ কনফাৰেন্সিং (Video Conferencing) : ভিডিঅ’, অডিঅ’ আৰু কম্পিউটাৰ সংকেত এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰি দুখন বিভিন্ন ঠাইৰ মাজত যোগাযোগ স্থাপন কৰা এক প্ৰযুক্তি। এই প্ৰযুক্তিৰ জৰিয়তে দুয়ো স্থানৰ মানুহে একে সময়তে, কনফাৰেন্স কোঠাত বহি আলোচনা কৰাৰ দৰে, কথা-বতৰা পাতিব পাৰে বা আলোচনা কৰিব পাৰে।
মাছ কমিউনিকেছন গণ সংযোগ চাওক

মাষ্ট হেড (Masthead) : বাতৰিকাকত এখনৰ প্ৰথম পৃষ্ঠাৰ যি ঠাইত কাকতখনৰ নামটো ডাঙৰকৈ লিখা থাকে তাকে ‘মাষ্ট হেড’ বোলে। ই ক্ষেত্ৰবিশেষে লীড নামেৰেও পৰিচিত।

মিডিয়া (Media) : সংবাদপত্ৰ, ৰেডিঅ’ আৰু টেলিভিছনসহ গণমাধ্যম বা গণ সংযোগৰ মাধ্যমবোৰকেই সাধাৰণভাৱে মিডিয়া বা সম্প্ৰচাৰ মাধ্যম বোলা হয়। সম্প্ৰতি অৱশ্যে ইলেকট্ৰনিক মিডিয়া শব্দটোও সমান্তৰালভাৱে ব্যৱহৃত হৈছে।

ৰয়টাৰ (Reuter) : ইংলেণ্ডৰ সংবাদ সংস্থা। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ইয়াৰ গ্ৰাহকসকলক এই প্ৰতিষ্ঠানে সংবাদৰ যোগান ধৰে। এই গ্ৰাহকসকলৰ ভিতৰত আছে আন সংবাদ প্ৰতিষ্ঠান, বাতৰিকাকত, ৰেডিঅ’, টেলিভিছন সংস্থা আদি। বিশ্বৰ বিভিন্ন ঠাইত থকা প্ৰায় এশ শাখাৰে, প্ৰায় বাৰশ সাংবাদিক, ফটোগ্ৰাফাৰেৰে এই প্ৰতিষ্ঠানে তেওঁলোকৰ সংবাদ সংগ্ৰহ কৰে। প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক পল জুলিয়াছ ৰয়টাৰৰ (Paul Julius Reuter, ১৮১৬-৯৯) নামেৰে এই প্ৰতিষ্ঠানটোৰ নামো ৰয়টাৰ ৰখা হয়। বিশ্বৰ পাঁচটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ অন্যতম ৰয়টাৰ অৱশ্যে এতিয়া এটা ৰাজহুৱা খণ্ডৰ কোম্পানীহে (Public Company)।

ৰিভাৰ্ছ (Reverse) : ক’লা পটভূমিত বগা আখৰেৰে ছপা হোৱা লেখা।

লাইন স্পেচিং (Line Spacing) : কোনো এটা ছপা লেখাৰ দুটা শব্দৰ মাজত যিমান ফাঁক থাকে, দুটা শাৰী বা লাইনৰ মাজতো এক নিৰ্দিষ্ট মাপৰ ফাঁক থাকে। ইয়াকে ‘লাইন স্পেচিং’ বা লিডিং বোলে। এই ফাঁক বা স্পেচ নাথাকিলে লাইন দুটাৰ আখৰ গায়ে গায়ে লাগি যাব। এই ফাঁকৰ হিচাপ কৰা হয় পইণ্টৰ দ্বাৰা। সৰ্বনিম্ন লাইন স্পেচিং হ’ব পাৰে হাফ পইণ্টৰ।

লে-আউট আৰু লে-আউট শ্বিট (Layout and Layout Sheet) : লে-আউট হ’ল মূলতঃ কিবা এটা ছপা কৰিবৰ বাবে পৃষ্ঠাটোত ছপা আখৰ তথা ফটো ইত্যাদি কিদৰে সজোৱা হ’ব তাৰ পৰিকল্পনা। লে-আউটক অসমীয়াত অংগসজ্জা বুলি কোৱা হয় যদিও লে-আউট শব্দটোহে বহুল প্ৰচলিত। এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা লে-আউট সম্পাদন কৰা হয়। ইয়াৰ বাবে এখন নিৰ্দিষ্ট জোখৰ বিশেষভাৱে আঁচ টনা কাকতৰ প্ৰয়োজন, যাক ইংৰাজীত লে-আউট শ্বীট বুলি কোৱা হয়। আজিকালি কম্পিউটাৰতে লে-আউটৰ কাম সম্পাদনা কৰিব পৰা হোৱা বাবে অধিকাংশ কাকত-আলোচনীয়ে কম্পিউটাৰতে এই কাম কৰিবলৈ লৈছে। পৰিণতিত লে-আউট শ্বিটৰ ব্যৱহাৰ ক্ৰমশঃ হৈ আহিছে সেৰেঙা।

লেটাৰ প্ৰেছ (Letter Press) : মুদ্ৰণ পদ্ধতিবিশেষ। ইয়াত ছপাবলগীয়া আখৰবোৰ কাঠ (বা ধাতুৰে) কাটি হাতেৰে জোঁটাই সেইবোৰক এখন ধাতুৰ পাটত বান্ধি ছপা যন্ত্ৰত তুলি দি নিৰ্দিষ্ট জোখত কটা কাগজ এখিলা এখিলাকৈ যন্ত্ৰত থৈ আখৰৰ ছাপ বহুওৱা হয়। বহুবছৰ ধৰি লেটাৰ প্ৰেছেই ছপাৰ মুখ্য পদ্ধতি বা যন্ত্ৰৰূপে পৰিগণিত হৈ আহিছিল। লেটাৰ প্ৰেছ বহু সময়ত পদচালিত হৈ আহিছিল যদিও পাছলৈ স্বয়ংক্ৰিয় আৰু যন্ত্ৰচালিত লেটাৰ প্ৰেছৰ উদ্ভৱ তথা¸ বিকাশ হয়। আধুনিক মুদ্ৰণ প্ৰযুক্তিৰ আগমনে লেটাৰ প্ৰেছৰ ব্যৱহাৰ প্ৰায় নোহোৱা কৰিলেও সেৰেঙাকৈ আজিও লেটাৰ প্ৰেছৰ ব্যৱহাৰ ঠায়ে ঠায়ে আছে।

লগো (Logo) : কোনো টেলিভিছন চেনেলৰ পৰিচয়সূচক চিহ্ন, নামেই হ’ল লগো। লগো সাধাৰণতে টি ভি পৰ্দাৰ বাওঁহাতে বা সোঁহাতে ওপৰফালে থাকে। তদুপৰি চেনেলৰ বুমত লগো দেখা যায়।

ৱেব অফছেট (Web Offset) : কাটি লোৱা কাকতৰ পৰিৱৰ্তে কাকতৰ ‘ৰিল’ ব্যৱহাৰ কৰিব পৰা অফছেট ছপা মেচিন। বাতৰিকাকত ছপোৱাৰ বাবে প্ৰধানকৈ ৱেব অফছেট ছপাশালেই ব্যৱহাৰ কৰা হয়। এনে মেচিনত সম্পূৰ্ণ বাতৰিকাকতখন একেলগে ছপা হৈ এখনকৈ ভাঁজ হৈ আহে। পৃষ্ঠা মিলোৱা, ভাঁজ কৰা আদি কামবোৰ বেলেগকৈ কৰিব নালাগে। ৱেব অফছেট মেচিন একোটাৰ ছপাৰ ন্যূনতম ক্ষমতা হৈছে ১৬,০০০/ প্ৰতিঘণ্টা। অৰ্থাৎ, ই ন্যূনতম ১৬,০০০ খন কাকত প্ৰতি ঘণ্টাত ছপাব পাৰে। সাধাৰণতে ৱেব অফছেট বাতৰিকাকত ছপোৱাৰ কামত ব্যৱহাৰ হয় যদিও আজিকালি কিতাপ, আলোচনী আদি ছপাতো এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে।

সম্পাদকীয় (Editorial) : কাকত-আলোচনীৰ সম্পাদকৰ মতামত প্ৰকাশক মুখ্য প্ৰবন্ধ। সংবাদপত্ৰত সম্পাদকীয়ৰ গুৰুত্ব অপৰিসীম। ইয়াক ‘সংবাদপত্ৰৰ আত্মা’ (Soul of the Paper) বুলি কোৱা হয়। সাধাৰণতে সম্পাদক, বাৰ্তা সম্পাদক, সহকাৰী সম্পাদক বা কাকত-আলোচনীৰ নিৰ্দিষ্ট নিৰ্বাচিত লেখকে এই লেখা প্ৰস্তুত কৰে। সম্পাদকীয়ত পৰিস্থিতি বা ঘটনাৱলীৰ বিষয়ে সুচিন্তিত মন্তব্য থাকে। যিকোনো ঘটনাক কেন্দ্ৰ কৰি এনে সম্পাদকীয় লিখা হ’ব পাৰে। সাধাৰণতে সম্পদকীয়বোৰত বাতৰিকাকত বা আলোচনীখনৰ দৃষ্টিভংগী প্ৰতিফলিত হয়। সম্পাদকীয়তে প্ৰকাশ পায় সংবাদপত্ৰখনৰ আদৰ্শ, মনোভাৱ, সামাজিক দায়বদ্ধতা আৰু মানৱীয় দৃষ্টিভংগীৰ প্ৰতিফলন।

স্কুপ (Scoop) : আন কাকতত প্ৰকাশ নোহোৱা কোনো গুৰুত্বপূৰ্ণ, চাঞ্চল্যকৰ বাতৰি, প্ৰতিবেদন (an exclusive story)।

স্ক্ৰলিং (Scrolling) : কোনো কোনো টি ভি চেনেলৰ অনুষ্ঠান সম্প্ৰচাৰ হৈ থকা সময়ত টিভি পৰ্দাৰ একেবাৰে তলত কিছুমান সংক্ষিপ্ত খবৰ, শুভেচ্ছা, শ্ৰদ্ধাঞ্জলি, বিজ্ঞাপন, কোনো ঘোষণা আদি সোঁফালৰ পৰা বাঁওফাললৈ অহৰহ চলি থকা দেখা যায়, তাৰে নাম স্ক্ৰলিং।

স্ক্ৰীন প্ৰিণ্টিং (Screen Printing) : এক ছপা কৌশল। এই পদ্ধতিত এজন কুশলীয়ে এখন ষ্টেনচিলত এটা ডিজাইন তৈয়াৰ কৰে আৰু তাক এক মিহি ছিল্ক জালিকাৰ ওপৰত ৰাখে। তাৰ তলত এখন কাগজ থৈ যদি ওপৰত চিয়াঁহি সানি দিয়া যায়, তেন্তে ছিল্কৰ জালিকাখনৰ মাজেদি সেই ডিজাইনটো কাগজখনত ছপা হৈ উঠিব। এতিয়া তাতকৈও সহজ ‘লিনোকাট’ (Linocut) নামৰ এক পদ্ধতি ওলাইছে, য’ত লিনোলিয়ামৰ (Linoleum) এখন পাত ব্যৱহাৰ কৰা হয়।

স্থানীয় প্ৰচাৰ মাধ্যম (Vernacular Press) : কোনো স্থানীয় ভাষাত প্ৰকাশিত বাতৰিকাকত-আলোচনীৰ দৰে প্ৰচাৰ মাধ্যম। ইংৰাজসকলে ইংৰাজী ভাষাৰ বাতৰিকাকত, আলোচনীৰ তুলনাত আন ভাৰতীয় ভাষাৰ বাতৰিকাকত-আলোচনীবোৰ যে নিকৃষ্ট সেয়া বুজাবলৈ প্ৰথমে এই শব্দটো ব্যৱহাৰ কৰিছিল।

হাৰ্ড নিউজ (Hard News) : (সাধাৰণতে) ৰাজনীতি, অৰ্থনীতি, বিপৰ্যয়, দুৰ্ঘটনা আদি বিষয়ক গুৰুত্বপূৰ্ণ আৰু অতি সাম্প্ৰতিক বাতৰি। ই এক পোনপটীয়া তথা প্ৰভাৱশালী বাতৰি আৰু ইয়াত ৰহণ লগোৱাৰ সুৰুঙা নাথাকে।

হালধীয়া সাংবাদিকতা (Yellow Journalism) : সংবাদপত্ৰত দায়িত্বজ্ঞানহীন, অসত্য বা অতিৰঞ্জিত আৰু অযথা উত্তেজক সংবাদ পৰিৱেশনেৰে কৰা সাংবাদিকতাই ইয়েল্লো জাৰ্নেলিজম; পীত সাংবাদিকতা। ১৮৯৬-৯৭ চনত আমেৰিকাত ইয়োল্লা কিড নামৰ এটা সৰু ল’ৰাৰ কাহিনী থকা কমিকছ বৰ জনপ্ৰিয় হৈছিল। ছপাৰ বিজুতিত ল’ৰাটোৰ মুখমণ্ডল আৰু পিন্ধি থকা চোলাটোত উজ্জ্বল হালধীয়া ৰং লাগি এক আমোদজনক বহুৱাৰ দৰে প্ৰকাশ পাইছিল। ইয়াৰে পৰাই হালধীয়া সাংবাদিকতা শব্দটোৰ উদ্ভৱ হৈছে। হালধীয়া সাংবাদিকতাৰ প্ৰধান উদ্দেশ্য হৈছে অসত্য বা অতিৰঞ্জিত আৰু অযথা উত্তেজনাসৃষ্টিকাৰী সংবাদ চিত্তাকৰ্ষক ভংগীত পৰিৱেশন কৰি পাঠকৰ মনোৰঞ্জন কৰা আৰু সংবাদপত্ৰৰ প্ৰচালন বঢ়োৱা। তেনেদৰে এই সাংবাদিকতাত নানান মুখৰোচক (বহু সময়ত অসত্য) কেলেংকাৰি আৰু আনলৈ বোকা ছটিওৱাৰ দৰে বাতৰি প্ৰকাশিত হয়। কিন্তু এনে সাংবাদিকতাই এই পৱিত্ৰ বৃত্তিৰ পৱিত্ৰতা নষ্ট কৰে আৰু কেতিয়াবা ইয়াৰ পৰা ভয়ংকৰ পৰিস্থিতিৰো সৃষ্টি হয়।

হে’ড লাইন (Headline) : সংবাদ শিৰোনামা। অসমীয়াত কেৱল শিৰোনামা বুলি কোৱা হয় যদিও হে’ড লাইন শব্দটোহে অধিক প্ৰচলিত। সংবাদৰ হে’ড লাইন হৈছে মুখ্য আকৰ্ষণ। হে’ড লাইনেই হ’ল সংবাদৰ প্ৰাথমিক তথ্যজ্ঞাপক আৰু সংবাদৰ বিজ্ঞাপন। সেয়েহে ইংৰাজীত কোৱা হয় ‘Headline tell the news and sale the news’. হে’ড লাইন কেইবাপ্ৰকাৰৰো আছে। যেনে : ষ্টেপ হে’ড লাইন, বেনাৰ হে’ড লাইন আদি।

ঋণ স্বীকাৰ আৰু কৃতজ্ঞতা : নেত্ৰ কমল গোস্বামী

☆★☆★☆

5 Comments

  • Rintumoni Dutta

    বহুত নজনা কথা শিকিলো শান্তনু দা। অশেষ ধন্যবাদ

    Reply
  • Jyotirupam Dutta

    এইখিনি বুকমাৰ্ক কৰি থব লাগিব৷ এইখিনি বৰ লাগতিয়াল সম্পদ৷ লেখকজনো৷

    Reply
  • নূপুৰ

    সংবাদ মাধ্যমৰ লোকৰ বাবে অতি প্ৰয়োজনীয় কথা শান্তনু দা।খুব ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *