ফটাঢোল

জীৱনীৰ পৃষ্ঠা লুটিয়াই-পদ্মলোচন ভৰদ্বাজ

এতিয়া বসন্ত কাল৷ গছৰ ন পাত, প্ৰকৃতিৰ নতুন ৰূপ, এটা নতুন অসমীয়া বৰ্ষ আৰু সম্ভাৱনা তথা বিহুৰ মাতত দেহ-মন পুলকিত কৰাৰ সময়৷ এয়া জাতিটোৰ বাবেও পৰম্পৰাগতভাবে নিজক উজ্জীৱিত কৰি ৰখাৰ, শিপাডাল শক্তিশালী কৰাৰ সময়৷ এই শুভক্ষণত মই  প্ৰতিজন ফটাঢুলীয়া ৰাইজ তথা অসমবাসীক জনাইছোঁ ৰঙালীৰ শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণিপাত৷

এটা সময় আছিল, বিশ্বায়নৰ সোঁতত ক্ষুদ্ৰ জাতি সত্তাৰ সংকটক লৈ আমিও চিন্তান্বিত হৈছিলোঁ৷  মুক্ত অৰ্থনীতিৰ স্ৰোতত জাতিটোৰ অস্তিত্বক লৈ আমি চিন্তান্বিত হৈছিলোঁ৷ কিন্তু পৰিৱৰ্তিত সময়ৰ কোবাল সোঁতেও জাতিৰ অস্তিত্ব নোহোৱা কৰিব নোৱাৰিলে৷ সমাজ এখন বৰ্তি থাকে ব্যক্তিৰ সবল জাতীয় চৰিত্ৰৰ মাজেৰে৷ সমাজৰ জীৱন ধাৰণ, কৃষি,শিক্ষা,সংস্কৃতিয়ে ব্যক্তিৰ চৰিত্ৰ গঠনত এক সবল ভূমিকা গ্ৰহণ কৰে৷ ব্যক্তিৰ উত্তৰণৰ প্ৰসংগ উত্থাপিত হ’লেই মোৰ মনলৈ আহে ‘ৰকি’ নামৰ ইংৰাজী ছবিখনলৈ৷ এই ছবিখনত ৰকি নামৰ ফিলাডেলফিয়াৰ বক্সাৰে সকলো বাধা, সমস্যাৰ বিপৰীতে নিজস্ব কৰ্মস্পৃহা, অধ্যৱসায় আৰু কিবা এটা কৰাৰ হেঁপাহেৰে ইপ্সিত লক্ষ্যত উপনীত হৈছিল৷ আন নালাগে আমাৰ মাজতে থকা অৰণ্য মানৱ যাদৱ পায়েং, উদ্যোগী আকাশ গগৈ, উচ্চ শিক্ষিত খেতিয়ক পুষ্পধৰ দাস, জৈৱিক খেতিয়ক নীলম দত্তৰ উদাহৰণকে ল’ব পাৰোঁ৷ ঋণাত্মক খবৰৰ মাজতে এই খবৰবোৰেও জাতিটোক অনাগত দিনবোৰত উদ্বুদ্ধ কৰি যাব৷ বিগত কেইটামান বৰ্ষৰ গ্ৰন্থমেলাত পাঠকৰ উপস্থিতি আৰু গ্ৰন্থ বিক্ৰীৰ হাৰো আশাপ্ৰদ৷ অনলাইন আলোচনী ফটাঢোল, সাহিত্য ডট অৰ্গ, শব্দচিত্ৰ ডট কম আদিয়ে নতুন লেখক জন্ম দিয়াৰ লগতে গুণগত মানসম্পন্ন সাহিত্য সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই ৱেবচাইট সমূহত পাঠকৰ সংখ্যাও লাখৰ ওপৰত৷ কৰবাত যদি সংশয়ৰ উৎপত্তি হৈছে, এই খবৰবোৰেই উত্তৰণত কাণ্ডাৰীৰ ভূমিকাৰে নৱপ্ৰজন্মক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছে।

শেষত, সকলোকে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ৷ সকলোৰে ভাল হওক।সমাজখন, ৰাজ্যখন সুজলা-সুফলা হওক৷ তাৰেই কামনাৰে

 

সম্পাদক

ফটাঢোল ই-আলোচনী

☆ ★ ☆ ★ ☆

3 Comments

  • ৰিণ্টু

    সুব্দৰ সম্পাদকীয়, ভাল লাগিল পদ্ম

    Reply
  • Bhaskar Jyoti Sarma

    সুন্দৰ সম্পাদকীয় পদ্ম দা

    Reply
  • বৰ ভাল পালোঁ সম্পাদকীয় পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *