ফটাঢোল

ফুড শ্বেয়াৰিঙ – দেবজিত শইকীয়া

ফুডশ্বেয়াৰিং – দেবজিত শইকীয়া
এই যে মোবাইলটো৷ ফ’টোৰ পৰা গানৰ পৰা ভিডিঅ’লৈকে সকলো শ্বেয়াৰ কৰিব পৰা হ’ল৷ এতিয়া কোনোবাদিনা কোনোবা জকাইচুকৰ বিজয় বা ভাস্কৰৰ দৰে বৈজ্ঞানিকে যদি হোৱাটচএপত বা ফেচবুক-মেচেঞ্জাৰত খোৱা বস্তুও শ্বেয়াৰ কৰিব পৰা এপচ বনাই দিয়ে কথোপকথনসমূহ কি হ’ব ভাবকচোন..
১. বুজিছা চবিনা, কালিয়েই পৰিস্মিতাই হাঁহৰ মাংস বনাই মোক হোৱাটচএপত দিছিল, মই নেদেখিলোৱেই৷ এতিয়া দেখিছো গোন্ধাই গ’ল৷
ইয়ে তাই বেয়া পাব নহয়, কি কৰিলে?
মইঃ বিজয়লৈ ফৰৱাৰ্ড কৰি দিলো৷
২. ৰিমঝিমঃ কালিৰে পৰা পেটৰ বিষ বুজিছিনে দেবু দা ?
কিয় অ ?
এহ্ নকব৷ ৰিন্টুদাই ফৰৱাৰ্ড কৰা ভাইৰেল ৰেচিপি এটা খাইছিলো৷ পিচত হে গম পালো সেইটো যোৱাবছৰৰেই৷ ফুড-পইজনিং টাইপ হ’ল হে৷
৩. দিম্পল, এটা কথা কোৱাচোন মই গম নোপোৱাকৈ তোমাৰ জানমণিৰ লগত কি চক্কৰ চলি আছে?
দিম্পলঃ একো নাই অ’ দেহা৷ তাই মোৰ এক্সহে৷
একো নাই যদি তোমাৰ ইনবক্সত জানমণিয়ে দিয়া খোৱা বস্তুৰ খালি প্লেট বোৰ কেনেকৈ দম লাগি আছে?
৪. বুজিছে ৰিন্টুদা মই আজি কালি ষ্ট’ভ নজ্বলোৱাই হ’লো৷
তেনেহ’লে কি খাৱ তই বিজয়?
কাকো নক’ব৷ ৰন্ধন প্ৰকৰণৰ গোট এটাৰ এডমিন হৈ লৈছো৷ মেম্বাৰবোৰে নতুন নতুন ৰেচিপি দি থাকে৷ প’ষ্ট এপ্ৰোভ কৰাৰ আগত এচেলেক মাৰি লওঁ‌৷
৫. ছোৱালীঃ মোক যদি ভাল পোৱা তেন্তে এতিয়াই পৰ্ক চাইনিজ ষ্টাইল বনাই হোৱাটচএপত চেণ্ড কৰা৷ নহ’লে গম পাবা৷ এনেও সোণটো দাই মোক বিধে-বিধে বনাই দিয়েই থাকে৷ পাট্টা নিদিওঁ‌ বুলিহে৷
৬. কুশলঃ মোৰ বৰ দুখ বুজিছানে কাকলি৷ এজনী পচন্দ কৰিছিলো৷ কালি কাকৰল নে কিবা এটা বনাই মোক চেণ্ড কৰিছিল৷ পিচত গম পালো সেইটো তাইলৈ ঈশ্বৰে বনাই ফৰৱাৰ্ড কৰাহে আছিল৷
৭. কংকনদাৰ গাখীৰ বৰ ভাল জানেনে দেবু দা৷ কালি মোক দিছিল খাই চালো বৰ ভাল লাগিল৷ মই আপোনালৈ অলপ ফৰৱাৰ্ড কৰিছো খাই চাওকচোন৷ যদি ভাল পাই কংকনদাৰ গাখীৰেই ল’ব পাৰিব৷
ৰ’ তাৰ গাখীৰ ডাউনল’ড হোৱাই নাই৷
৮. ৰহিলাবাইঃ নাই ভাস্কৰ আৰু মই দিব নোৱাৰো৷ সন্ধিয়াৰ পৰা এতিয়ালৈ তিনি গেলেন দিলো৷ আগৰ বাকী মাৰি ল তেতিয়াহে দিম৷
ভাস্কৰঃ ৰহিলাবাই তোৰ চুলাই খাই খাই কলিজা জ্বলাই দিলো আৰু আজি এবটল চুলাইৰ বাবে তই মোক এনেকৈ ক’লি?
৯. গিৰিশদাঃ বুজিছা দীপা সিদিনা অলপ “বুকুৰ জ্বলা পোৰা” হৈ থকা বাবে পাৰ্টিত যাব নোৱাৰিলো৷ মোলৈ চিকেন কাৰি পাৰা যদি হোৱাটচএপতে দি দিয়া৷ আনক নক’বা আকৌ আমাৰ ঘৰত মূৰ্গী পোহা নিষেধ যে!
১০. কাকতিদাঃ ভাই কোনোবাই মিঠাতেল অকণ ফৰৱাৰ্ড কৰি দেচোন৷ মাছ দুপিচ ভাজিবলৈ লৈ দেখিছো মিঠাতেল নাই৷
লগে লগে কাকতিদাৰ ইনবক্সত ধুনীয়া মহিলা সকলে পঠোৱা দেৰশ লিটাৰ মিঠাতেল৷
*****

One comment

  • এনেকুৱা হ’লে কি যে মজা হ’ব ??
    ভাল লাগিল দেৱজিত দা . .

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *