ফটাঢোল

চাধা পুৰাণ – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

১) যি খায় চাধা
সি সৰস্বতীৰ আধা৷

যি নাখায় চাধা
সি সবাতোকৈ গাধা৷

২) যি খায় চাধা
সি সবাতোকৈ গাধা৷

৩) বত্ৰিছ থাপৰ এশ পিহা
তেহে পাবা চাধাৰ মজা৷

চাওকচোন, ইমান ধুনীয়া ধুনীয়া শ্লোকেৰে আমাৰ ভাষাৰ সৌষ্ঠৱ আৰু সমৃদ্ধি বঢ়োৱা এই আমেজৰ বস্তুটোৰ প্ৰতি সকলোৰে কিমান অৱহেলা আৰু অনাদৰ! অন্ততঃ অইন নহ’লেও এনে আটকধুনীয়া শ্লোকেৰে ভাষাৰ সমৃদ্ধি বৃদ্ধিত অৰিহণা যোগোৱা বাবেই এই অমূল্য ৰতনবিধ অন্ততঃ কোনোবা এজন হ’লেও ভাষাবিদৰ আলোচনাত ঠাই পাব লাগিছিল৷ কিন্তু নাই, তেখেতসকলৰ বিচাৰত এইবিধ সামগ্ৰীৰ নাম লোৱা মানেই যেন সাহিত্যিক বিচাৰত ৰঞ্জু হাজৰিকাৰ নাম লোৱাৰ দৰেহে কথা; নাম ল’লেই যেন নিজৰ স্থান একেবাৰে ৰসাতললৈ যাব!

ধিক অসমীয়া জাতি!
ধিক অসমীয়া মানুহ!

এই কথাবোৰ আওকাণ কৰিলে আমাৰ উন্নতি কিদৰে হ’ব আপোনালোকেই কওকচোন? গতিকে এনে নিৰ্মম অপবাদৰপৰা জাতিটোক অলপ হ’লেও সকাহ দিয়াৰ স্বাৰ্থতহে মই এই পুৰাণভাগৰ এক অধ্যায়ৰ আৰম্ভণি কৰিব খুজিছোঁহক৷

ভাষাবিদসকলৰ কথা বাদেই দিয়ক, আনকি এই বস্তুবিধ যাৰ প্ৰিয়, তাৰ প্ৰিয়াইও এই অভ্যাসৰগৰাকীক লেই-লেই, চেই-চেই কৰাৰ কথা আমাৰ চিফ ৰিপোৰ্টাৰৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে৷ অৱশ্যে ইয়াত ‘প্ৰিয়া’ শব্দৰে ডেকাকালত চহৰ-নগৰৰ পাৰ্ক, ৰেস্টোৰা বা জকাইচুকীয়া গাঁৱৰ কল-তল বা বাঁহ-তলৰ সেই ‘গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা’ টাইপ প্ৰিয়াৰ কথা কোৱা হোৱা নাই; তেওঁলোকৰ সন্মুখততো এই ‘প্ৰিয়’সকল একেবাৰে সৰ্বগুণৰ আকৰ, গুণাকৰেই৷ তেনে এজন গুণাকাৰৰ বদ্অভ্যাস আৰু কিবা থাকিব পাৰেনে? ‘প্ৰিয়া’ শব্দৰে ইয়াত প্ৰিয়াৰপৰা ‘প্ৰমোচন’ পাই বেলনা-মাৰিৰ অধিকাৰী হোৱা সেই সাক্ষাৎ কালীদেৱীৰ কথাহে কোৱা হৈছে। বৰশীত লাগি মাছটো খালৈত সুমোৱাৰ পিছত গুণাকৰে আৰু যিমান লুকুৱাব বিচাৰিলেও কিমান দিনলৈনো কথাটো লুকুৱাই ৰাখিবহে? এদিন নহয় এদিন ধৰা পৰাটোৱেই জাগতিক নিয়ম৷ বিশেষকৈ ধুবলৈ নিয়া পেন্টৰ পকেটৰপৰা যিদিনাই কলীয়া মাণিকসোপা বাহিৰ ওলায়, সিদিনাই কালীমাই গুণাকৰ বপুৰাৰ চৈধ্য-গোষ্ঠী বাহিৰ কৰি দিয়ে৷

প্ৰিয়াৰ কথা বাদেই দিয়ক – কিছুমানে যেন নিজৰপৰাও ইয়াক লুকুৱাব খোজে৷ একেবাৰে যেন ধোৱা তুলসীৰহে পাত! এই অভ্যাসৰ দাস মানেই একে বৃত্তৰ পৰিধিৰ ভিতৰতহে ইয়াৰ আদান-প্ৰদান সম্ভৱ আৰু এই পৰিধিৰ বাহিৰলৈ ইয়াৰ ক্ষণিক সুবাস যোৱা মানেই মান-সন্মান সবংশে ভূলুণ্ঠিত হোৱা৷ সকলোৰে সন্মুখত পৰম তৃপ্তি আৰু গৰ্বেৰে চিগাৰেটৰ ধোঁৱাৰে ঐক্যতানৰ লহৰ উঠোৱাবোৰেও এই পৰ্বৰ বেলিকা কিন্তু সেই পৰিধিৰ বাহিৰত একেবাৰেই নৈবঃ নৈবঃ চঃ৷ ইমানেই ইয়াৰ মাহাত্ম্য! পিছে যিমানেই লুকুৱাবলৈ বিচাৰিলেও চূণ-চাধাৰ দাগে সেই বপুৰাৰ হাতৰ তলুৱাত জলজল-পটপট কৰি তোলা ভূ-চিত্ৰাৱলীখনে বুজোতাক কিন্তু ঠিকেই বুজায় – আচলতে কিহৰ চিহ্ন সেইয়া৷ আৰু চাধা মোহৰাৰ পিছত এই যে মোহৰা ঠাইৰ চৌপাশে শাওঁন মহীয়া পথাৰত সিঁচা কঠীয়াৰ দৰে সিঁ‌চৰিত হৈ পৰা পেলনীয়া অৱশিষ্টবোৰ! চোৰ ধৰা পেলাবলৈ আৰুনো কিমান কি প্ৰমাণ লাগেহে?

ইয়াৰ ব্ৰেন্দ্-নেমবোৰো কিবা আজৱ টাইপৰ দেই – ‘বান্দৰ’, ‘ভালুক ‘ ‘নেউলা’ আৰু যে কত কি? এটা কথাহে বুজি নাপাও সচৰাচৰ জীৱ-জন্তুৰ নামৰ লগতহে এই ব্ৰেন্দ্-নেমৰ সনা-পিটিকাই বাৰু কিহৰ ইংগিত বহন কৰে? নে কিবা এনেবোৰ ৰহস্যময় কাৰণতেই এই অভ্যাসৰগৰাকীৰ ‘গোপনীয় কথা সণ্টালনি নকৰিবা’ টাইপ কাৰবাৰ?

ইয়াৰ অবাধ সৌৰভৰ জেউতি পানী-মেটেকা টাইপ ক্ষীপ্ৰগতিত দশো-দিশ কিদৰে বিয়পি পৰিল তাৰ নিশ্চিত তথ্য পাবলৈ নাই যদিও এক অসমৰ্থিত সূত্ৰমতে ভূতপূৰ্ব মাননীয় ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ বোলে এই ‘প্ৰসাদ’ৰ পৰম ভক্ত আছিল৷ আনকি বিশেষ কিছু সভাতো প্ৰট’কল ৰক্ষা কৰি অধৰ যুগলক এই অমূল্য সোৱাদৰপৰা বঞ্চিত ৰাখিবলৈ তেখেত বোলে অপাৰগ আছিল৷ অৱশ্যে বৰ্তমান তিৰোতাৰ চুলিয়া-চুলিৰ দৃশ্যও দেখুৱাবলৈ সৰ্বদা তৎপৰ হৈ থকাৰ দৰে যিহেতু সেই সময়ত নিউজ চেনেলসোপা নাছিল, সেয়ে সভাৰ মাজতো বত্ৰিছ থাপৰ দিয়া তেখেতৰ তেনে কলাসুলভ ‘ক্লিপ’ৰপৰা আমি দুখজনকভাবে চিৰদিন বঞ্চিত হৈয়েই ৰ’ব লগা হ’ল৷ তেখেতৰ সেই চূণ-চাধাৰ সংমিশ্ৰণ আৰু অধৰত অধিষ্ঠান কৰা কলাসুলভ দৃশ্যই সেই কালত বোলে অনেকক ধৰাশায়ী কৰিলে। এনেও চৌদিশে তেতিয়া নেতাজী, গান্ধীক তল পেলাই নেহৰু, প্ৰসাদ পূজাৰহে বাতাৱৰণ৷ গতিকে এই জীৱন্ত দেৱতাৰ প্ৰিয় ‘প্ৰসাদ’ৰ বাবে ভক্তগণৰ হাবিয়াস জন্মাটো স্বাভাৱিক কথা৷ মোৰ চিনাকি এজন অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ কৰ্মচাৰীৰ চাক্ষুষ অভিজ্ঞতা বুলি কোৱা এনে কথাৰ সত্যতা অৱশ্যেই বিচাৰ্যৰ বিষয়৷ আনকি তেখেতৰ বোলে সেই দৃশ্য ইমানেই নান্দনিক যেন লাগিল যে সেই লহৰত উটাৰ তেখেতৰো হাবিয়াস জন্মিল৷ অৱশ্যে বুজাইহে বুজে ইয়াৰ আভ্যন্তৰত থকা পাৰমাণৱিক শক্তিৰ দৰে সুপ্ত হৈ থকা অসীম শক্তিৰ কথা৷ এই শক্তিৰ ভালকৈ উমান নথকা তেখেতে প্ৰথমবাৰ এই প্ৰসাদ গ্ৰহণ কৰাৰ পিছত যেতিয়া ২২০ ভল্টৰ পৰিৱৰ্তে ১১০০০ ভল্টৰ বিদ্যুত প্ৰৱাহিত হোৱা যেন পালে, তেখেতৰ অৱস্থা একেবাৰে নাজল-নাথল হৈ পৰিল৷ জোলোকে- জোলোকে পানী খোৱাৰ পিছতো সেই প্ৰৱাহৰ চোক বোলে অলপো কমা নাছিল৷ শেষত এনেদৰে মূৰ আচন্দ্ৰাই কৰিলে যে অফিচ কেম্পাছৰ নলাকে তেখেতে গংগা বুলি ভাবিলে৷ বোকাত লেটি লোৱা গাহৰিটোৰ দৰে হোৱা তেখেতক সহকৰ্মীয়ে সেই নলাৰপৰা উঠাই অনাৰ পিছত সম্পূৰ্ণ এডোখৰ চাবোন গাত ঘঁহি-ঘঁহি শেষ কৰাৰ পাছতহে বোলে তেখেতে স্বস্তিৰে নিস্বাস এৰিব পাৰিছিল৷

বৰ্তমান সময়ত আমিৰ খান বা বিৰাট কোহলীৰ কোনো প্ৰডাক্টৰ বিজ্ঞাপন বজাৰত সুলভ হোৱাৰ পিছত সেই প্ৰডাক্টৰ প্ৰচলন হোৰাহোৰে বঢ়াৰ দৰেই সেই জামানাত মাননীয় ৰাষ্ট্ৰপ্ৰধানৰ সেই কলাৰ কাৰচাজিয়ে সেই প্ৰসাদৰ প্ৰচলন ক্ষীপ্ৰ আৰু ব্যাপ্ত কৰি তুলিছিল৷

অৱশ্যে এনে নহয় যে এই প্ৰসাদৰ ভাল গুণ একেবাৰেই নাই! মোৰেই এজন চিনাকি ল’ৰাৰ এবাৰ দাঁতৰ বিষ উঠিল৷ কথাটো সি দেউতাকক কোৱাত তেখেতে ক’লে, ‘তোক একেবাৰে মহৌষধ দি আছোঁ ৰ’বি৷’ সিও বিষত একেবাৰে অস্থিৰ হৈ দেউতাকৰ মুখলৈ চাই থাকিল৷ দেউতাকে কৰিলে কি, পকেটৰপৰা টেমিটো উলিয়াই চূণ-চাধা মোহাৰি তাক ওঁঠত ল’ব দিলে৷ সি থেৰো-গেৰো কৰাত ক’লে ‘দাঁতৰ বিষৰ মহৌষধ৷ ততালিকে ভাল পাবি৷’ যাতনাত কাঁতৰ সিও সেই প্ৰসাদ গ্ৰহণ কৰিলে৷ মূৰ ঘূৰণিৰ বাবেই হওক বা ইয়াৰ কিবা ঔষধি গুণৰ বাবেই হওক সি বোলে সঁচাকৈ অলপ সকাহ পালে৷ তাৰ দাঁতৰ বিষ পাৰ্মানেন্টলী নিৰাময় হওক বা নহওক, কালক্ৰমত সি কিন্তু তেনেকৈয়ে সেই ‘প্ৰসাদ’ৰ পৰম ভক্ত হৈ উঠিল৷ আৰু ময়ো তাৰ এই কাহিনীৰ দ্বাৰা প্ৰৰোচিত হৈ দাঁতৰ বিষত অস্থিৰ হৈ থকা সত্তৰোৰ্ধৰ আইতা এজনীক এদিন এই দৰৱপালি দি অলপ হ’লেও পূণ্যৰ কিবা কাম কৰা বুলি গপতে গংগাটোপ হ’ম বুলি ভাবিছিলোহে, পিছে বিধিৰ বিপাক, সেই কিবা বোলে নে ‘দিনটো যায়, ক্ষণটোহে নাযায়’৷ অলপ পিছতে চকু মুখ বিকটাই আইতাৰ যিহে অবৰ্ণনীয় পৰিস্থিতি! নৰহত্যাৰ অপবাদৰপৰা পৰিত্ৰাণৰ নিমিত্তে শেষত মই এম্বুলেঞ্চ মাতিব লগা পৰিস্থিতিয়েই হ’ল! গতিকে এইপালি দৰৱ তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ আগতে দিন-বাৰ-ক্ষণ, বিশেষকৈ পাত্ৰ বা পাত্ৰীৰ বিষয়ে চাই লোৱাতো অনিবাৰ্য৷

কাৰোবাৰ কিবা লাভ হওক বা নহওক এই ‘প্ৰসাদ’ নিৰ্মাণ কোম্পানীবোৰে প্ৰত্যক্ষভাৱে আৰু প্ৰাইভেট নাৰ্চিং-হোমকে আদি কৰি এই চেইন-চিষ্টেমত জড়িত বহুতেই কিন্তু পৰোক্ষভাৱে এই ‘প্ৰসাদ’ ভক্তসকলৰপৰা মুনাফা ঠিকেই লুটি আছে৷ কিয়নো এই ধঁ‌পাতজাতীয় ৰাগীয়াল বস্তুৰ সেৱনে গেষ্ট্ৰিক, বদহজমী আনকি কেঞ্চাৰৰ দৰে বেমাৰ সৃষ্টিত অনুঘটকৰ কাম কৰে বুলি আধুনিক চিকিৎসা বিজ্ঞানে সততে সোঁৱৰাই আছে৷

মাৰ্ক টোৱেইনে বোলে কৈছিল, “চিগাৰেট এৰাতোনো কি ডাঙৰ কথা? জীৱনত এতিয়ালৈ মই এশবাৰমান চিগাৰেট খাবলৈ এৰিলোৱেই!”
শেষত এষাৰ কথাই কওঁ, “আমাৰ এই খাৰখোৱা জাতিটোৱে তেনে কথাৰ দ্বাৰা প্ৰৰোচিত নহ’লেই হ’ল!”

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    খুব ভাল লাগিল মানৱেন্দ্ৰ

    Reply
  • parishmita

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *