ফটাঢোল

শিল্পী পৰিচিতি 

জীৱন পঞ্জীঃ

নামঃ প্ৰবীণ শইকীয়া

জন্মঃ ১৯৫৫ চন

জন্ম স্থানঃ মাধৱপুৰ, (নাৰায়ণপুৰ জিলাঃলক্ষীমপুৰ )

শিক্ষাঃ M.A./ M.Phil. / Ph.D.

কৰ্মজীৱনঃ বিহপুৰীয়া কলেজত অসমীয়া বিভাগত অধ্যাপনা , সহযোগী অধ্যাপক ৰূপে ২০১৫ চনত অৱসৰ গ্ৰহণ ৷

সাহিত্যঃ সঁফুৰা প্ৰান্তিক আদিত কবিতা/ প্ৰৱন্ধ আদি প্ৰকাশ ৷ 

“আপদীয়া পদ্য“ নামটোৰ জনক ৷

আকাশবাণী যোগে অসংখ্য কথিকা প্ৰচাৰ ৷

প্ৰকাশিত গ্ৰন্থঃ

(১) সুৰৰে জিঞ্জিৰি

 (২)  অসমীয়া লিমাৰিক চয়ন

(৩) মাণিকীমৌ (৪)আপদীয়াপদ্য

(৫)অসমীয়া সাহিত্যৰ বুৰঞ্জী

(৬) খামতি ভাষা সংস্কৃতি পৰিক্ৰমা ৷

সংগীত

***

আকাশবাণীৰ দ্বাৰা অনাতাঁৰ গীতিকাৰ হিচাপে  স্বীকৃতি প্ৰাপ্ত ৷

অসংখ্য গীতৰ ৰচক আৰু সুৰকাৰ ৷

“বগা ডাৱৰৰে নাও“ শীৰ্ষক শ্ৰব্যসঁফুৰা নিৰ্মাণ৷

অন্যান্যঃ

***

গুৱাহাটী দূৰদৰ্শন যোগে তিনিখন তথ্যচিত্ৰ সম্প্ৰচাৰ ৷

(১) মাধৱ স্বৰূপে আসি

(২) খামতি সমাজৰ উৎসৱ পাৰ্বণ 

(৩) উজনি অসমৰ নিচুকনি গীত ৷

৭০খন সাঁচিপতীয়া পূথি সংৰক্ষণ ৷

আপুৰুগীয়া উদ্ভিদ সংৰক্ষণৰ বাবে “বনতীৰ্থ“ প্ৰতিষ্ঠা ৷

শিশুৰ দেহমানসিক বিকাশৰ বাবে “বনতীৰ্থ শিশু প্ৰকল্প “ প্ৰতিষ্ঠা  ইত্যাদি ৷

*  বনতীৰ্থৰ সংগ্ৰহত  আছেঃ

  1. সেউতী , মালতী,  তগৰ, গুটিমালী ,  জবা , গুলঞ্চ ,  পলাশ, পাৰলি আদি Indigenous ফুলৰ গছ , 
  2. লেটেকু, পনিয়ল , নগাটেঙা , কৰ্জাটেঙা , সোলেং টেঙা,  বিলম্বিটেঙা আদি থলুুৱা ফলৰ গছ ,
  3. বৰুণ , অৰ্জুন , হিজল, কূটজ , ৰুদ্ৰাক্ষ ,মহুৱা আদি গুল্ম জাতীয় উদ্ভিদ ,
  4. শাল, চেগুন, পিছলা , হাতীপইলা , মেহগনি, হোলোং   আদি কাঠ উৎপাদনকাৰী  গছ ৷
  5. থেৰেজু , বৰ্হমথুৰি , জেতুকা ,  সেন্দূৰ গছ, মেজাংকৰি,  আচুকৰী. আদি পৰম্পৰাগত সাংস্কৃতিক মূল্য থকা উদ্ভিদ ৷
  6. কপৌফুল (দহ বিধ),  ভাটৌ ফুল , শালিকী ঠুটীয়া ফুল , হাইঠাফুল , সখিয়তী ফুল , পাতমাদৈ ফুল আদি অৰ্কিড ৷
  7. নলটেঙা , বগীটেঙা , পাৰ্বতিশাক  , ব্ৰাহ্মীশাক  কুলেখাড়া বা ককিলাক্ষ আদি আপুৰুগীয়া ঔষধি উদ্ভিদ ৷
  8. কৰ্পূৰ গছ , কৰ্‌ফুল গছ, লং, ইলাচি , ডালচনি , পাতচেনি , পাণমচলা , সৰ্বসুগন্ধা আদি সুগন্ধি উদ্ভিদ ৷
  9. বনতীৰ্থৰ বাঁহঃ

 কাকবাঁহ , বৰশী বাঁহ , খাউলাম বাঁহ, মুৰুলী বাঁহ , কলচি বাঁহ, সোণালীবাঁহ  আদি  বাঁহজাতীয় উদ্ভিদ ৷

 

☆ ★ ☆ ★ ☆

2 Comments

  • Satyajit Hatibaruah

    ভাল লাগিল পঢ়ি

    Reply
  • ইমান প্ৰতিভাশালী ব্যক্তি এজনৰ বিষয়ে জানিব পাৰি ধন্য হ’লোঁ। তেখেতক শ্ৰদ্ধা সহকাৰে প্ৰণাম জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *