মোবাইল এপ (এণ্ড্ৰ'ইড)
follow 'Fotadhol new'

হাস্য-ব্যংগৰ মাহেকীয়া ই-আলোচনীখন নিয়মীয়াকৈ পঢ়িবলৈ গুগুল প্লে ষ্ট'ৰৰপৰা ইয়াত দিয়া লিংকটোত গৈ আমাৰ 'মবাইল এপ'টো ইনষ্টল কৰি লওঁক। ভাল লাগিলে ৰিভিউ লিখিবলৈ আৰু তাত ৰেটিং দিবলৈ নাপাহৰিব। পঢ়ক আৰু পঢ়ুৱাওঁক। 

 

 

'ফটাঢোল'ৰ ভিতৰচ'ৰা

হাস্য ব্যংগৰ  মাহেকীয়া ই-আলোচনীখন আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ আলোচনীখনত “ফটাঢোল” গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখা সংগ্ৰহ কৰি সম্পাদনা কক্ষত বৰ্ণাশুদ্ধিকে আদি কৰি অলংকৰণ, আপল'ডিং আদি বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আপোনাসৱৰ আগত প্ৰকাশিত ৰূপত আহি পৰেহি৷ ইয়াত সম্পাদকৰ লগতে সম্পাদনা কক্ষৰ প্ৰতিজন ব্যক্তিৰ মাহজোৰা প্ৰচেষ্টা তথা পৰিশ্ৰম নিহিত থাকে৷ আহকচোন, আপোনাসৱক হাঁহি বিলোৱাৰ আমাৰ এই চালুকীয়া প্ৰচেষ্টাৰ আঁৰত ওতঃপ্ৰোত ভাবে জড়িত থকা সদস্যসকলক চিনাকি কৰাই দিওঁ৷